Skip to main content

Posts

Showing posts from October, 2015

ৱাল্টাৰ লুইন

পাঠ্যক্ৰমৰ কেইটামান বিষয়বস্তু ইণ্টাৰনেটত সন্ধান কৰিবলৈ বহি মাছাছুছেটছ ইনষ্টিটিউটছ অৱ টেকনলজীৰ (MIT) অনলাইন মুক্ত শিক্ষাৰ (MIT OpenCourseWare) ব্যৱস্থাপ্ৰণালীৰ সোৱাদ পালোঁ। কেৱল এম আই টিয়েই নহয় , আন কেইবাখনো এনেধৰণৰ শিক্ষানুষ্ঠানৰ এই ব্যৱস্থাৰ জৰিয়তে বিভিন্ন বিষয়ৰ শিক্ষা পৃথিৱীৰ যিকোনো ঠাইৰ পৰা(ইণ্টাৰনেটৰ সংযোগ থকা) বিনামূলীয়াকৈ লাভ কৰিব পৰা যায়। ইয়াৰ শিক্ষণ প্ৰণালীসমূহৰ ভিতৰত শ্ৰেণীকোঠাৰ ভিডিঅ , নিৰ্দিষ্ট বিষয়সমূহৰ ওপৰত টোকা , প্ৰশ্ন-উত্তৰ ইত্যাদিৰ পিডিএফ সংস্কৰণ বিনামূল্যে উপলব্ধ। পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ শিক্ষানুৰাগীসকলৰ বাবে এই ব্যৱস্থা যথেষ্ট সহায়ক হিচাপে বিবেচিত হৈছে। শেহতীয়াকৈ ভাৰতৰ কেইবাখনো শিক্ষানুষ্ঠান( আই আই টি , আই আই এচ চি) লগ হৈ এনপিটেল (NPTEL) শীৰ্ষক এলানি মুক্তশিক্ষাৰ পাঠ্যক্ৰম ইণ্টাৰনেটযোগে আৰম্ভ কৰিছে।

খোজ

অৱশেষত ছয়িদুল পালেহি। আমি কেইটাই সি অহালৈ বাট চাওঁতে চাওঁতে ডিঙিৰ হাড় বেঁকা কৰি দিলোঁ , সি আকৌ আহোতে এনেদৰে খোজ দিছে যেন এইমাত্ৰ ঘৰৰ পৰা নকইনাক উলিয়াই দিছে আৰু কান্দি কান্দি কইনাই যাওঁ নাযাওঁকৈহে খোজ দিছে। সি আহি আমি বহি থকা ডাষ্টবিনটোৰ ওচৰ পায়হি মানে আমি তিনিটাই অৰ্থাৎ মই , হলৌ আৰু ইস্মাইলে উঠি নিজৰ নিজৰ ঝাড়ু কেইডাল হাতত তুলি ল ' লো। ছয়িদুলেও সেই খোজতে আহি আমাৰ ওচৰ পাই নিজৰ ঝাড়ুডাল হাতত তুলি ল ' লে। আমি চাৰিওটাই বৰনগৰৰ ৱাৰ্ড নং দুইৰ এন ডি গলিৰ সকলো ডাষ্টবিন তথা নৰ্দমা পৰিষ্কাৰ কৰা একো একোটা দিন হাজিৰা কৰা শ্ৰমিক। আমাৰ এতিয়াও চৈধ্য বছৰ হোৱা নাই কাৰণে আমাৰ নামৰ আগত শিশু শ্ৰমিক বুলি উপনাম এটা লাগে। কিন্তু মই তাক কেতিয়াও মানি ল ' ব নিবিছাৰোঁ। বিশেষকৈ হলৌৰ ক্ষেত্ৰত সেই কথা কোনোমতেই খাপ খাব নোৱাৰে। সি আমাৰ গোটেই কেইটাতকৈ যথেষ্ট ওখ আৰু তাৰ পেশীবোৰ আটিল। গতিকে আমি এতিয়া শিশু হৈ থকা নাই আৰু। তাতে "শিশু শ্ৰমিক" ? অসম্ভৱ।