Skip to main content

Posts

Showing posts from August, 2017

বিশ্বকোষ কেনেকৈ লিখিব পাৰোঁ?

পঢ়ি অহা বিদ্যালয়খনৰ কথা ইণ্টাৰনেটত প্ৰতিষ্ঠা কৰিবলৈ  মন যোৱাৰ সময়ৰ কথা। মহকুমাটোৰ কিছুসংখ্যক মানুহৰ বাদে তেতিয়ালৈকে আমাৰ বিদ্যালয়খন ইমান বেছি আলোচনাৰ বিষয় হোৱা নাছিল তেতিয়ালৈকে-- যেতিয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাত দুজনকৈ ছাত্ৰই অসমৰ ভিতৰত স্থান লাভ কৰি আমাৰ অঞ্চলটোৰ শিক্ষাৰ জগতখনত তোলপাৰ লগাবলৈ সক্ষম হ'ল। ব্যক্তিগত খণ্ডৰ অসমীয়া মাধ্যমৰ বিদ্যালয় হেতুকে বিদ্যালয়ৰ বাৰ্ষিক পৰীক্ষাৰ পাছত নতুন শিক্ষা বৰ্ষৰ বাবে নামভৰ্তিৰ দিনাৰ আগলৈকে শিক্ষকসকল আৰু কৰ্মচাৰীবৃন্দৰ দ্বাৰা নিজেই চাৰিআলিৰ কোনো এক চুকত, নতুবা ৰাজহুৱা পৰিবহণ আস্থানত থকা ডাঙৰ গছজোপাৰ দুডাল ডালত ওলোমাই নামভৰ্তিৰ জাননী দি বিদ্যালয়খনৰ কথা ৰাইজক জনাবলগীয়া এক অৱস্থাৰ পৰা শিক্ষানুষ্ঠানটোৱে অঞ্চলটোৰ শিক্ষাৰ ক্ষেত্ৰত ইতিহাস ভংগকাৰী নিজা এক গৰিমা অৰ্জন কৰাৰ অৱস্থাটোলৈকে সকলোকে জনোৱাৰ প্ৰয়াসেৰে স্কুলৰ ৱেবছাইট এটা সাজি উলিওৱা হ'ল। বৰ্তমানে যিকোনো শেহতীয়া তথ্যৰ বাবে সকলোৱে পোনছাটেই ইণ্টাৰনেটৰ সহায় লয়।  তথ্যৰ অলেখ ভাণ্ডাৰ দ্ৰুতগতিৰে সহজলভ্য হৈ পৰা বাবে সকলো স্তৰৰ মাজতে ই জনপ্ৰিয় হৈ পৰিছে। আৰু ঠিক একে সময়তে ইণ্টাৰনেটৰ সেই নিযুত তথ্য উৎ