দশম শ্ৰেণীৰ বিদায় সভাৰ পাছত আমাক পল্লৱী নেওগ আচাৰ্যাই বিজ্ঞানৰ আধৰুৱা পাঠ এটাৰ কিছু অংশ পঢ়ুৱাবৰ বাবে বন্ধৰ দিন এটাত নিকেতনলৈ মাতিলে । আমাৰ মনত এটাই ধ্যান ধাৰণা - স্কুললৈ গৈ মুঠতে সময়খিনি কটাব লাগে , উৎপাত কৰিব লাগে । তাতে বিদায় সভাৰ স্মৃতিবোৰ ভালদৰে ৰাখিবলৈ এটা ডিজিটেল কেমেৰা ভাড়ালৈও অনা হৈছিল । গতিকে সেইটোৰ উপযুক্ত ব্যৱহাৰ কৰাৰ আন এক সুবিধা । আচাৰ্যাই নিৰ্ধাৰণ কৰি দিয়া সময়তকৈ যথেষ্ট আগেয়ে আমি স্কুললৈ গৈ আমাৰ ফটো তোলা , ভিডিঅ ’ ৰেকৰ্ডিং কৰা কামবোৰ কৰিবলৈ আৰম্ভ কৰিলোঁ । বন্ধৰ দিন , স্কুলত কেৱল আমি । সকলোৰে মুক্তমনে , হুলস্থুল কৰি ফটো তুলিবলৈ , ভিডিঅ ’ ত উঠিবলৈ হেতা - উপৰা । কিন্তু তাৰ মাজতো এটা ল ’ ৰা সম্পূৰ্ণ নিজৰ নিয়ন্ত্ৰণত থাকি আমাৰ নিচিনা উৎপতীয়াকেইটাৰ লগত একেলগে সেই পৰিবেশটোতে বৰ্তি আছে । উৎপাত সিও নকৰা নহয় , কিন্তু তাৰ খোজ - কাটলত , কথাত তথা আমাৰ লগত থাকোতেও যেন কিবা সহজ - সৰল ভাৱ এটাই অনবৰতে তাৰ লগ নেৰে । সৰল মুখৰ সেই ল ’ ৰাটোয়ে আছিল দিপাংকৰ -- চাপৰ , প
Prankrishna Borgohain