ৰাতি হোৱা ধাৰাসাৰ বৰষুণজাকৰ সেমেকা সেমেকা ভাব এটাই এতিয়াও চৌপাশৰ পৰিৱেশটোৰ পৰা বিদায় ল’ব পৰা নাই । পাতবোৰৰ পৰা যাওঁ নাযাওঁকৈ বৰষুণৰ কণমানি টোপালবোৰে নিজকে মাধ্যাকৰ্ষণৰ ওচৰত আত্মসমৰ্পণ কৰি পৃথিৱীত আচাৰ খাই পৰিছেগৈ । অ’ত-ত’ত ডোঙা বান্ধি থকা পানীৰ সৰু সৰু পুখুৰীবোৰৰ ঘোলা পানীত শালিকা কেইজনীমানে নিজকে তিয়াই চিঞৰ-বাখৰ কৰাত লাগিছে। বেলিটোৱেও নিজৰ ৰঙৰ পোহৰ চাৰিওফালে বিলাবলৈ সাজু হৈ উঠিছে। বাহ্যিক ৰূপটোৰ পৰা কোনোৱে সেই ঘৰটোক মানুহ থকা ঘৰ বুলি ক’ব নোখোজে। বেৰৰ পৰা খহি পৰিব খোজা মাটিৰ চপৰা, চৌকাৰ ধোঁৱাৰে কুৎচিৎ ক’লা বৰণৰ হৈ পৰা চালি, চাৰিওকাষ কচুৱনিৰে আৱৰা, ওচৰতে থকা বাহঁৰ শৌচাগাৰৰ পৰা অনবৰতে আহি থকা ময়লাৰ সুলভ দুৰ্গন্ধ-আনকি ঘৰৰ বেৰখনেও মাটিৰ লগত পঞ্চলিছ ডিগ্ৰী কোণ কৰিহে নিজৰ অস্ত্বিত্ব ঘোষণা কৰিছে। কিন্তু সেইটো এটা ভাড়াঘৰ। তিনিটা কোঠালিত তিনিটা পৰিয়াল থকা এটা কেঁচা উৰুখা ৰেণ্টহাউচ।
Prankrishna Borgohain