Previously:: পুডুচেৰী পুডুচেৰী(Part I)
সাগৰ দেখিলেই বাৰু সকলোৰে নিজৰ ভাৱনাত ডুব যাবলৈ মন নাযায় নে? বালি আৰু সাগৰৰ পানীৰ সংগমস্থলীত অৰ্ধশৰীৰ ডুবাই ৰাখি মুখখনত ৰ’দৰ উত্তাপ এক নিৰ্দিষ্ট জোখত ৰাখিব পৰাকৈ কাপোৰ এখন, কাণৰ পৰ্দাত বতাহ আৰু জোৱাৰৰ শব্দ আৰু তাৰমাজত নিজৰ ভাৱনাত অলেখ অযুত চিন্তাৰ তৰা এটা দুটাকৈ সন্ধিয়াৰ আকাশত ওলোৱাৰ দৰে, যিমান সময় অতিবাহিত কৰা যায়, সিমানে ওলাই গৈ থাকে। এটা সময়ত আটাইবোৰৰ হিচাপৰ নিয়ন্ত্ৰণ নোহোৱা হৈ পৰে, এক নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে শৰীৰত স্পৰ্শ দি যোৱা সাগৰৰ ঢৌবোৰেও তাৰেই বতৰা আনে।
ঋতুপৰ্ণই ন দি কোৱাৰ কাৰণেহে আমি পেৰাডাইজ বীচ্চৰ পৰা ওলাই আহিলোঁ। সমগ্ৰ দিনটো তাত কটাইও যেন আমাৰ হেঁপাহ নপলাব এনেকুৱা লাগি আছিল।
পাৰৰ পৰা উঠি আহি গৰম পানীত গাটো তিয়াই কাপোৰ সলাই ল’লো। কাপোৰ বিশেষকৈ জেপ থকা পেণ্ট পিন্ধি সাগৰত খেলিবলৈ যোৱাটো ভুল, বালিবোৰ সোমাই ওলাই যাবলৈ মন নকৰে। বালি উলিয়াই কাপোৰ সলাই মেলি আহো মানে ইফালে ৰ’দ মূৰৰ ওপৰত উঠিছিলহি। ইফালে ৰাতিপুৱাই খোৱা, সাগৰৰ পাৰৰ পৰা উঠি আহোঁতেহে যেন ভোক পিয়াহৰ কথা মনলৈ আহিল। তাৰপাছত মনলৈ আহিল সেইদিনাটো পণ্ডিচেৰী বন্ধ ঘোষণা কৰা আছিল। ঋতুপৰ্ণই প্ৰস্তাৱ দিলে এইদৰে অট’ বিচাৰি থাকিলে সময়ো যাব, পইচাও যাব। তাতকৈ ভাড়ালৈ বাইক তিনিখনমান লৈ লওঁ, নিজৰ ইচ্ছামতে ঘূৰিবও পাৰিম, পইচাও কম খৰচতে হৈ যাব। কথাটোত আমাৰ সকলোৰে ভাল লাগিল। কাৰণ ইমানদিনেতো অট বাছ এইবোৰতে ফুৰি আছোঁ, বাইক এখনত ঘূৰিবলৈ পালে যাত্ৰাটো আৰু অলপ ৰোমাঞ্চকৰ হৈ উঠিব। তাৰোপৰি কোনো এখন ঠাই ভালদৰে জানিবলৈ হ’লে নিজে খোজ কাঢ়ি অথবা বাইক এখন লৈ ল’লে আৰু ভালদৰে জানিব পৰা যায়। সাতে পাচে মিলি আমি ঋতুপৰ্ণৰ মুখলৈ চাই থাকিলোঁ, কাৰণ পণ্ডিচেৰীত অভিজ্ঞতা তাৰহে বেছি আৰু সি ইতিমধ্যে তাত এখন ছেকেণ্ড হেণ্ড বাইক কিনিও লৈছে তাৰ নিজৰ সুবিধাৰ কাৰণে। কিন্তু সেইসময়তে তাৰ মুখখন আকৌ বিব্ৰত হোৱা দেখা গ’ল, “আজিতো বন্ধ, বাইক ভাড়ালৈ দিয়াকেইটা বা আছে নে নাই!”
মনটো দুটা কাৰণে ভাল লাগি আছিলে, প্ৰথম আকৌ সাগৰৰ পাৰত গৈ পানী খেলিবলৈ পাম, দ্বিতীয়তে বাইক চলাই চলাই পণ্ডিচেৰী ঘূৰিবলৈ পাম। কিন্তু ঋতুপৰ্ণৰ বিব্ৰত মুখখনে মনটো সেমেকাই আনিলে। পণ্ডিচেৰী বন্ধ দিছে যেতিয়া বাইক ভাড়ালৈ দিয়া চেণ্টাৰকেইটাওটো বন্ধই থাকিব। আকৌ তাতে বেছি সময় নায়েই দিনটো শেষ হ’বলৈ, তাৰ পাছতে আমি ৰাতিৰ বাছত বাংগালোৰলৈ ঘূৰিও যাব লাগিব। তথাপি ক’ৰবাত কেনেবাকৈ পাওঁৱেই নেকি বুলি গোটেইকেইটা খোজ কাঢ়িয়েই অলপ দূৰ গৈ থাকিলোঁ, ঋতুপৰ্ণই তাৰ বাইকখনতে আহিছিল, সি আগবাঢ়িল। বেছি দূৰ যাবলগীয়া নহ’ল, আমি অকৰাকেইটাৰ নিচিনাকৈ চাৰিওফালে চাই মেলি গৈ থকাৰ কাৰণেই চাগৈ, এজন মানুহ দৌৰি দৌৰি আমাৰ ওচৰলৈ আহিল আৰু সুধিলে বাইক ভাড়ালৈ লাগিব নেকি? মানুহটো সাক্ষাৎ দেৱতাৰ আৱিৰ্ভাৱ হোৱাৰ দৰে লাগিছিল, লগে লগে আমি দুখন বাইক তেওঁৰ পৰা ভাড়ালৈ ল’লোঁ। দোকান-পোহাৰ প্ৰায় বন্ধই আছিল, কিন্তু তেওঁলোকে সেই তেনেকৈয়ে ৰাস্তাৰ কাষত ৰৈ ৰৈ আমাৰ দৰে দুটামান তাত ফুৰিবলৈ যোৱাৰ নিচিনা চেহেৰাৰ মানুহৰ সন্ধানতেই আছিল। সন্ধান যদি পায়, তেতিয়া সিহঁতৰ নিজৰ ঠাইলৈ লৈ গৈ বাইক ভাড়াত দিয়াৰ বন্দবস্ত কৰি লৈছিল।
মুঠৰ ওপৰত বাইকৰ যোগান হৈ গ’ল যেতিয়া মনটো আকৌ ভাল লাগিবলৈ ধৰিলে। আমি মানুহ যিহেতু পাঁচটা আছিলোঁ, গতিকে এখন বাইকত তিনিটাকৈ উঠিবলগীয়া হ’ল। নিজৰ ঠাইত বেলেগ কথা, কিন্তু ঘৰৰ পৰা ইমান দূৰৈত এখন বাইকত তিনিটা? ঋতুপৰ্ণই একদম গভীৰ আশ্বাস দিলে, “ইয়াত পুলিচকো এখন বাইকত তিনিটাকৈ যোৱাই দেখিবা, ইয়াত এইবোৰৰ পাৰ্মিচন আছে, একদম চিন্তা কৰাৰ দৰকাৰ নাই”। ঋতুপৰ্ণই আমাক কথাটো এনেই কোৱা যেনহে লাগিল। ইতিমধ্যে ইমান অসুবিধা হৈছেই আকৌ আৰু এখন বাইক উপৰঞ্চিকৈ লৈ সেইখন অকলে কোনে চলাব নচলাব তাক লৈ সময় যাতে অপচয় নহয় সেইকাৰণে যেন মিছা আশ্বাস এটা দি থ’লে। কিন্তু অলপ পাছতে দেখিলোঁ আমাৰ দৰে কেইবাটাও, এখন বাইকতে তিনিটা তিনিটাকৈ উঠি একদম আৰামত গৈ আছে। ঠিকেই আছে, এতিয়া তেন্তে আমাৰো চিন্তা নাই, মাত্ৰ আমাৰ লক্ষ্যস্থল পোৱাৰহে কথা।
ঋতুপৰ্ণ আগে আগে আৰু আমাৰ বাকী বাইক দুখন তাৰ পাছে পাছে। বন্ধৰ দিন হোৱা কাৰণে প্ৰায় ৰাস্তা খালি খালি হৈ আছিল, গতিকে বৰ বেছি যান-জটৰ চিন্তা নাছিল। অৱশ্যে পুলিচ থান দুখনমান পাৰ হৈ যাবলগীয়া হৈছিল আৰু তেতিয়া সেইফালে মূৰ নকৰাকৈ খৰধৰকৈ পাৰ কৰাৰ চিন্তাহে কৰিছিলোঁ। যিমান কোনেও একো নকৰে বুলি ক’লেও তিনিটা উঠি যোৱাটো নিয়ম নহয় যেতিয়া ভয় লাগিবই, তাতে অসমতো নাই আমি। ৰ’দটো মূৰৰ ওপৰলৈ আহি খাওঁ খাওঁ মূৰ্তি ধৰিছিলেই ইতিমধ্যে আৰু বাইক চলাবলৈ পাই পেটৰ ভোকটোৱেও অলপ সময়ৰ কাৰণে মূৰ পোলোঙা দিছিলে। ঋতুপৰ্ণই প্ৰস্তাৱ দিলে মেংগ্ৰভ ফৰেষ্টলৈ যোৱাৰ। তাত পানীৰ মাজত অৰণ্য এখন আছে, নাৱেৰে যাব লাগে, ধুনীয়া। সি যিহে লোভ লগাধৰণেৰে কৈছে, আমি গোটেইকেইটাই বীচ্চলৈ যোৱাৰ কথা পাহৰি তালৈ যোৱাৰ কথা পাঙিলোঁ। ইতিমধ্যে ইণ্টাৰনেটত থকা ফটো চাই উত্তেজনাৰ শিখৰত। কিন্তু আমি য’ত আছিলোঁ, তাৰপৰা প্ৰায় আশী(৮০) কিল’মিটাৰ যাব লাগিব, তাতে আকৌ ঋতুপৰ্ণও আচলতে আগেয়ে গৈ পোৱা নাই, সি মাত্ৰ ইয়াৰ আগেয়েও কাৰোবাৰ লগত যোৱাৰ পৰিকল্পনাহে কৰিছিল। তালৈ যোৱা মানে অহাই যোৱাই ১৬০ কিল’মিটাৰ, আহি আমাৰ ৰাতিৰ বাছ পাওঁহি নাপাওঁহি তাৰ কোনো নিশ্চয়তা নাই। মেংগ্ৰভৰ পৰিকল্পনা আমি পণ্ডিচেৰী অহাৰ আগেয়ে হোৱা নাছিল, নহ’লে আজিয়ে ঘূৰি যোৱাৰ বাবে বাছৰ টিকটো কৰাৰ কথা নাছিল। কিন্তু তাৰ ফটোবোৰ দেখি আৰু ঋতুপৰ্ণৰ প্ৰলোভনে আমাক পুনৰবাৰ ভবাই তুলিলে। সকলোৰে মনৰ চিন্তাবোৰ এনেকুৱাধৰণৰঃ
ক) তালৈ গ’লে আজি ঘূৰি যাব পৰা নহ’ব, অথচ ইয়ালৈ আহিছোঁয়ে যেতিয়া এই মাত্ৰ আশী কিল’মিটাৰ দূৰত থকা ঠাইখন এৰিনো কেনেকৈ যাওঁ?
খ) পাছত যেনিবা আহিলোৱেই, তেতিয়া এইখিনি মূহুৰ্তৰ দৰে সময় ঘূৰাই নিৰ্ঘাত ঘূৰাই নাপাওঁ।
গ) এনেকৈ বাইক চলাই গৈ বেলেগ এখন ঠাইত ৰ’ড ট্ৰিপ কৰাৰ সুযোগ “জীৱনত আকৌ নাপাওঁ দুনাই”
ঘ) ধৰি ল’লোঁ, আমি আজি মেংগ্ৰভলৈ নগৈ বাংগালোৰ ঘূৰিয়ে গ’লোঁ। পাছত যেতিয়া লগৰবোৰৰ আগত গৈ কমগৈ আমি পণ্ডিচেৰী ফুৰি আহিলোগৈ, আৰু তেতিয়া যদি কোনোবাই কয় পণ্ডিচেৰী গৈ মেংগ্ৰভ চাই নাহিলি, তেন্তে কি চালি—তেতিয়া কিমান লাজ লাগিব!
পাঞ্জাৱী ধাবা এখনত সোমাই দুপৰীয়াৰ আহাৰ খাই থাকোঁতে সকলোৰে মতামত লৈ সিদ্ধান্ত লোৱা হ’ল আজি আৰু মেংগ্ৰভলৈ যোৱা নহ’ব। যিহেতু ঋতুপৰ্ণৰো আগেয়ে তালৈ যোৱাৰ অভিজ্ঞতা নাই আৰু ইতিমধ্যে দিনৰ আধাভাগ পাৰ হৈছিলই গতিকে খৰধৰকৈ লোৱা যিকোনো সিদ্ধান্তই আমাৰ বেছি অপকাৰহে কৰিব। গতিকে জয়খম্বাই বাছৰ টিকেট বাতিল কৰিলে আৰু তাৰ পাছ দিনা ৰাতিপুৱাই পুনৰ বাইক লৈ মেংগ্ৰভলৈ যোৱাৰ কথা ঠিক হ’ল।
সেইদিনা ৰাতিলৈ আমি পণ্ডিচেৰী বিশ্ববিদ্যালয়ৰ কাম্বেন হোষ্টেলত থাকিলোঁ। আমি যোৱাৰ সময়ত গৰম বন্ধ শেষ হৈ নতুন শিক্ষাবৰ্ষৰ আৰম্ভণি হ’বলৈ লৈছিল, তাৰে নৃতত্ব বিভাগৰ স্নাতকোত্তৰ শ্ৰেণীত নামভৰ্তি কৰা অসমৰ জয়দ্বীপ ফুকনক লগ পালোঁ। পণ্ডিচেৰী বিশ্ববিদ্যালয়ৰ যথেষ্ট ডাঙৰ কেম্পাছ, মুখ্যদ্বাৰৰ পৰা আমি থকা হোষ্টেল পাবলৈ প্ৰায় ২ কিল’মিটাৰ যাব লাগে। ওচৰে পাজৰে কেইবাটাও হোষ্টেল, যথেষ্ট ডাঙৰ। হোষ্টেলৰ কোঠাবোৰো যথেষ্ট উন্নতমানৰ। ভাত খাই উঠি আমি গোটেইকেইটা ৰাতিৰ চাৰে বাৰমান বজাত গৰমত ফুৰিবলৈ বুলি ওলাই গ’লোঁ। আমি যোৱাৰ সময়ত তাত তেতিয়া থকা ছাত্ৰ ছাত্ৰীসকলো ওলাই আহিছিল--ফুৰিবলৈ, কিছুমানে ছাইকেল স্কুটি চলাই, কিছুমানে ফুটবলো খেলি আছিল।
সেইদিনা ৰাতিলৈ ঋতুপৰ্ণৰ কৃপাত অক্টোপাছ খোৱাৰ সৌভাগ্যও হ’ল।
(To be continued)
Read :: মাইচৰ চে আয়া মেৰা দোষ্ট
����keep it up..
ReplyDelete