দশম শ্ৰেণীৰ সময় ।ক্লাছ আৰম্ভ হৈছে আৰু ।নৱম আৰু দশম শ্ৰেণী বুলিলে সৰুৰে পৰা কিবা এটা বেলেগ দৃষ্টিৰে চাইছিলোঁ ।বহীত কঠিন এলজেব্ৰা, ৰাতিপুৱা ইংৰাজী-বিজ্ঞানৰ টিউচন, স্কুলৰ কিবা
মিটিং হ'লে কথা কবলৈ
সুযোগ তথা স্কুলৰ আটাইতকৈ গহীন গম্ভীৰ,ডাঙৰ বেটছ ।আৰু
দশম শ্ৰেণীৰ যিজন প্ৰথম ছাত্ৰ তেওঁৰ পঢ়া শুনা কেনেকৈ হয়, কত কি বা টিউচন
লৈছে সেইবোৰৰ খবৰো কিছুমানৰ
মুখে মুখে বাগৰি বহুত কিবা উৰাবাতৰিও নোলোৱাগৈ নহয় ।দিন বাগৰি বছৰ বাগৰি এটা সময়ত আমাৰ বেটছটোও ডাঙৰ হৈ আহি স্কুলৰ আটাইতকৈ ডাঙৰ বেটছটো হলোহি
।স্বাভাৱিকতেই যেন বুকুখন
এহাত আগবাঢ়ি যায় ।সৰুৰে পৰা শুনি অহা 'ক্লাছ টেন'ৰ ছাত্ৰ হোৱাৰ
পাছত প্ৰথমতেই মোৰ এটা প্ৰধান চিন্তা আছিল যে সৰুতে মই যেনেকৈ দশম শ্ৰেণীৰ ছাত্ৰৰ এক ধাৰণা
মনত কঢ়িয়াই লৈ ফুৰিছিলোঁ তেনেকৈ বা মোতকৈ সৰুবোৰে ভাবে নেভাবে! অৱশ্যে মই নিজেও মোৰ ধাৰণাটো ভুল আছিল বুলি গম
পাইছিলো যেতিয়া লাহে লাহে আমাৰ ক্লাছবোৰ আৰম্ভ হৈছিল ।দশম পোৱাৰ পাছতো
আমাৰ গোটেই লগৰখিনিৰ স্বভাৱৰ অকণো সাল সলনি হোৱা নাছিল ।গহীন হোৱাটো দূৰৰে কথা,এইবাৰেই স্কুলত শেষৰ
বছৰ বুলি ধৰি লৈ কৰা আমাৰ উৎপাতবোৰ আচাৰ্য আচাৰ্যাৰ কাৰণে মূৰৰ কামোৰণি স্বৰূপ আছিল ।উৎপাত সকলোৱে কৰে কিন্তু আমাৰ উৎপাতবোৰ যেন কিবা সকলোৱে সমালোচনা কৰা বিধৰ আছিল মানে কিছুমান অভিভাৱকেও ক'বলৈ বাধ্য হৈছিল - ক্লাছ টেন পালাহি আৰু এতিয়া এইবোৰ ধেমালি এৰিবৰ হল ।কিন্তু আমি যে মহা ধুৰন্ধৰ আছিলোঁ ।বিশেষকৈ মই ।তেনেকৈ কোনোবাই কলে ইমান যে মনোযোগ দি শুনিছোঁ এনেকুৱা প্ৰকাশভংগীমা এটা মুখত ওলোমাই ৰাখোঁ ।এখন কাণেদি সোমাই আনখনেদি ওলোৱা-এইবোৰ হল পুৰণা নীতি ।আমি মহাদুষ্টকেইটাই কাণ দুয়োখনেই খোলা ৰাখি আমাক নকৰিবলৈ কোৱা উপদেশবাণী দুয়োফালেদি সুমুৱাই লওঁ।দুয়োফালৰ পৰা অহা অগ্ৰগামী তৰংগৰ সমাৰোপণ ঘটে আৰু পুনৰ বিপৰীত কাণখনৰ ফুটাইদি ওলাই যায় ।ঠিক আগতে পঢ়া ছাগলীৰ সাধুটোৰ দৰে-দুয়োফালৰ পৰা অহা দুটা ছাগলী মকামিলা কৰি দলংখন পাৰ হৈ গুচি যোৱাৰ দৰে আমাক কোৱা কথাবোৰ দুয়োখন কাণেদি বাহিৰ হৈ যায় আমাৰ একো এটা কথা গাত নালাগে ।ফলত আকৌ উৎপাত,আকৌ গালি ।
বাকীকেইটা বেটছৰ কথা উল্লেখ নকৰিলে কথাটো আধৰুৱা হব ।এইধৰণৰ জোকোৱা নামবোৰ সাধাৰণতে ওপৰৰ ক্লাছকেইটাতহে জনপ্ৰিয় আছিল আৰু এই নামবোৰ ইমান খাপখোৱা ধৰণৰ আছিল যে এতিয়াও সেই নামকেইটা কলে সেই বিশেষ আচাৰ্যজন মনৰ পৰ্দাত ধৰা দিয়ে বা আচাৰ্য আচাৰ্যাৰ কথা ওলালে লগতে তেওঁৰ নামটোও স্বয়ংক্ৰিয়ভাৱে মনত ভুমুকি মাৰে ।যিকোনো এটা বেটছত নাম এটা পোৱাৰ পাছত
বাকীকেইটাতো লগে লগে জনাজাত হৈ পৰে ।
আছিলোঁ ।দুঃসাহসীকেইটামানে এদিন আচাৰ্যা বেলেগ এটা ক্লাছলৈ গৈ থাকোঁতে ঐ ট্ৰেকছ্যুট আহিছে, ট্ৰেকছ্যুট আহিছে এনেদৰে চিঞৰ বাখৰ কৰিবলৈ
লাগিল ।ইতিমধ্যে আচাৰ্যাও ঘূণোক
ঘাণাককৈ ছাগৈ গম পাইছিল তেওঁৱো কিবা নাম এটা পাইছে বুলি ।গতিকে তেওঁ গৈ কমন ৰূমত কথাটো উলিয়ালেগৈ ।আমাৰ ইতিমধ্যে বহুত অভিযোগ গোট খাই আছিল । ক্লাছত উৎপাত কৰাৰে পৰা আৰম্ভ কৰি আচাৰ্য
আচাৰ্যাই ক্লাছ কৰি থকাৰ সময়তো অকণো মন কাণ নিদিয়া এইবোৰ ইছ্যু লৈ সকলো গৰম হৈ
আছিলেই ।আচাৰ্যাই তেওঁক
জোকোৱা কথাটো কৈ দি দিয়াৰ লগে লগে সকলো নতুন জুইশলা কাঠি এটা জুইত দি
দিলে ফচকৈ খুব ডাঙৰ শব্দ কৰি জ্বলি যোৱাৰ দৰে হৈ পৰিল ।
চোৱা নাই ।কিন্তু ছুটীৰ পাছত যেতিয়া আমাক যাবলৈ নিদি সকলো আচাৰ্য আচাৰ্যা সোমাই আহিল গম পালোঁ আজি কিবা এটা অঘটন হবই নিশ্চয় ।কিন্তু কি কাৰণে আমাক ৰখাই থৈছিলে সেয়া আমি অনুমান কৰিব পৰাই নাছিলোঁ ।অৰ্থাৎ আমি অকণোৱে ভবাই নাছিলোঁ যে জোকোৱা নামটো আচাৰ্যাৰ কাণত পৰিছে বা গম পাই আচাৰ্যাৰ কিমান খং উঠি এনেদৰে গোটেই বেটছৰ ওপৰত খং জাৰিবলৈ আহিব ।যি নহওঁক সকলোৱে আহি সোধপোছ আৰম্ভ কৰি দিলে ।আচাৰ্যা নতুন হৈ থকা কাৰণে ছাগৈ কোনে জোকাইছিল সেয়া সঠিককৈ কব নোৱাৰিলে আৰু আমাৰো ঐক্যতা বৰ লেখত লব লগীয়া বিধৰ আছিল
।আচাৰ্য আচাৰ্যাসকলে গালি
দিয়া আৰম্ভ কৰিলে ।গম পালোঁ আমি কাক কি নাম দিছোঁ সেয়া ইতিমধ্যে তেওঁলোকৰ জ্ঞাত ।মোৰ সবাতোকৈ দুৰ্কপাল সেইদিনা মই একেবাৰে প্ৰথম বেঞ্চৰ কাষৰ ফাললৈ বহিছিলোঁ ।ফলত গালিবোৰ চিধা মোৰ গাতে আহি ছিটিকি পৰাৰ দৰে লাগিছিল ।
বিশেষ : অসমীয়াৰ প্ৰবীণ বৰুৱা
আচাৰ্যক আমি নাম দিছিলোঁ পপকৰ্ণ ।গালি দিয়াৰ সময়ত তেওঁ উপস্থিত নাছিল ।তেওঁ আমাৰ লগত বেছি বন্ধুৰ দৰে থাকিছিল ।পাছদিনা জিৰণিৰ সময়ত আহি আমাক খৰধৰকৈ সুধিলে অই তঁহতে বোলে মোক পপকৰ্ণ নাম দিছ ।মানে কি নো? আচাৰ্যই সুধিবলৈ অহা দেখি আমি এনেয়ে হাঁহি ৰখাব
নোৱৰা হলোঁ ।ডেভিদ যেন অলপ বেছিয়ে
উত্তেজিত হৈ পৰিল ।সি 'আচাৰ্য খোৱাবস্তু
আকৌ' এইবুলি কৈ ফেলফেলাই হাঁহিবলৈ ধৰিলে ।আমি ওচৰত থকাকেইটাও তাৰ কোৱা ষ্টাইলত
হাঁহি ৰখাব নোৱাৰিলোঁ ।আচাৰ্যও আমাৰ আগত হাঁহি দেখালে বেয়া হব বুলি ভাবি
ছাগৈ মুখ টিপি হাঁহি গুচি গল ।