নৱছাত্ৰাবাসত থকাৰ সময়ত আমাৰ প্ৰায়বোৰ আবাসীৰে ( অন্ততঃ যিকেইজন আবাসী অলপ বাঘৰ আগতেল খোৱাবিধৰ আছিল ) ৰাতি চিনেমা চাবলৈ যোৱা বা বিহুৰ ৰাতিৰ অনুষ্ঠান চাবলৈ যোৱা এইবোৰ কাম কৰাৰ ধান্দা বেছি আছিল। তাৰে বহুতৰ এই ফেণ্টাচীটো তালৈ গৈহে লম্ভিছিল , যেনে মই। এনেকে ৰাতি আগতে ঘৰৰ পৰা বাহিৰ ওলাবলৈ হ ’ লে কোনোবা ঘৰৰ মানুহ লগত গৈছিলেই বা ঘৰত কৈ লগত যোৱা মানুহজন ঘৰৰ চিনাকী হ ’ লেহে যাবলৈ সুবিধা আছিল। হোষ্টেলৰ এইবোৰ অসুবিধা নাছিল। সেইবুলি বাৰু প্ৰথম বৰ্ষত থাকোতে এইবোৰ একো সুবিধা পোৱা নাছিলোঁ। দ্বিতীয় বৰ্ষৰ পৰা যেতিয়া ছিনিয়ৰ হোৱাৰ ভূতে লম্ভিলে , তেতিয়াৰ পৰা বাকী দুঃসাহসিক কামবোৰৰ লগতে এই ৰাতি ক ’ ৰবালৈ ওলাই গৈ দেৰিকৈ কলেজৰ ছেকেণ্ড গেইটৰ ওপৰেদি বগাই পাৰ হৈ অহাটো বেলেগধৰণৰ ভাল লগা কামেই আছিল। অৱশ্যে চুপাৰ ড০ বিমান চেতিয়া ছাৰৰ এই সম্পৰ্কে কিছু ধাৰণা আছিলে। গতিকে কেতিয়াবা দিন কাল বেয়া থাকিলে চিনেমা চাই উভতি অহাৰ বাটত লগ পোৱাৰ ঘটনাও আছে , সেই সম্পৰ্কে বিস্তাৰিত বৰ্ণনা ...
Prankrishna Borgohain