"হে কৃষ্ণ প্ৰভু শ্ৰদ্ধাৰ
শনিদেৱতা মহাশয়,য'তে আছে আপুনি মোলৈ চকু মেলি চাঁওক; মোৰ অসূয়া অপ্ৰীতিবোৰ দূৰ কৰি দিয়ক আৰু এইবুলি মাংসৰ বাটি তিনিটা
আগলৈ দিলোঁ ।ছিনিয়ৰ চন্দন দাইও 'কৃষ্ণ ইয়াৰ দায় দোষ মৰিব লাগে আৰু ন ৰাকেশ,কৃষ্ণ , অ' খা আৰু এতিয়া' এইবুলি বাটিৰ পৰা জোল বাকি লৈ খোৱা আৰম্ভ কৰি দিলে, আমিও মানে মোৰ ৰূমমেট ৰাকেশদা ছিনিয়ৰ পৰাণদা আৰু মইও
নিজৰ কাঁহীত মনোযোগ দিবলৈ আৰম্ভ কৰিলোঁ ।
হায়াৰ চেকেণ্ডাৰী ক্লাছে নিজ
গতি লোৱাৰ সময়ৰ কথা ।হোষ্টেলতো ইতিমধ্যে আমাৰ অৱস্থা দকৰা হোৱা আমটোৰ দৰে হৈছেগৈ ।
মেছ মিটিঙত খাদ্য যোগানৰ ওপৰত নিজৰ মত দিব পৰাকৈ এটা অৱস্থাত উপনীত হৈছোঁ বা সৰু সুৰা অনুষ্ঠানবোৰ পাতোতে সৰু সুৰা দায়িত্ব কিছুমান ছিনিয়ৰে বিনাদ্বিধাই দিব পৰাৰ এক স্থিতি।স্বাভাৱিকতে সকলোবোৰ যেন স্বাভাৱিক হৈ পৰিছিল সেয়া স্পষ্ট হৈছিল ।জীৱনৰগতি লয় ছন্দ এইবোৰ পুনৰ ঘূৰি আহিছিল ।কোনোবা এটা চোকা ৰ'দ দিয়া দিনৰ কথা ।আগৰাতি দেৰিকৈ শোৱাৰ ফলত ৰাতিপুৱা খুব খৰধৰকৈ গৈ ক্লাছত উপস্থিত হৈছোঁ ।তাকো খৰধৰৰ কোবত অসমীয়া সাহিত্যৰ কিতাপ নিবলৈ থাকি আহিল ।আমাৰ বাকী বিষয়বোৰৰ পাঠ্যপুথি নিনিলেও বিশেষ অসুবিধা নহৈছিল আৰু ডাঙৰ ডাঙৰ ডাঙৰ কিতাপসোপা নিয়াতকৈ ছাৰ বা মেডামে কৈ যোৱা কথাবোৰ মন দি শুনাটোহে মোৰ পছন্দ হৈছিল ।স্কুলত আচাৰ্য বা আচাৰ্যাই দিয়া ব্যাখ্যাবোৰ লগে লগে লিখি
নগৈছিলোঁ ।কিন্তু ইয়াত আহি সেই অভ্যাসটো গঢ় লৈ উঠিল আৰু চিঞাহী কলমৰ ঠাইত বল পইণ্ট পেন আহিল ।আখৰৰ আকাৰো সৰু হল আৰু আকৃতিৰ ব্যাখ্যা দিবলৈ উচ্চতৰ জ্যামিতিৰ প্ৰয়োজনে আহি দেখা দিলে ।কিন্তু অসমীয়া অথবা ইংৰাজীৰ ক্ষেত্ৰত আমাৰ মইমতালি চলাৰ সুবিধা নাছিল।সেইকেইটা ক্লাছলৈ কিতাপ নিনিয়াটো একৰকমৰ পাপ কামেই আছিল বুলিব পাৰি।কিতাপ নিনিয়াকেইটাক থিয় কৰোৱা হৈছিল আৰু আনিবলৈ পাহৰাৰ কাৰণ সোধা হৈছিল।ভাগ্য বেয়া থাকিলে ক্লাছৰ পৰা উলিয়াইও দিছিল ।মুঠৰ ওপৰত বাকী বিষয়ত যি কৰ নকৰ অসমীয়া আৰু ইংৰাজীৰ ক্লাছত খেলিমেলি নাই কিতাপ লাগিবই ।
তাত গৈ যেতিয়া গম পালোঁ যে কিতাপখন লগত নাহিল
মূহুৰ্ত্তও পলম নকৰি চিধা দৌৰ দিলোঁ ।কলেজ কেম্পাছতে আমাৰ হোষ্টেল, পাঁচ মিনিটো নালাগে ।তাতে মই
যি সংশয়ত দৌৰিছোঁ খুব সোনকালেই কিতাপখন আনি ক্লাছৰুম পালোঁহি ।প্ৰখৰ ৰদত দৌৰি অহা যোৱা কৰি ঘামত তিতি অৱস্থা নাই ।তাতে টোপনিও মনৰ জোখাৰে নোহোৱাৰ ভাগৰ এটা লম্ভি আছে ।তথাপি উপায় নাই তেনেকৈয়ে ক্লাছ কৰিবলৈ মানসিক প্ৰস্তুতি চলালোঁ ।ছাৰ আহিল-
ক্লাছ কৰিলে,উপস্থিতি ললে-
আজি বহুত গৰম
হৈছে জাতীয় সৰু সুৰা ভাষণ এটাও দিলে অথচ কিতাপ কোনে কোনে নানিলে সেয়া ঘুণাক্ষৰেও নুসুধিলে ।লগৰ সবেই অৱশ্যেই কিতাপ ননাকৈ নাথাকিছিল আৰু পাহৰি আহিলে কেনেবাকৈ সেইদিনাৰ ক্লাছটো নিজে বাতিল কৰিছিল ।ক্লাছ শেষ কৰি ছাৰ যোৱাৰ পাছতেই মই বেঞ্চতে শুই পৰিলোঁ ।গেলা গৰমত দৌৰি ছাৰ্টটো সম্পূৰ্ণ ঘামত তিতি গ'ল ।তাতে কিবা টোপনি ভাৱ এটাই ক্ৰিয়া কৰি থকা কাৰণে
অসহ্য
লাগিছিল ।ব্ৰেকত আহি গা ধুইহে ৰক্ষা ।গা ধুই থাকোঁতে অনবৰতে ভাবি থাকিলোঁ ছাৰে বাৰু আজিহে সুধিবলৈ পাহৰিলেনে-ইমান কষ্টত কিতাপ নিছো,আজি সোধা হলে অন্ততঃ মনটো কিবা এটা ভাল লাগিল হয় -কষ্টখিনি সাৰ্থক হোৱা বুলি ।ইমান কষ্ট কৰাৰ পাছত যেতিয়া অনুভৱ কৰা যায়
ইমানখিনি নকৰি shortcut কৰা হ'লেও একেই ফলাফল পালোঁ হয়, মনত কি যে এক বিচিত্ৰানুভৱ আহে তাৰ এক সন্তোষজনক ব্যাখ্যা মই
আজিলৈকে পোৱা নাই ।
গধূলি চাহ খোৱাৰ পাছত ৰূমত মোৰ কথাটো উলিয়ালো ।মোৰ ৰূমমেট এজন হায়াৰ চেকেণ্ডাৰীৰ দুৰন্তদা আৰু এজন Physics ৰ ৰাকেশদা ।দুয়োজনে ইমানেই
হাঁহিলে
ময়ো উপায়হীন হৈ বেঙাৰ দৰে হাঁহি দিলোঁ ।তেনেতে ৰাকেশদাৰ লগৰ চন্দনদা আৰু পৰাণদা সোমাই আহিল ।চন্দনদা বহুত শকত আছিল আৰু নিজৰ স্বকীয় খোৱা থকাৰ ফেশ্বনৰ কাৰণে সমগ্ৰ হোষ্টেলতে মামা বুলি পৰিচিত আছিল ।তাতে ৰাকেশদাৰ
মেজৰমেট তথা আমাৰ ৱালমেট হোৱাৰ কাৰণে আমি যথেষ্ট অন্তৰংগ আছিলোঁ ।আনহাতে পৰাণদা মণিটৰ হোৱা হেতু ৰাকেশদাৰ ওচৰলৈ আহি থাকিছিল ।পৰাণদা নিউ ব্লকৰ আৰু ৰাকেশদা অল্ড ব্লকৰ মণিটৰ আছিল ।যি নহওঁক দুয়োজনে ৰূমলৈ সোমায়ে হাঁহি থকা দেখি কাৰণ সুধিলে ।ময়ো আৰু উছাহতে গৰমত দৌৰি হোৱা দুৰৱস্থাৰ কথা বৰ্ণনা কৰিলোঁ ।মোৰ কথা শুনি চন্দনদাই নাহাঁহিলে,মাত্ৰ এবাৰ পৰাণদা, এবাৰ ৰাকেশদা আৰু তাৰপাছত মোলৈ চাই ক'বলৈ ধৰিলে 'বুইছ ইয়াৰ শনি লাগিছে ।ৰাকেশ, ৰূমমেটৰ শনি ভঙাৰ ব্যৱস্থা কৰিব হৈছেহি আৰু।' মই কি কৈছে নুবুজিলোঁ এনেকুৱা ভাৱত চালোঁ।''কাইলৈ এটা কাম কৰ- মচলা-আলু এইবোৰ ব্যৱস্থা আমি কৰিম,তই মাত্ৰ মাংসৰ পইচা দিলেই হ'ব ।তোৰ গাত লম্ভা শনিটো ইমানো dangerous নহয় তথাপি ক'ব নোৱাৰিটো আৰু কি দশা কৰে ।গতিকে মণিটৰ দুটা আৰু ৱালমেট বুলি মোক মাংসৰ সকাম এটা দিলেই হৈ যাব ।যোৱাবছৰ দুৰন্তইও শনি খেদাইছেতো ন - চন্দনদাৰ
কথাত দুৰন্তদাই মূৰ দুপিয়ালে ।মই গম পালোঁ - চন্দনদাই কোৱাৰ দৰে মোৰ শনি নালাগিলেও এইমাত্ৰ যে যি জালত সোমালোঁ তাৰপৰা যে কোনো দেৱতাই মোক উদ্ধাৰ কৰিব নোৱাৰে ।

পাছদিনা সঁচাকৈয়ে মাংসৰ
ব্যৱস্থা কৰিবলগীয়া হ'ল ।মোৰ শনি ভঙা সকামত যাতে বেলেগ সোমাই অপৱিত্ৰ নকৰে তাৰ কাৰণে যথেষ্ট সতৰ্কতাৰে মনে মনে চন্দনদাৰ ৰূমটে বনোৱাৰ ব্যৱস্থা কৰা হল ।চন্দনদা যথেষ্ট শকত মানে নোদোকাৰ দৰে আছিল আৰু হোষ্টেলৰ খাদ্যই তেওঁক অকণো জোৰা নাছিল ।গতিকে তেওঁ নিজে এটা সৰু চিলিণ্ডাৰ আনি লৈছিল ।চিলিণ্ডাৰটোৰ লগতে ওপৰত ষ্টভৰ দৰে বনাবলৈ সুবিধা আছিল ।তেওঁ মন গ'লেই তাত নিজে অকলে ৰান্ধি খাইছিল । মাংস যাতে আৰু
কাৰো লগত ভাগ কৰিবলগীয়া নহয় তাৰকাৰণেই মনে মনে কামফেৰা কৰা হ'ল ।মাংস হোৱাৰ পাছত বাটিত ভাগ কৰি 'সমাজ'লৈ আগবঢ়াই দি মোৰ শনিভগা সকামভাগি সম্পন্ন কৰিলোঁ ।চন্দনদাই নিজৰ সোৱাদ অনুসৰি বনোৱা মাংস গতিকে কিছু বেলেগধৰণৰ টেষ্ট এটা পালোঁ । পাছত সঁচাকৈয়ে মোৰ তেনে কোনো শনি লম্ভাধৰণৰ একো হোৱা নাছিল ।অৱশ্যে কথাটো এনেধৰণৰো হয়তু হ'ব পাৰে যে মই সেইদিনাৰ পৰা নিজে যথেষ্ট সতৰ্ক হৈ পৰিছিলোঁ একেটা ভুল দুবাৰ নকৰোঁ
বুলি বা মোক কোনোৱে আকৌ এবাৰ শনি ভঙা সকাম বিছাৰি অহা নাছিল কাৰণে মনলৈ
নাহিল ।।ইয়াৰ ভিতৰত দ্বিতীয়টো কাৰণেই বেছি গ্ৰহণযোগ্য বুলি মোৰ মনে কয়
।পাছত লগৰবোৰৰ পৰা গম পাইছিলোঁ কেৱল ময়ে নহয় কিছুমান তেনেই সৰু সৰু কাৰণত
সিহঁতৰো শনিভঙা পাতিবলগীয়া হৈছিল আৰু মাংসৰ সকামৰ ব্যৱস্থা হৈছিল ।