নৱছাত্ৰাবাসৰ সোণসেৰীয়া দিনবোৰৰ কথা স্মৃতি ৰোমন্থন কৰি লগবন্ধুৰ লগত আড্ডা যেতিয়া জমি উঠে, সেই সময়তে বগৰী দিৱসৰ কথা ওলালে মোৰ ক’বলৈ বিশেষ একো নাথাকে, কাৰণ একেখন ঘৰতে পাঁচটাকৈ বছৰ অতিবাহিত কৰাৰ পাছতো মই এবাৰো এই দিনটোৰ ভালদৰে উপস্থিত থকাৰ সুযোগ লাভ নকৰিলোঁ। প্ৰত্যেক বছৰৰ ফেব্ৰুৱাৰী মাহৰ প্ৰথমটো ৰবিবাৰে এই দিৱসৰ আয়োজন কৰা হয়। প্ৰথম দুবছৰ আৰু শেষৰ বছৰ পৰীক্ষাৰ সংক্ৰান্তত ঘৰত থাকিবলগীয়া হেতু উপস্থিত থাকিব নোৱাৰাৰ বাদে মাজৰ দুবছৰ বগৰী দিৱসৰ দিনাই হোষ্টেলৰ আন এক বছৰেকীয়া উৎসৱ “বনভোজ”ৰ আয়োজন হোৱাৰ কাৰণে প্ৰকৃত বগৰী দিৱসৰ সোৱাদৰ পৰা বঞ্চিত হ’বলগীয়া হৈছিল। এইখিনিতে এটা প্ৰশ্ন স্বাভাৱিকতে মনলৈ অহা স্বাভাৱিক যে দুইটা দিৱসৰে নিজস্ব গৰিমা থকাৰ পাছতো একেদিনাই দুয়োটা দিৱস আয়োজন নকৰি বনভোজৰ সময়টো পিছলৈ কৰা হ’লেইচোন সমস্যা সমাধান হয়। পিছে এইখিনিতে কেইবাটাও কথা আহি পৰে। প্ৰথম কথা, বগৰী দিৱসৰ ধাৰণা নতুন নহয়, বহুত আগৰে পৰা এই পৰম্পৰা চলি আহিছে, বোপাককাৰ দিনৰে বুলি ক’লেও বঢ়াই কোৱা নহব। আনহাতে বাৰ্ষিক বনভোজৰ ধাৰণাটো আচলতে কোনোবাই নিয়ম কৰি আনি দিয়া বস্তু নহয়, ই হৈছে এক ধৰাবন্ধা নিয়ম, যেনেকৈ ভাত খোৱাৰ পাছত পানী অকণ খাবই লাগিব- তেনেকুৱা। কিন্তু ছিমেষ্টাৰ পদ্ধতি হোৱাৰ পাছত সকলোৰে সময় মিলি যোৱাকৈ ভাল তাৰিখ এটা পোৱা খুব সমস্যা আৰু বেছি দেৰি হৈ যোৱাৰ মানেই ছেচনেল পৰীক্ষাৰ অত্যাচাৰ আৰম্ভ, গতিকে মহাবিদ্যালয় সপ্তাহৰ পাছতেই ছেগ বুজি বনভোজৰ ব্যৱস্থা নকৰিলে পাছত সেয়া হৈ উঠাৰ সম্ভাৱনা তেনেই কম। তাতে বিভাগীয় বনভোজবোৰ থাকেই।
নৱছাত্ৰাবাসৰ বনভোজৰ কাৰ্যসূচী কেৱল ক’ৰবাৰ ঠাই এটুকুৰালৈ গৈ কিছুসময়ৰ বাবে সকলো দুখ চিন্তা পাহৰি মাছে মাংসই একেলগে এসাঁজ খোৱাতে সীমাবদ্ধ নহয়, আগদিনা সন্ধ্যা ছাত্ৰীনিবাসৰ ফালে মুখ কৰি ডাঙৰকৈ গান বজাই সকলোৱে নাচিবলৈ আৰম্ভ কৰাৰ পৰাই বাৰ্ষিক বনভোজৰ কাৰ্যসূচীৰ আৰম্ভণি ঘটে। তাৰপাছত পাছদিনা ৰাতিপুৱা পিকনিক স্পটলৈ যোৱাৰ আগেয়ে ছাত্ৰাবাস আৰু ছাত্ৰীনিবাসৰ মাজত থকা খেলপথাৰত বাছখনেৰে কমেও তিনিপাক মাৰি গাৰ্লছ হোষ্টেলৰ ওচৰ পোৱাৰ সময়ত ছোৱালীবোৰক উদ্দেশ্যি কিৰিলি পৰাটোও হৈছে বনভোজৰ অন্যতম প্ৰধান উদ্দেশ্য। তেনেদৰে তিনিপাক চাৰিপাকমান মৰাৰ পাছতহে গন্তব্যস্থল অভিমুখে ৰাওনা হোৱা যায়। দিনটোৰ শেষত বনভোজৰ পৰা আহোঁতে ভাগৰত বেছিভাগ আবাসীয়ে টোপনিত লালকাল হৈ পৰে, কিন্তু কলেজ চাৰিআলি পোৱাৰ লগে লগে সকলোকে জনাই দিয়া হয় আৰু কেম্পাছত সুমোৱাৰ পাছত পুনৰ খেলপথাৰত তিনি-চাৰি পাক মৰাৰ কাৰ্যসূচী পুনৰাবৃত্তি কৰিহে সেই বছৰলৈ বনভোজৰ সফল পৰিসমাপ্তি ঘটে। অৱশ্যে এই বাছেৰে তিনি চাৰি পাক মাৰি কিৰিলী পৰা কামটোত গাৰ্লছ হোষ্টেলো পাছ পৰি থকা নাছিল।
গতিকে যি নহলেও বনভোজৰ গুৰুত্বটো কিঞ্চিত পৰিমাণে হ’লেও বাকীবোৰ দিৱসৰ তুলনাত বেছি আৰু যিহেতু বগৰী দিৱস দেওবাৰে অনুষ্ঠিত হোৱাৰেই ধৰা-বন্ধা নিয়ম, সেইবাবে বনভোজৰ তাৰিখৰ লগত বগৰী দিৱসৰ দিন মিলি গ’লে অৱশেষত বগৰী দিৱসে বনভোজৰ ওচৰত হাৰ মানিব লগীয়া হয়।
বগৰী দিৱসৰ নামৰ পৰাই অনুমান কৰিব পাৰি অনুষ্ঠানটো বগৰী ফলৰ লগত জড়িত। নৱছাত্ৰাবাসৰ চাৰিওফালে আৰু ভিতৰৰফালে যথেষ্ট গছ আছে। নৱছাত্ৰাবাসলৈ অহাৰ ৰাস্তাটোৰ কাষতে অৰ্থাৎ হোষ্টলৰ সন্মুখতে আছে চোমনিখন, মুখ্য গেইটৰ দুইফালে দুজোপা বকুল গছে সকলোকে স্বাগতম জনায়। বাওণ্ডেৰীৰ কাষে কাষে তামোল গছ দুজোপামান আৰু পাইন গছ। সেৱাশ্ৰমৰ ফালে থকা সীমাত আছে আঁহত গছ। কিন্তু এই আটাইবোৰৰ ওপৰত সংখ্যাত বেছি বগৰী গছেহে আধিপত্য বিস্তাৰ কৰি আছে। পুৰণা খণ্ডৰ(অ’ল্ড ব্লক) ভিতৰেদি সোমাই খোৱাঘৰটোৰ ফালে গ’লে চিধা এজোপা বৃহৎ বগৰী গছ, পানী টেংকিটোৰ কাষতে আন এজোপা ডাঙৰ বগৰী গছ, নতুন খণ্ডৰ(নিউ ব্লক) গা ধোৱা ঘৰৰ ফালে পৰিত্যক্ত কুঁৱা এটা আছে, তাৰ কাষতে আন এজোপা বগৰী গছৰ লগতে কাষতে দুজোপামান মধ্যমীয়া আকাৰৰ বগৰী গছেই নিজৰ স্থিতি ঘোষণা কৰি আছে। এই গোটেই কেইজোপা গছতে বতৰৰ দিনত থোপাথোপে লগা বগৰীবোৰ দেখিলে যিকোনো মানুহৰে এনেই কিবা এচপৰা মাৰি বগৰী কেইটামান সৰাবলৈ মন যায়, যাবই; সেয়া স্বাভাৱিক। তাৰে পুৰণা খণ্ডৰ বগৰী জোপা আৰু পানী টেংকিৰ কাষৰ গছজোপাৰ বগৰী দুজোপাৰ সোৱাদ কিছু খাবপৰা আছিল। এই বগৰীবোৰ নিবলৈ কেতিয়াবা কেম্পাছৰ বাহিৰৰ আৰু ভিতৰৰ সৰু সৰু ল’ৰা ছোৱালীৰ লগতে সিহঁতৰ মাক বায়েকবোৰো আহিছিল আৰু এমোনা এমোনা বগৰী উঠাই নি বগৰীৰ আচাৰ প্ৰস্তুত কৰিছিল।
মাঘবিহুৰ বন্ধৰ পাছতেই জানুৱাৰী মাহৰ মাজৰ পৰা কলেজৰ শ্ৰেণীসমূহ আৰম্ভ হয়, আৰু সকলোৱে ঘৰৰ পৰা আহি হোষ্টেলটো পুনৰ ব্যস্ত কৰি তোলে। এই সময়খিনিতেই গোটেই কেইজোপা গছ ফলেৰে দোঁ খাই পৰে। গতিকে বগৰীবোৰ অকলে অকলে পাৰি খোৱাতকৈ সকলোৱে একেলগে বগৰীবোৰ পাৰি লৈ ভাগ বতৰা কৰি সমূহীয়া বগৰী খাৱন পতা হয় আৰু চমুকৈ সেয়াই হৈছে বগৰী দিৱসৰ মূল তাৎপৰ্য। পিছে কেৱল বগৰীবোৰ পাৰি লৈ কেইবাটাও ল’ৰা লগ হ’ল আৰু, তাৰপাছত নিমখ জলকীয়া সানি লৈ ৰ’দত বহি খালে—এনেকুৱা পৰিৱেশচোন দেখিয়ে থকা যায়। আৰু এইটো কাম যিকোনো সময়তেই কৰিব নোৱাৰি জানো? উত্তৰত নৱছাত্ৰাবাসৰ আবাসীসকলে ক’ব “নোৱাৰি”। কাৰণ, সেইদিনা বগৰী গছকেইজোপাৰ পৰা যে বগৰী পৰা হ’ব তাৰ আগেয়ে সকলো আবাসীয়ে হোষ্টেলত ব্যৱহাৰ কৰা কাঁহী বাতি লৈ সেইবোৰ বজাই বজাই হোষ্টেলৰ চাৰিওফালে সম্পূৰ্ণকৈ দুপাকমান মাৰিব। সেই সময়খিনিত কাঁহী বাতিৰ শব্দৰ লগতে কিৰীলিও শুনাটো আচৰিত কথা নহয়। এনেদৰে পূজাভাগি সম্পন্ন কৰাৰ পাছত শিলগুটি, ভাত ৰান্ধিবলৈ অনা খৰি ইত্যাদি যিয়ে যি পায়, সেয়া লৈ বগৰী পাৰিবলৈ আৰম্ভ কৰে। অত্যুৎসাহী দুটামানে পুৰণা খণ্ডৰ টিনপাতৰ ওপৰলৈ উঠি গৈ গছজোপা জোকাৰিও দিয়েগৈ। তাৰপাছত গোটেই কেইজোপা গছৰ বগৰী গোটাই লৈ একেলগে খুন্দি বা কাটি মেলি সমানে ভাগ কৰা হয়। এইখিনিতে অলপমান সৰু-সুৰা ৰাজনীতি কৰি কিছুসংখ্যক বগৰী নকটাকৈ গোটাকৈ মনে মনে ৰাখি দিয়া হয়। কটা বগৰীখিনি অধিক পৰিমাণৰ জলা সানি ৰ’দলৈ পিঠি দি পৰিৱেশন কৰা হয়। তাৰপাছতেই আৰম্ভ হয় মূল খেল। গোটাকৈ ৰখা বগৰীবোৰেৰে আৰম্ভ হয় “ব্লক ৱাৰ” অৰ্থাৎ নতুন খণ্ড আৰু পুৰণা খণ্ডৰ আবাসীৰ মাজত যুদ্ধ আৰম্ভ হৈ যায় আৰু যুদ্ধৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ হয় টান টান গোটা গোটা বগৰীবোৰ। প্ৰকৃততে এই যুদ্ধখনৰ আৰম্ভণি ছাগৈ হৈছিল বেছিকৈ পকি যোৱা বগৰীবোৰ গাত মাৰি চোলাত বগৰীটোৰ চেকা লগোৱাৰ এটা কূটবুদ্ধিৰ পৰা, কিন্তু দিন বাগৰাৰ লগে লগে যেতিয়া সেই যুদ্ধ অ’ল্ড ব্লক আৰু নিউ ব্লকৰ যুদ্ধলৈ ৰূপান্তৰিত হ’ল, তেতিয়াৰ পৰা গাত মাৰিলেও দুখ নোপোৱা বেছি পকি যোৱা কোমল বগৰীৰ ঠাইত টান টান কেঁচা বগৰীয়ে স্থান ল’লে। অৱশ্যে এই ব্ল’ক ৱাৰ যে কেৱল বগৰী দিৱসৰ দিনাহে হয়, সেয়া নহয়। ভাত খাই উঠাৰ পাছত কোনোবা এৰাতি অ’ল্ড ব্লকৰ আবাসীবোৰে গম পালে যে অ’ল্ড ব্লকৰ আবাসী এজন ভাত খাই নিজৰ কোঠালৈ গৈ থকাৰ সময়ত নিউ ব্ল’কৰ কোনোবা দুজনমানে “অপহৰণ” কৰি নিউ ব্ল’কত সোমোৱাই নানান অত্যাচাৰ চলাইছে কেৱল এটা কথা কোৱাবলৈ “নিউ ব্ল’ক জিন্দাবাদ, অ’ল্ড ব্লক মুৰ্দাবাদ”। কথাটো গম পোৱাৰ লগে লগে অ’ল্ড ব্লকৰ উপদেশকে ব্লক ৱাৰ ঘোষণা কৰে আৰু অ’ল্ড ব্লকৰ আবাসী সমূহেও নিউ ব্লকৰ যাকে পাই তাকে ধৰি আনি সেই একে পৰিমাণৰ অত্যাচাৰ চলাই “অ’ল্ড ব্লক জিন্দাবাদ, নিউ ব্লক মুৰ্দাবাদ” ক’বলৈ বাধ্য কৰায়। দুয়োপক্ষৰ মাজত টনাটনিও(ট্যগ অৱ ৱাৰ) চলি থাকে। এই অত্যাচাৰ সহিব নোৱাৰি যদি বন্দী হোৱা আবাসীয়ে শেষত তাক ক’বলৈ বাধ্য কৰোৱা মতে কৈ পেলায়, তেনেহ’লে সি বাস কৰা ব্ল’কটো যুদ্ধত হাৰে। অৱশ্যে এই যুদ্ধবোৰৰ ফলাফল কেতিয়াও নোলায় আৰু দুয়োটা ব্লকেই সমানে নিজকে বিজয়ী বুলি দাবী উত্থাপন কৰি থাকে।
যি নহওক, বগৰী দিৱসৰ ব্লক ৱাৰৰ ফলত কাৰোবাৰ কপালত বগৰী লাগি সৰু টেমুনা উঠক বা নুঠক, বা কাৰোবাৰ চোলা চেকা লাগি লেতেৰা হওক বা নহওক, ছাত্ৰাবাসৰ বেৰবোৰত কিন্তু সেইদিনা বগৰীৰ দাগে ফুল বাচে। গতিকে পাছদিনা ৱাৰ্ডেন(তেতিয়াৰ) ড০ বিমান চেতিয়া ছাৰে আহি পিকনিকলৈ যোৱাৰ আগেয়ে বাছেৰে দুপাকমান মৰাৰ কাৰণে খেলপথাৰখন যে বেয়া হয় তাৰপৰা আৰম্ভ কৰি বগৰী দিৱসৰ কাৰণে বেৰত দাগ লগাৰ কাৰণে “তহঁতৰ এই পৰম্পৰা, নিয়ম সকলো বন্ধ কৰিম, কাইলৈ গোটেইকেইটা মই ভাইচ প্ৰিন্সিপালৰ ৰুমৰ সন্মুখত বহি থকাৰ সময়ত এটা এটাকৈ হোষ্টেলৰ পৰা ওলাই যাবি” জাতীয় দুটামান গালি দিয়ে। তেওঁ অহাৰ সময়ত সকলো নিশ্চুপ হৈ নিজৰ কোঠাত। তাৰপাছত ৰঙা ৰঙৰ স্প্লেণ্ডাৰ বাইকখনত তেওঁ গুচি যোৱাৰ পাছতহে সব ৰুমৰ পৰা ওলাই আহি স্বস্তিৰ নিশ্বাস পেলায়।
এনেকৈ কেইবাবাৰো বহু কাৰণত আমাৰ সকলো আবাসীকে ছাৰে হোষ্টেলৰ পৰা বহিষ্কাৰ কৰে, তাৰপাছতো আমি আমাৰ পৰম্পৰাবোৰ খামোচ মাৰি ধৰি থাকোঁ, নকৰিবলগীয়া সকলোবোৰ কামেই কৰোঁ, মাত্ৰ উপাধ্যক্ষৰ কাৰ্যালয়ৰ বাৰান্দাত বহি থকা ছাৰৰ সন্মুখেদি কেতিয়াও হোষ্টেল এৰি নগ’লোঁ।
Comments
Post a Comment