আমিষ চিনেমাখন চালোঁ। অৱশ্যে মই চাবলৈ যোৱাৰ আগেয়ে চিনেমাখনৰ কথা ফেইচবুককে আৰম্ভ কৰি আড্ডাটো ইমানকৈ চৰ্চা লাভ কৰা নাছিল। লাহে লাহে মানুহৰ মাজত চিনেমাখনৰ বিষয়ে চৰ্চা হ ’ বলৈ ল ’ লে। যথেষ্টসংখ্যকে কেৱল বিতৰ্কৰ আঁত ধৰিয়েই চিনেমাখন চাবলৈ চিনেমাহললৈ ধাপলি মেলিলে। অসমীয়া চিনেমাৰ মাজতে যথেষ্ট মহঙা দিন চলি যোৱাৰ পাছত কেইখনমান চিনেমা ওলোৱাৰ পাছতে কিছু ভাল দিন ঘূৰি অহা দেখা গৈছে , ( কিন্তু এই মন্তব্যটো সম্পূৰ্ণ শুদ্ধ নহয় যেনেই বোধ হয়। ভাল দিন মানে যদি আমি চিনেমাহল দৰ্শকেৰে ভৰ্তি হৈ বহুত দিন চিনেমা এখন চলাটোকে বুলি যদি ভাবি লওঁ তেনেহ ’ লে সেয়া উক্তিটোৰ লগতে স্পষ্টীকৰণ হিচাপে দি দিলেহে উক্তিটো সম্পূৰ্ণ হ ’ ব। সেইবুলি চাগৈ কেৱল বঁটা বাহন পোৱা চিনেমাবোৰ ভাল বুলি ক ’ লেও কথাষাৰ শুদ্ধ নহয়। কিন্তু মোৰ বোধেৰে আমিষ নামৰ চিনেমাখনত এই দুয়োটা উপাদান ভাল অনুপাতত সংমিশ্ৰিতি হৈ আছিল। ইয়াৰ আগেয়েও তেনেকুৱা এখন ভাল চিনেমা আছিল , ‘ বৰনদী ভটিয়ায় ’, কিন্তু চিনেমাখনে পুৰষ্কাৰ পাইছেনে নাই ...
Prankrishna Borgohain