Skip to main content

Posts

Showing posts with the label Fiction || গল্প সাধুকথা ইত্যাদি

ইতি গজ

মই জানো বৰ্ডত থকা অংকটো একেবাৰে সহজ, মাত্ৰ নাজানো কৰাৰ পাকটো কি। ততবুদ্ধি হেৰুৱাই বৰদেউতালৈ চাওঁ, তেওঁ সন্মুখত থকা ছাত্ৰখিনিলৈ চাই উপদেশ দি থাকে। সময় বেছি লাগি ৰৈ থাকিলেও কৰি নিদিয়ে, সমাধান কৰিবলৈ প্ৰয়োজনীয় হিন্টছবোৰ মাজে মাজে দি থাকে। মই কিবা এটা কৰি দেখুৱাওঁ, বৰদেউতাই মই কৰাখিনিলৈ চায়, তাৰপাছত মোলৈ চাই কয়, “তাৰমানে মই কোৱা কথাখিনিৰ একো বুজি নাপালি নহয়?” ঠিক এইমাত্ৰ বৰদেউতাই তেনেকুৱাই কিবা এটা হিন্ট দি গ’ল। বৰদেউতাৰ বিছনাৰ কাষত আমি, মানে মই, ভনী, ৰূপা, নাৰায়ণ গোটেইকেইটাই থিয় হৈ ৰৈ আছিলোঁ। দূৰ্ঘটনাটো হোৱাৰ পাছৰ পৰা তেওঁ বিছনাতেই। এনেকৈ তেওঁ বিছনাখনকে আশ্ৰয় কৰি লোৱা মই কেতিয়াও দেখা নাছিলোঁ। ওৰেটো জীৱন স্কুলখনৰ সেৱাতে ব্ৰতী হৈ থাকিল, নিজকে উছৰ্গা কৰিলে স্কুলখনৰ কামত। আমাক অংক শিকালে, ভনীহঁত স্কুলৰ শেষৰ শ্ৰেণীত থকাৰ বছৰ সিহঁতকো অংক শিকাই লৈহে তেওঁৰ চাকৰিৰ পৰা অৱসৰ। স্কুলৰ পৰা অৱসৰ লৈ তেওঁৰ কাম আৰম্ভ হ’ল ঘৰৰ পাছফালৰ বাৰীখনত। মাজে মাজে পৰীক্ষা দিবলগীয়া বেটচবোৰকো পঢ়ুৱাবলৈকো গৈছিল, স্কুলখনৰ মোহ তেওঁ এৰিব পৰা নাছিল। তাৰপাছত ভনী কলেজলৈ গ’ল, কেইদিনমানৰ পাছত বৰমা হঠাত...

সহযাত্ৰী

খুব চিঞৰি চিঞৰি শিকোৱাৰ পাছত সঁচাকৈয়ে ল’ৰা ছোৱালীকেইটাই শিকিছে নে নাই বুলি পৰীক্ষা কৰিবলৈ অংককেইটামান কৰিবলৈ দি শেষৰ বেঞ্চৰ গাধ দুটামানে কৰিবলৈ নোৱাৰোতে ‘ইমান সহজ অংককেইটা কৰিব নোৱাৰ নে, সেই আগৰ বেঞ্চৰ একে লগৰ দুটামানে যে টপাটপ কৰিবলৈ পাৰে’ এইবুলি কৈ ‘অই তঁহত আগত বহাকেইটাৰ এটাই কৰি দে’ বুলি কওঁতে সিহঁতৰো এটাইও লৰচৰ নোহোৱা দেখি যেতিয়া ডেকা মাষ্টৰে আৱিষ্কাৰ কৰে যে সিহঁত কেইটাও পৰা নাই; সমানে গাধহে, তেতিয়া কঁকালৰ এটা ফাল অলপ বেছিকৈ বেঁকা কৰি তাত সেইফালৰ হাতখনেৰে ভেঁজা দি “তঁহতক মই ভাজি কৰি খাঁও নে খুন্দি খাঁও নে মাষ্টৰী চাকৰি এৰোঁ” ধৰণৰ যিটো অৱস্থা হয়, এইমাত্ৰ দিবাকৰদাই মই ডাঙৰকৈ চিঞৰি দিয়াৰ পাছত মোৰ ফালে চাই তেনেকুৱা কৰি উঠিল।   বৰ্গাকাৰৰ পুখুৰীটোৰ চাৰিওফালে চাৰিজন মানুহ। থিয় কৰাই দিলে প্ৰায় তেওঁৰ উচ্চতাৰ সমান বাঁহ এডালত লোহাৰৰ জোঙা জোঙা সেইকেইডাল লগাই লোৱা এডাল পচা একদম যাঠি মাৰিবলৈ লোৱাৰ দৰে ৰৈ অখণ্ড মনোযোগেৰে সেইটো দিবাকৰদা, তেওঁৰ বাওঁফাললৈ অমিয়দা, তেওঁৰ হাতত নীলাৰঙৰ জাল এখন। অমিয়দাৰ বাওঁফাললৈ ভিনদেউহঁতৰ ঘৰত লাগনি পাচনি কৰি দিবলৈ থকা ৰতনে মেটেকা এখিনি পাৰলৈ টানি আছ...

মৰমৰ ভাইটি

(প্ৰকাশকালঃ ১৬ অক্টোবৰ, ২০১১, জোনাকী মেল, আমাৰ অসম) চাৰিওফালে আন্ধাৰ। আন্ধাৰৰ চাদৰখন গাত লৈ মই কোঠাটোত অকলে বহি পাৰ কৰিছোঁ প্ৰতিটো মিনিট অযথা এসোপা চিন্তা কৰি। কিমান সময় মই এনেদৰে অকলে বহি নিৰ্জনতাক মোক গ্ৰাস কৰি পেলাবলৈ সুবিধা দিলোঁ, সেয়া মই নাজানো। ইমান সময়ে কি যে ভাবিলোঁ, তাৰো লেখ জোখ নাই। মাত্ৰ এটা বঞ্চিতানুভৱে মোক গ্ৰাস কৰি পেলাই মোৰ চিন্তাৰ কোষবোৰ কুটি কুটি খাই পেলাইছে।  মোৰ এটা ভইটি আছে। মই জন্ম হোৱাৰ প্ৰায় দুবছৰ পিছতে তাৰ এই ঘৰখনলৈ চতুৰ্থ প্ৰাণী হিচাপে আগমন ঘটিছিল। দুটা ল’ৰাৰ সৈতে মোৰ মা-দেউতাক যথেষ্ট সুখী আৰু সন্তুষ্ট দেখা গৈছিল। মই বুজা হোৱাৰ পৰা গম পাইছিলো যে মোৰ সঁচাকৈয়ে এটা ভাইটিৰ প্ৰয়োজন আছিল আৰু ভগৱানে যেন আগতীয়াকৈ মোৰ মনোভাৱ বুজি তাক আমাৰ পৰিয়াললৈ যেন পঠিয়াইছিল। কি যে মৰম লগা মোৰ ভাইটো। তাৰ সৰু সৰু হাত দুখন, ভৰি, অকণ অকণ আঙুলিকেইটাত সংস্পৰ্শই মোক বাউলি কৰিছিল, তাক দাঙি ল’বলৈ চেষ্টা কৰিছিলোঁ। কিন্তু মাহীয়ে মানা কৰিছিল, কাৰণ ময়ো তেতিয়া সৰুয়েই হৈ আছিলো। মোৰ নিজে কাৰোবাৰ ভাইটি হ’বলৈ মন গৈছিল।  লাহে লাহে ভাইটি ডাঙৰ হৈ আহিল, মোৰো পঢ়াশালিৰ জী...

ইত্যাদি

(ৰচনাকালঃ ২০ ১১ ) বহুদিনৰ মূৰত মোৰ বাবে এটা আবেলি সম্পূৰ্ণ একান্ত ব্যক্তিগতভাৱে ওলাই পৰিল। স্কুলীয়া জীৱনৰ শেষ পৰীক্ষাটো দি উঠাৰ পাছত প্ৰকৃততে সকলোৰে ক’ত যাম, ক’ত নাযাম লাগে নেকি! মোৰো কাৰ্যতঃ একেই হৈছে। কি কৰোঁ কি নকৰোৰ উত্তেজনাত আৰু ঘৰৰ প্ৰৰোচনাত কেইদিনমানৰ বাবে খুড়াহঁতৰ ঘৰতে থাকি আহিলোগৈ। এতিয়া সেয়েহে বহুদিনৰ পিছত, বিহুৰ সময়তহে আজৰি হৈছোঁ আৰু সেই বাবে লগে লগেই মনজিতহঁতৰ ওচৰলৈ ঢাপলি মেলি আহিছোঁ। বিহুৰ সময়। এইকেইদিন গাঁৱত নাথাকিলো বুলিয়েই ইমান পৰিৱৰ্তননো হ’ব পাৰেনে? মহেন্দ্ৰ খুড়াৰ ঘৰৰ আগৰ গছ দুজোপাৰ ওপৰৰ ডাল-পাত কাটি দি গোটেইখন মুকলি কৰি ল’লে, ডিম্পলহঁতৰ আধৰুৱা পকাঘৰটো এতিয়া ৰং দিছে, কণহঁতৰ ঘৰৰ ওচৰতে এটা ডাঙৰ মাছ পুহিবৰ বাবে পুখুৰী খান্দিছে আৰু গাঁৱৰ ৰাস্তাটোতে এটা কালভাৰ্ট নিৰ্মাণ হৈ আছিল, সেইটো সম্পূৰ্ণ হৈ উঠিছে। মুঠতে এক বিৰাট পৰিৱৰ্তন। লাহে লাহে মই ৰাণাহঁতৰ ঘৰ পালোগৈ। আগফালে তাৰ ভনীয়েকে খেলি থকাৰ পৰাই মাত লগালে যে সি ইতিমধ্যেই ঘৰৰ পৰা অন্তৰ্ধান হৈছে। এইবাৰ আৰু মই পোনে পোনে পথাৰ পালোগৈ। কিন্তু মোৰ দুৰ্ভাগ্য যে খেল ইতিমধ্যেই আৰম্ভ হৈ গ’ল আৰু খেলৰ মাজত নতুনকৈ সোমাই খেলি...

পৰিচয়

  আগফালৰ বাৰান্দাত থকা একমাত্ৰ আৰামী চকীখনত বহি যেতিয়া আবেলি সময়ৰ মানুহৰ ব্যস্ততাখিনি ৰাস্তাইদি পাৰ হৈ যোৱা উপভোগ কৰি থাকোঁ ,  তেতিয়াই হঠাতে সন্মুখত আবিৰ্ভাৱ হৈ মোৰ চিন্তাত যতি পেলোৱা ল ’ ৰাটোৱেই হ ’ ল নিপু ।  তাৰ সদায়েই একেটাই সাজ ,  একেযোৰেই তাৰ কাপোৰ ।  মই বহি থকা দেখিলেই সি মোৰ ওচৰলৈ আহে ,  মই কিবা ভাবিম ,  গালি পাৰিম ,  টানকৈ কম --- সেইবোৰ একোৱেই নভবা নিপু ,  আমাৰ ভাড়াঘৰৰ এটা ডাঙৰ কোঠালীত ঢাৰিৰ বেৰা দি দুভাগ কৰি দুটা কোঠা কৰি লোৱা পৰিয়ালটোৰ একমাত্ৰ সন্তান ।  অৱশ্যে প্ৰথমদিনা যেতিয়া তেনেকৈ সি মোৰ ওচৰলৈ আহিছিল ,  মইও অকণো অশান্তি নোপোৱাকৈ তাৰ সৈতে কথা পতাৰ আগ্ৰহ দেখুৱাইছিলোঁ ।   সৰু লৰাৰ কথা --  সিয়ে বেছিভাগ সময় কথা কৈ থাকে -- মই মাত্ৰ সঁহাৰি দি যাওঁ ।  সি জনাৰ ইচ্ছা কৰিলে আৰু ময়ো উত্তৰ দিব পৰা ধৰণৰ হলে উত্তৰ দিওঁ ।  মুঠৰ ওপৰত তাৰ মোৰ দোস্তি বেলেগ । ধনদা , মানে নিপুৰ দেউতাক ,  বহুদিনৰ আগৰে পৰা আমাৰ ভাড়াঘৰত থকা ।  আমাৰ ঘৰৰ লগত এনেয়ে তেওঁৰ মালিক ভাৰাতীয়াৰ সম্পৰ্ক হলেও বাস্তৱিকতে তাতকৈ বহু ওচ...

প্ৰতিধ্বনি

পল্লৱীয়ে যদি আগতে স্কুললৈ যোৱাৰ আগতে মাকক কয় , মই বইল কৰা কণী খাবলৈ বেয়া পাওঁ , মোক ভাজি দে , মাকে ক ’ ব বায়েৰে দেখোন একোতে অজুহাত দেখুৱাই নেপায় , তইনো কেনেকৈ ইমান আলসুৱা স্বভাৱৰ হলি । আৰু তাৰ পাছত তাই বইল কৰা কণীটো খঙতে নি পকা মজিয়াত পেলাই দিলে কণীটো খাব পৰাও হৈ থাকে , মজিয়াখনো নাভাঙে আৰু অৱশেষত গৈ তাই ভাজি কৰা কণীও খাবলৈ নাপায় । পাছত বায়েক বসুন্ধৰাই নিজৰ ভাগৰটো তাইক দি দিয়ে আৰু তাই মজিয়াত পৰাটো খায় । কলেজ পোৱাৰ পাছত বজাৰলৈ অথবা ক ’ ৰবালৈ ওলাই যাবলৈ হ ’ লে মাকক নিবলৈ দেউতাকৰ স্কুটিখন কোনে চলাব ? পল্লৱীয়ে কেইবাদিনো মুখ ওন্দোলাই , পিন্ধিবলৈ বুলি আনি লোৱা চেণ্ডেল দলিয়াই মেলি চালে , কিন্তু মাক সদায় ডাঙৰ জীয়েক বসুন্ধৰাৰ লগতহে যাব । স্কুটি চলাব পাৰিলে বুলিয়ে কি হ ’ ল ? পল্লৱী সৰু ছোৱালী । বইল কৰা কণী খালে যে তেলত ভজাতকৈ বেছি শক্তি পোৱা যায় , সেয়া বুজি নোপোৱা সৰু ছোৱালী । বসুন্ধৰাই সেইবোৰ বুজি নাপায় । তাইৰ দীঘল চুলিকোছা দুডাল বেণী কৰি মাকে আঁচুৰি দিয়ে , তাই মাকৰ চৰণ চুই স্কুললৈ যায় । কলেজত নামভৰ্ত্তি কৰাৰ পিছত তাই বেণী গুঠিবলৈ এৰিলে , চুলিকোছা আৰু অলপ দীঘল হ ’ ল । তাইৰ...

প্ৰিয়বন্ধু

Photo source: http://srzimmartist.blogspot.com (ৰচনাকালঃ ২০০৯) ঘণ্টাটো পৰাৰ লগে লগে গোটেই শ্ৰেণীটোৱেই প্ৰাণ পাই উঠিল। সকলোৱে চিঞৰ বাখৰ কৰি বাহিৰলৈ ওলাই গ'ল যদিও এজন তাৰ ব্যতিক্ৰম। ভালকৈ লক্ষ্য কৰিলে দেখা যায় যে দুচকুত অশ্ৰুৰ জিলিকণি, উদাস মুখৰ ভাও দি থকা এজন ল'ৰা। কিছুসময় পাছতঐ তালৈ এজাক ছোৱালীৰ আগমণ ঘটিল। সিহঁতৰ উশৃংখল হাঁহি, মন্তব্যবোৰে ল'ৰাটোৰ চকুপানীৰ নৈখন খৰস্ৰোতা হোৱাতহে সহায় কৰিলে। নাম তাৰ বৰুণ। শ্ৰেণীৰ আটাইতকৈ শান্ত ল'ৰা। শান্ত মানে একেবাৰে মুখৰ পৰা মাত নোলায়েই। কিন্তু তাৰ মনটো বৰ বহল। শ্ৰেণীৰ সকলো শিক্ষকৰে প্ৰিয়পাত্ৰ সি। তাৰ নম্ৰ, ভদ্ৰ আচৰণে তাক বিপদত নেপেলোৱাও নহয়। বিশেষকৈ, শ্ৰেণীৰ উৎপতীয়া কেইবাটাও ল'ৰাই তাৰ চৰিত্ৰ নষ্ট কৰাৰ চেষ্টা চলায়েই থাকে। কিন্তু তৰোৱালতকৈ কলম সদায় শক্তিশালী। তাৰ চৰিত্ৰ নামে বগা কাজগখিলাত সি ধূলিকণা এটাও পৰিবলৈ নিদিয়ে। শ্ৰেণীত তাৰ স্থান চতুৰ্থ। স্থানক লৈ সি কোনোদিনে গৰ্ব কৰা নাই আৰু তাক দেখিলে এনে লাগে যেন সি সেয়া কৰাৰ প্ৰয়োজনবোধো কৰা নাই। সময়মতে স্কুললৈ আহি শিক্ষকৰ নিৰ্দেশানুসৰি নিয়মমাফিক কৰ্ত্তব্যসমাপন কৰি সি

জ্বৰ

Photo Source:  https://images.fineartamerica.com “অৱস্থা ভাল নোহোৱাৰ দৰেই হৈছে। শুই উঠিলোঁ ৫-৩০ বজাত। ৯-৩০ বজাত স্কুল। বিশেষ নাই। বন্দনা গাবলগীয়া হ’ল। ক্লাছ নহ’লেই। খেলা হৈছে। ২-৩০ বজাত ঘৰ। ভাত খায়েই শুবলগীয়াত পৰিলোঁ। কিয়নো জ্বৰ। জ্বৰৰ বিহুৰ ঢোলৰ কোবৰ মোৰ মূৰটোত টিং টিং কৈ মাৰিছে”। “লিখিব নোৱাৰো আৰু মই” নিজকে ক’লোঁ। জ্বৰে ভালদৰেই বিহু দেখুৱাই অৱশেষত গলগৈ। হয়তু জ্বৰৰ বাবে ব’হাগ গ’ল। ভয় লাগিল। প্ৰকাণ্ড ঘৰটোত মই অকলে। ভুল হ’ব অকলে বুলি ক’লে। কিয়নো বস্তুবোৰতো আছে। কলিং বেলটো বাজি উঠিলে।

আমুণ্ডচেন

That Philosophic Pose!     জীৱনৰ কিছুমান ঘটনা কেতিয়াবা হঠাতে , চকুৰ পচাৰতে এনেদৰে ঘটি যায় যে তাৰ প্ৰতি নিজৰ প্ৰতিক্ৰিয়া দেখুৱাবলৈ সাহসে নুলুকায় । তাতে যদি নলগা জেঙত লাগি ধৰাৰ দৰে কিছুমান তেনেই অপ্ৰত্যাশিত ঘটনাৰ লগত নিজে সাঙুৰ খাই পৰিবলগীয়া হয় , নিজৰ কৰ্মৰ ওপৰতে বিতৃষ্ণা জাগি কি কৰোঁ , কি নকৰোঁ এনে লাগে , চিন্তা কৰিব পৰা শক্তি লোপ পায় , ভৰিৰ তলৰ পৰা মূৰৰ একেবাৰে ওপৰলৈকে যেন গৰম তেজৰ সোঁত এটা বান্ধ ভগা বানপানীৰ দৰে বৈ যায় ।        ঠিক এইমাত্ৰ যে মই তেনে এক পৰিস্থিতিৰ   মোকাবিলা কৰিবলগীয়া হ ’ ব , মোৰ অলপসময়ৰ বাবে হলেও মূৰত খেলোৱা নাছিল । কলেজৰ শেষৰ পৰ্যায়ৰ ছাত্ৰ হিচাপে পঢ়াৰ দায়িত্ব বাঢ়িছিল , তাতে পৰীক্ষা চমু চাপি অহাৰ বাবে বুজা নুবুজা জটিল জালবোৰ ফালিবলৈ কলেজৰ ক্লাছবোৰত বেছিকৈ সময় দিবলগীয়া হৈছিল । এনেয়ে   মোৰ নিজৰ কামবোৰ খুব নিয়াৰিকৈ , শৃংখলাবদ্ধভাৱে - পৰিপাটিকৈ কৰাৰ এটা সুঅভ্যাস সৰুৰে পৰাই আছে বলি মাই বৰমা আৰু মাহীহঁতৰ আগত কেতিয়াবা কোৱা শুনিছিলোঁ । কিন্তু মোৰ বদঅভ্যাস এইয়াই যে বাকীবোৰে কিবা কাম কৰিবলৈ দিলে মই সিমান এটা গুৰুত্বস...

এজনী ছোৱালী আৰু এডাল হাৰ

(ৰচনাকাল :  ২০০৩ প্ৰকাশ :  আমাৰ অসম ,  ৪ আগষ্ট ,  ২০০৩ ।   জোনাকী মেল) এখন গাঁৱত দুজনী বাই ভনী আছিল । ডাঙৰজনী আৰু সৰুজনীৰ মাজত স্বভাৱ চৰিত্ৰৰ প্ৰভেদ আছিল । ডাঙৰজনী অলপ হিংসাকুৰীয়া আছিল । সৰুজনী কিন্তু বৰ অসাধাৰণ ছোৱালী আছিল । তাইৰ জীৱনটো আছিল এডাল হাৰ ( অলংকাৰ ) ৰ মাত । সিহঁতৰ মাক দেউতাক সৰুজনীৰ দহ বছৰমান বয়স হওঁতে ঢুকাইছিল । মাক - দেউতাকৰ মৃত্যুত সৰুজনীয়ে বৰকৈ কান্দিছিল । মাক দেউতাকৰ মৃত্যুৰ পাছত গাঁৱৰ মানুহে ডাঙৰজনীতকৈ সৰুজনীকহে বেছি ভাল পাইছিল । তেওঁলোকে তাইৰ খোৱা বোৱাৰ খা - খবৰ কৰিছিল । তাকে দেখি বায়েকে হিংসাতে জ্বলি পুৰি মৰিছিল । বায়েকে এদিন ভনীয়েকক সুধিলে -‘ তোৰ জীৱনটো ক ’ ত আছে ক ?’ ভনীয়েকে কবলৈ মান্তি নহ ’ ল । তেতিয়া বায়েকে তাইক চোকা ছুৰীৰে প্ৰাণে মৰাৰ ভাবুকি দিলে । ভনীয়েকে বিতত হৈ নিজৰ জীৱনটো বচাবলৈ ক ’ লে

খোজ

অৱশেষত ছয়িদুল পালেহি। আমি কেইটাই সি অহালৈ বাট চাওঁতে চাওঁতে ডিঙিৰ হাড় বেঁকা কৰি দিলোঁ , সি আকৌ আহোতে এনেদৰে খোজ দিছে যেন এইমাত্ৰ ঘৰৰ পৰা নকইনাক উলিয়াই দিছে আৰু কান্দি কান্দি কইনাই যাওঁ নাযাওঁকৈহে খোজ দিছে। সি আহি আমি বহি থকা ডাষ্টবিনটোৰ ওচৰ পায়হি মানে আমি তিনিটাই অৰ্থাৎ মই , হলৌ আৰু ইস্মাইলে উঠি নিজৰ নিজৰ ঝাড়ু কেইডাল হাতত তুলি ল ' লো। ছয়িদুলেও সেই খোজতে আহি আমাৰ ওচৰ পাই নিজৰ ঝাড়ুডাল হাতত তুলি ল ' লে। আমি চাৰিওটাই বৰনগৰৰ ৱাৰ্ড নং দুইৰ এন ডি গলিৰ সকলো ডাষ্টবিন তথা নৰ্দমা পৰিষ্কাৰ কৰা একো একোটা দিন হাজিৰা কৰা শ্ৰমিক। আমাৰ এতিয়াও চৈধ্য বছৰ হোৱা নাই কাৰণে আমাৰ নামৰ আগত শিশু শ্ৰমিক বুলি উপনাম এটা লাগে। কিন্তু মই তাক কেতিয়াও মানি ল ' ব নিবিছাৰোঁ। বিশেষকৈ হলৌৰ ক্ষেত্ৰত সেই কথা কোনোমতেই খাপ খাব নোৱাৰে। সি আমাৰ গোটেই কেইটাতকৈ যথেষ্ট ওখ আৰু তাৰ পেশীবোৰ আটিল। গতিকে আমি এতিয়া শিশু হৈ থকা নাই আৰু। তাতে "শিশু শ্ৰমিক" ? অসম্ভৱ।

ভাড়াঘৰ

ৰাতি হোৱা ধাৰাসাৰ বৰষুণজাকৰ সেমেকা সেমেকা ভাব এটাই এতিয়াও চৌপাশৰ পৰিৱেশটোৰ পৰা বিদায় ল’ব পৰা নাই । পাতবোৰৰ পৰা যাওঁ নাযাওঁকৈ বৰষুণৰ কণমানি টোপালবোৰে নিজকে মাধ্যাকৰ্ষণৰ ওচৰত আত্মসমৰ্পণ কৰি পৃথিৱীত আচাৰ খাই পৰিছেগৈ । অ’ত-ত’ত ডোঙা বান্ধি থকা পানীৰ সৰু সৰু পুখুৰীবোৰৰ ঘোলা পানীত শালিকা কেইজনীমানে নিজকে তিয়াই চিঞৰ-বাখৰ কৰাত লাগিছে। বেলিটোৱেও নিজৰ ৰঙৰ পোহৰ চাৰিওফালে বিলাবলৈ সাজু হৈ উঠিছে। বাহ্যিক ৰূপটোৰ পৰা কোনোৱে সেই ঘৰটোক মানুহ থকা ঘৰ বুলি ক’ব নোখোজে। বেৰৰ পৰা খহি পৰিব খোজা মাটিৰ চপৰা, চৌকাৰ ধোঁৱাৰে কুৎচিৎ ক’লা বৰণৰ হৈ পৰা চালি, চাৰিওকাষ কচুৱনিৰে আৱৰা, ওচৰতে থকা বাহঁৰ শৌচাগাৰৰ পৰা অনবৰতে আহি থকা ময়লাৰ সুলভ দুৰ্গন্ধ-আনকি ঘৰৰ বেৰখনেও মাটিৰ লগত পঞ্চলিছ ডিগ্ৰী কোণ কৰিহে নিজৰ অস্ত্বিত্ব ঘোষণা কৰিছে। কিন্তু সেইটো এটা ভাড়াঘৰ। তিনিটা কোঠালিত তিনিটা পৰিয়াল থকা এটা কেঁচা উৰুখা ৰেণ্টহাউচ।