Skip to main content

Posts

Showing posts from June, 2014

ক্লাছ টেন জেণ্টলমেন

          দশম শ্ৰেণীৰ সময় ।ক্লাছ আৰম্ভ হৈছে আৰু ।নৱম আৰু দশম শ্ৰেণী বুলিলে সৰুৰে  পৰা কিবা এটা বেলেগ দৃষ্টিৰে চাইছিলোঁ ।বহীত কঠিন এলজেব্ৰা , ৰাতিপুৱা  ইংৰাজী-বিজ্ঞানৰ টিউচন , স্কুলৰ কিবা মিটিং হ ' লে কথা কবলৈ সুযোগ তথা  স্কুলৰ আটাইতকৈ গহীন গম্ভীৰ , ডাঙৰ বেটছ ।আৰু দশম শ্ৰেণীৰ যিজন প্ৰথম ছাত্ৰ  তেওঁৰ পঢ়া শুনা কেনেকৈ হয় , কত কি বা টিউচন লৈছে সেইবোৰৰ খবৰো কিছুমানৰ মুখে মুখে বাগৰি বহুত কিবা উৰাবাতৰিও নোলোৱাগৈ নহয় ।দিন বাগৰি বছৰ বাগৰি  এটা সময়ত আমাৰ বেটছটোও ডাঙৰ হৈ আহি স্কুলৰ আটাইতকৈ ডাঙৰ বেটছটো হলোহি 

শনিভঙা আৰু মাংসৰ সকাম

               " হে কৃষ্ণ প্ৰভু শ্ৰদ্ধাৰ শনিদেৱতা মহাশয় , য ' তে আছে আপুনি মোলৈ চকু মেলি  চাঁওক ; মোৰ অসূয়া অপ্ৰীতিবোৰ দূৰ কৰি দিয়ক আৰু    এইবুলি মাংসৰ বাটি তিনিটা  আগলৈ দিলোঁ ।ছিনিয়ৰ চন্দন দাইও ' কৃষ্ণ ইয়াৰ দায় দোষ মৰিব লাগে আৰু ন  ৰাকেশ , কৃষ্ণ , অ ' খা আৰু এতিয়া ' এইবুলি বাটিৰ পৰা জোল বাকি লৈ খোৱা আৰম্ভ  কৰি দিলে , আমিও মানে মোৰ ৰূমমেট ৰাকেশদা ছিনিয়ৰ পৰাণদা আৰু মইও নিজৰ  কাঁহীত মনোযোগ দিবলৈ আৰম্ভ কৰিলোঁ ।       হায়াৰ চেকেণ্ডাৰী ক্লাছে নিজ গতি লোৱাৰ সময়ৰ কথা ।হোষ্টেলতো ইতিমধ্যে  আমাৰ অৱস্থা দকৰা হোৱা আমটোৰ দৰে হৈছেগৈ ।