Previously:: পুডুচেৰী পুডুচেৰী (Part I) পুডুচেৰী পুডুচেৰী (Part II) আগদিনা ৰাতি বহুত দেৰিলৈকে পণ্ডিচেৰী বিশ্ববিদ্যালয়ৰ চৌহদৰ সোৱাদ লৈ লৈ শুবলৈ লওঁতে যথেষ্ট দেৰি হৈছিল। ৰাতিপুৱা আকৌ সোনকালে উঠিবলগীয়া আছে বুলি মনলৈ বাৰে বাৰে আহিও আছিল , অথচ ৰাতি অনাই বনাই ঘূৰি ফুৰাৰ আনন্দকণৰ পৰা বঞ্চিত হ ’ বলৈকো মন নাছিল। পণ্ডিচেৰী বিশ্ববিদ্যালয়ৰ মুখ্য গেইটৰ পৰা বহুত দূৰ সোমাৱাৰ পাছতহে হোষ্টেলবোৰ আৰম্ভ হৈছে। বহুত দূৰ মানে সঁচাকৈয়ে বহুত দূৰ , প্ৰায় তিনি - চাৰি কিল ’ মিটাৰমান যোৱাৰ পাছতহে পোৱা যায়। আমি ৰাতি মূখ্যতঃ বিশ্ববিদ্যালয়ৰ ৰূপালী জয়ন্তীৰ বাবে নতুনকৈ বনোৱা চৌহদটো ঘূ ৰিলোঁ , মাজতে বহি ছাত্ৰ - ছাত্ৰীসকলৰ ফুটবল খেল চালোঁ , তাৰপাছত এপাকত ৰিতুপৰ্ণই ভয়ানক আন্ধাৰে আৱৰি থকা ঘৰ এটালৈ লৈ গ ’ ল। আচলতে সেইটো কিবা ওখ , বগাই ওপৰলৈ উঠি যাবলগীয়া পানীৰ টেংকিৰ দৰেহে। তাৰ পৰিকল্পনা আছিল সেইটোৰ ওপৰলৈ উঠি লৈ কিছু দুঃসাহস...
Prankrishna Borgohain