Skip to main content

Posts

Showing posts from July, 2019

দ্য নিউ গাৰ্ল ইন দ্য চিটী

---প্ৰিয়ম দি জ্যোৎস্না---  (১)  "হাজাৰজনৰ দৰে ময়ো যেতিয়া মুম্বাইলৈ আহিছিলোঁ, তেতিয়া নিজৰ বয়-বস্তুবোৰৰ সৈতে কিছুমান সপোনো বান্ধি আনিছিলো। তাৰ ভিতৰত আটাইতকৈ ডাঙৰ সপোনটো আছিল--এগৰাকী লেখক হোৱাৰ সপোন। যেতিয়া মোক এই প্ৰৱন্ধটো লিখিবলৈ কোৱা হৈছিল, তেতিয়াই হয়তো মোৰ সপোনটো বাস্তৱলৈ ৰূপান্তৰিত হ'ল। কিন্তু অশেষ চেষ্টাৰ পিছতো মই এই প্ৰৱন্ধটো লিখিবলৈ পৰা নাছিলোঁ। প্ৰতিবাৰেই লিখিবলৈ লওঁতে এনেকুৱা লাগিছিল যেন বহু কথা থাকি গৈছে। এই চহৰখনৰ বিষয়ে এনেকুৱা কি ক'ম যি আজিলৈকে কোনেও কোৱা নাই! সেইকাৰণে জমা দিয়াৰ এৰাতিৰ আগত প্ৰৱন্ধটো মই ফালি পেলালো আৰু পুনৰ লিখিবলৈ আৰম্ভ কৰিলো।       কেৱল দুমাহতে এক অদ্ভুতধৰণৰ প্ৰেম হৈ গ'ল এই চহৰখনৰ সৈতে। চহৰখন মোৰ আপোন যেন লগা হ'ল। ইয়াৰ কাৰণ কি হ'ব পাৰে? মোৰ নতুন উৎসাহমূলক চাকৰিটো ,মোৰ সৰু ফ্লেটটো নে মোৰ স্বাধীনতা? এই চহৰখনে এনেকুৱা কি দিছে মোক , যি মোৰ আপোন হৈ পৰিছে? প্ৰকৃততে উত্তৰটো বহুদিন ধৰি মোৰ চকুৰ সন্মুখতে আছিল, কিন্তু মইহে ধৰিব পৰা নাছিলোঁ। মুম্বাইলৈ আহিয়েই প্ৰথম ৰাতি মই কাৰোবাক লগ পালো। এজন ল'ৰাক। বন্ধু, ৰূ

হৰ্ষাভোগলে অথবা ছেহৱাগহঁতৰ কথাৰে….

--- সুমন্ত সৌৰভ কাকতি --- অন্য জনপ্ৰিয় খেলতকৈ ক্ৰিকেট সময়ৰ দিশৰ পৰা কিছু দীঘলীয়া খেল , ছয়-চাৰি বা উইকেইৰ সঘন পতন নঘটিলে ক্ৰিকেট সাধাৰণতে বিৰক্তিকৰ আৰু আমনিদায়ক হৈ উঠে , কিন্ত সেইসময়তে পোনপটীয়া সম্প্ৰচাৰৰ হিন্দী ভাষাৰ কমেণ্ট্ৰি বস্কৰ মাইক্ৰফোণত বাজি উঠা ” চিপছ কা পেকেট অঔৰ ৰবীন্দ্ৰ জাডেজা কা অভাৰ কব খতম হো জ্যায়ে পতা নহী চলতা” “প্যায়াৰ মে ডুবা হুৱা লড়কা , চায় মে ডুবা হুৱা বিস্কুট অঔৰ বিনা ৰাণ কে বেটছমেন কিছি কাম কা নহী ” বা “ইয়ে ইতনা আছান কেটচ থা কি শ্বোলে কা ঠাকুৰ ভি ইছে পকড় চকতা থা ” ( শ্বোলে চিনেমাৰ ঠাকুৰৰ দুয়োখন হাতেই নাছিল ) ,”পাকিস্থান কো গোলী চে নহী কোহলী চে ডৰ লগতা হ্যায় ” খঙাল বিৰাট কোহলিৰ চমৎকাৰ প্ৰদৰ্শনত সন্মোহিত হৈ কোৱা ” বিৰাট কা তেৱৰ মানো সোণে কা জেবৰ ( অলংকাৰ) “ফটে কলাৰ অঔৰ পিতে হুৱে বলাৰ কো ক্যোয়ী ইজ্জত নহী দেতা ” বা চেতেশ্বৰ পূজাৰাক দীৰ্ঘসময় ক্ৰীজত অতিবাহিত কৰাৰ বাবে উদ্দেশ্যি কোৱা” ইয়ে জীয়েন্দী না মিলেগী পূজাৰা ” ইত্যাদি অনেক ধৰণৰ খুহুতীয়া আমোদজনক ওৱান লাইনাৰ বোৰে বিৰক্তিকৰ খেল এখনতো দৰ্শকক আনন্দ দিয়াৰ লগতে মনোযোগ পুনৰবাৰ আকৰ্ষণ কৰিবলৈ সক্ষম হয় । আৰম্ভণিৰ অভাৰট

অসমীয়া ভূচিত্ৰাৱলী

---চন্দ্ৰমা দুৱৰী বৰগোহাঞি--- ২০১৮ চনৰ ৪ ফেব্ৰুৱাৰীৰ দেওবৰীয়া বিচিত্ৰাত ৰবেন্দ্ৰ কুমাৰ দাসদেৱৰ ভূচিত্ৰাৱলীৰ বৰ্ণনাই আমাকো লৈ গ'ল দূৰ অতীতৰ তৃতীয় চতুৰ্থ পঞ্চম শ্ৰেণীত অঁকা আমাৰ চিৰচেনেহী জন্মভূমি অসমৰ মানচিত্ৰখনলৈ। ১৯৬৭ চনত যেতিয়া ৩য় শ্ৰেণীৰ বৃত্তি পৰীক্ষা দিবলৈ বাচনিভুক্ত হলো, ভূগোল বিষয়ত নিজ জিলাৰ এখন মেপ আঁকি জিলাৰ সদৰ ঠাই, নদী আদি বহুৱাবলৈ আহিছিল। তাৰ পাছত অসমৰ মেপ খন আকিবলৈ আমাক শ্ৰ্দ্ধাৰ গগন চেতিয়া ছাৰে শিকাইছিল। দাসদেৱে কোৱাৰ দৰে প্ৰথমে মেপখনৰ চাৰিসীমা জুখি স্কেলৰ সহায়ত সমান সমান জোখত বৰ্গক্ষেত্ৰ  আঁচ দি মেপখন আঁকিবলৈ শিকাইছিল। তাৰপাছত জিলাৰ সদৰ ঠাই, তেলৰ পুঙ থকা ঠাই, নদী আদি বহুৱাবলৈ দেখুৱাই দিয়ে। বিদ্যালয়ত থকা অসমীয়া ভূচিত্ৰাৱলীখনৰ পৰা ছাৰে মেপত থকা জিলাৰ সদৰ ঠাই, উত্তৰবাহিনী-দক্ষিণবাহিনী নদীবোৰ, তেল শোধনাগাৰ থকা ঠাইৰ নামসমূহ লিখি মেপত বহুৱাই আনিবলৈ দিয়ে। ঘৰত আহি ককাইদেউহঁতক খাটনি ধৰোঁ ভূচিত্ৰাৱলী এখন লাগে নিজাকৈ। ককাইদেউ বাইদেউহঁতৰ ভূচিত্ৰাৱলী বিলাক সিহঁতক দৰকাৰ হোৱাৰ বাবে দেউতাই নতুনকৈ মোক এখন ভূচিত্ৰাৱলী কিনি দিছিল। বিদ্যালয়লৈ আনিলে ভূগোল পিৰিয়ডত আটাইয়ে লগ হৈ ভূ