Skip to main content

Posts

Showing posts from May, 2015

দিপাংকৰলৈ

দশম শ্ৰেণীৰ বিদায় সভাৰ পাছত আমাক পল্লৱী নেওগ আচাৰ্যাই বিজ্ঞানৰ আধৰুৱা পাঠ এটাৰ কিছু অংশ পঢ়ুৱাবৰ বাবে   বন্ধৰ দিন এটাত নিকেতনলৈ মাতিলে । আমাৰ মনত এটাই ধ্যান ধাৰণা - স্কুললৈ গৈ মুঠতে সময়খিনি কটাব লাগে , উৎপাত কৰিব লাগে । তাতে বিদায় সভাৰ স্মৃতিবোৰ ভালদৰে ৰাখিবলৈ এটা ডিজিটেল কেমেৰা ভাড়ালৈও অনা হৈছিল । গতিকে সেইটোৰ উপযুক্ত ব্যৱহাৰ কৰাৰ আন এক সুবিধা । আচাৰ্যাই নিৰ্ধাৰণ কৰি দিয়া সময়তকৈ যথেষ্ট আগেয়ে আমি স্কুললৈ গৈ আমাৰ ফটো তোলা , ভিডিঅ ’ ৰেকৰ্ডিং কৰা কামবোৰ কৰিবলৈ আৰম্ভ কৰিলোঁ । বন্ধৰ দিন , স্কুলত কেৱল আমি । সকলোৰে মুক্তমনে , হুলস্থুল কৰি ফটো তুলিবলৈ , ভিডিঅ ’ ত উঠিবলৈ হেতা - উপৰা । কিন্তু তাৰ মাজতো এটা ল ’ ৰা সম্পূৰ্ণ নিজৰ নিয়ন্ত্ৰণত থাকি আমাৰ নিচিনা উৎপতীয়াকেইটাৰ লগত একেলগে সেই পৰিবেশটোতে বৰ্তি আছে । উৎপাত সিও নকৰা নহয় , কিন্তু তাৰ খোজ - কাটলত , কথাত তথা আমাৰ লগত থাকোতেও যেন কিবা সহজ - সৰল ভাৱ এটাই অনবৰতে তাৰ লগ নেৰে । সৰল মুখৰ সেই ল ’ ৰাটোয়ে আছিল দিপাংকৰ -- চাপৰ , প