Previously:: পুডুচেৰী পুডুচেৰী(Part I) সাগৰ দেখিলেই বাৰু সকলোৰে নিজৰ ভাৱনাত ডুব যাবলৈ মন নাযায় নে? বালি আৰু সাগৰৰ পানীৰ সংগমস্থলীত অৰ্ধশৰীৰ ডুবাই ৰাখি মুখখনত ৰ’দৰ উত্তাপ এক নিৰ্দিষ্ট জোখত ৰাখিব পৰাকৈ কাপোৰ এখন, কাণৰ পৰ্দাত বতাহ আৰু জোৱাৰৰ শব্দ আৰু তাৰমাজত নিজৰ ভাৱনাত অলেখ অযুত চিন্তাৰ তৰা এটা দুটাকৈ সন্ধিয়াৰ আকাশত ওলোৱাৰ দৰে, যিমান সময় অতিবাহিত কৰা যায়, সিমানে ওলাই গৈ থাকে। এটা সময়ত আটাইবোৰৰ হিচাপৰ নিয়ন্ত্ৰণ নোহোৱা হৈ পৰে, এক নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে শৰীৰত স্পৰ্শ দি যোৱা সাগৰৰ ঢৌবোৰেও তাৰেই বতৰা আনে। ঋতুপৰ্ণই ন দি কোৱাৰ কাৰণেহে আমি পেৰাডাইজ বীচ্চৰ পৰা ওলাই আহিলোঁ। সমগ্ৰ দিনটো তাত কটাইও যেন আমাৰ হেঁপাহ নপলাব এনেকুৱা লাগি আছিল।
Prankrishna Borgohain