Skip to main content

যুৱ মহোৎসৱ 2015, নৰ্থ লখিমপুৰ মহাবিদ্যালয়

   
প্ৰথমদিনাৰ সফল পৰিসমাপ্তিৰ পাছত সন্ধ্যা ঠিক ৬-৩০ বজাৰ পৰা আৰম্ভ হোৱা দ্বিতীয় দিনাৰ নাট্যসন্ধাৰ আটাইতকৈ উল্লেখনীয় দিশটি আছিল দৰ্শকৰ উপস্থিতি নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ মূল প্ৰেক্ষাগৃহ ৰংঘৰ তথা যুৱ মহোৎসৱৰ মঞ্চ নং ১ দৰ্শকেৰে ঠাহ খাই পৰিছিল দ্বিতীয় দিনা সৰ্বমুঠ ১২ খন নাট মঞ্চস্থ হোৱা নাট্যসন্ধ্যাটিৰ কেওখনি নাটেই গুণগত মানদণ্ডৰ পৰা আছিল অদ্বিতীয় পোনপ্ৰথমে মঞ্চমুকলি নাট প্ৰদৰ্শন কৰা ডি এইচ এচ কে কলেজৰ জবাব শীৰ্ষক নাটখনৰ মূল বাৰ্তা আছিল ডাইনী হত্যা, অন্ধবিশ্বাস, কুসংস্কাৰ নিৰ্মূলতাৰ পাছতেই মঞ্চস্থ হোৱা এম এন শইকীয়া কলেজৰউন্মাদৰ দেশনাটখনিয়ে দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হয় পাঁচোটি পগলা, এজন এম এল এ, এজন পগলা ফাটকেৰ ডাক্তৰৰ  চৰিত্ৰ সৈতে নাটখনে হাঁহিৰ মাজেৰে সমাজৰ নেতিবাচক দিশ কিছুমানক
সুন্দৰকৈ ডাঙি ধৰিছে আৰু এইক্ষেত্ৰত নাটখনৰ অভিনেতাসকল পূৰামাত্ৰাই সফল হৈছে বুলি কব পাৰি আনহাতে ঘৰুৱা দৰ্শকৰ সন্মুখত নৰ্থ লখিমপুৰ কলেজৰ  “ এ ভৱ গন বননাটখনি আছিল নাট্যসন্ধ্যাটিৰ মূল আকৰ্ষণ
টকাৰ কাৰণে আপোন মানুহকো পাহৰিব পৰা, টকাৰ কাৰণেই মানুহ কিমান তললৈ নামিব পাৰেনাটখনিয়ে তাকেই বুজাব বিছাৰিছিল আৰু নাট্যদলটিৰ সমূহ কলা কুশলীয়ে বিষয়-বস্তুটি ফুটাই তোলাত সক্ষম হৈছে এইক্ষেত্ৰত আমি পৰিচালকক সৰ্বাধিক কৃতিত্ব দিব বিছাৰিলেও ভুল নহব নাটখনিৰ লাইটিং আছিল আন এক উল্লেখনীয় দিশ এচ পি পি কলেজৰ নাটসংকল্পও আছিল নাট্যসন্ধ্যাটিৰ আন এখন অগতানুগতিক নাট বৰ্তমান অসমৰ কেইটামান জ্বলন্ত সমস্যানিবনুৱা, অসমবন্ধ, স্বায়ত্বশাসনৰ ৰাজনীতি তেওঁলোকে প্ৰতীকি অৰ্থত খুব সুন্দৰকৈ ডাঙি ধৰাত সফল হৈছে যুৱশক্তিক মূল বিষয় হিচাপে লৈ মঞ্চস্থ কৰা যোৰহাট কলেজৰ নাটআমিয়েই কৰিম সমাধান”-ত দেখুৱাব বিছৰা হৈছিল বৰ্তমানৰ পৰিস্থিতিত যুৱসমাজৰ নৈতিক দায়িত্ব, যুৱশক্তিৰ ধনাত্মক ব্যৱহাৰে সমাজৰ কিমান উপকাৰ সাধন কৰিব পৰা যায় নাটৰ শেষত অভিনেতাসকলে দৰ্শকৰ মাজলৈ আহি “Say no to drugs” পষ্টাৰ বিতৰণ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰেঅন্যহাতে কাকজান কলেজৰ নাটৰাজকাৰেঙৰ সাধুনাটখনিত ব্যংগ আৰু হাস্যৰসৰ পয়োভৰ ঘটিছিল  এক অনন্য উপস্থাপনেৰে দৰ্শকৰ মন জিনিবলৈ সক্ষম হোৱা নাটখনি আছিল সৰুপথাৰ কলেজৰ নাটপ্ৰেম মাথোঁ তিনিটি চৰিত্ৰৰ মাজেদি ইমান সুন্দৰকৈ কলা কুশলীসকলে নাটখন মঞ্চস্থ কৰিলে--নাটখনি শেষ হোৱাৰ পাছত দৰ্শকৰ বিপুল হাত চাপৰিয়ে তাকেই যেন প্ৰমাণ কৰে নাটখনিৰ বেকগ্ৰাউণ্ড মিউজিক, লাইটিং আছিল অতুলনীয়অভিনেতাসকলৰ অভিনয় আছিল নাটখনিৰ আটাইতকৈ উল্লেখনীয় দিশ বাহনা কলেজে পৰিৱেশন কৰা পাৰিবাৰিক নাটপৰশুৰাময়েও সকলোৰে মন জয় কৰিবলৈ সক্ষম হয় আনহাতে নাৰীশিক্ষাৰ প্ৰয়োজনীয়তাক প্ৰাধান্য হিচাপে লৈ সোৱণশিৰি কলেজে প্ৰদৰ্শন কৰা নাটমিছা পাৰ্থক্যনাটখনিয়ে তেওঁলোকৰ বাৰ্তা দৰ্শকৰ মাজলৈ পঠিওৱাত সফল হৈছে বুলি কব পাৰি তাৰ পিছতেই ডি আৰ কলেজৰ নাটগদাপৰ্বআছিল হাস্যৰসেৰে পৰিপূৰ্ণ বিশেষকৈ নন্দী দোকানীৰ চৰিত্ৰটিয়ে সকলোৰে মন জয় কৰিবলৈ সক্ষম হৈছে অন্যহাতে নিশা গভীৰ হৈ অহা সত্বেও নাট্যপ্ৰেমী দৰ্শকে যে ভাল নাটৰ সোৱাদ কেতিয়াও এৰি নাযায়, তাকেই যেন জে বি কলেজৰ নাট্যদলটিয়ে প্ৰমাণ কৰি দেখুৱালে এজন পগলা, এটা মূৰ্তিৰ জৰিয়তে সমাজৰ বিভিন্ন চৰিত্ৰবোৰ বিশ্লেষণ কৰি যোৱা পগলাশীৰ্ষক নাটখনিৰ অন্তত দৰ্শকৰ হাতচাপৰি, সুহুৰিৰে ৰংঘৰ পূৰ্ণ হৈ উঠে নাটখনিৰ চোৰ আৰু পুলিচৰ চৰিত্ৰ দুটাই বিশেষভাৱে দৰ্শকক হাঁহিৰ খোৰাক যোগাবলৈ সক্ষম হয়সৰ্বশেষত মঞ্চস্থ হোৱা ডি চি বি গাৰ্লছ কলেজৰ নাটঅজামিল চৰিতৰ উপস্থাপন আছিল এক বিশেষ উল্লেখনীয় দিশ গল্ডী বৰাৰ বাঁহীৰ সুৰে নাটখনৰ সংগীতক এক অন্য মাত্ৰা প্ৰদান কৰে


মুঠৰ ওপৰত দ্বিতীয় দিনাৰ কেওখনি নাটেই তেওঁলোকৰ নিজা নিজা প্ৰদৰ্শনত সফল আছিল বুলি কব পাৰি আনহাতে দৰ্শকৰ উপস্থিতিয়ে সকলোকে উৎসাহিত কৰি তুলিছিলদ্বিতীয় দিনা মুঠ বাৰখন নাট মঞ্চস্থ হোৱা নাট প্ৰতিযোগিতাখনিৰ নিশা প্ৰায় ডেৰ বজাত সফল সমাপ্তি ঘটে