দশম শ্ৰেণীৰ সময় ।ক্লাছ আৰম্ভ হৈছে আৰু ।নৱম আৰু দশম শ্ৰেণী বুলিলে সৰুৰে পৰা কিবা এটা বেলেগ দৃষ্টিৰে চাইছিলোঁ ।বহীত কঠিন এলজেব্ৰা , ৰাতিপুৱা ইংৰাজী-বিজ্ঞানৰ টিউচন , স্কুলৰ কিবা মিটিং হ ' লে কথা কবলৈ সুযোগ তথা স্কুলৰ আটাইতকৈ গহীন গম্ভীৰ , ডাঙৰ বেটছ ।আৰু দশম শ্ৰেণীৰ যিজন প্ৰথম ছাত্ৰ তেওঁৰ পঢ়া শুনা কেনেকৈ হয় , কত কি বা টিউচন লৈছে সেইবোৰৰ খবৰো কিছুমানৰ মুখে মুখে বাগৰি বহুত কিবা উৰাবাতৰিও নোলোৱাগৈ নহয় ।দিন বাগৰি বছৰ বাগৰি এটা সময়ত আমাৰ বেটছটোও ডাঙৰ হৈ আহি স্কুলৰ আটাইতকৈ ডাঙৰ বেটছটো হলোহি
Prankrishna Borgohain