Skip to main content

Posts

Showing posts with the label New Boys' Hostel || নৱছাত্ৰাবাস

এ টীম ফিল্ডৰ ফুটবলৰ ফাইনেল খেলখন

নৱছাত্ৰাবাসত থকাৰ সময়ত আমাৰ প্ৰায়বোৰ আবাসীৰে ( অন্ততঃ যিকেইজন আবাসী অলপ বাঘৰ আগতেল খোৱাবিধৰ আছিল ) ৰাতি চিনেমা চাবলৈ যোৱা বা বিহুৰ ৰাতিৰ অনুষ্ঠান চাবলৈ যোৱা এইবোৰ কাম কৰাৰ ধান্দা বেছি আছিল। তাৰে বহুতৰ এই ফেণ্টাচীটো তালৈ গৈহে লম্ভিছিল , যেনে মই। এনেকে ৰাতি আগতে ঘৰৰ পৰা বাহিৰ ওলাবলৈ হ ’ লে কোনোবা ঘৰৰ মানুহ লগত গৈছিলেই বা ঘৰত কৈ লগত যোৱা মানুহজন ঘৰৰ চিনাকী হ ’ লেহে যাবলৈ সুবিধা আছিল। হোষ্টেলৰ এইবোৰ অসুবিধা নাছিল। সেইবুলি বাৰু প্ৰথম বৰ্ষত থাকোতে এইবোৰ একো সুবিধা পোৱা নাছিলোঁ। দ্বিতীয় বৰ্ষৰ পৰা যেতিয়া ছিনিয়ৰ হোৱাৰ ভূতে লম্ভিলে , তেতিয়াৰ পৰা বাকী দুঃসাহসিক কামবোৰৰ লগতে এই ৰাতি ক ’ ৰবালৈ ওলাই   গৈ দেৰিকৈ কলেজৰ ছেকেণ্ড গেইটৰ ওপৰেদি বগাই   পাৰ হৈ অহাটো বেলেগধৰণৰ ভাল লগা কামেই আছিল। অৱশ্যে চুপাৰ ড০ বিমান চেতিয়া ছাৰৰ এই সম্পৰ্কে কিছু ধাৰণা আছিলে। গতিকে কেতিয়াবা দিন কাল বেয়া থাকিলে চিনেমা চাই উভতি অহাৰ বাটত লগ পোৱাৰ ঘটনাও আছে , সেই সম্পৰ্কে বিস্তাৰিত বৰ্ণনা ...

বগৰী দিৱস আৰু প্ৰিন্সিপাল ছাৰৰ গালি

নৱছাত্ৰাবাসৰ সোণসেৰীয়া দিনবোৰৰ কথা স্মৃতি ৰোমন্থন কৰি লগবন্ধুৰ লগত আড্ডা যেতিয়া জমি উঠে, সেই সময়তে বগৰী দিৱসৰ কথা ওলালে মোৰ ক’বলৈ বিশেষ একো নাথাকে, কাৰণ একেখন ঘৰতে পাঁচটাকৈ বছৰ অতিবাহিত কৰাৰ পাছতো মই এবাৰো এই দিনটোৰ ভালদৰে উপস্থিত থকাৰ সুযোগ লাভ নকৰিলোঁ। প্ৰত্যেক বছৰৰ ফেব্ৰুৱাৰী মাহৰ প্ৰথমটো ৰবিবাৰে এই দিৱসৰ আয়োজন কৰা হয়। প্ৰথম দুবছৰ আৰু শেষৰ বছৰ পৰীক্ষাৰ সংক্ৰান্তত ঘৰত থাকিবলগীয়া হেতু উপস্থিত থাকিব নোৱাৰাৰ বাদে মাজৰ দুবছৰ বগৰী দিৱসৰ দিনাই হোষ্টেলৰ আন এক বছৰেকীয়া উৎসৱ “বনভোজ”ৰ আয়োজন হোৱাৰ কাৰণে প্ৰকৃত বগৰী দিৱসৰ সোৱাদৰ পৰা বঞ্চিত হ’বলগীয়া হৈছিল। এইখিনিতে এটা প্ৰশ্ন স্বাভাৱিকতে মনলৈ অহা স্বাভাৱিক যে দুইটা দিৱসৰে নিজস্ব গৰিমা থকাৰ পাছতো একেদিনাই দুয়োটা দিৱস আয়োজন নকৰি বনভোজৰ সময়টো পিছলৈ কৰা হ’লেইচোন সমস্যা সমাধান হয়। পিছে এইখিনিতে কেইবাটাও কথা আহি পৰে। প্ৰথম কথা, বগৰী দিৱসৰ ধাৰণা নতুন নহয়, বহুত আগৰে পৰা এই পৰম্পৰা চলি আহিছে, বোপাককাৰ দিনৰে বুলি ক’লেও বঢ়াই কোৱা নহব। আনহাতে বাৰ্ষিক বনভোজৰ ধাৰণাটো আচলতে কোনোবাই নিয়ম কৰি আনি দিয়া বস্তু নহয়, ই হৈছে এক ধৰাবন্ধা নিয়ম, যেনেকৈ ভাত খোৱাৰ প...

মোৰ নৱছাত্ৰাবাস

“ মই অহাৰ লগে লগে সাউতকৈ উঠি গৈ ফুল ছাৰ্টটো পিন্ধিলি যে ? হা ? গৰম উঠা নাই নেকি ?” “ ছাৰ হ ’ ব , একো নহয় । ইমান গৰমো   উঠা নাই ” “ অ , হ ’ ব বাৰু । ইয়াত থাকি পঢ়া শুনা কৰিবলে খালি নেপাহৰিবি । ঢকুৱাখনাৰ পৰা পঢ়িবলে আহিছ , পঢ়িবি , কিবা অসুবিধা পালে মোক কবি , ৰাকেশ পৰাণক কবি ” । ৰাকেশ পৰাণ মানে হোষ্টেলৰ সেইসময়ৰ মণিটৰ ৰাকেশদা আৰু পৰাণদা । ৰাকেশদা মোৰ ৰুমমেটো আছিল । নিজৰ কোঠাৰ পৰা বাহিৰলে ওলালেই তথা ৰূমলে কোনোবা ছিনিয়ৰ আহিলে যাতে আমাক ফুলছাৰ্ট আৰু লংপেণ্ট পিন্ধা দেখা পায় , তেনেকুৱা এটা কটকটীয়া নিয়মে আমাক সকলোক বান্ধি থৈছিল । জুন মাহৰ শেষ দিন । ইমান সময়ে যেনতেন সহ্য কৰি অধীক্ষক ড০ বিমান চেতিয়া ছাৰে কথাখিনি কৈ মোৰ ৰুমৰ দুৱাৰখন পাৰ হোৱাৰ লগে লগেই ছাৰ্টটো খুলি পেলাই ফেনৰ তলত বহি পৰিলোঁ ।

হোষ্টেল পিকনিক ২০১৫

   অৱশেষত পিকনিকৰ তাৰিখটো ঠিক কৰা হ ’ ল ।         ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৫২ তম যুৱ মহোৎসৱ শেষ হৈছিল ৩০ জানুৱাৰী তাৰিখে আৰু তাৰ এদিন পাছতেই আমাৰ পিকনিকৰ তাৰিখ ঠিক কৰা হ ’ ল , একমাত্ৰ পিকনিক স্পট ঠিক কৰিবলৈ সকলোৰে ব হুত সময় লাগিল । তাৰ আগেয়ে পিকনিক সম্বন্ধীয় কথা , বাজেট আদিবোৰকে আৰম্ভ কৰি কথাবোৰ আলোচনা কৰিবলৈ যিখন মিটিং দিয়া হৈছিল , তাত তিনিখন ঠাই প্ৰাধান্য পাইছিল , হাৱাই কেম্প , দুলুংমুখ আৰু কিমিন । কিমিন পোনছাটেই নাকচ হৈছিল , মাত্ৰ হাৱাই কেম্প আৰু দুলুংমুখৰ মাজত আমাৰ মনবোৰ পেণ্ডুলামৰ দৰে দুলি আছিল । মিটিঙত একো সিদ্ধান্ত লোৱা নহল যদিও সকলোৰে যে হাৱাই কাম্প যোৱাৰ এটা প্ৰৱল ইচ্ছা আছে , সেয়া প্ৰকট হৈ উঠিছিল । কিন্তু তাৰ পাছতে হুৰামূৰাকৈ যুৱ মহোৎসৱ পালেহি আৰু যিহেতু ছাত্ৰ ছাত্ৰীৰ সহযোগ অবিহনে কলেজে অনুষ্ঠিত কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হ ’ ব , তাতে হোষ্টেলকেইটাৰ সমূহ আবাসীয়ে লাগি মেলি সহায় কৰি নিদিলে কথাটো সম্পূৰ্ণ সহ্য সীমাৰ বাহ...