দশম শ্ৰেণীৰ বিদায় সভাৰ পাছত আমাক
পল্লৱী নেওগ আচাৰ্যাই বিজ্ঞানৰ আধৰুৱা পাঠ এটাৰ কিছু অংশ পঢ়ুৱাবৰ বাবে বন্ধৰ দিন এটাত নিকেতনলৈ মাতিলে। আমাৰ মনত এটাই ধ্যান ধাৰণা-স্কুললৈ গৈ মুঠতে সময়খিনি কটাব লাগে, উৎপাত কৰিব লাগে। তাতে বিদায় সভাৰ স্মৃতিবোৰ ভালদৰে ৰাখিবলৈ এটা ডিজিটেল কেমেৰা ভাড়ালৈও অনা হৈছিল। গতিকে সেইটোৰ উপযুক্ত ব্যৱহাৰ কৰাৰ আন এক সুবিধা। আচাৰ্যাই নিৰ্ধাৰণ কৰি দিয়া সময়তকৈ যথেষ্ট আগেয়ে আমি স্কুললৈ গৈ আমাৰ ফটো তোলা, ভিডিঅ’ ৰেকৰ্ডিং কৰা কামবোৰ কৰিবলৈ আৰম্ভ কৰিলোঁ। বন্ধৰ দিন, স্কুলত কেৱল আমি। সকলোৰে মুক্তমনে, হুলস্থুল কৰি ফটো তুলিবলৈ, ভিডিঅ’ত উঠিবলৈ হেতা-উপৰা। কিন্তু তাৰ মাজতো এটা ল’ৰা সম্পূৰ্ণ নিজৰ নিয়ন্ত্ৰণত থাকি আমাৰ নিচিনা উৎপতীয়াকেইটাৰ লগত একেলগে সেই পৰিবেশটোতে বৰ্তি আছে। উৎপাত সিও নকৰা নহয়, কিন্তু তাৰ খোজ-কাটলত, কথাত তথা আমাৰ লগত থাকোতেও যেন কিবা সহজ-সৰল ভাৱ এটাই অনবৰতে তাৰ লগ নেৰে।
সৰল মুখৰ সেই ল’ৰাটোয়ে আছিল দিপাংকৰ--চাপৰ, পেণ্টতো কঁকালতকৈ অলপমান ওপৰত পিন্ধা, চুটি চুটি কিছু পাকখোৱা চুলি, ভোটা নাক - আমাৰ মৰমৰ “তেতে”।
নিকেতনত একেবাৰে সৰুৰে পৰা লগ পোৱা বন্ধুবৰ্গৰ ভিতৰত সি আছিল অন্যতম। তাৰ কথা কাৰোবাক মনত পেলাই দিবলৈ একেবাৰে সহজ, সি আমি সৰু থাকোতে কেইবাবছৰো বাৰ্ষিক অধিৱেশনৰ শ্ৰেষ্ঠ নৃত্যশিল্পী আছিল। প্ৰকৃততে প্ৰথমবাৰ সি নৃত্য প্ৰদৰ্শন কৰাৰ পাছত নিকেতনত কিবা সভা হ’লেই বা অধিৱেশন হ’লেই আমি তাৰ নাচ চাবলৈ অধীৰ আগ্ৰহেৰে বাট চাইছিলোঁ। “ৰূপহী জোন ঐ ৰূপালী চেলেং, মেলি দে ঐ, মেলি দে” এই গানটো বাজিলেই কেৱল তালৈকে মনত পৰে। গানটোৰ আৰম্ভণিতে অকণমানি ছোৱালী এজনীয়ে কবিতা এটা আবৃতি কৰে, সেই সময়কণত সি কবিতাটিৰ ভাৱটো স্থিৰভাৱে ৰৈ কেৱল হাতৰ অংগী-ভংগীৰে দেখায়। তাৰ পাছত গানটোৰ সংগীত আৰম্ভ হোৱাৰ লগে লগে তাৰ লয়লাস আৰম্ভ হয়। পিন্ধনত বগা ৰঙৰ পাঞ্জাৱী, বগা পেণ্ট। কঁকালত এখন টঙালি। সি ইমান সুন্দৰকৈ সেই সময়কণ আমাক মন্ত্ৰমুগ্ধ কৰি ৰাখিছিল, সেই সময়ত আমাৰ এনেকুৱা লাগিছিল যেন সি আমাৰ আগত নাচিয়েই থাকক, আমি চায়ে থাকোঁ। এতিয়াও সেই গানতো শুনিলেই তাৰ নৃত্যটি মনলৈ ভাঁহি আহে।
Dipankar(to the right) |
সি যথেষ্ট শান্ত, নিৰ্জু প্ৰকৃতিৰ ছাত্ৰ আছিল। আমাৰ সকলোৰে জোকোৱা নাম এটা থকাৰ দৰে তাকো আমি মৰমতে “তেতে” বুলি মাতিছিলোঁ। মেট্ৰিকৰ পাছত সকলো ছেদেলি ভেদেলি হৈ যোৱাৰ পাছত আমাৰ সকলোৰে মাজত সংযোগবোৰ কমি গৈছিল যদিও বিহুৰ বন্ধত, পুজাৰ বন্ধত আমি সদায়ে লগ হ’বলৈ চেষ্টা কৰিছিলোঁ। প্ৰায়ে একেলগে ৰাতি বিহু হুঁচৰি মৰা, পিকনিক খোৱা- এই সকলোবোৰত আমাৰ কোনোবা এটা নোহোৱা হলে ঘৰলৈ গৈ হ’লেও লৈ অহাৰ দৰে, কেইবাবাৰো তেনেকৈ তেতেৰ ঘৰলৈকো গৈছিলোঁ। আমি একেলগে ২০১২ চনত শেষবাৰৰ বাবে মৰা হুঁচৰিত তাক মই নিজে সন্ধ্যাসময়ত ঘৰৰ পৰা লৈ আহিছিলোগৈ । আমি কোনোবা সিঁহতৰ ঘৰলৈ গ’লে সি খুব আদৰ সাদৰ কৰিছিল, ভাল পাইছিল।
শেষবাৰ বুলি ক’বলৈ মোৰ অকণো মন যোৱা নাই, অথচ এই শব্দটোৱেই যেন এই ৰচনাখনৰ মুখ্য চালকৰ ভূমিকা গ্ৰহণ কৰি আছে। তাক মই অন্তিমবাৰলৈ লগ পাইছিলোঁ হঠাতে, ঢকুৱাখনা কলেজৰ সন্মুখত। আৰু শেষবাৰলৈ কথা পাতিছিলোঁ কেইটামান ফোন মেছেজৰ জৰিয়তে। সি মোক কৈছিল তঁহতে আমাক মনতেই নেপেলাৱ, পাহৰিলি। মই তাৰ ভুল ভাঙিবলৈ চেষ্টা কৰিছিলোঁ আৰু প্ৰতিশ্ৰুতি দিছিলোঁ তাৰ পাছৰে পৰা অইন নহলেও ফোনৰ জৰিয়তে খবৰ হৈ থাকিব, আমি সংস্পৰ্শত থাকিম। আৰু এতিয়া সেই প্ৰতিশ্ৰুতি সি নিজে ভাঙি পেলালে। কমেও বাৰ বছৰ কাল সি আমাৰ লগত একেলগে থাকি পাৰ কৰাৰ পাছত আজি ইমান মনে মনে ইমান সোনকালে আমাক নোকোৱাকৈ যে সি গুচি গ’ল—এয়া আমি কোনোমতেই মানি ল’ব পৰা নাই। এক সম্পূৰ্ণ অপ্ৰত্যাশিত খবৰে আমাৰ সকলোকে জোঁকাৰি গ’ল। তাৰ অনুপস্থিতিয়ে যেন কিবা এক শূন্যতাৰ সৃষ্টি কৰিলে, যিয়ে আমাৰ সকলোকে ব্যথিত কৰি পেলাইছে। এই শূন্যতা কেতিয়াও পূৰণ নহয়।
দিপাংকৰৰ চিৰশান্তি কামনা কৰিছোঁ। তই য’তে আছ, সুখেৰে-শান্তিৰে থাক।
Comments
Post a Comment