Skip to main content

আমুণ্ডচেন

That Philosophic Pose! 


   জীৱনৰ কিছুমান ঘটনা কেতিয়াবা হঠাতে, চকুৰ পচাৰতে এনেদৰে ঘটি যায় যে তাৰ প্ৰতি নিজৰ প্ৰতিক্ৰিয়া দেখুৱাবলৈ সাহসে নুলুকায়। তাতে যদি নলগা জেঙত লাগি ধৰাৰ দৰে কিছুমান তেনেই অপ্ৰত্যাশিত ঘটনাৰ লগত নিজে সাঙুৰ খাই পৰিবলগীয়া হয়, নিজৰ কৰ্মৰ ওপৰতে বিতৃষ্ণা জাগি কি কৰোঁ, কি নকৰোঁ এনে লাগে, চিন্তা কৰিব পৰা শক্তি লোপ পায়, ভৰিৰ তলৰ পৰা মূৰৰ একেবাৰে ওপৰলৈকে যেন গৰম তেজৰ সোঁত এটা বান্ধ ভগা বানপানীৰ দৰে বৈ যায়।
       ঠিক এইমাত্ৰ যে মই তেনে এক পৰিস্থিতিৰ  মোকাবিলা কৰিবলগীয়া হ’ব, মোৰ অলপসময়ৰ বাবে হলেও মূৰত খেলোৱা নাছিল। কলেজৰ শেষৰ পৰ্যায়ৰ ছাত্ৰ হিচাপে পঢ়াৰ দায়িত্ব বাঢ়িছিল, তাতে পৰীক্ষা চমু চাপি অহাৰ বাবে বুজা নুবুজা জটিল জালবোৰ ফালিবলৈ কলেজৰ ক্লাছবোৰত বেছিকৈ সময় দিবলগীয়া হৈছিল। এনেয়ে  মোৰ নিজৰ কামবোৰ খুব নিয়াৰিকৈ , শৃংখলাবদ্ধভাৱে-পৰিপাটিকৈ কৰাৰ এটা সুঅভ্যাস সৰুৰে পৰাই আছে বলি মাই বৰমা আৰু মাহীহঁতৰ আগত কেতিয়াবা কোৱা শুনিছিলোঁ। কিন্তু মোৰ বদঅভ্যাস এইয়াই যে বাকীবোৰে কিবা কাম কৰিবলৈ দিলে মই সিমান এটা গুৰুত্বসহকাৰে নলওঁ, মোৰ নিজৰ কামৰ আগত বাকী সকলোবোৰ নগণ্য। নিজকে স্বাৰ্থপৰ বুলি কৈ গৌৰৱবোধ নকৰো, কিন্তু প্ৰকৃততে তেনেকুৱা অলপ তেজ মোৰ গাত যে আছে, সেয়া সত্য।
   মোৰ এটা ভাইটি আছে, মোতকৈ বহুতেই সৰু। সি একেবাৰে পানীকেচুঁৱা  হৈ থাকোতে কি যে ভাল লাগিছিল-তাৰ অকণ অকণ আঙুলি, কণমাণি কাপোৰ, জুনুকা, চাবি দি পকাই দিলে যোৱা পুতলা গাড়ীখন দেখি তাৰ জিলিকা উঠা মুখ খন-সকলোবোৰতেই সুখ উপচি পৰি আছিল।
তাৰ ফুটো নুফুটোকৈ ওলোৱা মাতৰ ‘দাদা’ শব্দটো শুনাৰ দিনা কি যে ভাল লাগিছিল। তাক লৈ ঘৰৰ সকলোৰে উছাহৰ অন্ত নাই। ঘৰৰ সৰু হ’লে যে কিমান ভাল। সকলোৱে তাক লৈ কেতিয়াবা বাগিছাৰ ফুল দেখুৱাব, চৰাই দেখুৱাব যাতে সেইবোৰ দেখি সি হাঁহে, সি হাঁহিলে মুকুটা সৰে, আৰু সেই মুকুটাৰ জিলিঙণিয়ে সকলোৰে মনলৈ কঢ়িয়াই আনে সন্তুষ্টিৰ বতৰা। সি হাঁহিলে আমিও হাঁহো, কান্দিলে নিচুকাও, গধূলি “জোনবাই আহ আহ” কবলৈ শিকাও- চন্দ্ৰমাৰ স্নিগ্ধ পোহৰত তাৰ মুখখনত এক আশ্চৰ্যজনক জেউতি চৰে।

           লাহে লাহে সি ডাঙৰ হ’ল। মই পাছ কৰি অহা স্কুলখনতে সিও নামভৰ্তি কৰিলে। মইও ডাঙৰ হ’লো- কলেজ যাব পৰা হ’লো। তাক আগৰদৰে নিচুকোৱাৰ সলনি অংক, ইংৰাজী, বিজ্ঞান শিকোৱাৰ দায়িত্ব ল’লো। পঢ়াত সি বেয়া নাছিল, কিন্ত পাঠ্যপুথিতকৈ তাৰ সময়বোৰ ফুল, গছ, নদী, জন্তু এইবোৰৰ লগত বেছি খৰচ কৰিছিল। স্কুলৰ পৰা অহাৰ পাছৰে পৰা দিনৰ দিনটো ঘূৰি ফুৰি, হাবিয়ে জংঘলে পোৱা ফল খাই, চৰি থকা গৰুৰ এৰাল খুলি ৰং চোৱা, ডডাইদেউ, বৰদেউতাহঁতৰ বাৰীৰ তিঁয়হ, বিলাহী চিঙি সি বেছি তৃপ্তি লভিছিল। সমগ্ৰ আবেলিটো, স্কুলৰ বন্ধৰ সমগ্ৰ দিনটো সি চেকুৰি ফুৰিছিল আৰু গধূলি মই তাৰ পঢ়া কিবা চাই দিবলৈ বিছাৰিলেই সি টোপনিত ঢলি পৰিছিল। মই মাক চিঞৰোঁ, দেউতাৰ ডাবিৰ ভয় খুৱাওঁ, সি নুঠে, শুই থাকে- এটা সময়ত মা আহি মৰমৰ মলম সানি ভাত খুৱাই তাক শুৱাই থয়। ছাত্ৰ হিচাপে দেউতাৰ ঈৰ্ষণীয় কৃতিত্ব, দেউতাৰ মেধাৰ কথা মই জানিছিলোঁ। । এই কথাবোৰ মই বুজা হোৱাৰ পাছৰে পৰাই মোক তাৱৈদেউৱে খুব কৈছিল আৰু সেয়েহে মইও দেউতাৰ নাম ৰাখিবলৈ আপ্ৰাণ চেষ্টা চলাইছোঁ, সফলো হৈছোঁ । আৰু ঠিক একেটা কাৰণতেই ভাইটিয়ে  এনেকুৱাখন কৰি থাকিলে মোৰ ভয় লাগে।
   ক’ৰ পৰা নাজানো, এদিন দেওবাৰে সি ঘৰলৈ এটা কুকুৰ পোৱালি কোঁচত তুলি লৈ আহিল। গেৰুৱা বৰণৰ, ডিঙিৰ ওচৰত বগা বগা পটি থকা- যেন বগাৰঙৰ মালা এডালহে তাৰ ডিঙিত নিকপকপীয়াকৈ বান্ধি থোৱা আছে। ভাইটিৰ কোঁচত যেন কুকুৰ পোৱালিটোৱে পাইছিল তাৰ জীৱনৰ নিৰাপত্তাৰ পৰম উষ্ণতা, খুব সুন্দৰকৈ আমনি নকৰাকৈ সি বহি আছিল। তাৰ চকুযুৰিত ওলমি আছিল ভাইটিৰ কাৰণে থকা বিশ্বাসৰ তিৰবিৰণি। দেউতা ঘৰত নাছিল, মা নামঘৰলৈ গৈছিল। সিহঁত দুটাক একেলগে দেখি মোৰ ভয় লাগিছিল -- কুকুৰলৈ মোৰ সৰুৰে পৰা ভয় আৰু ঘৃণাৰ ভাৱ আছে। সৰুতে এবাৰ মামাৰ ঘৰলৈ যাওঁতে মোৰ চকুৰ সন্মুখতে মামাক কুকুৰ এটাই যিদৰে আক্ৰমণ কৰিছিল-মই কি পাহৰি যাম? তাৰপাছত, মামাই লোৱা চৈধ্যটা বেজীৰ খোঁচৰ কথা মই কেনেকৈ পাহৰিম? অসম্ভৱ।
   তাক মই টান মাতেৰে কুকুৰটো য’ৰপৰা আনিছিলে, তাতে থৈ আহিবলৈ ক’লোঁ। সি নুশুনিলে। আকৌ এবাৰ মই তাক টান মাতেৰে কুকুৰটো তাৰ কোঁচৰ পৰা নমাবলৈ ক’লোঁ। প্ৰকৃততে আদেশ দিলোঁ। আগতেও কোনোবা এবাৰ ঠেং এটা ভাঙি পৰি থকা শালিকী এজনী সি বুটলি আনিছিল। সি মোৰ হাক বচনলৈ কেৰেপকে নকৰি আমাৰ ঘৰৰ পাছফালে থকা ষ্ট’ৰ ৰুমটোতে বস্তা এখন পাৰি শুবলৈ দিলে। মই তাৰ কাণ্ড কাৰখানা চাই থাকিলোঁ। সি বিস্কুট দুখন ভাঙি তাৰ মুখৰ ওচৰতে দি দিলে। পোৱালিটোৱে ইতিমধ্যে ভাইটিক ছাগৈ তাৰ ভগৱান জ্ঞান কৰিছিল, সি বিস্কুট দুখন খোৱাৰ দৃশ্য চাই মোৰ এবাৰ টিভিত দেখা দুৰ্ভিক্ষ হোৱা দেশ এখনৰ মানুহ এখিনিক সেনাবাহিনীয়ে বিলোৱা খোৱা সামগ্ৰীৰ টোপোলা খুলি খাই থকাৰ দৃশ্যটোলৈ মনত পৰি গ’ল।
Bought from Durga Puja Stall
গধূলিলৈ মা-দেউতা আহি তাৰ কাণ্ড কাৰখানা দেখি মাত্ৰ মিচিকিয়ালে। মই জানো, দেউতাক কৈ লাভ নাই, দেউতাই কুকুৰ যথেষ্ট ভাল পায়। মায়ে কেতিয়াও তেওঁৰ সৰু ল’ৰাৰ গাত দোষেই নেদেখে। মোৰ নিজৰ ওপৰতে ধিক্কাৰ জন্মিল। ইমান ডাঙৰ হ’লো, কলেজ পালোহি, অথচ আজিও এই চৈধ্য ইঞ্চিৰ প্ৰাণীটোৱে মোৰ মনত কি যে আতংক সুমুৱাই দিলে।
   দিন বাগৰি গ’ল। সি অনা কুকুৰটো আমাৰ ঘৰৰ সদস্যৰ দৰে হৈ পৰিল। দেউতাৰ লগত আলোচনা কৰি মেলি ভাইটিয়ে তাক নাম দিলে ‘আদিত্য’। পুৱা শুই উঠাৰ পৰা স্কুল যোৱালৈকে, তাৰপিছত স্কুলৰ পৰা আহি ৰাতি ভাত খোৱালৈকে গোটেইখনতে কুকুৰটো জড়িত হৈ পৰিল। ৰাতিপুৱা দুৱাৰখন খোলাৰ লগে লগে সি জাপ মাৰি উঠে যেন দুৱাৰখন খুলিবলৈহে সি বাট চাই আছিল। দুৱাৰখন খুলি  মা ওলাই যোৱাৰ লগে লগে সি তাৰ পিছ ঠেং দুটাৰ ওপৰত ভৰ দি আগ ঠেং দুটা মাৰ গাত ভৰ দি মৰম বিচাৰে। তাৰপাছত আৰম্ভ হয় মাৰ লগত তাৰ প্ৰাতঃভ্ৰমণ কাৰ্যসূচী। ভাইটি উঠাৰ পাছত তাৰ ভাইটিৰ লগত তাৰ খেল আৰম্ভ হয়। মই পঢ়াটেবুলৰ আগৰ খিৰিকীখনেদি সিহঁত দুটাৰ কাণ্ড চাই থাকোঁ-ভাইটিয়ে তাক মায়ে ৰাতিপুৱা খাবলৈ দিয়া বিস্কুটখন দেখুৱাই কুকুৰটোৰ আগে আগে দৌৰে, সি চোঁচা লয়, তাৰপাছতে শূণ্যতে বিস্কুটখন থাপ মাৰি মুখত ভৰাই লয়। মোৰ ভয় লাগিছিল,মূহুৰ্ততে যেন কুকুৰটোৱে বিস্কুটখন চোবোৱাৰ দৰে কেতিয়াবা কাঢ়ি লৈ যাব ভাইটিৰ কলাফুলৰ টুকুৰা এটা ! কিন্তু নহয়, তেনেকুৱা কোনো এবাৰেই হোৱা নাই কিয়? সেই অবুজ প্ৰাণীটোক ভাইটিয়ে ইমান কেনেকৈ বুজি পালে? ক’ৰপৰা আয়ত্ব কৰিলে সেই বিদ্যা?
   ঘৰৰ আত্মীয় স্বজন কোনোবা আহিলে কেনেবাকৈ যদি কুকুৰটোৰ কথা ওলাবলৈ হয়, ভাইটিৰ তত্ নাথাকে। সি সদায় বাহিৰতহে শৌচ-প্ৰস্বাৱ কৰাৰ পৰা আৰম্ভ কৰি ৰাতি খুটুংকৈ ক’ৰবাত শব্দ এটা হলেই যে সি ৰৌ ৰৌকৈ ভুকি সি সাৰ পৰাই থকাৰ কথাৰ প্ৰমাণ দিয়ে, তালৈকে মহাভাৰতখন গাই শুনায়। সকলোৱে ভাইটিৰ উলাহ দেখি হাঁহে আৰু হাঁহে, তাক ভাইটিৰ সন্মুখত প্ৰশংসা কৰে। পিছে কেনেবাকৈ আলহী যাবৰ পৰত সি আহি ওলালে আকৌ মুখৰ প্ৰশংসা মুখতে ৰয়, ভয়তে সকলোৱে ভাইটিকে মাতিবলগীয়াত পৰে।
   ভাতৰ লগত মাংস থকাৰ দিনা তাৰ তত্ নাথাকে। কুকুৰৰ ঘ্ৰাণ শক্তিৰ তুলনা নাই, তাতে আকৌ মাৰ নিপুণ হাতৰ ৰন্ধণ প্ৰণালীত আমাৰ জিভাবোৰৰে লেকাম নাথাকে। ভাইটিয়ে নিজৰ কাঁহীৰ পৰা দিয়েই, মোৰ-দেউতাৰ-সকলোৰে কাঁহীত বাকী ৰৈ যোৱাখিনিও গোটাই পিটাই তাৰ বাবে বচাই ৰখা মাংসখিনিৰ লগত মিহলাই খাবলৈ দিয়ে। তাৰ দীঘল নোমখিনিত হাত বুলাই তাক মৰম কৰে, দুমাহৰ মূৰত গৈ বেজী দি আনেগৈ। মুঠৰ ওপৰত ইলাহি কাৰবাৰ।
   আজিকালি গধূলি সদায় তাৰ পঢ়া চাই নিদিওঁ। কিবা নুবুজা ওলালে সি নিজেই মোৰ ওচৰলৈ আহে। তেনেকুৱা এদিনতে তাক ধৰি বান্ধি বুজালোঁ, তাৰ সেই আদিত্যৰ লগত যাতে সি ইমান গা ঘঁহাই নাথাকে, যিমান যি হলেও সি এটা জন্তুৱেই, কেতিয়া এবখলা লৈ যাব, ক’বই নোৱাৰিবি। সি মোক কয় ইমানদিনে সি তাৰ কাণখন ধৰি টানি দিলেও, নেজডাল টানিলেও তাক নাকামোৰে। কুকুৰ প্ৰভুভক্ত, কিছুমান দেশত আজিকালি হস্পিটেলবোৰতো কুকুৰ ৰাখে ৰোগীৰ স্বাস্থ্যৰ দ্ৰুত উন্নতি ঘটিবৰ বাবে- এনেজাতীয় কথাৰ ওপৰত সিহে উলোটাই বক্তৃতা দি শুনায়। “সেইবোৰ ভাল কুকুৰ, বিলাতী কুকুৰ, ট্ৰেইনড ডগ” তাক মই কওঁ “তোৰ আদিত্যৰ গাত যিসোপা ওকণি আছে, দুটামান যেতিয়া তোৰ গাত উঠিব, তোৰ কুকুৰপ্ৰীতি এনেই বাজ হৈ যাব”। সি চিঞৰি উঠে,’ দেখা নাই তই, প্ৰত্যেক দেওবাৰে তাক চেম্পু লগাই গা ধুৱাওঁ, গ’লে ছাগে মোৰ মূৰৰ পৰাহে দুটামান তাৰ গালৈ যাব ছাগে”—তাৰপাছত আৰু মই কি কওঁ? ঘড়ীৰ কাঁটা ওলোটাকৈ ঘূৰিলেও কিজানি আদিত্য বেয়া নহয়।
  পতিয়ন নিয়াবলৈ মই মামাৰ কাহিনীটো তাক কৈ শুনাওঁ। সি বিশ্বাস নকৰে। মই মাক মাতি আনি মোৰ কথা যে মিছা নহয়, সেইটো তাক পতিয়ন নিয়াৰ চেষ্টা কৰোঁ। ভাইটি কিছু চিন্তাত পৰে। কপালৰ গাঁঠি থুপ খায়। মনে মনে মই তাৰ অৱস্থাটো দেখি সান্তনা লভো, এইবাৰ সি নিশ্চয় বুজি পাব। সি বুজি পালে মোৰ অনবৰতে কুকুৰটোৰ কাৰণে কিবা দূৰ্ঘটনা হ’ব হ’ব বুলি ভাবি থকা মনটোত চিন্তাৰ যতি পৰিব। । কিন্তু অলপ পাছতে ভাইটিয়ে মোক কৈ যায়, “ই এনেকুৱা নকৰে বুলি মোৰ বিশ্বাস, কাৰণ ই মোৰ কাৰণে এটা জন্তু নহয়, ই মোৰ আদিত্য হয়”
     সি মোৰ ওচৰৰ পৰা গুচি যায়, মই তেনেকৈয়ে ৰৈ থাকোঁ, মোৰ মনত অনবৰতে খুন্দিয়াই থাকে এষাৰি বাক্যই ‘ই মোৰ আদিত্য হয়’। কিয় নাজানোঁ, কথাষাৰৰ লগে লগে মোৰ নিজকে অধম যেন বোধ হয়-মই বাৰু সেই প্ৰাণীটোক বেছিকৈ বেয়া চকুৰে চোৱা নাইতো? ভাইটিয়ে গৰ্বসহকাৰে যেনেদৰে কথাটো কৈ গ’ল, মই ঠিকে একেই ভাৱত কাৰোবাক তেনেকৈ ক’ব পাৰিছো জানো? মোৰ মনৰ চকুত ভাঁহি আহে আদিত্যই বিস্কুট খাবলৈ জাঁপ মৰা দৃশ্য, ভাইটিৰ হাতৰ বুলনিত চকু আধা জাপ খাই পাছলৈ শুই পৰা আদিত্যৰ ছবি।
    তাৰপাছত মোৰো লাহে লাহে কিছু মন গৈছিল ভাইটিৰ দৰে তাৰ লগত কিছু অলস মূহুৰ্ত্ত পাৰ কৰিবলৈ। মই চেষ্টা কৰিছিলোঁ ভাইটিৰ লগতে তাৰ লগত অলপ ধেমালি কৰিবলৈ। সেইসময়ত ভাইটিয়ে তাক হেণ্ডচেক কৰাবলৈ শিকাবলৈ চেষ্টা কৰি আছিল। পিছে সিহে তাৰ হাতোৰাখনেৰে ভাইটিৰ হাতখনত বাৰে বাৰে খুন্দিয়াই তাৰফাললৈ টানি আছিল। মই ওচৰ চাপি গ’লোঁ। মোক দেখি সি নেজডাল লৰাই উঠিল। তাৰপাছত লাহকৈ মোৰ ওচৰলৈ আহি শুঙি শুঙি চালে। মোৰ এনে লাগিছিল এতিয়াই জপিয়াই, চিঞৰ বাখৰ কৰি ঘৰৰ বাৰান্দাত উঠিমগৈ, আৰু কেতিয়াও তাৰ ওচৰলৈ নাযাম—কিন্তু বহুত কষ্টেৰে মই ৰৈ আছিলোঁ, মনত দৃঢ়ভাৱ লৈছিলোঁ যে ভয় আঁতৰাবই লাগিব। মোৰ গাৰ চাৰিওফালে এপাক মাৰি সি ভাইটিৰ ওচৰলৈ গৈ আগভৰি দুটা সম্পূৰ্ণ দীঘলকৈ পেলাই দি সেৱা এটা কৰি ল’লে। তাৰপাছত দুয়োটাৰ খেল আৰম্ভ।
     দিনবোৰ বাগৰি যোৱাৰ লগে লগে মোৰো এনেকুৱা হ’লগৈ যে আদিত্য বুলি আৰু এটা প্ৰাণী ঘৰত থকাৰ কথাটো তেনেই সাধাৰণ কথা হৈ পৰিল, আৰু মোৰ কুকুৰ প্ৰতি থকা ভয়টোও আগৰদৰেই থাকিল যদিও আদিত্যৰ কাৰণে ভয় কিছু কমিল। মাজে মাজে প্ৰায় এনেকুৱাহে লাগিল কেতিয়াবা সি ৰাতি ভাত খোৱাৰ সময়ত ঘৰত নাথাকিলে ভাইটিৰ লগতে মোৰো সেই সময়কণত চিন্তা হয়, সি ক’ত বা গ’ল? দেউতাই কয়, আহিব সি দেশী কুকুৰ, ঘৰতনো কিমান সোমাই থাকিব আৰু খাবলৈ নাপালে এনেও ঘূৰি আহিব। তাৰপাছত অলপ সময় পাছতে যেতিয়া জিভা উলিয়াই উলিয়াই ঘৰৰ দৰ্জা খুন্দিয়াই সি নিজৰ অহাৰ বাতৰিৰ উমান দিব, লগালগ ভাইটিৰ থূপ খোৱা কপালৰ ভাঁজ মিহি হৈ পৰাৰ লগতে সেমেকি যোৱা মুখখন জিলিকি উঠিব।
সি ডাঙৰ হৈ অহাৰ লগে লগে বেজী দিবলৈ লৈ যোৱাটো ভাইটিৰ কাৰণে কিছু কষ্টকৰ হৈ পৰিছিল। তাতে বিলাতী কুকুৰো নহয় যে একেবাৰে গাড়ীত ভৰাই লৈ গৈ তাক সসন্মানেৰে বেজী দিয়াই অনা হ’ব। সৰু হৈ থাকোতে ভাইটিয়ে কোঁচতে লৈ গোলোকদাইৰ চাইকেলত উঠি বেজী দিয়াই আনিছিলগৈ। গোলোকদাই আমাৰ ঘৰত জেওৰা জপনা দিয়া মানুহ, তেওঁৰো জীৱ জন্তুৰ প্ৰতি দেধাৰ মৰম। কিন্তু আদিত্য ডাঙৰ হোৱাৰ পাছতেই তাক হাতলৈ অনাটোৱেই কষ্টকৰ হৈ পৰিল আৰু সাতে পাচে তাৰ মাহেকৰ মূৰৰ বেজীটো তেনেকৈয়ে বন্ধ হৈ পৰিল, যেনেকৈ কেতিয়াবা আমি গাটো ভাল পালে দৰৱৰ শেষৰ কেইটা “এইকেইটা নাখালেও হ’ব” ধৰণেৰে পেলাই দিওঁ।
     শ্ৰেণীটোৰ অলপ ভাল ছাত্ৰ হিচাপে কলেজত হ’বলগীয়া ছেমিনাৰ এখনৰ গধুৰ দায়িত্ব এটা ছাৰে মোক অৰ্পণ কৰাত ছেমিনাৰ পেপাৰৰ কাৰণে লাগি থকাৰ উপৰিও ছাৰৰ কামটো সুকলমে কৰিবৰ বাবে মই যথেষ্ট ব্যস্ত হৈ আছিলোঁ। এই কামবোৰত লাগি এক সুকীয়া আমেজ পাব পাৰি। আৰু তাতে ছেমিনাৰখনলে বহুত বেলেগ বেলেগ ঠাইৰ ভাল ভাল ব্যক্তি আহিব, তেওঁলোকৰ আগত যদি নিজকে ভালদৰে দেখুৱাব পাৰোঁ, মোৰ নিজৰ কাৰণে বহুত ভাল হ’ব। তদুপৰি ছাৰে ইমান বিশ্বাসেৰে সকলোৰে মাজৰ পৰা বাছি বাছি মোক কামটো দিছে, আই শ্বুড গেট চিৰিয়াছ ইনটু দিছ।
   আৰু ঠিক ছেমিনাৰৰ আগৰাতি ভাইটিয়ে মোৰ ওচৰলৈ আহি কলে যে মই যেন তাৰ লগত কাইলৈ ভেটেৰনাৰীখনলৈ গৈ দিওঁ, আদিত্য, মানে কুকুৰটোৱে কঁকালটো দাঙিব নোৱাৰা হৈছে আৰু সেইকাৰণে সি খাবলৈও পৰা নাই। ফলস্বৰূপে তাৰ শৰীৰৰ একেবাৰে অৱস্থা নাই। মই প্ৰেজেণ্টেছনৰ প্ৰেকটিছ কৰি আছিলোঁ। আদিত্যৰ এনেকুৱা কিবা হৈ আছে বুলি মই গমেই নাপাও যে? কাইলে এতিয়া ৰাতিপুৱাতে মই যাব লাগিব নহয়। গোলোকদাই নাই নেকি? মই তাক প্ৰশ্ন কৰিলোঁ। “নাই কাৰণে তোৰ ওচৰলে আহিছোঁ” তাৰ মানসিক অৱস্থাটো মই বুজি পালোঁ। আদিত্যৰ কিবা এটা হোৱাৰ কথা সি কেতিয়াও ভাবিবই নোৱাৰে, আৰু এতিয়া তাৰ সেই দুৰ্গতি দেখি তাৰ মুখৰ পানী শুকাই গৈছে। মই ক’লোঁ এটা কাম কৰিম। ৰাতিপুৱা মই যাওঁতে কোঁৱৰ তাৱৈদেউক কৈ যাম আমাৰ ঘৰলে আহিবলে। কাৰণ এনেও তাকটো দাঙি নিব নোৱাৰোৱে। যদি তেতিয়াও তেওঁ নাহে, মই প্ৰেজেণ্টেছন দি আহি হলেও লৈ যাম”।  কোঁৱৰ তাৱৈদেউ মানে ভেটেৰনাৰীৰ ডাক্তৰজন, দেউতাৰ লগত ভাল সম্পৰ্ক হেতু তেওঁ আমাৰ তাৱৈদেউ।
      পাছদিনা ৰাতিপুৱা ওলাই আহোতেই ভাইটিয়ে মোক ডাক্তৰক ক’বলৈ পুনৰবাৰ সোঁৱৰাই দিলে। সি আদিত্যৰ ওচৰতে  বহি আছিল আৰু তাক কিবা খুৱাবলৈ যত্ন কৰি আছিল। “অ হ’ব দে” বুলি কৈ ঘৰৰ পৰা ওলাই আহিয়ে ৰাস্তাত মই মোৰ লগৰ চিৰন্তনক লগ পালোঁ আৰু একেলগে কলেজলৈ বুলি ৰাওনা হলোঁ।
সেইদিনা প্ৰেজেণ্টেছন মোৰ সঁচাকৈয়ে ভাল হ’ল। ছাত্ৰ হিচাপে অংশগ্ৰহণকাৰী মইয়ে একমাত্ৰ আছিলোঁ বাবে মোক এনেও প্ৰথমতে প্ৰশংসা কৰিছিল আৰু মই মোৰ বিষয় বস্তু দাঙি ধৰাৰ পাছত মোক সকলোৱে উচ্চ প্ৰশংসাৰে বুৰাই পেলালে। তাতে ছাৰেও মোক তেওঁ দিয়া কামটো খুব নিয়াৰিকৈ কৰি দিয়াৰ বাবে যথেষ্ট মৰম আৰু প্ৰশংসা কৰিলে। সাতে পাছে মই ভবাৰ দৰেই সব ভালদৰে হৈ গ’ল।
     কলেজৰ পৰা ঠিক ঘৰৰ ওচৰ পাওঁ পাওঁ হওঁতেহে মোৰ মনত পৰিল, মই যে ভাইটিৰ কামটো পাহৰি থাকিলোঁ। অথনি ওলাই আহিয়ে চিৰন্তনক লগ পাই ছেমিনাৰৰ কথা পাতি আহি থাকোতে কেতিয়া কলেজ পালোহি, হিচাপেই নহ’ল।  হঠাতে এনেকুৱা লাগি গ’ল যেন মই বহুত ডাঙৰ ভুল এটা কৰি পেলোৱা নাইতো ? চাইকেলখন একপ্ৰকাৰে জোৰকৈ ষ্টেণ্ডডাল পেলাই  খুব খৰতকীয়াকৈ ঘৰলৈ সোমাই গ’লোঁ-- আৰে ঘৰত কোনো নাই দেখোন? সব কোঠাতে বিচাৰি কাকো নাপাই লাহে লাহে পিছফাল পালোগৈ। দেখিলোঁ দেউতাই কোৰ এখন লৈ বাৰীৰ পৰা অহা ৰাস্তাত, চেণ্ডেলৰ তলিত জেকা মাটি লাগি আছিল, সেইখিনি আঁতৰাবলৈ ভৰিটো মাটিত জোৰেৰে খুন্দিয়াই আছিল, আৰু মাজে মাজে কোৰখনত ভেঁজা দি এখন ভৰিৰ  ওপৰত থিয় হৈ ইখন ভৰিৰ তলুৱাটো চাই আছে, মাটিখিনি আঁতৰিছে নাই। প্ৰায়ে আবেলি বাৰীলৈ গৈ কাম কৰাটো দেউতাৰ ৰুটিনৰ ভিতৰতে পৰে। মই দেউতাক দেখি পাছফালৰ চোতালখনলৈ নামি গ’লোঁ। “অ তই আহিলি? ছেমিনাৰ কেনেকুৱা হ’ল?” “ভাল হৈছে সবে মোৰ কথা কৈছে” মোৰ কবৰ মন গৈছিল দিনটোত মই কিমান প্ৰশংসা পালোঁ, কিমান ভাল ভাল ডাঙৰ মানুহৰ মোৰ কথা বিশেষভাৱে উল্লেখ কৰিলে, কিন্তু সেইবোৰ ৰাতি ভাত খোৱাৰ টেবুলত বহি সকলোৰে আগত কবলৈহে ভাল লাগিব , গতিকে   “দেতা ভাইটি  আৰু মা কলৈ গ’ল?”
“অ বাৰীতে আছে, আদিত্য ঢুকালে নহয় আজি, মই এই তাক পুতি থৈয়ে আহিছোঁ এতিয়া,মা ভাইটিৰ লগত তাতে আছে, তাৰ মনটো খুব বেয়া। কান্দিয়ে আছে। মা তাতে ৰৈ আছে সি সেইডোখৰৰ পৰা আহিবয়ে খোজা নাই”
    গোটেই কথাখিনি কৈ থকাৰ সমসাময়িকভাৱে দেউতাই দুইখন ভৰিৰ মাটি ইতিমধ্যে গুচাই পেলাইছিল। কথাখিনি কওঁতে খুব বেছি চাৰি ছেকেণ্ড সময় লাগিল আৰু এইখিনি সময়ৰ ভিতৰত খুব সন্তৰ্পণে মোৰ গাৰ কোমল অংশত যেন কোনোবাই মই গম নোপোৱাকৈ সন্তৰ্পণে ব্লেড এখনহে চলাই দিলে।
   মই বাৰীৰ শেষলৈ খোজ ল’লোঁ। কেনেকৈ কি ক’ম, কাক ক’ম, মই একোৱে ভাবি নাপালোঁ। মই পাওঁগৈ মানে মাহঁত আহি আছিল। ভাইটিয়ে মোক দেখি বেছিকৈ কান্দিবলৈ ল’লে। মাৰ চকুও ৰঙা। ভাইটিয়ে যেনেকৈ কান্দিছ—লাহে লাহে উচুপি উচুপি, কিন্তু তাৰপাছত ভাঙি অহা শোকৰ ঢল ৰখাব নোৱাৰি সি অলপ মুখখন মেলি দিছে, তেতিয়া অলপ ডাঙৰকে শব্দ হৈছে, আৰু তেনেকে নিজৰ পুতেকক কন্দা দেখিলে মাকে নিজৰ শোক জানো ৰখাব পাৰে?  মই তাক সাৱটি ধৰি ললোঁ, মই তাৰ মূৰত হাত ফুৰাই দিলোঁ কাৰণে তাৰ শোক বেছি উথলি উঠিল। কিন্তু তাক নাকান্দিবি  বুলি কবলৈ নিজকে মোৰ বৰ অধম লাগিল।
দেউতাৰ লগত গধূলি বহি থাকোঁতে গম পালোঁ, তাৱৈদেউ নহাৰ কাৰণে তাৰ অৱস্থা দেখি ভাইটিয়ে দেউতাৰ লগতে গৈ তাৰ সহায়কাৰী এজনকে মাতি আনিলেগে, তাৱৈদেউ নাছিল। কিন্তু আজিলৈকে এনেকৈ নোখোৱা নোবোৱাকৈ থাকি তাৰ শৰীৰ তেনেই অসাৰ হৈ পৰিছিল। গতিকে বেজী এটা দি তেওঁ গুচি যোৱাৰ পাছতেই প্ৰায় আবেলিমানত সি ঢুকালে।
    ৰাতি ভাইটিয়ে ভাত নাখালে। ময়ো আগফালৰ বাৰান্দাখনতে বাঢ়ি অহা আন্ধাৰৰ মাজত বহি থাকিলোঁ। মাজতে মন গ’ল এতিয়াই যেন দৌৰি গৈ ভাইটিক কমগৈ মই কেনেকৈ কথাটো পাহৰি গলোঁ, আচলতে পাহৰি যাম বুলিতো কেতিয়াও ভবাই নাছিলোঁ। মোৰ মন গৈছিল ক’বলে ভাইটি অ মোক ক্ষমা কৰি দে, মই তোক আকৌ এটা কুকুৰ আনি দিম, তই মাত্ৰ এনেকে মন বেয়া কৰি কান্দি নাথাকিবি। আৰু তাৰ পাছতে মই যেন শুনা পালোঁ  ভাইটিয়ে চিঞৰ মাৰি উঠিব “ই কুকুৰ নহয়, ই মোৰ আদিত্য, মোৰ, পাৰ যদি আদিত্য এটাহে আনি দে”।  দিনত কলেজত ইমানবোৰ প্ৰশংসা লাভ কৰিলোঁ, ভাল মানুহৰ সংগ পালোঁ, চিনাকি হ’লোঁ, এইবোৰ মোৰ অলপো মনত নপৰিল, মোৰ মনত বাৰে বাৰে আহি থাকিল ভাইটিৰ কন্দা মুখখন। সৰুতে ভাইটিয়ে কন্দা দেখিছোঁ, কিবা শাক পাচলিৰ ভাজি নাখালে জোৰ কৰি মায়ে খুৱাই দিলে, মৌখিক অংক নোৱাৰিলে  দেউতাই কেতিয়াবা ছিটিপনি এছাৰি লৈ কোবালে সি যদি কান্দে, তেতিয়া মোৰ বেয়া নালাগে। কিন্তু আজি যেনেকৈ ই কান্দি আছে, কিমান মৰমৰ বস্তু হেৰাই গ’লে মানুহে তেনেকে কান্দিব পাৰে মই কল্পনাই কৰিব পৰা নাছিলোঁ।  মোৰ মন গ’ল দিনটো আকৌ আৰম্ভ হওক, মই ভাইটিৰ সৈতে ডাক্তৰৰ ওচৰলৈ যাম।  ছেমিনাৰত ভাল প্ৰদৰ্শন, প্ৰশংসা, ভাল মানুহ এইবোৰ মোক নালাগে। মোক মাত্ৰ লাগে ভাইটিয়ে আৰু কান্দি যেন নাথাকে। আদিত্যৰ কাৰণে তাৰ ইমান মৰম, ইমান চেনেহ--- মইও যদি হঠাতে মৰি যাওঁ, তেতিয়াও এনেকৈ কোনোবাই কান্দিব নে? ভাইটিয়ে এনেকৈয়ে কান্দিব নে? মইয়ে বা তাক সিমান মৰম কৰিব পাৰিছো নে?
              পোন প্ৰথমবাৰৰ বাবে  জীৱনত মোৰ নিজকে হাৰি যোৱা যেন লাগিল—আদিত্যৰ আগত- ননছেঞ্চ চৈধ্য ইঞ্চিৰ সেই কুকুৰটোৰ আগত।  

প্ৰকাশঃ বাৰ ওঠৰ, মাৰ্চ, ২০১৭

Popular posts from this blog

মাতৃভাষা আৰু আমাৰ দায়িত্ব

Photo Source:  www.bragitoff.com অসমীয়া ভাষাৰ ব্যৱহাৰ আৰু বিদ্যালয়ত অসমীয়া ভাষা শিক্ষণ মাধ্যম হোৱাৰ ক্ষেত্ৰত ইতিমধ্যে যথেষ্ট বাদানুবাদ আৰম্ভ হৈছে আৰু এই সন্দৰ্ভত সকলোৱে একমত হ ' ব পৰাকৈ যিকোনো এটা সিদ্ধান্ত এতিয়ালৈকে আৱিষ্কাৰ হোৱা নাই(হয়তু নহব) । অসমীয়া ভাষাৰ প্ৰচাৰ , ব্যৱহাৰ , অসমৰ শিক্ষাৰ মাধ্যম হিচাপে কেৱল অসমীয়া ভাষাৰ ব্যৱহাৰ কৰা আদিবোৰ সততে সংবাদ মাধ্যমৰ শীৰ্ষস্থান অধিকাৰ কৰা দেখিবলৈ পোৱা গৈছে।   প্ৰত্যেক বছৰে মেট্ৰিকৰ ফলাফল ঘোষণা কৰাৰ পাছত বাতৰিকাগজৰ শিৰোনামবোৰেও (উদাহৰণস্বৰূপে ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ জয়যাত্ৰা) এইক্ষেত্ৰত এক ভূমিকা বহন কৰা দেখা যায়। পোনপ্ৰথমে আমি ইংৰাজী ভাষাৰ আগ্ৰাসনৰ কথাকে যদি চাবলৈ যাওঁ , ইয়াৰ মূলতে হ ' ল ইংৰাজসকলৰ সমগ্ৰ বিশ্বত উপনিৱেশ স্থাপনৰ যি প্ৰক্ৰিয়া , তাৰ ফলত প্ৰায় সৰু বৰ সকলো দেশতে এই ভাষাৰ প্ৰচলন আৰু ফলাফলস্বৰূপে বিশ্বৰ প্ৰধান ভাষা হিচাপে এতিয়া ইংৰাজী ভাষাৰ সিংহাসন লাভ। প্ৰায়সংখ্যক দেশৰে প্ৰধান ভাষা( official language) হিচাপে ইংৰাজী ভাষা ব্যৱহাৰ হৈ আহিছে আৰু শেহতীয়া তথ্যমতে সমগ্ৰ বিশ্বৰ দুই মিলিয়ন লোকে তথ্যৰ আদান প্ৰদ...

প্ৰিয়বন্ধু

Photo source: http://srzimmartist.blogspot.com (ৰচনাকালঃ ২০০৯) ঘণ্টাটো পৰাৰ লগে লগে গোটেই শ্ৰেণীটোৱেই প্ৰাণ পাই উঠিল। সকলোৱে চিঞৰ বাখৰ কৰি বাহিৰলৈ ওলাই গ'ল যদিও এজন তাৰ ব্যতিক্ৰম। ভালকৈ লক্ষ্য কৰিলে দেখা যায় যে দুচকুত অশ্ৰুৰ জিলিকণি, উদাস মুখৰ ভাও দি থকা এজন ল'ৰা। কিছুসময় পাছতঐ তালৈ এজাক ছোৱালীৰ আগমণ ঘটিল। সিহঁতৰ উশৃংখল হাঁহি, মন্তব্যবোৰে ল'ৰাটোৰ চকুপানীৰ নৈখন খৰস্ৰোতা হোৱাতহে সহায় কৰিলে। নাম তাৰ বৰুণ। শ্ৰেণীৰ আটাইতকৈ শান্ত ল'ৰা। শান্ত মানে একেবাৰে মুখৰ পৰা মাত নোলায়েই। কিন্তু তাৰ মনটো বৰ বহল। শ্ৰেণীৰ সকলো শিক্ষকৰে প্ৰিয়পাত্ৰ সি। তাৰ নম্ৰ, ভদ্ৰ আচৰণে তাক বিপদত নেপেলোৱাও নহয়। বিশেষকৈ, শ্ৰেণীৰ উৎপতীয়া কেইবাটাও ল'ৰাই তাৰ চৰিত্ৰ নষ্ট কৰাৰ চেষ্টা চলায়েই থাকে। কিন্তু তৰোৱালতকৈ কলম সদায় শক্তিশালী। তাৰ চৰিত্ৰ নামে বগা কাজগখিলাত সি ধূলিকণা এটাও পৰিবলৈ নিদিয়ে। শ্ৰেণীত তাৰ স্থান চতুৰ্থ। স্থানক লৈ সি কোনোদিনে গৰ্ব কৰা নাই আৰু তাক দেখিলে এনে লাগে যেন সি সেয়া কৰাৰ প্ৰয়োজনবোধো কৰা নাই। সময়মতে স্কুললৈ আহি শিক্ষকৰ নিৰ্দেশানুসৰি নিয়মমাফিক কৰ্ত্তব্যসমাপন কৰি সি

মোৰ নৱছাত্ৰাবাস

“ মই অহাৰ লগে লগে সাউতকৈ উঠি গৈ ফুল ছাৰ্টটো পিন্ধিলি যে ? হা ? গৰম উঠা নাই নেকি ?” “ ছাৰ হ ’ ব , একো নহয় । ইমান গৰমো   উঠা নাই ” “ অ , হ ’ ব বাৰু । ইয়াত থাকি পঢ়া শুনা কৰিবলে খালি নেপাহৰিবি । ঢকুৱাখনাৰ পৰা পঢ়িবলে আহিছ , পঢ়িবি , কিবা অসুবিধা পালে মোক কবি , ৰাকেশ পৰাণক কবি ” । ৰাকেশ পৰাণ মানে হোষ্টেলৰ সেইসময়ৰ মণিটৰ ৰাকেশদা আৰু পৰাণদা । ৰাকেশদা মোৰ ৰুমমেটো আছিল । নিজৰ কোঠাৰ পৰা বাহিৰলে ওলালেই তথা ৰূমলে কোনোবা ছিনিয়ৰ আহিলে যাতে আমাক ফুলছাৰ্ট আৰু লংপেণ্ট পিন্ধা দেখা পায় , তেনেকুৱা এটা কটকটীয়া নিয়মে আমাক সকলোক বান্ধি থৈছিল । জুন মাহৰ শেষ দিন । ইমান সময়ে যেনতেন সহ্য কৰি অধীক্ষক ড০ বিমান চেতিয়া ছাৰে কথাখিনি কৈ মোৰ ৰুমৰ দুৱাৰখন পাৰ হোৱাৰ লগে লগেই ছাৰ্টটো খুলি পেলাই ফেনৰ তলত বহি পৰিলোঁ ।

আকাশবাণী

     সৰুতে ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি ভাত খোৱাৰ পৰলৈকে যদি কিবা এটা বস্তু একেৰাহে আমাৰ লগত লাগিয়ে থাকে বুলি কবলৈ যাওঁ , নিশ্চয়কৈ তাৰ ভিতৰত ৰেডিঅ ' ৰ নামটোও সংলগ্ন কৰিব লাগিব। আজিকালিৰ ছাত্ৰ-ছাত্ৰীসকলৰ কথা নাজানো , কিন্তু মই হোষ্টেল অহাৰ আগলৈকে নিয়মীয়াকৈ ৰেডিঅ ' ৰ অনুষ্ঠান উপভোগ কৰিছিলোঁ। প্ৰকৃততে ৰেডিঅ ' শুনাটো একপ্ৰকাৰৰ বাকীবোৰ দৈনন্দিন কামৰ দৰেই আছিল। আমাৰ অঞ্চলত গুৱাহাটী আকাশবাণী কেন্দ্ৰৰ অনুষ্ঠানসমূহ সম্প্ৰচাৰিত হোৱাত অসুবিধা হৈছিল(দূৰত্বৰ বাবে) আৰু আমাৰ ৰাতিপুৱাবোৰ আৰম্ভ হৈছিল ডিব্ৰুগড় আকাশবাণী কেন্দ্ৰৰ পৰা সম্প্ৰচাৰিত ৰাতিপুৱাৰ অনুষ্ঠানসমূহৰ জৰিয়তে। এক বিশেষ সুৰ ধ্বনিৰ জৰিয়তে কেন্দ্ৰৰ প্ৰত্যেকখন অধিৱেশন আৰম্ভ হৈছিল।

অসমীয়া ভূচিত্ৰাৱলী

---চন্দ্ৰমা দুৱৰী বৰগোহাঞি--- ২০১৮ চনৰ ৪ ফেব্ৰুৱাৰীৰ দেওবৰীয়া বিচিত্ৰাত ৰবেন্দ্ৰ কুমাৰ দাসদেৱৰ ভূচিত্ৰাৱলীৰ বৰ্ণনাই আমাকো লৈ গ'ল দূৰ অতীতৰ তৃতীয় চতুৰ্থ পঞ্চম শ্ৰেণীত অঁকা আমাৰ চিৰচেনেহী জন্মভূমি অসমৰ মানচিত্ৰখনলৈ। ১৯৬৭ চনত যেতিয়া ৩য় শ্ৰেণীৰ বৃত্তি পৰীক্ষা দিবলৈ বাচনিভুক্ত হলো, ভূগোল বিষয়ত নিজ জিলাৰ এখন মেপ আঁকি জিলাৰ সদৰ ঠাই, নদী আদি বহুৱাবলৈ আহিছিল। তাৰ পাছত অসমৰ মেপ খন আকিবলৈ আমাক শ্ৰ্দ্ধাৰ গগন চেতিয়া ছাৰে শিকাইছিল। দাসদেৱে কোৱাৰ দৰে প্ৰথমে মেপখনৰ চাৰিসীমা জুখি স্কেলৰ সহায়ত সমান সমান জোখত বৰ্গক্ষেত্ৰ  আঁচ দি মেপখন আঁকিবলৈ শিকাইছিল। তাৰপাছত জিলাৰ সদৰ ঠাই, তেলৰ পুঙ থকা ঠাই, নদী আদি বহুৱাবলৈ দেখুৱাই দিয়ে। বিদ্যালয়ত থকা অসমীয়া ভূচিত্ৰাৱলীখনৰ পৰা ছাৰে মেপত থকা জিলাৰ সদৰ ঠাই, উত্তৰবাহিনী-দক্ষিণবাহিনী নদীবোৰ, তেল শোধনাগাৰ থকা ঠাইৰ নামসমূহ লিখি মেপত বহুৱাই আনিবলৈ দিয়ে। ঘৰত আহি ককাইদেউহঁতক খাটনি ধৰোঁ ভূচিত্ৰাৱলী এখন লাগে নিজাকৈ। ককাইদেউ বাইদেউহঁতৰ ভূচিত্ৰাৱলী বিলাক সিহঁতক দৰকাৰ হোৱাৰ বাবে দেউতাই নতুনকৈ মোক এখন ভূচিত্ৰাৱলী কিনি দিছিল। বিদ্যালয়লৈ আনিলে ভূগোল পিৰিয়ডত আটাইয়ে লগ হৈ ভূ...

প্ৰতিধ্বনি

পল্লৱীয়ে যদি আগতে স্কুললৈ যোৱাৰ আগতে মাকক কয় , মই বইল কৰা কণী খাবলৈ বেয়া পাওঁ , মোক ভাজি দে , মাকে ক ’ ব বায়েৰে দেখোন একোতে অজুহাত দেখুৱাই নেপায় , তইনো কেনেকৈ ইমান আলসুৱা স্বভাৱৰ হলি । আৰু তাৰ পাছত তাই বইল কৰা কণীটো খঙতে নি পকা মজিয়াত পেলাই দিলে কণীটো খাব পৰাও হৈ থাকে , মজিয়াখনো নাভাঙে আৰু অৱশেষত গৈ তাই ভাজি কৰা কণীও খাবলৈ নাপায় । পাছত বায়েক বসুন্ধৰাই নিজৰ ভাগৰটো তাইক দি দিয়ে আৰু তাই মজিয়াত পৰাটো খায় । কলেজ পোৱাৰ পাছত বজাৰলৈ অথবা ক ’ ৰবালৈ ওলাই যাবলৈ হ ’ লে মাকক নিবলৈ দেউতাকৰ স্কুটিখন কোনে চলাব ? পল্লৱীয়ে কেইবাদিনো মুখ ওন্দোলাই , পিন্ধিবলৈ বুলি আনি লোৱা চেণ্ডেল দলিয়াই মেলি চালে , কিন্তু মাক সদায় ডাঙৰ জীয়েক বসুন্ধৰাৰ লগতহে যাব । স্কুটি চলাব পাৰিলে বুলিয়ে কি হ ’ ল ? পল্লৱী সৰু ছোৱালী । বইল কৰা কণী খালে যে তেলত ভজাতকৈ বেছি শক্তি পোৱা যায় , সেয়া বুজি নোপোৱা সৰু ছোৱালী । বসুন্ধৰাই সেইবোৰ বুজি নাপায় । তাইৰ দীঘল চুলিকোছা দুডাল বেণী কৰি মাকে আঁচুৰি দিয়ে , তাই মাকৰ চৰণ চুই স্কুললৈ যায় । কলেজত নামভৰ্ত্তি কৰাৰ পিছত তাই বেণী গুঠিবলৈ এৰিলে , চুলিকোছা আৰু অলপ দীঘল হ ’ ল । তাইৰ...

মাজ ৰাতি কেতেকী (Not a film review)

মাজ ৰাতি কেতেকী বোলছবিখন চালোঁ। প্ৰথমবাৰ, যেতিয়া তেজপুৰৰ পৰা ঘৰলৈ বুলি বাছত আহি আছিলোঁ, তেতিয়া। ঘৰৰ পৰা গুৱাহাটীলৈ যাবলৈ ভাল, এটা নিশাৰ বাট। লখিমপুৰ যাবলৈও ভাল, ডেৰঘণ্টা সময়ৰ প্ৰয়োজন। কিন্তু তেজপুৰলৈ যাবলৈ আমুৱাই যায়। দিনৰ ভাগত যাবলৈ হ’লে ৰাতিপুৱাই ওলাব লাগে, তেজপুৰ পায়গৈ প্ৰায় আঢ়ৈৰ পৰা তিনি বজাৰ ভিতৰত। গৰম দিন হ’লে সহ্যৰ সীমা কেতিয়াবাই পাৰ হৈ যায়। তাতে যদি বাছত মানুহ উঠাবলৈ পদূলিয়ে পদূলিয়ে ৰখায়, তেতিয়া কি কৰোঁ কি নকৰোঁ যেন হয়। এয়া কেৱল মোৰ অভিজ্ঞতাই নহয়, ভূক্তভোগী বহুত। অৱশ্যে ৰেলগাড়ীত যাব পাৰি, বাছযাত্ৰাতকৈ আৰামী হোৱাৰ লগতে ইমান আমনি নালাগে। কিন্তু তাতো মানুহৰ যি ভীৰ, যি হেঁচা ঠেলা, তাৰ ওপৰত আকৌ অপৰিষ্কাৰ পৰিৱেশ আৰু বেগৰ বস্তু চুৰি হোৱাৰ ভয়। গতিকে একেলগে কেইবাটাও গ’লে ৰে’লত যোৱাই ঠিক। সেইদিনা অকলেই তেজপুৰৰ পৰা বাছত আহিবলগীয়া হ’ল, গতিকে চিনেমাখন ওলিয়াই ল’লোঁ।

দ্য নিউ গাৰ্ল ইন দ্য চিটী

---প্ৰিয়ম দি জ্যোৎস্না---  (১)  "হাজাৰজনৰ দৰে ময়ো যেতিয়া মুম্বাইলৈ আহিছিলোঁ, তেতিয়া নিজৰ বয়-বস্তুবোৰৰ সৈতে কিছুমান সপোনো বান্ধি আনিছিলো। তাৰ ভিতৰত আটাইতকৈ ডাঙৰ সপোনটো আছিল--এগৰাকী লেখক হোৱাৰ সপোন। যেতিয়া মোক এই প্ৰৱন্ধটো লিখিবলৈ কোৱা হৈছিল, তেতিয়াই হয়তো মোৰ সপোনটো বাস্তৱলৈ ৰূপান্তৰিত হ'ল। কিন্তু অশেষ চেষ্টাৰ পিছতো মই এই প্ৰৱন্ধটো লিখিবলৈ পৰা নাছিলোঁ। প্ৰতিবাৰেই লিখিবলৈ লওঁতে এনেকুৱা লাগিছিল যেন বহু কথা থাকি গৈছে। এই চহৰখনৰ বিষয়ে এনেকুৱা কি ক'ম যি আজিলৈকে কোনেও কোৱা নাই! সেইকাৰণে জমা দিয়াৰ এৰাতিৰ আগত প্ৰৱন্ধটো মই ফালি পেলালো আৰু পুনৰ লিখিবলৈ আৰম্ভ কৰিলো।       কেৱল দুমাহতে এক অদ্ভুতধৰণৰ প্ৰেম হৈ গ'ল এই চহৰখনৰ সৈতে। চহৰখন মোৰ আপোন যেন লগা হ'ল। ইয়াৰ কাৰণ কি হ'ব পাৰে? মোৰ নতুন উৎসাহমূলক চাকৰিটো ,মোৰ সৰু ফ্লেটটো নে মোৰ স্বাধীনতা? এই চহৰখনে এনেকুৱা কি দিছে মোক , যি মোৰ আপোন হৈ পৰিছে? প্ৰকৃততে উত্তৰটো বহুদিন ধৰি মোৰ চকুৰ সন্মুখতে আছিল, কিন্তু মইহে ধৰিব পৰা নাছিলোঁ। মুম্বাইলৈ আহিয়েই প্ৰথম ৰাতি মই কাৰোবাক লগ পালো। এজন ল'ৰাক। বন্ধু, ৰূ...

হৰ্ষাভোগলে অথবা ছেহৱাগহঁতৰ কথাৰে….

--- সুমন্ত সৌৰভ কাকতি --- অন্য জনপ্ৰিয় খেলতকৈ ক্ৰিকেট সময়ৰ দিশৰ পৰা কিছু দীঘলীয়া খেল , ছয়-চাৰি বা উইকেইৰ সঘন পতন নঘটিলে ক্ৰিকেট সাধাৰণতে বিৰক্তিকৰ আৰু আমনিদায়ক হৈ উঠে , কিন্ত সেইসময়তে পোনপটীয়া সম্প্ৰচাৰৰ হিন্দী ভাষাৰ কমেণ্ট্ৰি বস্কৰ মাইক্ৰফোণত বাজি উঠা ” চিপছ কা পেকেট অঔৰ ৰবীন্দ্ৰ জাডেজা কা অভাৰ কব খতম হো জ্যায়ে পতা নহী চলতা” “প্যায়াৰ মে ডুবা হুৱা লড়কা , চায় মে ডুবা হুৱা বিস্কুট অঔৰ বিনা ৰাণ কে বেটছমেন কিছি কাম কা নহী ” বা “ইয়ে ইতনা আছান কেটচ থা কি শ্বোলে কা ঠাকুৰ ভি ইছে পকড় চকতা থা ” ( শ্বোলে চিনেমাৰ ঠাকুৰৰ দুয়োখন হাতেই নাছিল ) ,”পাকিস্থান কো গোলী চে নহী কোহলী চে ডৰ লগতা হ্যায় ” খঙাল বিৰাট কোহলিৰ চমৎকাৰ প্ৰদৰ্শনত সন্মোহিত হৈ কোৱা ” বিৰাট কা তেৱৰ মানো সোণে কা জেবৰ ( অলংকাৰ) “ফটে কলাৰ অঔৰ পিতে হুৱে বলাৰ কো ক্যোয়ী ইজ্জত নহী দেতা ” বা চেতেশ্বৰ পূজাৰাক দীৰ্ঘসময় ক্ৰীজত অতিবাহিত কৰাৰ বাবে উদ্দেশ্যি কোৱা” ইয়ে জীয়েন্দী না মিলেগী পূজাৰা ” ইত্যাদি অনেক ধৰণৰ খুহুতীয়া আমোদজনক ওৱান লাইনাৰ বোৰে বিৰক্তিকৰ খেল এখনতো দৰ্শকক আনন্দ দিয়াৰ লগতে মনোযোগ পুনৰবাৰ আকৰ্ষণ কৰিবলৈ সক্ষম হয় । আৰম্ভণিৰ অভাৰট...

ইত্যাদি

(ৰচনাকালঃ ২০ ১১ ) বহুদিনৰ মূৰত মোৰ বাবে এটা আবেলি সম্পূৰ্ণ একান্ত ব্যক্তিগতভাৱে ওলাই পৰিল। স্কুলীয়া জীৱনৰ শেষ পৰীক্ষাটো দি উঠাৰ পাছত প্ৰকৃততে সকলোৰে ক’ত যাম, ক’ত নাযাম লাগে নেকি! মোৰো কাৰ্যতঃ একেই হৈছে। কি কৰোঁ কি নকৰোৰ উত্তেজনাত আৰু ঘৰৰ প্ৰৰোচনাত কেইদিনমানৰ বাবে খুড়াহঁতৰ ঘৰতে থাকি আহিলোগৈ। এতিয়া সেয়েহে বহুদিনৰ পিছত, বিহুৰ সময়তহে আজৰি হৈছোঁ আৰু সেই বাবে লগে লগেই মনজিতহঁতৰ ওচৰলৈ ঢাপলি মেলি আহিছোঁ। বিহুৰ সময়। এইকেইদিন গাঁৱত নাথাকিলো বুলিয়েই ইমান পৰিৱৰ্তননো হ’ব পাৰেনে? মহেন্দ্ৰ খুড়াৰ ঘৰৰ আগৰ গছ দুজোপাৰ ওপৰৰ ডাল-পাত কাটি দি গোটেইখন মুকলি কৰি ল’লে, ডিম্পলহঁতৰ আধৰুৱা পকাঘৰটো এতিয়া ৰং দিছে, কণহঁতৰ ঘৰৰ ওচৰতে এটা ডাঙৰ মাছ পুহিবৰ বাবে পুখুৰী খান্দিছে আৰু গাঁৱৰ ৰাস্তাটোতে এটা কালভাৰ্ট নিৰ্মাণ হৈ আছিল, সেইটো সম্পূৰ্ণ হৈ উঠিছে। মুঠতে এক বিৰাট পৰিৱৰ্তন। লাহে লাহে মই ৰাণাহঁতৰ ঘৰ পালোগৈ। আগফালে তাৰ ভনীয়েকে খেলি থকাৰ পৰাই মাত লগালে যে সি ইতিমধ্যেই ঘৰৰ পৰা অন্তৰ্ধান হৈছে। এইবাৰ আৰু মই পোনে পোনে পথাৰ পালোগৈ। কিন্তু মোৰ দুৰ্ভাগ্য যে খেল ইতিমধ্যেই আৰম্ভ হৈ গ’ল আৰু খেলৰ মাজত নতুনকৈ সোমাই খেলি...