Skip to main content

Posts

Showing posts from May, 2014

বাৰ্থ ডে

       “ চাওঁ আই কাৰ্ডখন উলিয়া ” এইবুলি কোৱাৰ লগে লগে উপায়হীন হৈ ছিনিয়ৰ মাইকেলদাৰ  হাতত ডিঙিত ওলমি থকা ৰছীডাল খুলি আইকাৰ্ডখন অৰ্পণ কৰিলোঁ। “ এইবাৰ আৰু কত  লুকাবি ” এইবুলি কৈ আইকাৰ্ডখন হাতত লৈ তেওঁ চিঞৰি “ অই ৰাচেল অই পৰাণ ইয়াৰ  দেখোন পৰহিলৈ আছে ।ই নকয়হে নকয় এতিয়াটো তই ডাবল খুৱাবই লাগিব। ”         হোষ্টেলীয়া জীৱনৰ আৰম্ভণি হৈছে মাথোঁ। বহু চিন্তাৰ উৰ পেলাই ঘৰৰ পৰা ওলাই  হোষ্টেলত থাকি পঢ়াটো ঠিক হৈছিল ।কেনেকুৱা কি ধৰণৰ অভিজ্ঞতাৰ সন্মুখীন হম- এককথাত তাৰ আইডিয়া আছিল শূন্য।

কাবাদী আৰু আমি

       সৰুতে কিমান উৎপতীয়া আছিলোঁ তাৰ বৰ্ণনা এতিয়াই যদি দি দিয়া হয় তেন্তে দুটা  কথা অনবৰতে আহি মোৰ মনৰ পৰা ওলাই যাবলৈ মন নকৰিব-প্ৰথমতে সৰুকালৰ কথাবোৰ  এটাকৈ এটাকৈ মনত আহি মোক বাৰে বাৰে আকৌ সৰু হবলৈ তাগিদা দি থাকিব আৰু  যিহেতু আকৌ সৰু হৈ পৰাটো অসম্ভৱ গতিকে এক অস্বাভাৱিক আৰু অনিচ্ছাকৃত  অপৰাধবোধে(?) খুলি খাব ।দ্বিতীয়তে পুনৰবাৰ দুষ্টামিবোৰ মনলৈ অহাৰ লগে লগে  এতিয়া আকৌ সেইবোৰ টেষ্ট কৰি চাবলৈ মন গ'লে নিস্তাৰ নাই ।অৱশ্যে ঠিক  এনেকুৱা নহয় যে মই একেবাৰে সংসাৰৰ খটাসুৰ হৈ জন্ম লৈছিলোঁ আৰু

অব কী বাৰ আহমেদ ছাৰ চৰকাৰ

সমগ্ৰ ভাৰতৰ লগতে বিশ্বৰ চুকে কোণেও যি মোদী ঢৌৱে ক্ৰিয়া কৰি গ ' ল তাৰ  কিঞ্চিত প্ৰভাৱ আমাৰ আবাসতো নপৰা নহয়. সকলোৱে যে ভোট দিবলৈ যোগ্যতা  আৰ্জিছিল তেনেকুৱা নহয় অথবা যোগ্যতা অৰ্জা গোটেইকেইটাই যে ভোট দিবলৈ  গৈছিল সেয়াও সঠিককৈ কোনেও ক ' ব নোৱাৰে. কিন্তু পৰিৱৰ্ত্তনৰ ঢৌৱে সমগ্ৰ  দেশতে জোৱাৰ তোলা সময়তে আমাৰ আবাসতো যে কিছু পৰিৱৰ্তন অহাটো প্ৰয়োজনীয় হৈ  পৰিছিল সেইটো সকলোৰে চকুত পৰিছিল.সাতে পাচে সকলোৰে কথাত , কথাৰ সুৰত  পৰিৱৰ্ত্তনকামী তৰংগ এটা স্বয়ংক্ৰিয়ভাৱে নিহিত হৈ পৰিছিল.  প্ৰক্ৰিয়াটোৰ আৰম্ভণি হৈছিল বাতৰি কাকতত প্ৰকাশিত এখন চিঠিৰ জৰিয়তে.