Skip to main content

Posts

Showing posts from March, 2017

আমুণ্ডচেন

That Philosophic Pose!     জীৱনৰ কিছুমান ঘটনা কেতিয়াবা হঠাতে , চকুৰ পচাৰতে এনেদৰে ঘটি যায় যে তাৰ প্ৰতি নিজৰ প্ৰতিক্ৰিয়া দেখুৱাবলৈ সাহসে নুলুকায় । তাতে যদি নলগা জেঙত লাগি ধৰাৰ দৰে কিছুমান তেনেই অপ্ৰত্যাশিত ঘটনাৰ লগত নিজে সাঙুৰ খাই পৰিবলগীয়া হয় , নিজৰ কৰ্মৰ ওপৰতে বিতৃষ্ণা জাগি কি কৰোঁ , কি নকৰোঁ এনে লাগে , চিন্তা কৰিব পৰা শক্তি লোপ পায় , ভৰিৰ তলৰ পৰা মূৰৰ একেবাৰে ওপৰলৈকে যেন গৰম তেজৰ সোঁত এটা বান্ধ ভগা বানপানীৰ দৰে বৈ যায় ।        ঠিক এইমাত্ৰ যে মই তেনে এক পৰিস্থিতিৰ   মোকাবিলা কৰিবলগীয়া হ ’ ব , মোৰ অলপসময়ৰ বাবে হলেও মূৰত খেলোৱা নাছিল । কলেজৰ শেষৰ পৰ্যায়ৰ ছাত্ৰ হিচাপে পঢ়াৰ দায়িত্ব বাঢ়িছিল , তাতে পৰীক্ষা চমু চাপি অহাৰ বাবে বুজা নুবুজা জটিল জালবোৰ ফালিবলৈ কলেজৰ ক্লাছবোৰত বেছিকৈ সময় দিবলগীয়া হৈছিল । এনেয়ে   মোৰ নিজৰ কামবোৰ খুব নিয়াৰিকৈ , শৃংখলাবদ্ধভাৱে - পৰিপাটিকৈ কৰাৰ এটা সুঅভ্যাস সৰুৰে পৰাই আছে বলি মাই বৰমা আৰু মাহীহঁতৰ আগত কেতিয়াবা কোৱা শুনিছিলোঁ । কিন্তু মোৰ বদঅভ্যাস এইয়াই যে বাকীবোৰে কিবা কাম কৰিবলৈ দিলে মই সিমান এটা গুৰুত্বসহকাৰে নলওঁ , মোৰ নিজৰ কামৰ আগত বাকী সকলোবোৰ