আমাৰ ঠাইখন তেনেই সৰু। ভৌগোলিকভাৱে হওক বা জনসংখ্যা - দুয়োফালৰ পৰা চাবলৈ গ’লে আমাতকৈ সৰু জেগাও ওলাব, কিন্তু মহকুমা হিচাপে আৰু যোগাযোগ ব্যৱস্থাৰ পৰা চাবলৈ গ’লে বেলেগৰ আগত নিজৰ ঠাইখনৰ কথা ক’বলৈ যাওঁতে আগতে প্ৰায়ে ‘আমাৰ তালৈ যোৱা ৰাস্তাটো কিন্তু বেয়া দেই আৰু বেছি দোকান-চোকান নাই’ এনেকৈ কৈ লৈছিলোঁ। ক’বলৈ মন নগৈছিল, কিন্তু আগতীয়াকৈ তেনেকৈ কৈ আচলতে নিজকে সান্ত্বনা দিছিলোঁ। তেতিয়ালৈকে হোৱা বন্ধু-বান্ধৱীবোৰো সৰহসংখ্যক আমাৰ দৰে সৰু ঠাইৰ পৰা অহা আছিলে, গতিকে কথাবোৰ নুবুজিছিলে যেন লগা নাছিল। অলপমান বন্ধুত্বৰ ভৌগোলিক সীমা বাঢ়ি যোৱালৈকে পিছে আমাৰ তালৈ ভাল ৰাস্তা আৰু ব্ৰহ্মপুত্ৰৰ পানীক ভেঁটা দিব পৰাকৈ ডাঙৰ মথাউৰি এটা - এই দুয়োটাই হৈছিল। দোকান-পোহাৰৰ সংখ্যা আৰু আকাৰ দুয়োটা বাঢ়িছিল। সৰু ঠাইখনত গাড়ী-মটৰৰ বৰ্ধিত সংখ্যাই নগৰ নগৰ যেন লগা ভাৱটো সম্পূৰ্ণ কৰি তুলিছিল। এই সমস্যাবোৰ যে আছিল, তাৰ লগতে কিন্তু গৌৰৱ কৰিব পৰাকৈও আমাৰ হাতত কেইবাটাও কথা আছিল। যেনে ফাটবিহু বুলি ক’লে এতিয়া প্ৰায় মানুহে অলপ হ’লেও গম পায়, বগীবিলৰ দলং হোৱাৰ পাছত বাসুদেৱ থানত বহুত ভীৰ হয়, আৰু ‘তোমালোকৰ তাতে বৰগোহাঞি...
১৯৬৯ চনত নিৰ্মিত ড° বেজবৰুৱা চিনেমাখন চোৱাৰ সৌভাগ্য হোৱা নাছিল যদিও ২০২৩ চনৰ ড° বেজবৰুৱা ২ চিনেমাখন চোৱাৰ সুবিধা পালোঁ। চিনেমাহলৰ পৰা ওলাই অহাৰ পাছত আলোচনা কৰিব পৰাকৈ বিশেষ একো সমল নাছিল যদিও এটা দিশত আমি চিনেমাখন চাবলৈ যোৱা গোটেইকেইজন বন্ধুৱে একমত হ'লোঁ যে বিৰতিৰ আগলৈকে চিনেমাখনৰ যেনেকুৱা সম্পাদনা; যেনে দৃশ্যৰ সঘন সালসলনি, দুটা দৃশ্যৰ মাজৰ transition-বোৰো basic cut to the other scene - এনেকুৱা নহৈ মাজে মাজে অলপ বেলেগ ধৰণৰ- মুঠৰ ওপৰত খুব যেন খৰতকীয়া (অৱশ্যে কথাটো কাহিনীৰ ওপৰতো নিৰ্ভৰশীল)। প্ৰথম ভাগ শেষ হৈ বিৰতিৰ পাছত দ্বিতীয় ভাগ আৰম্ভণিৰ আগত যিখিনি বিজ্ঞাপন চলি আছিল, এজন বন্ধুৰ মতে সেই বিজ্ঞাপনখিনিয়ে যেন চিনেমাৰ প্ৰথম ভাগতকৈ বেছি সময় চলি আছিল - তেনে লাগি গৈছিল। বলিউদৰ "পাঠান" নামৰ বোলছবিখনতো প্ৰায় একে কথাই লক্ষ্য কৰিছিলোঁ। এই সময়খিনিতে অসমীয়া আন এখন চিনেমাও মুক্তি পাইছিল, চাবলৈ যোৱা বন্ধুসকলৰ বেছিভাগেই কৈছিল, চিনেমাখন এনেই দীঘলীয়া কৰিলে, আজিৰ দিনত মানুহৰ হাতত ইমান সময় ক'তনো থাকে? গতিকে এইখিনিতে কেনেবাকৈ আমি মন্থৰ গতিৰ "দীঘলীয়া" চিনেমা চাবলৈ বেয়া পোৱা হৈছো...