নৱছাত্ৰাবাসৰ সোণসেৰীয়া দিনবোৰৰ কথা স্মৃতি ৰোমন্থন কৰি লগবন্ধুৰ লগত আড্ডা যেতিয়া জমি উঠে, সেই সময়তে বগৰী দিৱসৰ কথা ওলালে মোৰ ক’বলৈ বিশেষ একো নাথাকে, কাৰণ একেখন ঘৰতে পাঁচটাকৈ বছৰ অতিবাহিত কৰাৰ পাছতো মই এবাৰো এই দিনটোৰ ভালদৰে উপস্থিত থকাৰ সুযোগ লাভ নকৰিলোঁ। প্ৰত্যেক বছৰৰ ফেব্ৰুৱাৰী মাহৰ প্ৰথমটো ৰবিবাৰে এই দিৱসৰ আয়োজন কৰা হয়। প্ৰথম দুবছৰ আৰু শেষৰ বছৰ পৰীক্ষাৰ সংক্ৰান্তত ঘৰত থাকিবলগীয়া হেতু উপস্থিত থাকিব নোৱাৰাৰ বাদে মাজৰ দুবছৰ বগৰী দিৱসৰ দিনাই হোষ্টেলৰ আন এক বছৰেকীয়া উৎসৱ “বনভোজ”ৰ আয়োজন হোৱাৰ কাৰণে প্ৰকৃত বগৰী দিৱসৰ সোৱাদৰ পৰা বঞ্চিত হ’বলগীয়া হৈছিল। এইখিনিতে এটা প্ৰশ্ন স্বাভাৱিকতে মনলৈ অহা স্বাভাৱিক যে দুইটা দিৱসৰে নিজস্ব গৰিমা থকাৰ পাছতো একেদিনাই দুয়োটা দিৱস আয়োজন নকৰি বনভোজৰ সময়টো পিছলৈ কৰা হ’লেইচোন সমস্যা সমাধান হয়। পিছে এইখিনিতে কেইবাটাও কথা আহি পৰে। প্ৰথম কথা, বগৰী দিৱসৰ ধাৰণা নতুন নহয়, বহুত আগৰে পৰা এই পৰম্পৰা চলি আহিছে, বোপাককাৰ দিনৰে বুলি ক’লেও বঢ়াই কোৱা নহব। আনহাতে বাৰ্ষিক বনভোজৰ ধাৰণাটো আচলতে কোনোবাই নিয়ম কৰি আনি দিয়া বস্তু নহয়, ই হৈছে এক ধৰাবন্ধা নিয়ম, যেনেকৈ ভাত খোৱাৰ প
Prankrishna Borgohain