মই জানো বৰ্ডত থকা অংকটো একেবাৰে সহজ, মাত্ৰ নাজানো কৰাৰ পাকটো কি। ততবুদ্ধি হেৰুৱাই বৰদেউতালৈ চাওঁ, তেওঁ সন্মুখত থকা ছাত্ৰখিনিলৈ চাই উপদেশ দি থাকে। সময় বেছি লাগি ৰৈ থাকিলেও কৰি নিদিয়ে, সমাধান কৰিবলৈ প্ৰয়োজনীয় হিন্টছবোৰ মাজে মাজে দি থাকে। মই কিবা এটা কৰি দেখুৱাওঁ, বৰদেউতাই মই কৰাখিনিলৈ চায়, তাৰপাছত মোলৈ চাই কয়, “তাৰমানে মই কোৱা কথাখিনিৰ একো বুজি নাপালি নহয়?” ঠিক এইমাত্ৰ বৰদেউতাই তেনেকুৱাই কিবা এটা হিন্ট দি গ’ল। বৰদেউতাৰ বিছনাৰ কাষত আমি, মানে মই, ভনী, ৰূপা, নাৰায়ণ গোটেইকেইটাই থিয় হৈ ৰৈ আছিলোঁ। দূৰ্ঘটনাটো হোৱাৰ পাছৰ পৰা তেওঁ বিছনাতেই। এনেকৈ তেওঁ বিছনাখনকে আশ্ৰয় কৰি লোৱা মই কেতিয়াও দেখা নাছিলোঁ। ওৰেটো জীৱন স্কুলখনৰ সেৱাতে ব্ৰতী হৈ থাকিল, নিজকে উছৰ্গা কৰিলে স্কুলখনৰ কামত। আমাক অংক শিকালে, ভনীহঁত স্কুলৰ শেষৰ শ্ৰেণীত থকাৰ বছৰ সিহঁতকো অংক শিকাই লৈহে তেওঁৰ চাকৰিৰ পৰা অৱসৰ। স্কুলৰ পৰা অৱসৰ লৈ তেওঁৰ কাম আৰম্ভ হ’ল ঘৰৰ পাছফালৰ বাৰীখনত। মাজে মাজে পৰীক্ষা দিবলগীয়া বেটচবোৰকো পঢ়ুৱাবলৈকো গৈছিল, স্কুলখনৰ মোহ তেওঁ এৰিব পৰা নাছিল। তাৰপাছত ভনী কলেজলৈ গ’ল, কেইদিনমানৰ পাছত বৰমা হঠাতে এদিন মূৰ ঘূৰাই পৰি গ’ল- আৰু
দিনটোৰ প্ৰথম শ্ৰেণীটোৰ ঘণ্টা পৰাৰ লগে লগে হাই উৰুমি আৰম্ভ হওঁতেই বগা ছাৰ্ট , ক ’ লা ( কিছু পৰিমাণে দঢ়া বৰণো থকা ) পেণ্ট পিন্ধা মানুহ এজন কাগজ এখিলা লৈ সোমাই আহিল। চকুকেইটা দেখিলেই যেন ঘোপমৰা খং এটা অনবৰতে লৈ থকা , তাতে আকৌ কি যে গলগলীয়া মাত। এল পেটাৰ্ণৰ স্কুল ঘৰটোৰ ইটো মূৰৰ শ্ৰেণীত সোমালে সিটো মূৰৰ উচ্চখাপৰ ছাত্ৰ - ছাত্ৰী সবেই ধেমালি এৰি বেঞ্চত বহি যায়। চকুকেইটা তেনে লগাৰ কাৰণ আৰু এটা আছে , তেওঁৰ চেলাউৰি দুইযোৰ খুব ডাঠ। আৰু হাতত লৈ অনা কাগজখনত কি থাকে ? হৈ যোৱা পৰীক্ষাৰ নম্বৰৰ খতিয়ান। মুঠৰ ওপৰত ভয়ানক কাৰবাৰ। আহিয়ে চিধা তেওঁ ৰোল নম্বৰ অনুযায়ী নম্বৰবোৰ চাই চাই কৈফিয়ৎ ল ’ বলৈ আৰম্ভ কৰি দিয়ে। স্কুলখনৰ ছাত্ৰ - ছাত্ৰীৰ সংখ্যা বৰ বেছি নহয় , গতিকে প্ৰায়বোৰৰ চেহেৰা তেওঁৰ নখ দৰ্পনত। “ এইখনত নম্বৰ কেলে কম হ ’ ল , অ ঘূৰি ফুৰিছ খুব কম হ ’ বই ,”, “ পাছ কৰিবি গৈ নে ? এনেকুৱা নম্বৰেই দেখি থাকিম নেকি ?” তাৰপাছত শ্ৰেণীৰ ভাল ল ’ ৰাকেইটাক , “ এই এক নম্বৰ কেনেকে কমিলে ? ত