মই জানো বৰ্ডত থকা অংকটো একেবাৰে সহজ, মাত্ৰ নাজানো কৰাৰ পাকটো কি। ততবুদ্ধি হেৰুৱাই বৰদেউতালৈ চাওঁ, তেওঁ সন্মুখত থকা ছাত্ৰখিনিলৈ চাই উপদেশ দি থাকে। সময় বেছি লাগি ৰৈ থাকিলেও কৰি নিদিয়ে, সমাধান কৰিবলৈ প্ৰয়োজনীয় হিন্টছবোৰ মাজে মাজে দি থাকে। মই কিবা এটা কৰি দেখুৱাওঁ, বৰদেউতাই মই কৰাখিনিলৈ চায়, তাৰপাছত মোলৈ চাই কয়, “তাৰমানে মই কোৱা কথাখিনিৰ একো বুজি নাপালি নহয়?”
ঠিক এইমাত্ৰ বৰদেউতাই তেনেকুৱাই কিবা এটা হিন্ট দি গ’ল।
বৰদেউতাৰ বিছনাৰ কাষত আমি, মানে মই, ভনী, ৰূপা, নাৰায়ণ গোটেইকেইটাই থিয় হৈ ৰৈ আছিলোঁ। দূৰ্ঘটনাটো হোৱাৰ পাছৰ পৰা তেওঁ বিছনাতেই। এনেকৈ তেওঁ বিছনাখনকে আশ্ৰয় কৰি লোৱা মই কেতিয়াও দেখা নাছিলোঁ। ওৰেটো জীৱন স্কুলখনৰ সেৱাতে ব্ৰতী হৈ থাকিল, নিজকে উছৰ্গা কৰিলে স্কুলখনৰ কামত। আমাক অংক শিকালে, ভনীহঁত স্কুলৰ শেষৰ শ্ৰেণীত থকাৰ বছৰ সিহঁতকো অংক শিকাই লৈহে তেওঁৰ চাকৰিৰ পৰা অৱসৰ। স্কুলৰ পৰা অৱসৰ লৈ তেওঁৰ কাম আৰম্ভ হ’ল ঘৰৰ পাছফালৰ বাৰীখনত। মাজে মাজে পৰীক্ষা দিবলগীয়া বেটচবোৰকো পঢ়ুৱাবলৈকো গৈছিল, স্কুলখনৰ মোহ তেওঁ এৰিব পৰা নাছিল। তাৰপাছত ভনী কলেজলৈ গ’ল, কেইদিনমানৰ পাছত বৰমা হঠাতে এদিন মূৰ ঘূৰাই পৰি গ’ল- আৰু চকু মেলিবলৈ সময়েই কৰিবলৈ নোৱাৰিলে। সেইদিন ধৰি বৰদেউতাই বাকী কাম এৰি ঘৰৰ বাৰীখনৰ কামত বেছিকৈ লাগিবলৈ ধৰিলে।
ভনীহঁতৰ আৰু আমাৰ ঘৰৰ মাজত এখন জেওৰাৰ ব্যৱধান মাত্ৰ। স্কুলত মোৰ অংক কৰাৰ গতি দেখি বৰদেউতাই ভনীক ঘৰত অংক শিকোৱাৰ সময়ত মোকো লগত বহুৱাই লয়। মোৰ মন থাকক বা নাথাকক, আবেলি সময়ত জেওৰাৰ ওচৰত ৰৈ ভনীৰ চিঞৰ, “দেতাই মাতিছে, বহী কলম লৈ আহ”। মন নাথাকিলেও যাব লাগিবই। অংকৰ লগে লগে তেওঁ আমাক জীৱনৰ পাঠ পঢ়ুৱাইছিল। যুক্তিবাদী হ’বলৈ শিকাইছিল। পৰীক্ষাৰ আগেয়ে যে সদায় ধূপ ধূনা জ্বলাই প্ৰাৰ্থনা কৰিছিলোঁ, সেইবোৰ অভ্যাস বৰদেউতাই খুব বেয়া পাইছিল। নিজে ভগৱান বোলা সত্ত্বাটোক সম্পূৰ্ণ উলাই কৰিছিল আৰু ভনীকো তেনেকেই গঢ় দিবলৈ চেষ্টা কৰিছিল। আমিও সেইবাবে ভনীক কেতিয়াবা তাইৰ ভৰিত কিতাপখন লগাই দি পৰীক্ষা কৰি চাইছিলোঁ, তাইও কিন্তু কেতিয়াও আমি কৰাৰ দৰে কিতাপখন মূৰে কপালে লগাই ‘কৃষ্ণ কৃষ্ণ’ বুলি নকৈছিল, তাই শিকাই নাছিল তেনেকৈ। সেইবোৰ দেখি ৰূপাৰ মাকে, মানে ভনীৰ মাহীয়েকে খুব বেয়া পাইছিল, “হৰি হৰি! ভিনদেউৱে যে ছোৱালীজনীক কি বনাই পেলাইছে!! নিজে তেৰাৰ নাম মুখতেই নলয় বুলি সেই উঠি অহা ছোৱালীজনীক বাৰু সেইবোৰ ‘অশিষ্টাচাৰ’ কিয় শিকাব লাগে!! পাছত যেতিয়া মূৰত উঠিব, চাম নহয় কিমান দিন থাকে তেতিয়া”
ৰূপাই যাতে সেইবোৰ গত নলয়, সেইবাবেই ছাগৈ তেওঁৰ বেছি চিন্তা হৈছিল।
ৰূপা আৰু ভনী দুইজনী সৰুৰে পৰা একেলগে ডাঙৰ হৈছে, মিঠাইৰ টোপোলা বান্ধি অনা ৰবৰচটাৰে মূৰৰ চুলিখিনি তামোল গছৰ দৰে বন্ধাৰ পৰা শ্ৰেণীত একেলগে বহালৈকে। গতিকে কেতিয়াবা যদি বৰদেউতাই দেখিছে যে ভনীৰ মন বেয়া, তেওঁ কথাটো ভনীক সুধি একো উত্তৰ নাপালে আমনি নকৰে, ৰূপাৰ ওচৰলৈ গুচি যায়- গম গতি লৈ আহে। কলেজ যোৱাৰ পাছৰ পৰা ৰূপা প্ৰায় ভনীহঁতৰ ঘৰত থকাৰ দৰেই, প্ৰকাণ্ড ঘৰটোত কেৱল ভনী আৰু বৰদেউতা অকলে অকল কিমান থাকে? গতিকে ৰূপা আহে, কেইদিনমানলৈ দুইজনী ছোৱালীৰ দুভৰিৰ গিপগিপনিত বাৰীৰ গছবোৰৰ পাত দুখিলামান বেছিকৈ সৰে।
তেনেতে সেইদিনা হঠাতে বৰদেউতাৰ সৰু দূৰ্ঘটনা এটা হ’ল। সৰুৰে পৰা দেখি আহিছোঁ তেওঁ বৰ নিয়মত চলে। ৰাতিপুৱা বাৰীৰ কাম, গা ধোৱা, স্কুল থকাৰ দিনা স্কুল, নহ’লে তাৰপাছত খাই বৈ কিছু জিৰণি, আকৌ আবেলি এটা সময়ত ছাইকেলখন লৈ বজাৰলৈ যোৱা- একদম নিকপকপীয়া দৈনন্দিন ৰুটিন। তেওঁক চাইকেল লৈ ওলাই যোৱা দেখিলেই মোৰ ঘড়ী নাচালেও হৈ যায়, এটা জোখ মিলাই ময়ো অলপ পাছতে চাৰিআলিৰ আমাৰ ঘূগুণী দোকানৰ আড্ডাথলীলৈ ওলাই যাব পাৰোঁ। সেইদিনাও সেই একে সময়তে ছাইকেলখন লৈ ওলাই যোৱাই মই দেখিছিলোঁ। তাৰপাছত যেতিয়া মই মোৰ হিচাপ অনুসৰি ওলাই যাবলৈ লৈছোঁ, নাৰায়ণে খৰধৰকৈ আহি খবৰ দিলে বোলে তাৰ দোকানৰ সন্মুখতে বৰদেউতাৰ দূৰ্ঘটনা এটা হৈছে, তই বল, ভনীক এতিয়াই খবৰ দিব নালাগে। গ’লোঁ, দেখিলোঁ ছাইকেল উভোটা খাই পৰি আছে, বৰদেউতাক ইতিমধ্যে হস্পিটেললৈ নিলেই। দূৰ্ঘটনাস্থলীত থকা মানুহৰ মন্তব্য, বয়স হৈছে, চাইকেল চলাই আহিবই নালাগে, অ’লৈ তলৈ চাই চাইকেল চলালে কন্ট্ৰল নাথাকিবই ইত্যাদি ইত্যাদি। একো নোকোৱাকৈ গুচি আহিলোঁ।
সেইদিন ধৰি মানুহজন বিছনাত পৰি আছে। দূৰ্ঘটনাটোত দুখ পোৱাৰ লগতে বয়সেও কিছু আক্ৰোশতা দেখুৱাইছিল। নতুবা সমগ্ৰ দুশ্চিন্তাবোৰে যেন বিচনাত শুই থাকোঁতে তেওঁক মেৰিয়াই ধৰিছিল, তেওঁ উঠি যাওঁ বুলি ভাবিও বেছিকৈ লৰচৰ কৰিব পৰা নাছিল। কথাবোৰ কওঁতে খুব লাহে লাহে, সেহাই সেহাই যেন ওলাইছিল ডিঙিৰ পৰা। এনেকুৱা অসহায় অৱস্থাত তেওঁক দেখা কেতিয়াও মনত নপৰে, আনকি বৰমা ঢুকোৱাৰ সময়তো তেওঁ ইমান ভাঙি পৰা যেন লগা নাছিল।
মোৰ এনে লাগিছিল দূৰ্ঘটনাটোৰ পাছত আটাইতকৈ বেছি তত হেৰাইছিল ভনীৰ। বৰদেউতাক চিনি পোৱা মানুহ দেধাৰ। পাছদিনাৰে পৰাই মানুহৰ ইমান লানি নিছিগা ভীৰ, ভনীক দেখি মোৰো বেয়া লাগিছিল। বৰদেউতা ইফালে বাহিৰলৈ ওলাই যাবও নোৱাৰে, গতিকে সকলোৱে আহি তেওঁৰ বিছনাৰ কাষতেই বহে। ভনীয়ে চাহ-তামোল দিয়ে। যোৱাৰ সময়ত সকলোৱে ভনীক নিৰ্ভয় দিয়ে, একো নহয়, দেউতাৰ ঠিক হৈ যাব, তুমি সাহস নেহেৰুৱাবা, আমি আছোঁৱেই সব ইত্যাদি ইত্যাদি।
তাই সেইবোৰৰ কিমান শুনে নুশুনে মই নাজানো। আলহী অহাৰ আগতো একেই নিশ্চুপ, যোৱাৰ পাছতো সেই একেই নিশ্চুপ হৈ থাকি তাই গোটেইবোৰ ধোৱা-পখলাত লাগি যায়। একো প্ৰতিক্ৰিয়া নাই, একো যেন বিষাদ নাই, খং নাই। একো নাই।
মই বৰদেউতাৰ ওচৰতে বহি আছিলোঁৱেই অলপ আগলৈকে। দেৱৰাম তাৱৈদেউ আহিছিল বৰদেউতাৰ খবৰ ল’বলৈ, তেওঁ যোৱাৰ পাছতেই ময়ো উঠি আহিছিলোঁ। ঘৰলৈ অহাৰ অলপ পাছতে জেওৰাৰ ওচৰলৈ আহি ভনীৰ আকৌ চিঞৰ, আহচোন, দেতাই মাতিছে।
“কি হ’ল বৰদেউতা?” মই দৌৰি গৈছিলোঁ।
“বজাৰলৈ যাচোন, মাংস অলপ কিনি আনিবি”
“অ হ’ব বাৰু, মই যামেই নহয়, আনিম”
“ৰূপা আহিব হেনো, লগত গিৰীয়েকো, গতিকে….”
“অহহ’অ ঠিকেই ঠিকেই, কালি ভনীয়ে কৈছিল মোক, মইহে পাহৰি গ’লো”
তেওঁ একো নোকোৱা দেখি মই কোঠাটোৰ পৰা ওলাই বাহিৰত কাঁহী বাতি ধুই থকা ভনীক আৰু কিবা লাগিব নেকি বুলি সুধিবলৈ যাবলৈ লৈছিলোঁৱেই,
“শুনচোন”
মই দুৱাৰমুখৰ পৰা উভতি আকৌ তেওঁৰ ওচৰ পাইছিলোগৈ।
তেওঁ দুৱাৰমুখলৈ চকু দিলে এবাৰ।
“ভনী নাই তাত, মই মাতি দিম নেকি?”
“নালাগে…….শুনচোন, …...সেই….. সেই দোকানখন সি কেতিয়া তৰিলে?’
“কোনে........?”
তেওঁ একো নক’লে। মই বুজিলোঁ।
“অ অ, বেছিদিন হোৱা নাই নেকি, আপুনি কোৱাৰ পাছতেই হবপায়…”
“অ...ভাল”
কি ক’ব খুজিছে বৰদেউতাই??
“মই এইৰ লগত ছাগৈ অন্যায় কৰা নাই নহয়??....”
মই কি ক’ম এতিয়া? ওচৰ চাপি তেওঁ গাত লৈ থকা কাপোৰখনকে অলপ ঠিক কৰি দিলোঁ।
অলপমান মই নিবিচৰাধৰণৰ নীৰৱতাই কোঠাটো ছানি ধৰিলে।
“ক’বিচোন তাক, এই ৰূপা আহিবই নহয় আজি,....সিও আহক,..কাইলৈকে আহক”
এই একেজন মানুহে ইয়াৰ আগতে এবাৰ মোৰ আগত একেখিনি কথাই কৈছিল, খালি সুৰটো বেলেগ আছিল-- “চাওঁ ঘৰলৈ মাতি আনিবিচোন কোন সি, পঢ়া-শুনা নাই, একো কাম বন নাই, খালি চাৰিআলিৰ দোকানে দোকানে টিঘিলঘিলনি…” ইত্যাদি।
প্ৰেম কৰাটো কাৰোবাৰ ভুল হয় জানো? তাত নাৰায়ণৰো দোষ নাই, ভনীৰো নাই। চাবলৈ গ’লে বৰদেউতাৰ গাটো দোষ নাই। এজনীয়ে ছোৱালী, তথাপি বিয়া দি আন এঘৰলৈ উলিয়াই দিব লাগিবই। ইতিমধ্যে কলেজ শেষ হোৱাৰ পাছতেই ৰূপাৰ বিয়া ঠিক হ’ল। তাইৰ শহুৰ-শাহুৰ ঘৰৰ অৱস্থা ভাল। গতিকে বৰদেউতাইও ভনীৰ বাবে এটা ভাল ভৱিষ্যতৰ কথা চিন্তা কৰিবই। তাত আৰু বেলেগ কি বাচ-বিচাৰ আছে?
কিন্তু সিফালে ঘৰে-পদূলিয়ে গুন-গুন-গান-গানকৈ ভনীহঁতৰ কথা ৰৌজাল-বৌজাল; বোলো একে লগৰ বেঞ্চত বহা ছোৱালীৰ বিয়া ঠিক হ’লেই, এতিয়া তোমাৰখনো খাবলৈ আমি ৰৈহে আছোঁ দেই। দৰাৰ ঘৰো ওচৰতেই, গতিকে দুইখন বিয়াতে দগৰি খাম, ভৰি ফুলি যোৱাকৈ নাচিম।
ভনীৰ সেইসময়ত কাণ-মূৰ ৰঙা পৰে। লাজতো, ভয়তো। সিহঁতৰ সম্বন্ধটো খুব মনে-মনে, সন্তৰ্পণে চলি আছিল। জনা মানুহ আছিলোঁ কেৱল মই আৰু ৰূপা। নাৰায়ণ মোৰ লগৰ ল’ৰা বুলি আমাৰ ঘৰলৈ আহে, জেওৰাৰ সিপাৰে থকা ভনীৰ ঘৰত মন নবহে। ৰূপা আহি থকাৰ দিনা কথাই নাই। গধূলি দুয়োজনীয়ে খোজ কঢ়াৰ চলেৰে মোৰ ওচৰলৈ আহে, মোৰ লগত সি আগৰে পৰা ৰৈ থাকে।
এই সকলোবোৰৰ মাজত কেনেকৈ কি হ’ল, একো নাজানো- গোটেইবোৰ কথা গৈ গৈ বৰদেউতাৰ কাণত পৰিল।
দুপৰীয়া সময়ত খাই বৈ ঘৰৰ মতা মানুহবোৰ জিৰণি ল’বলৈ বহাৰ সময়ত পাকঘৰত বাকী থকা কামবোৰ কৰি থাকোঁতে হঠাতে পকী মজিয়াত কাঁহৰ বাচন এটা পৰিলে হোৱা শব্দত যেনেকৈ সকলো মানুহ উচপ খাই উঠে, বৰদেউতাই কথাবোৰ শুনি তেনেকৈ উচপ খাই উঠিল।
তাৰপাছত মোক মাতি নি সেইদিনা বৰদেউতাই যিমানখিনি কথা শুনালে, সিমানখিনি গালি মই ক’ৰবাত চুৰ কৰি ধৰা পৰা হ’লেও ছাগৈ নাখালোঁহেতেন। মোৰ লগৰ বুলি ছাগৈ মোকেই তেওঁ নাৰায়ণক দেখাদি দেখিলে, “....এনেকুৱা ল’ৰালৈ মই কেলৈ বিয়া দিম মোৰ ছোৱালীক, একো ভাল কিবা এটা নাই, লাগিলে মৰি যাম….”
তেতিয়া মোৰো উপাৰ্জন কৰিব পৰাকৈ একো এটা হোৱা নাছিল। গতিকে তেওঁ কোৱা কথাবোৰৰ দুই এটা মোৰ গাটো লাগিল।
ভনী সেইসময়ত ওচৰৰ কোঠাটোতে সোমাই আছিল। মই ওলাই অহাৰ পাছত তাই মোলৈ চালে। চকু উখহা, মুখ ফুলা। তাৰপাছত সন্মুখৰ বেৰখনলৈ চাই ভোৰভোৰাই, “হ’লে মই তাৰ লগতেই বিয়া হ’ম, নহ’লে বিয়াই নহওঁ”।
একো নমতাকৈ মই গুচি আহিছিলোঁ। অতদিনে তাইক সহায় কৰি কৰি গালি মইহে খালোঁ, ভনীকতো বৰদেউতাই একো এটা কোৱা নাই। তেওঁৰ মতে ময়েই তাইক মোৰ লগৰ ল’ৰাৰ লগত মিলামিছা কৰাই দি বেয়া কৰিলোঁ। গতিকে এতিয়া আকৌ এই জঞ্জালবোৰত সোমাবলৈ নাই। পাছদিনা গৈ নাৰায়ণকো সব কথা কৈ আহিলোঁ। তাৰ অৱস্থা দেখি দুখো লাগিছিল, কিন্তু মোৰ উপায় নাই। সঁচা কথা সহ্য কৰিবলৈ পাৰিবই লাগিব। হয় কিবা এটা কৰি দেখা, নহয় প্ৰেম-শ্ৰেমৰ ধান্দা আঁতৰাই পেলা।
তাৰপাছত ময়ো চাকৰিৰ পৰীক্ষাবোৰৰ বাবে ক’চিং কৰিবলৈ ঘৰৰ পৰা ওলাই গুচি আহিলোঁ, বহুতদিনলৈ সেইবোৰৰ পৰা আঁতৰি থাকি ভাল-বেয়াবোৰৰ বাদে আন খবৰবোৰ লৈ থাকিবলৈ ময়ো বাদ দিলোঁ।
এটা সময়ত টুকটুক-টাকটাককৈ চলিব পৰাকৈ মোৰো কিবা এটা হ’ল, ভাগ্যৰ বলত ঘৰতে থাকি কৰিব পৰাকৈ নিজৰ ঠাইলৈ উভতি আহিব পাৰিলোঁ। বহুতদিন ধৰি লগৰবোৰৰ লগত যোগাযোগ এৰি দিছিলোঁ, সিহঁতেও মই ডাঙৰ মানুহ হৈছো বুলি ভাবি আঁতৰি দিছিল। ঘৰলৈ আহিয়েই আগৰ ঘূগুণি পকৰি খোৱা আড্ডাস্থলীলৈ গ’লোঁ, দুটামানক লগ পালোঁ। তাতেই খবৰ পালোঁ, নাৰায়ণে নতুনকৈ দোকান এখন খুলিছে, হাৰ্ডৱেৰৰ দোকান। ডাঙৰকৈয়ে খুলিছে। আমাৰ ঠাইখন সৰু, গতিকে বহুত অভাৱৰ ভিতৰত তেনেকুৱা এখন দোকানো আছিল- সি সেই অভাৱ পূৰ্ণ কৰিলে।
মাৰ লগত পাতিছিলোঁ-- ভনীৰ কথা, সিহঁতৰ কথা, বৰদেউতাৰ কথা। তাই সেই একেই আকোৰগোঁজ হৈয়েই আছে। বৰদেউতাই মাজতে এদিন কিবা-কিবি কৈছিলে হেনো, কিন্তু সেইবোৰে তাইক লৰচৰ কৰাবই নোৱাৰে।
“দেখিছনে তাই কেনেকৈ থাকে আজিকালি। এই ৰূপাৰ মাকেই বেছি বেয়া কৰিলে বুজিছ, তেওঁ আহিলেই তাইক তাৰ কথা সোধে, কি ভাবিছ, কি কৰিছ, বিয়াৰ কথা কি হ’বগৈ...সেইবোৰ। সেইবাবেহে ইমান সাহস হৈছে তাইৰ …বৰদেউতাৰাক চাচোন, বহুত কিবা চিন্তাত থাকে আজিকালি…”
“...তাক সেই দোকানখনৰ বুদ্ধিটো তাইয়েই দিয়া ছাগৈ….অৱশ্যে বেয়াও হোৱা নাই, তাৰো গতি লাগিছে কিবা এটা…” মায়ে ক’লে। ময়ো ভাবিছিলোঁ, ভনীয়েই ক’ব লাগিব। নহ’লে মাষ্টৰৰ পুতেক হৈ দোকানহে দিমগৈ নেকি বুলি কোৱা ল’ৰাটোৰ এনে এটা সিদ্ধান্ত লোৱাবলৈ কোনে সাহস কৰিলেহেঁতেন!
আৰু সেইদিনা সেইফালে যাওঁতে বৰদেউতাই তাৰ দোকানৰ ফালে চাই চাই গৈ থাকোঁতেই চাইকেলৰ নিয়ন্ত্ৰণ হেৰুৱাই দূৰ্ঘটনাটোত পতিত হ’ল।
আৰু আজি এতিয়া আমি গোটেইকেইটা বৰদেউতাৰ ওচৰত বহি আছিলোঁ। বৰদেউতাই মাতিবলৈ কোৱাৰ বাবেই মই নাৰায়ণক কালিয়েই খবৰ দি আহিছিলোঁ। সি কি ভাবি আছিল সেয়া মই নাজানিলেও বৰদেউতাই কি সিদ্ধান্ত ল’ব খুজিছে তাৰ কিছু অনুমান মই কৰিব পাৰিছিলোঁ। তথাপি তেওঁৰ মুখেৰে শুনালৈকে অপেক্ষা কৰি আছিলোঁ।
বৰদেউতাই ক্ষীণ মাতেৰে লাহে লাহে ক’বলৈ আৰম্ভ কৰিছিল। ভনীৰ জন্মৰ কথা, বৰমাৰ কথা, ভনীক লৈ দেখা সপোনৰ কথা। কথাবোৰ কৈ থাকোঁতে তেওঁ ওপৰৰ চিলিঙিখনলৈ চাই চাই কৈ গৈছিল। আমাৰ এটাৰো মুখত একো মাত নাছিল, মাত্ৰ ভনী আৰু ৰূপাই বহু কষ্ট কৰি কৰিও ব্যৰ্থ হৈ চকুপানী ৰাখিব নোৱাৰাত উচুপনিবোৰ ডাঙৰ ডাঙৰ হৈ আহি আছিল।
এটা সময়ত তেওঁ আৰম্ভ কৰিলে আচলতে জীৱনৰ পৰা তেওঁ কি শিকিলে, আমাক কি শিকাবলৈ বিচাৰিছিল। মোকো যে আচলতে তেওঁ নিজৰ সন্তানৰ দৰেই ভাবিছিল সেয়াও উল্লেখ কৰিলে। বৰদেউতাৰ দুচকুৰে মুকুটাসদৃশ দুটোপাল চকুলো বৈ আহিছিল। ভনীয়ে ওচৰলৈ গৈ দেতা ঔ কি কৈছে এইবোৰ, এইবুলি বৰদেউতাৰ গাত পৰি হাও হাও কৈ কান্দিবলৈ ধৰিলে। মই ডিঙিত কিবা এটা পোৰণি অনুভৱ কৰিলোঁ। মোৰো কিবা এটা দুখ লাগিছিল।
এটা সময়ত তেওঁ ৰ’ল। ৰূপাই পানী খাব বুলি গিলাচ এটা লৈ আহিল। তাৰপাছত তেওঁ নাৰায়ণক ওচৰলৈ মাতিলে। ভনী যে তেওঁৰ কিমান মৰমৰ, কিমান আদৰত, কিমান সুখত ৰাখিবলৈ চেষ্টা কৰিছিল, সেই সকলোবোৰ কৈ যাবলৈ ধৰিলে। বিশেষকৈ বৰমা ঢুকোৱাৰ পাছত বৰদেউতাই ভনীক সঁচাকৈ কেতিয়াও টানকৈ কিবা এষাৰ কৈ নাপালে। তেওঁ নাথাকিলে যে ভনীৰ কি হ’ব সেই লৈ যে তেওঁৰ বহুত চিন্তা হয়, সেয়া কওঁতে ভনীৰ কান্দোন আৰু বেছি ডাঙৰ হৈ গ’ল।
তাৰপাছত তেওঁ তাৰ হাতখন তেওঁ হাতৰ মুঠিত ভৰাই লৈ বহুত সময় চকু দুটা মুদি থাকিল।
বহুত সময়।
কিবা এক নিস্তব্ধতাই গোটেই পৰিৱশটো ভেদ কৰি গ’ল।
অলপ সময় পাছত অস্ফুট মাতেৰে তেওঁ বিৰবিৰালে, “হে নাৰায়ণ, মোক উদ্ধাৰ কৰা”
তাৰপাছত তেওঁৰ হাতৰ মুঠি শিথিল হৈ গ’ল, তেওঁ থৰ হৈ ৰ’ল।
ভনী আৰু ৰূপাই ডাঙৰ ডাঙৰকৈ চিঞৰি কান্দিবলৈ ধৰিলে।
মই জানো বৰ্ডত থকা অংকটো একেবাৰে সহজ, মাত্ৰ নাজানো কৰাৰ পাকটো কি। ততবুদ্ধি হেৰুৱাই বৰদেউতালৈ চাওঁ, তেওঁ সন্মুখত থকা ছাত্ৰখিনিলৈ চাই উপদেশ দি থাকে। সময় বেছি লাগি ৰৈ থাকিলেও কৰি নিদিয়ে, সমাধান কৰিবলৈ প্ৰয়োজনীয় হিন্টছবোৰ দি থাকে। সকলোৰে সন্মুখত একো তদভব নাপাই মই বৰ্ডৰ ওচৰত ৰৈ থাকোঁ, একো বুজিব নোৱাৰোঁ। উত্তৰ দিওঁ। বৰদেউতাই হাঁহি কয়, “তোৰ কেলেই ভুল হৈছে জান? কাৰণ তই প্ৰশ্নটোকে বুজা নাই…”
জীৱনত সেইদিনা প্ৰথমবাৰৰ বাবে তেওঁৰ মুখত নাৰায়ণৰ নাম শুনিবলৈ পালোঁ।
Comments
Post a Comment