Skip to main content

Posts

Showing posts from July, 2017

জ্বৰ

Photo Source:  https://images.fineartamerica.com “অৱস্থা ভাল নোহোৱাৰ দৰেই হৈছে। শুই উঠিলোঁ ৫-৩০ বজাত। ৯-৩০ বজাত স্কুল। বিশেষ নাই। বন্দনা গাবলগীয়া হ’ল। ক্লাছ নহ’লেই। খেলা হৈছে। ২-৩০ বজাত ঘৰ। ভাত খায়েই শুবলগীয়াত পৰিলোঁ। কিয়নো জ্বৰ। জ্বৰৰ বিহুৰ ঢোলৰ কোবৰ মোৰ মূৰটোত টিং টিং কৈ মাৰিছে”। “লিখিব নোৱাৰো আৰু মই” নিজকে ক’লোঁ। জ্বৰে ভালদৰেই বিহু দেখুৱাই অৱশেষত গলগৈ। হয়তু জ্বৰৰ বাবে ব’হাগ গ’ল। ভয় লাগিল। প্ৰকাণ্ড ঘৰটোত মই অকলে। ভুল হ’ব অকলে বুলি ক’লে। কিয়নো বস্তুবোৰতো আছে। কলিং বেলটো বাজি উঠিলে।