Skip to main content

Posts

Showing posts from May, 2020

সহযাত্ৰী

খুব চিঞৰি চিঞৰি শিকোৱাৰ পাছত সঁচাকৈয়ে ল’ৰা ছোৱালীকেইটাই শিকিছে নে নাই বুলি পৰীক্ষা কৰিবলৈ অংককেইটামান কৰিবলৈ দি শেষৰ বেঞ্চৰ গাধ দুটামানে কৰিবলৈ নোৱাৰোতে ‘ইমান সহজ অংককেইটা কৰিব নোৱাৰ নে, সেই আগৰ বেঞ্চৰ একে লগৰ দুটামানে যে টপাটপ কৰিবলৈ পাৰে’ এইবুলি কৈ ‘অই তঁহত আগত বহাকেইটাৰ এটাই কৰি দে’ বুলি কওঁতে সিহঁতৰো এটাইও লৰচৰ নোহোৱা দেখি যেতিয়া ডেকা মাষ্টৰে আৱিষ্কাৰ কৰে যে সিহঁত কেইটাও পৰা নাই; সমানে গাধহে, তেতিয়া কঁকালৰ এটা ফাল অলপ বেছিকৈ বেঁকা কৰি তাত সেইফালৰ হাতখনেৰে ভেঁজা দি “তঁহতক মই ভাজি কৰি খাঁও নে খুন্দি খাঁও নে মাষ্টৰী চাকৰি এৰোঁ” ধৰণৰ যিটো অৱস্থা হয়, এইমাত্ৰ দিবাকৰদাই মই ডাঙৰকৈ চিঞৰি দিয়াৰ পাছত মোৰ ফালে চাই তেনেকুৱা কৰি উঠিল।   বৰ্গাকাৰৰ পুখুৰীটোৰ চাৰিওফালে চাৰিজন মানুহ। থিয় কৰাই দিলে প্ৰায় তেওঁৰ উচ্চতাৰ সমান বাঁহ এডালত লোহাৰৰ জোঙা জোঙা সেইকেইডাল লগাই লোৱা এডাল পচা একদম যাঠি মাৰিবলৈ লোৱাৰ দৰে ৰৈ অখণ্ড মনোযোগেৰে সেইটো দিবাকৰদা, তেওঁৰ বাওঁফাললৈ অমিয়দা, তেওঁৰ হাতত নীলাৰঙৰ জাল এখন। অমিয়দাৰ বাওঁফাললৈ ভিনদেউহঁতৰ ঘৰত লাগনি পাচনি কৰি দিবলৈ থকা ৰতনে মেটেকা এখিনি পাৰলৈ টানি আছে। দ

এ টীম ফিল্ডৰ ফুটবলৰ ফাইনেল খেলখন

নৱছাত্ৰাবাসত থকাৰ সময়ত আমাৰ প্ৰায়বোৰ আবাসীৰে ( অন্ততঃ যিকেইজন আবাসী অলপ বাঘৰ আগতেল খোৱাবিধৰ আছিল ) ৰাতি চিনেমা চাবলৈ যোৱা বা বিহুৰ ৰাতিৰ অনুষ্ঠান চাবলৈ যোৱা এইবোৰ কাম কৰাৰ ধান্দা বেছি আছিল। তাৰে বহুতৰ এই ফেণ্টাচীটো তালৈ গৈহে লম্ভিছিল , যেনে মই। এনেকে ৰাতি আগতে ঘৰৰ পৰা বাহিৰ ওলাবলৈ হ ’ লে কোনোবা ঘৰৰ মানুহ লগত গৈছিলেই বা ঘৰত কৈ লগত যোৱা মানুহজন ঘৰৰ চিনাকী হ ’ লেহে যাবলৈ সুবিধা আছিল। হোষ্টেলৰ এইবোৰ অসুবিধা নাছিল। সেইবুলি বাৰু প্ৰথম বৰ্ষত থাকোতে এইবোৰ একো সুবিধা পোৱা নাছিলোঁ। দ্বিতীয় বৰ্ষৰ পৰা যেতিয়া ছিনিয়ৰ হোৱাৰ ভূতে লম্ভিলে , তেতিয়াৰ পৰা বাকী দুঃসাহসিক কামবোৰৰ লগতে এই ৰাতি ক ’ ৰবালৈ ওলাই   গৈ দেৰিকৈ কলেজৰ ছেকেণ্ড গেইটৰ ওপৰেদি বগাই   পাৰ হৈ অহাটো বেলেগধৰণৰ ভাল লগা কামেই আছিল। অৱশ্যে চুপাৰ ড০ বিমান চেতিয়া ছাৰৰ এই সম্পৰ্কে কিছু ধাৰণা আছিলে। গতিকে কেতিয়াবা দিন কাল বেয়া থাকিলে চিনেমা চাই উভতি অহাৰ বাটত লগ পোৱাৰ ঘটনাও আছে , সেই সম্পৰ্কে বিস্তাৰিত বৰ্ণনা সময় সুব

পুডুচেৰী পুডুচেৰী (Part III)

Previously:: পুডুচেৰী পুডুচেৰী (Part I)                         পুডুচেৰী পুডুচেৰী (Part II) আগদিনা ৰাতি বহুত দেৰিলৈকে পণ্ডিচেৰী বিশ্ববিদ্যালয়ৰ চৌহদৰ সোৱাদ লৈ লৈ শুবলৈ লওঁতে যথেষ্ট দেৰি হৈছিল। ৰাতিপুৱা আকৌ সোনকালে উঠিবলগীয়া আছে বুলি মনলৈ বাৰে বাৰে আহিও আছিল , অথচ ৰাতি অনাই বনাই   ঘূৰি ফুৰাৰ আনন্দকণৰ পৰা বঞ্চিত হ ’ বলৈকো মন নাছিল। পণ্ডিচেৰী বিশ্ববিদ্যালয়ৰ মুখ্য গেইটৰ পৰা বহুত দূৰ সোমাৱাৰ পাছতহে হোষ্টেলবোৰ আৰম্ভ হৈছে। বহুত দূৰ মানে সঁচাকৈয়ে বহুত দূৰ , প্ৰায় তিনি - চাৰি কিল ’ মিটাৰমান যোৱাৰ পাছতহে পোৱা যায়। আমি ৰাতি মূখ্যতঃ বিশ্ববিদ্যালয়ৰ ৰূপালী জয়ন্তীৰ বাবে নতুনকৈ বনোৱা চৌহদটো ঘূ ৰিলোঁ , মাজতে বহি ছাত্ৰ - ছাত্ৰীসকলৰ ফুটবল খেল চালোঁ , তাৰপাছত এপাকত ৰিতুপৰ্ণই ভয়ানক আন্ধাৰে আৱৰি থকা ঘৰ এটালৈ লৈ গ ’ ল। আচলতে সেইটো কিবা ওখ , বগাই ওপৰলৈ উঠি যাবলগীয়া পানীৰ টেংকিৰ দৰেহে। তাৰ পৰিকল্পনা আছিল সেইটোৰ ওপৰলৈ উঠি লৈ কিছু দুঃসাহসিক কিবা কাম কৰাৰ , কিন্তু ইতিমধ্যে আমাৰ যথেষ্ট দেৰি হৈছিলেই , আৰু