Skip to main content

Posts

Showing posts from February, 2015

হোষ্টেল পিকনিক ২০১৫

   অৱশেষত পিকনিকৰ তাৰিখটো ঠিক কৰা হ ’ ল ।         ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৫২ তম যুৱ মহোৎসৱ শেষ হৈছিল ৩০ জানুৱাৰী তাৰিখে আৰু তাৰ এদিন পাছতেই আমাৰ পিকনিকৰ তাৰিখ ঠিক কৰা হ ’ ল , একমাত্ৰ পিকনিক স্পট ঠিক কৰিবলৈ সকলোৰে ব হুত সময় লাগিল । তাৰ আগেয়ে পিকনিক সম্বন্ধীয় কথা , বাজেট আদিবোৰকে আৰম্ভ কৰি কথাবোৰ আলোচনা কৰিবলৈ যিখন মিটিং দিয়া হৈছিল , তাত তিনিখন ঠাই প্ৰাধান্য পাইছিল , হাৱাই কেম্প , দুলুংমুখ আৰু কিমিন । কিমিন পোনছাটেই নাকচ হৈছিল , মাত্ৰ হাৱাই কেম্প আৰু দুলুংমুখৰ মাজত আমাৰ মনবোৰ পেণ্ডুলামৰ দৰে দুলি আছিল । মিটিঙত একো সিদ্ধান্ত লোৱা নহল যদিও সকলোৰে যে হাৱাই কাম্প যোৱাৰ এটা প্ৰৱল ইচ্ছা আছে , সেয়া প্ৰকট হৈ উঠিছিল । কিন্তু তাৰ পাছতে হুৰামূৰাকৈ যুৱ মহোৎসৱ পালেহি আৰু যিহেতু ছাত্ৰ ছাত্ৰীৰ সহযোগ অবিহনে কলেজে অনুষ্ঠিত কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হ ’ ব , তাতে হোষ্টেলকেইটাৰ সমূহ আবাসীয়ে লাগি মেলি সহায় কৰি নিদিলে কথাটো সম্পূৰ্ণ সহ্য সীমাৰ বাহিৰত থকাৰ দৰে হ ’ ব । তাতে

যুৱ মহোৎসৱ 2015, নৰ্থ লখিমপুৰ মহাবিদ্যালয়

    প্ৰথমদিনাৰ সফল পৰিসমাপ্তিৰ পাছত সন্ধ্যা ঠিক ৬ - ৩০ বজাৰ পৰা আৰম্ভ হোৱা দ্বিতীয় দিনাৰ নাট্যসন্ধাৰ আটাইতকৈ উল্লেখনীয় দিশটি আছিল দৰ্শকৰ উপস্থিতি । নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ মূল প্ৰেক্ষাগৃহ ৰংঘৰ তথা যুৱ মহোৎসৱৰ মঞ্চ নং ১ দৰ্শকেৰে ঠাহ খাই পৰিছিল । দ্বিতীয় দিনা সৰ্বমুঠ ১২ খন নাট মঞ্চস্থ হোৱা নাট্যসন্ধ্যাটিৰ কেওখনি নাটেই গুণগত মানদণ্ডৰ পৰা আছিল অদ্বিতীয় । পোনপ্ৰথমে মঞ্চমুকলি নাট প্ৰদৰ্শন কৰা ডি এইচ এচ কে কলেজৰ জবাব শীৰ্ষক নাটখনৰ মূল বাৰ্তা আছিল ডাইনী হত্যা , অন্ধবিশ্বাস , কুসংস্কাৰ নিৰ্মূল । তাৰ পাছতেই মঞ্চস্থ হোৱা এম এন শইকীয়া কলেজৰ “ উন্মাদৰ দেশ ” নাটখনিয়ে দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হয় । পাঁচোটি পগলা , এজন এম এল এ , এজন পগলা ফাটকেৰ ডাক্তৰৰ  চৰিত্ৰ সৈতে নাটখনে হাঁহিৰ মাজেৰে সমাজৰ নেতিবাচক দিশ কিছুমানক