Skip to main content

Posts

Showing posts from June, 2020

ছশ নম্বৰ

দিনটোৰ প্ৰথম শ্ৰেণীটোৰ ঘণ্টা পৰাৰ লগে লগে হাই উৰুমি আৰম্ভ হওঁতেই   বগা ছাৰ্ট , ক ’ লা ( কিছু পৰিমাণে দঢ়া বৰণো থকা ) পেণ্ট পিন্ধা মানুহ এজন কাগজ এখিলা লৈ সোমাই   আহিল। চকুকেইটা দেখিলেই যেন ঘোপমৰা খং এটা অনবৰতে লৈ থকা , তাতে আকৌ কি যে গলগলীয়া মাত। এল পেটাৰ্ণৰ স্কুল ঘৰটোৰ ইটো মূৰৰ শ্ৰেণীত সোমালে সিটো মূৰৰ উচ্চখাপৰ ছাত্ৰ - ছাত্ৰী সবেই ধেমালি এৰি বেঞ্চত বহি যায়। চকুকেইটা তেনে লগাৰ কাৰণ আৰু এটা আছে , তেওঁৰ চেলাউৰি দুইযোৰ খুব ডাঠ। আৰু হাতত লৈ অনা কাগজখনত কি থাকে ? হৈ যোৱা পৰীক্ষাৰ নম্বৰৰ খতিয়ান।   মুঠৰ ওপৰত ভয়ানক কাৰবাৰ।   আহিয়ে চিধা তেওঁ ৰোল নম্বৰ অনুযায়ী নম্বৰবোৰ চাই   চাই   কৈফিয়ৎ ল ’ বলৈ আৰম্ভ কৰি দিয়ে। স্কুলখনৰ ছাত্ৰ - ছাত্ৰীৰ সংখ্যা বৰ বেছি নহয় , গতিকে প্ৰায়বোৰৰ চেহেৰা তেওঁৰ নখ দৰ্পনত। “ এইখনত নম্বৰ কেলে কম হ ’ ল , অ ঘূৰি ফুৰিছ খুব কম হ ’ বই ,”, “ পাছ কৰিবি গৈ নে ? এনেকুৱা নম্বৰেই দেখি থাকিম নেকি ?” তাৰপাছত শ্ৰেণীৰ ভাল ল ’ ৰাকেইটাক , “ এই এক নম্বৰ কেনেকে কমিলে ? ত