অৱশেষত পিকনিকৰ তাৰিখটো ঠিক কৰা হ ’ ল । ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৫২ তম যুৱ মহোৎসৱ শেষ হৈছিল ৩০ জানুৱাৰী তাৰিখে আৰু তাৰ এদিন পাছতেই আমাৰ পিকনিকৰ তাৰিখ ঠিক কৰা হ ’ ল , একমাত্ৰ পিকনিক স্পট ঠিক কৰিবলৈ সকলোৰে ব হুত সময় লাগিল । তাৰ আগেয়ে পিকনিক সম্বন্ধীয় কথা , বাজেট আদিবোৰকে আৰম্ভ কৰি কথাবোৰ আলোচনা কৰিবলৈ যিখন মিটিং দিয়া হৈছিল , তাত তিনিখন ঠাই প্ৰাধান্য পাইছিল , হাৱাই কেম্প , দুলুংমুখ আৰু কিমিন । কিমিন পোনছাটেই নাকচ হৈছিল , মাত্ৰ হাৱাই কেম্প আৰু দুলুংমুখৰ মাজত আমাৰ মনবোৰ পেণ্ডুলামৰ দৰে দুলি আছিল । মিটিঙত একো সিদ্ধান্ত লোৱা নহল যদিও সকলোৰে যে হাৱাই কাম্প যোৱাৰ এটা প্ৰৱল ইচ্ছা আছে , সেয়া প্ৰকট হৈ উঠিছিল । কিন্তু তাৰ পাছতে হুৰামূৰাকৈ যুৱ মহোৎসৱ পালেহি আৰু যিহেতু ছাত্ৰ ছাত্ৰীৰ সহযোগ অবিহনে কলেজে অনুষ্ঠিত কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হ ’ ব , তাতে হোষ্টেলকেইটাৰ সমূহ আবাসীয়ে লাগি মেলি সহায় কৰি নিদিলে কথাটো সম্পূৰ্ণ সহ্য সীমাৰ বাহিৰত থকাৰ দৰে হ ’ ব । তাতে
Prankrishna Borgohain