Skip to main content

Posts

Showing posts with the label Published Article || প্ৰকাশিত

ইতি গজ

মই জানো বৰ্ডত থকা অংকটো একেবাৰে সহজ, মাত্ৰ নাজানো কৰাৰ পাকটো কি। ততবুদ্ধি হেৰুৱাই বৰদেউতালৈ চাওঁ, তেওঁ সন্মুখত থকা ছাত্ৰখিনিলৈ চাই উপদেশ দি থাকে। সময় বেছি লাগি ৰৈ থাকিলেও কৰি নিদিয়ে, সমাধান কৰিবলৈ প্ৰয়োজনীয় হিন্টছবোৰ মাজে মাজে দি থাকে। মই কিবা এটা কৰি দেখুৱাওঁ, বৰদেউতাই মই কৰাখিনিলৈ চায়, তাৰপাছত মোলৈ চাই কয়, “তাৰমানে মই কোৱা কথাখিনিৰ একো বুজি নাপালি নহয়?” ঠিক এইমাত্ৰ বৰদেউতাই তেনেকুৱাই কিবা এটা হিন্ট দি গ’ল। বৰদেউতাৰ বিছনাৰ কাষত আমি, মানে মই, ভনী, ৰূপা, নাৰায়ণ গোটেইকেইটাই থিয় হৈ ৰৈ আছিলোঁ। দূৰ্ঘটনাটো হোৱাৰ পাছৰ পৰা তেওঁ বিছনাতেই। এনেকৈ তেওঁ বিছনাখনকে আশ্ৰয় কৰি লোৱা মই কেতিয়াও দেখা নাছিলোঁ। ওৰেটো জীৱন স্কুলখনৰ সেৱাতে ব্ৰতী হৈ থাকিল, নিজকে উছৰ্গা কৰিলে স্কুলখনৰ কামত। আমাক অংক শিকালে, ভনীহঁত স্কুলৰ শেষৰ শ্ৰেণীত থকাৰ বছৰ সিহঁতকো অংক শিকাই লৈহে তেওঁৰ চাকৰিৰ পৰা অৱসৰ। স্কুলৰ পৰা অৱসৰ লৈ তেওঁৰ কাম আৰম্ভ হ’ল ঘৰৰ পাছফালৰ বাৰীখনত। মাজে মাজে পৰীক্ষা দিবলগীয়া বেটচবোৰকো পঢ়ুৱাবলৈকো গৈছিল, স্কুলখনৰ মোহ তেওঁ এৰিব পৰা নাছিল। তাৰপাছত ভনী কলেজলৈ গ’ল, কেইদিনমানৰ পাছত বৰমা হঠাত...

সহযাত্ৰী

খুব চিঞৰি চিঞৰি শিকোৱাৰ পাছত সঁচাকৈয়ে ল’ৰা ছোৱালীকেইটাই শিকিছে নে নাই বুলি পৰীক্ষা কৰিবলৈ অংককেইটামান কৰিবলৈ দি শেষৰ বেঞ্চৰ গাধ দুটামানে কৰিবলৈ নোৱাৰোতে ‘ইমান সহজ অংককেইটা কৰিব নোৱাৰ নে, সেই আগৰ বেঞ্চৰ একে লগৰ দুটামানে যে টপাটপ কৰিবলৈ পাৰে’ এইবুলি কৈ ‘অই তঁহত আগত বহাকেইটাৰ এটাই কৰি দে’ বুলি কওঁতে সিহঁতৰো এটাইও লৰচৰ নোহোৱা দেখি যেতিয়া ডেকা মাষ্টৰে আৱিষ্কাৰ কৰে যে সিহঁত কেইটাও পৰা নাই; সমানে গাধহে, তেতিয়া কঁকালৰ এটা ফাল অলপ বেছিকৈ বেঁকা কৰি তাত সেইফালৰ হাতখনেৰে ভেঁজা দি “তঁহতক মই ভাজি কৰি খাঁও নে খুন্দি খাঁও নে মাষ্টৰী চাকৰি এৰোঁ” ধৰণৰ যিটো অৱস্থা হয়, এইমাত্ৰ দিবাকৰদাই মই ডাঙৰকৈ চিঞৰি দিয়াৰ পাছত মোৰ ফালে চাই তেনেকুৱা কৰি উঠিল।   বৰ্গাকাৰৰ পুখুৰীটোৰ চাৰিওফালে চাৰিজন মানুহ। থিয় কৰাই দিলে প্ৰায় তেওঁৰ উচ্চতাৰ সমান বাঁহ এডালত লোহাৰৰ জোঙা জোঙা সেইকেইডাল লগাই লোৱা এডাল পচা একদম যাঠি মাৰিবলৈ লোৱাৰ দৰে ৰৈ অখণ্ড মনোযোগেৰে সেইটো দিবাকৰদা, তেওঁৰ বাওঁফাললৈ অমিয়দা, তেওঁৰ হাতত নীলাৰঙৰ জাল এখন। অমিয়দাৰ বাওঁফাললৈ ভিনদেউহঁতৰ ঘৰত লাগনি পাচনি কৰি দিবলৈ থকা ৰতনে মেটেকা এখিনি পাৰলৈ টানি আছ...

মৰমৰ ভাইটি

(প্ৰকাশকালঃ ১৬ অক্টোবৰ, ২০১১, জোনাকী মেল, আমাৰ অসম) চাৰিওফালে আন্ধাৰ। আন্ধাৰৰ চাদৰখন গাত লৈ মই কোঠাটোত অকলে বহি পাৰ কৰিছোঁ প্ৰতিটো মিনিট অযথা এসোপা চিন্তা কৰি। কিমান সময় মই এনেদৰে অকলে বহি নিৰ্জনতাক মোক গ্ৰাস কৰি পেলাবলৈ সুবিধা দিলোঁ, সেয়া মই নাজানো। ইমান সময়ে কি যে ভাবিলোঁ, তাৰো লেখ জোখ নাই। মাত্ৰ এটা বঞ্চিতানুভৱে মোক গ্ৰাস কৰি পেলাই মোৰ চিন্তাৰ কোষবোৰ কুটি কুটি খাই পেলাইছে।  মোৰ এটা ভইটি আছে। মই জন্ম হোৱাৰ প্ৰায় দুবছৰ পিছতে তাৰ এই ঘৰখনলৈ চতুৰ্থ প্ৰাণী হিচাপে আগমন ঘটিছিল। দুটা ল’ৰাৰ সৈতে মোৰ মা-দেউতাক যথেষ্ট সুখী আৰু সন্তুষ্ট দেখা গৈছিল। মই বুজা হোৱাৰ পৰা গম পাইছিলো যে মোৰ সঁচাকৈয়ে এটা ভাইটিৰ প্ৰয়োজন আছিল আৰু ভগৱানে যেন আগতীয়াকৈ মোৰ মনোভাৱ বুজি তাক আমাৰ পৰিয়াললৈ যেন পঠিয়াইছিল। কি যে মৰম লগা মোৰ ভাইটো। তাৰ সৰু সৰু হাত দুখন, ভৰি, অকণ অকণ আঙুলিকেইটাত সংস্পৰ্শই মোক বাউলি কৰিছিল, তাক দাঙি ল’বলৈ চেষ্টা কৰিছিলোঁ। কিন্তু মাহীয়ে মানা কৰিছিল, কাৰণ ময়ো তেতিয়া সৰুয়েই হৈ আছিলো। মোৰ নিজে কাৰোবাৰ ভাইটি হ’বলৈ মন গৈছিল।  লাহে লাহে ভাইটি ডাঙৰ হৈ আহিল, মোৰো পঢ়াশালিৰ জী...

বগৰী দিৱস আৰু প্ৰিন্সিপাল ছাৰৰ গালি

নৱছাত্ৰাবাসৰ সোণসেৰীয়া দিনবোৰৰ কথা স্মৃতি ৰোমন্থন কৰি লগবন্ধুৰ লগত আড্ডা যেতিয়া জমি উঠে, সেই সময়তে বগৰী দিৱসৰ কথা ওলালে মোৰ ক’বলৈ বিশেষ একো নাথাকে, কাৰণ একেখন ঘৰতে পাঁচটাকৈ বছৰ অতিবাহিত কৰাৰ পাছতো মই এবাৰো এই দিনটোৰ ভালদৰে উপস্থিত থকাৰ সুযোগ লাভ নকৰিলোঁ। প্ৰত্যেক বছৰৰ ফেব্ৰুৱাৰী মাহৰ প্ৰথমটো ৰবিবাৰে এই দিৱসৰ আয়োজন কৰা হয়। প্ৰথম দুবছৰ আৰু শেষৰ বছৰ পৰীক্ষাৰ সংক্ৰান্তত ঘৰত থাকিবলগীয়া হেতু উপস্থিত থাকিব নোৱাৰাৰ বাদে মাজৰ দুবছৰ বগৰী দিৱসৰ দিনাই হোষ্টেলৰ আন এক বছৰেকীয়া উৎসৱ “বনভোজ”ৰ আয়োজন হোৱাৰ কাৰণে প্ৰকৃত বগৰী দিৱসৰ সোৱাদৰ পৰা বঞ্চিত হ’বলগীয়া হৈছিল। এইখিনিতে এটা প্ৰশ্ন স্বাভাৱিকতে মনলৈ অহা স্বাভাৱিক যে দুইটা দিৱসৰে নিজস্ব গৰিমা থকাৰ পাছতো একেদিনাই দুয়োটা দিৱস আয়োজন নকৰি বনভোজৰ সময়টো পিছলৈ কৰা হ’লেইচোন সমস্যা সমাধান হয়। পিছে এইখিনিতে কেইবাটাও কথা আহি পৰে। প্ৰথম কথা, বগৰী দিৱসৰ ধাৰণা নতুন নহয়, বহুত আগৰে পৰা এই পৰম্পৰা চলি আহিছে, বোপাককাৰ দিনৰে বুলি ক’লেও বঢ়াই কোৱা নহব। আনহাতে বাৰ্ষিক বনভোজৰ ধাৰণাটো আচলতে কোনোবাই নিয়ম কৰি আনি দিয়া বস্তু নহয়, ই হৈছে এক ধৰাবন্ধা নিয়ম, যেনেকৈ ভাত খোৱাৰ প...

দ্য নিউ গাৰ্ল ইন দ্য চিটী

---প্ৰিয়ম দি জ্যোৎস্না---  (১)  "হাজাৰজনৰ দৰে ময়ো যেতিয়া মুম্বাইলৈ আহিছিলোঁ, তেতিয়া নিজৰ বয়-বস্তুবোৰৰ সৈতে কিছুমান সপোনো বান্ধি আনিছিলো। তাৰ ভিতৰত আটাইতকৈ ডাঙৰ সপোনটো আছিল--এগৰাকী লেখক হোৱাৰ সপোন। যেতিয়া মোক এই প্ৰৱন্ধটো লিখিবলৈ কোৱা হৈছিল, তেতিয়াই হয়তো মোৰ সপোনটো বাস্তৱলৈ ৰূপান্তৰিত হ'ল। কিন্তু অশেষ চেষ্টাৰ পিছতো মই এই প্ৰৱন্ধটো লিখিবলৈ পৰা নাছিলোঁ। প্ৰতিবাৰেই লিখিবলৈ লওঁতে এনেকুৱা লাগিছিল যেন বহু কথা থাকি গৈছে। এই চহৰখনৰ বিষয়ে এনেকুৱা কি ক'ম যি আজিলৈকে কোনেও কোৱা নাই! সেইকাৰণে জমা দিয়াৰ এৰাতিৰ আগত প্ৰৱন্ধটো মই ফালি পেলালো আৰু পুনৰ লিখিবলৈ আৰম্ভ কৰিলো।       কেৱল দুমাহতে এক অদ্ভুতধৰণৰ প্ৰেম হৈ গ'ল এই চহৰখনৰ সৈতে। চহৰখন মোৰ আপোন যেন লগা হ'ল। ইয়াৰ কাৰণ কি হ'ব পাৰে? মোৰ নতুন উৎসাহমূলক চাকৰিটো ,মোৰ সৰু ফ্লেটটো নে মোৰ স্বাধীনতা? এই চহৰখনে এনেকুৱা কি দিছে মোক , যি মোৰ আপোন হৈ পৰিছে? প্ৰকৃততে উত্তৰটো বহুদিন ধৰি মোৰ চকুৰ সন্মুখতে আছিল, কিন্তু মইহে ধৰিব পৰা নাছিলোঁ। মুম্বাইলৈ আহিয়েই প্ৰথম ৰাতি মই কাৰোবাক লগ পালো। এজন ল'ৰাক। বন্ধু, ৰূ...

হৰ্ষাভোগলে অথবা ছেহৱাগহঁতৰ কথাৰে….

--- সুমন্ত সৌৰভ কাকতি --- অন্য জনপ্ৰিয় খেলতকৈ ক্ৰিকেট সময়ৰ দিশৰ পৰা কিছু দীঘলীয়া খেল , ছয়-চাৰি বা উইকেইৰ সঘন পতন নঘটিলে ক্ৰিকেট সাধাৰণতে বিৰক্তিকৰ আৰু আমনিদায়ক হৈ উঠে , কিন্ত সেইসময়তে পোনপটীয়া সম্প্ৰচাৰৰ হিন্দী ভাষাৰ কমেণ্ট্ৰি বস্কৰ মাইক্ৰফোণত বাজি উঠা ” চিপছ কা পেকেট অঔৰ ৰবীন্দ্ৰ জাডেজা কা অভাৰ কব খতম হো জ্যায়ে পতা নহী চলতা” “প্যায়াৰ মে ডুবা হুৱা লড়কা , চায় মে ডুবা হুৱা বিস্কুট অঔৰ বিনা ৰাণ কে বেটছমেন কিছি কাম কা নহী ” বা “ইয়ে ইতনা আছান কেটচ থা কি শ্বোলে কা ঠাকুৰ ভি ইছে পকড় চকতা থা ” ( শ্বোলে চিনেমাৰ ঠাকুৰৰ দুয়োখন হাতেই নাছিল ) ,”পাকিস্থান কো গোলী চে নহী কোহলী চে ডৰ লগতা হ্যায় ” খঙাল বিৰাট কোহলিৰ চমৎকাৰ প্ৰদৰ্শনত সন্মোহিত হৈ কোৱা ” বিৰাট কা তেৱৰ মানো সোণে কা জেবৰ ( অলংকাৰ) “ফটে কলাৰ অঔৰ পিতে হুৱে বলাৰ কো ক্যোয়ী ইজ্জত নহী দেতা ” বা চেতেশ্বৰ পূজাৰাক দীৰ্ঘসময় ক্ৰীজত অতিবাহিত কৰাৰ বাবে উদ্দেশ্যি কোৱা” ইয়ে জীয়েন্দী না মিলেগী পূজাৰা ” ইত্যাদি অনেক ধৰণৰ খুহুতীয়া আমোদজনক ওৱান লাইনাৰ বোৰে বিৰক্তিকৰ খেল এখনতো দৰ্শকক আনন্দ দিয়াৰ লগতে মনোযোগ পুনৰবাৰ আকৰ্ষণ কৰিবলৈ সক্ষম হয় । আৰম্ভণিৰ অভাৰট...