দিনটোৰ প্ৰথম শ্ৰেণীটোৰ ঘণ্টা পৰাৰ লগে লগে হাই উৰুমি আৰম্ভ হওঁতেই বগা ছাৰ্ট, ক’লা(কিছু পৰিমাণে দঢ়া বৰণো থকা) পেণ্ট পিন্ধা মানুহ এজন কাগজ এখিলা লৈ সোমাই আহিল। চকুকেইটা দেখিলেই যেন ঘোপমৰা খং এটা অনবৰতে লৈ থকা, তাতে আকৌ কি যে গলগলীয়া মাত। এল পেটাৰ্ণৰ স্কুল ঘৰটোৰ ইটো মূৰৰ শ্ৰেণীত সোমালে সিটো মূৰৰ উচ্চখাপৰ ছাত্ৰ-ছাত্ৰী সবেই ধেমালি এৰি বেঞ্চত বহি যায়। চকুকেইটা তেনে লগাৰ কাৰণ আৰু এটা আছে, তেওঁৰ চেলাউৰি দুইযোৰ খুব ডাঠ। আৰু হাতত লৈ অনা কাগজখনত কি থাকে? হৈ যোৱা পৰীক্ষাৰ নম্বৰৰ খতিয়ান।
মুঠৰ ওপৰত ভয়ানক কাৰবাৰ।
আহিয়ে চিধা তেওঁ ৰোল নম্বৰ অনুযায়ী নম্বৰবোৰ চাই চাই কৈফিয়ৎ ল’বলৈ আৰম্ভ কৰি দিয়ে। স্কুলখনৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৰ বেছি নহয়, গতিকে প্ৰায়বোৰৰ চেহেৰা তেওঁৰ নখ দৰ্পনত। “এইখনত নম্বৰ কেলে কম হ’ল, অ ঘূৰি ফুৰিছ খুব কম হ’বই,”, “পাছ কৰিবি গৈ নে? এনেকুৱা নম্বৰেই দেখি থাকিম নেকি?” তাৰপাছত শ্ৰেণীৰ ভাল ল’ৰাকেইটাক, “এই এক নম্বৰ কেনেকে কমিলে? তেনেকে প্ৰত্যেকখনতে এক নম্বৰকৈ কমিলে এক শতাংশ নম্বৰ কমিলেই”, মুঠতে কোনো সাৰি নাযায়। শ্ৰেণী চলি থকাৰ সময়ত সেই বিষয়ৰ শিক্ষকো বাচি নাযায়।
আমি নৱম শ্ৰেণীত থাকোতে বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল খুব ভাল হ’ল, স্থান লাভ কৰিবলৈ সক্ষম হ’ল। তেতিয়াৰ পৰা মানুহজনৰ দায়িত্ব যেন আৰু বাঢ়ি গ’ল। আমি দশম শ্ৰেণী পোৱাৰ লগে লগে আৰম্ভণিতেই আমাৰ সকলোৰে অভিভাৱকসকলক মাতি নি বিদ্যালয়ত এখনি সভাৰ আয়োজন কৰা হ’ল। আনুষ্ঠানিকতা বৰ্জন কৰি পোনছাটেই তেওঁ আৰম্ভ কৰিলে আমাৰ নৱম শ্ৰেণীৰ বাৰ্ষিক পৰীক্ষাৰ প্ৰাপ্ত নম্বৰৰ তালিকাখন সন্মুখত লৈ। এইবাৰ তেওঁ ছাত্ৰজনৰ লগতে অভিভাৱকজনকো থিয় কৰাই ল’লে। নম্বৰ কম পোৱা মানেই ল’ৰাজন কম বুদ্ধিৰ নহয়, সেয়া তেওঁ জানে, কিন্তু মাৰ্কশ্বিটখন ভাল নহ’লে অভিভাৱকে পাছত কাক জবাবদিহি কৰিব? তাতে এতিয়া সকলো ক্ষেত্ৰতে বিদ্যালয়খনৰ সন্মানৰ প্ৰশ্নও জড়িত হৈ পৰিছে।
দশম শ্ৰেণী পাওঁতে আমাৰ ছাব্বিশজন ছাত্ৰ-ছাত্ৰী আছিল, আৰু সেইদিনা তেওঁ আটাইকেইজন ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ সৈতে পঢ়া-শুনাৰ খবৰ, অভাৱ-অভিযোগ সকলোবোৰৰ খতিয়ান লৈছিল। তেওঁ নিজেও এখন বিদ্যালয়ৰ শিক্ষক আছিলে। একেবাৰে শেষত যেতিয়া তেওঁ মন্তব্য দিবলৈ উঠিল, মূলতঃ ছাত্ৰ-ছাত্ৰীসকলৰ উদ্দেশ্যি বহুতো মূল্যৱান উপদেশ দিলে। কথাই কথাই তেওঁ আমাক সকলোকে ক’লে যে যিহেতু মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ’বলৈকে গৈ আছা, ছটা বিষয়ৰ এশ এশ নম্বৰকৈ তোমালোকে মুঠতে ছশ নম্বৰৰ পৰীক্ষা দিবা। তোমালোকৰ হয়তু বহুতে পৰীক্ষা দিবলৈ আহি ভাবা এইবাৰ পৰীক্ষাত মোৰ ইমান শতাংশ আহিব, বা মই অমুক বিভাগ পাম। কিন্তু তাৰপাছত পৰীক্ষাৰ ফলাফল যেতিয়া চোৱা, তেতিয়া সদায় আশা কৰাতকৈ প্ৰায় বেয়া হোৱাহে দেখা যায়। গতিকে এনেদৰে ভবাৰ সলনি তোমালোকে তোমালোকৰ লক্ষ্য সলনি কৰি লোৱা ছশ নম্বৰলৈ। তোমালোকে প্ৰত্যেক পৰীক্ষাৰ আগত ভাবা যে এইবাৰ মই সম্পূৰ্ণ নম্বৰহে পাম, তাতকৈ অলপো কম নাপাওঁ। আৰু মোৰ কথা শুনা, বিশ্বাস কৰা, এই ছশ নম্বৰ পাবলৈ কিন্তু একো অসম্ভৱ নহয়। তোমালোকৰ মাজৰেই বহুতৰ খুব সহজেই মেট্ৰিকত ছশ পাব পৰাৰ ক্ষমতা আছে।
সেই সভাখন হৈছিল আমাৰ শ্ৰেণীকোঠাতে, আজিৰ পৰা দহ বছৰ আগেয়ে। আজি দহ বছৰৰ পাছত যেতিয়া ছেবাৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল চাওঁ আৰু দেখোঁ শীৰ্ষস্থান প্ৰাপ্ত ছাত্ৰজনৰ মুঠ নম্বৰলৈ মাথোঁ পাঁচ বা তিনি নম্বৰহে কমিছে, তেতিয়া মানুহজনৰ কথাখিনিলৈ আৰু তেওঁ থকা সময়খিনি মনলৈ আহে। আত্মবিশ্বাসৰ জোৱাৰ আনি দিব পৰা গলগলীয়া মাতৰ সেইজন চিৰনমস্য ব্যক্তি আমাৰ বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সেই সময়ৰ সম্পাদক, প্ৰয়াত ধৰ্মেশ্বৰ দত্ত ছাৰ আজি আমাৰ মাজত নাই। অনবৰতে বিদ্যালয়খনৰ শৈক্ষিক দিশ আৰু আন্তঃগাঁথনিৰ উন্নতিৰ চিন্তা লৈ ফুৰা মানুহজনে আজিৰ মেট্ৰিকৰ প্ৰাপ্ত নম্বৰবোৰ গম পোৱা হ’লে হয়তু খুব সন্তোষ পালেহেঁতেন।
Photo source: here
Comments
Post a Comment