Skip to main content

Posts

Showing posts from July, 2018

মাইচৰ চে আয়া মেৰা দোষ্ট

Mysore Palace: Captured by me, this is uploaded in wikimedia commons library.  উবেৰত বুক কৰাৰ দহ মিনিট মানৰ ভিতৰতে আমি নিৰ্ধাৰণ কৰা লক্ষ্যস্থানত টেক্সীখন আহি পোৱাৰ লগে লগে গোটেইকেইটা হুৰমুৰাই উঠি বহি ল'লোঁ। বাংগালোৰৰ বতৰ এনেও অবিশ্বাসী, কিন্তু পছন্দৰ। পদাৰ্থ বিজ্ঞান বা ৰসায়ন বিজ্ঞানৰ পৰীক্ষা সম্পন্ন কৰিবৰ বাবে একদম উপযুক্ত তাপমাত্ৰা। কিন্তু কোন মূহুৰ্তত অলপমান সময়ৰ বাবে কেইটোপালমান বৰষুণে দেহ-মন সজীৱ কৰি লৈ যাব, তাৰো ঠিকনা নাই। অৱশ্যে সকলো সময়তে বৰষুণত তিতিনো কাৰ ভাল লাগে? ভাগ্য ভাল, আমি উঠাৰ পাছতহে কিনকিনীয়া বৰষুণ পাতলীয়াকৈ পৰিবলৈ আৰম্ভ কৰিলে। ড্ৰাইভাৰজনে টেক্সীখন চলাবলৈ আৰম্ভ কৰিলে আৰু মাইচৰ অভিমুখে আমাৰ যাত্ৰা আৰম্ভ হ'ল। ভাৰতীয় বিজ্ঞান একডেমীৰ সৌজন্যত গৰম বন্ধৰ সময়ছোৱাত প্ৰকল্প এটাত জড়িত হ'বলৈ সুবিধা পাইছিলোঁ। এই প্ৰকল্পসমূহৰ সময়কাল দুমহীয়া আৰু এই দুমাহত ছাত্ৰসকলে নিৰ্বাচিত শিক্ষানুষ্ঠানসমূহলৈ গৈ তাৰ কোনো অধ্যাপকৰ অধীনত কোনো প্ৰকল্পৰ কামত জড়িত হ'ব লাগে। এই গোটেই সময়ছোৱাত কামটোৰ তদাৰকী কৰে ভাৰতীয় বিজ্ঞান একাডেমীয়ে। সেই একে অনুষ্ঠানৰ অধীনত মই দুমহীয়া প্ৰ