Skip to main content

Posts

Showing posts from January, 2015

প্ৰস্তাৱনা : আখৰ ডট ইন

           ইণ্টাৰনেটত অসমীয়া ভাষা ব্যৱহাৰ কৰা আৰু ইয়াৰ জৰিয়তে সমগ্ৰ বিশ্বৰ আগত অসমৰ চিনাকী দাঙি ধৰা কথাটো বৰ সহজ নাছিল । কিন্তু কিছুমান ব্যতিক্ৰমধৰ্মী তথা উচ্চচিন্তাৰ ফচলস্বৰূপে আৰম্ভ হ ' ল ইউনিকডৰ জৰিয়তে অসমীয়া লিখাৰ আন এক বিপ্লৱ - যাৰ ফলত বৰ্তমান সৰ্বসাধাৰণ ৰাইজ তথা দেশ বিদেশৰ মানুহেও ইণ্টাৰনেটৰ যোগেদি অসমীয়া সাহিত্য সংস্কৃতিৰ আভাস পাব পাৰে । বিভিন্ন চছিয়েল নেটৱৰ্কিং  চাইটসমূহৰ জৰিয়তে এই বিপ্লৱে পুলি পোখা মেলি যোৱাত বিশেষ সহায়ক হৈছে । কেৱল অসমীয়াতে লিখি , অসমীয়াতে চৰ্চ্চা কৰিবৰ বাবে ফেচবুকৰ অসমীয়াত কথা বতৰা নামৰ গ্ৰুপটোৱে বৰ্তমান এক সুদৃঢ় প্লেটফৰ্ম তৈয়াৰ কৰি দিছে আৰু এতিয়া ইণ্টাৰনেট ব্যৱহাৰ কৰিব জনা কম বেছি প্ৰত্যেকজন অসমীয়াই অন্তত এই বিপ্লৱৰ কথা নজনাকৈ থকা নাই ।      বিপ্লৱৰ বতাহ আমাৰ দৰে কলেজৰ ছাত্ৰৰ গাটো লাগিছিল । আমাৰ নিজৰ কম্পিউটাৰবোৰত লিপ অফিছ নামৰ অসমীয়া লিখিব পৰা সঁজুলিটোৰ ঠাইত অভ্ৰৰ আগমণ ঘটিছিল আৰু স্বাভাৱিকতে ফেচবুকত অসমীয়া লিখিব পাৰি উৎফুল্লিত হৈ পৰিছিলোঁ । লাহে লাহে সাহিত্য ডট অৰ্গ , অসমীয়াত কথা বতৰাৰ সংশ্পৰ্শলৈ আহি যেন আমাৰ সন্মুখত