সেইদিনা বন্দনাসভাৰ ঠিক শেষৰ ফাললৈ তেওঁ স্কুল আহি সোমালহি। ঘৰুৱাভাৱে চিনাকি এটা থাকিলেও চাইকেলখন লৈ তেওঁক সোমাই অহা দেখিলে এনেই কিবা এটা সন্ত্ৰষ্ট্ৰ হৈয়ে পৰিছিলোঁ। আমি তৃতীয় শ্ৰেণী মানত থাকোঁতেই (যিমানদূৰ মনত পৰে) তেওঁ স্কুলৰ সক্ৰিয় দায়িত্বৰ পৰা অব্যাহতি লৈছিল আৰু তাৰপাছত কেৱল ভূগোল পঢ়ুৱাবলৈ মাজে-মধ্যে চাইকেলখন লৈ ওলাইছিলহি। বাকী শিক্ষকৰ শ্ৰেণীসমূহত যদিও কেতিয়াবা খেলিমেলি কৰিছিলোঁ, ভূগোলৰ শ্ৰেণীত কিন্তু আমি আমাৰ সৰ্বোচ্চ মনোযোগ দিবলগীয়া হৈছিল। শ্ৰেণীলৈ আহোঁতে তেওঁ সদায় হাতত গ্ল’বটো, স্কেল এপাত বা এচাৰি এডাল লৈ আহিছিল (তেনেকুৱা এচাৰি এডাল বাৰু খেলিমেলি কৰাকেইটাক চিধা কৰিবলৈ প্ৰায়ে লৈ ফুৰিছিল)। তেওঁৰ সেই কাঢ়া শাসনৰ ৰূপটো দেখি সৰুতে ভাবিছিলোঁ তেওঁৰ ঘৰত তেনেকুৱাই এগালমান গ্ল’বেৰে ভৰ্তি হৈ আছে আৰু ঘৰতো ছাগৈ এনেকেই কাঢ়া ৰূপত থাকে। তেনেকুৱা ঠিক সেই সৰুকালৰে কোনোবা এদিন বলাই ঘাটৰ ফালে বা (নিচাদেউৰ ছোৱালী)-ৰ লগত ওলাই গৈছোঁ, আৰু যিহেতু সেইফালে মই গৈ পোৱা নাই, প্ৰথমবাৰৰ বাবে যাম আৰু ফুৰিবলৈ যাম; সেইবাবে বাই মোক তাইৰ হাতঘড়ীটোও পিন্ধিবলৈ দিছে। ময়ো একদম হাতঘড়ী, জোতা- মোজা পিন্ধি তমস্কাৰ হৈ ওলাইছ...
আমাৰ ঠাইখন তেনেই সৰু। ভৌগোলিকভাৱে হওক বা জনসংখ্যা - দুয়োফালৰ পৰা চাবলৈ গ’লে আমাতকৈ সৰু জেগাও ওলাব, কিন্তু মহকুমা হিচাপে আৰু যোগাযোগ ব্যৱস্থাৰ পৰা চাবলৈ গ’লে বেলেগৰ আগত নিজৰ ঠাইখনৰ কথা ক’বলৈ যাওঁতে আগতে প্ৰায়ে ‘আমাৰ তালৈ যোৱা ৰাস্তাটো কিন্তু বেয়া দেই আৰু বেছি দোকান-চোকান নাই’ এনেকৈ কৈ লৈছিলোঁ। ক’বলৈ মন নগৈছিল, কিন্তু আগতীয়াকৈ তেনেকৈ কৈ আচলতে নিজকে সান্ত্বনা দিছিলোঁ। তেতিয়ালৈকে হোৱা বন্ধু-বান্ধৱীবোৰো সৰহসংখ্যক আমাৰ দৰে সৰু ঠাইৰ পৰা অহা আছিলে, গতিকে কথাবোৰ নুবুজিছিলে যেন লগা নাছিল। অলপমান বন্ধুত্বৰ ভৌগোলিক সীমা বাঢ়ি যোৱালৈকে পিছে আমাৰ তালৈ ভাল ৰাস্তা আৰু ব্ৰহ্মপুত্ৰৰ পানীক ভেঁটা দিব পৰাকৈ ডাঙৰ মথাউৰি এটা - এই দুয়োটাই হৈছিল। দোকান-পোহাৰৰ সংখ্যা আৰু আকাৰ দুয়োটা বাঢ়িছিল। সৰু ঠাইখনত গাড়ী-মটৰৰ বৰ্ধিত সংখ্যাই নগৰ নগৰ যেন লগা ভাৱটো সম্পূৰ্ণ কৰি তুলিছিল। এই সমস্যাবোৰ যে আছিল, তাৰ লগতে কিন্তু গৌৰৱ কৰিব পৰাকৈও আমাৰ হাতত কেইবাটাও কথা আছিল। যেনে ফাটবিহু বুলি ক’লে এতিয়া প্ৰায় মানুহে অলপ হ’লেও গম পায়, বগীবিলৰ দলং হোৱাৰ পাছত বাসুদেৱ থানত বহুত ভীৰ হয়, আৰু ‘তোমালোকৰ তাতে বৰগোহাঞি...