অৱশেষত পিকনিকৰ তাৰিখটো ঠিক কৰা হ’ল।
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৫২ তম যুৱ মহোৎসৱ শেষ হৈছিল ৩০ জানুৱাৰী তাৰিখে আৰু তাৰ এদিন পাছতেই আমাৰ পিকনিকৰ তাৰিখ ঠিক কৰা হ’ল, একমাত্ৰ পিকনিক স্পট ঠিক কৰিবলৈ সকলোৰে ব হুত সময় লাগিল। তাৰ আগেয়ে পিকনিক সম্বন্ধীয় কথা, বাজেট আদিবোৰকে আৰম্ভ কৰি কথাবোৰ আলোচনা কৰিবলৈ যিখন মিটিং দিয়া হৈছিল, তাত তিনিখন ঠাই প্ৰাধান্য পাইছিল, হাৱাই কেম্প, দুলুংমুখ আৰু কিমিন। কিমিন পোনছাটেই নাকচ হৈছিল, মাত্ৰ হাৱাই কেম্প আৰু দুলুংমুখৰ মাজত আমাৰ মনবোৰ পেণ্ডুলামৰ দৰে দুলি আছিল। মিটিঙত একো সিদ্ধান্ত লোৱা নহল যদিও সকলোৰে যে হাৱাই কাম্প যোৱাৰ এটা প্ৰৱল ইচ্ছা আছে, সেয়া প্ৰকট হৈ উঠিছিল। কিন্তু তাৰ পাছতে হুৰামূৰাকৈ যুৱ মহোৎসৱ পালেহি আৰু যিহেতু ছাত্ৰ ছাত্ৰীৰ সহযোগ অবিহনে কলেজে অনুষ্ঠিত কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব, তাতে হোষ্টেলকেইটাৰ সমূহ আবাসীয়ে লাগি মেলি সহায় কৰি নিদিলে কথাটো সম্পূৰ্ণ সহ্য সীমাৰ বাহিৰত থকাৰ দৰে হ’ব। তাতে সেইকেইদিন আমাৰ হোষ্টেলৰ মেচ চলাও বন্ধ। সাতে পাছে প্ৰায় সকলো দেহে কেহে মহোৎসৱৰ লগত জড়িত হৈ পৰিল। আৰু এনেকুৱা কামত জড়িত সকলোৰে কিবা এটা ভাল লাগেই, সেয়া মুখ ফুটাই নকলেও সকলোৱে স্বীকাৰ কৰিবই লাগিব। তিনি দিনৰ মহোৎসৱ কেতিয়া পাৰ হৈ গল, চকুৰ সন্মুখেদি যেন সময়বোৰ পোহৰৰ প্ৰায় সমপৰ্যায়ৰ বেগেৰে পাৰ হৈ গ’ল। তাৰমাজতো কিন্তু আমাৰ পিকনিকৰ কথাটো ওলাই নগল আৰু সমসাময়িকভাৱে আমি প্ৰস্তুত হৈ পৰিলো আমাৰ কাৰণে আহিবলগীয়া অন্য এটা আনন্দৰ দিনৰ বাবে।
সচৰাচৰ নিয়মৰ দৰে ৩১ জানুৱাৰীৰ গধূলিয়ে চাউণ্ড বক্স অনা হল আৰু সকলোৱে মন খুলি ফূৰ্টি কৰিলে। হোষ্টেলৰ এয়া অঘোষিত নিয়ম যে পিকনিক যোৱাৰ আগদিনা যদি খুব ডাঙৰকৈ গান বজাই, লাউডস্পীকাৰ সংযোগ কৰি গাৰ্লচ হোষ্টেলৰ ফালে মুখ কৰি সিঁহতক উদ্দেশ্যি দুষাৰমান টেটুফলা চিঞৰ মৰা নহয়, কাৰো মনত শান্তিয়েই নালাগে। এইবাৰো তাৰ ঠিক ব্যতিক্ৰম নহ’ল, মাত্ৰ চিঞৰ মৰা কামটো বাদ দি।
১ ফেব্ৰুৱাৰীৰ ৰাতিপুৱা আমাৰ যাত্ৰা আৰম্ভ হ’ল। ৩১ তাৰিখৰ ৰাতিয়েই খবৰ আহিল হাৱাই কেম্পত সোমোৱাটো কিছু বাধা আহি পৰিছে, তাৰ পৰিস্থিতি কিছু অশান্ত। দুখনকৈ গাড়ীত সমূহ আবাসী, ৰান্ধনী, ৰান্ধনীৰ পৰিয়াল, লগতে চুপাৰ ছাৰ আৰু বি পি এড বিভাগৰ মনজ্যোতি ছাৰৰ সৈতে আমি ঢাপলি মেলিলোঁ দুলুংমুখ অভিমুখে। চিঞৰ বাখৰ, হুলস্থুলৰ মাজেৰে প্ৰায় ১১-৩০ মান বজাত আমি তাত উপস্থিত হলোগৈ। কিন্তু তাৰ পৰিৱেশে আমাক কিছু পৰিমাণে হতাশ কৰিলে। যিডোখৰ ঠাইত সাধাৰণতে সকলোৱে পিকনিক খাবলৈ পছন্দ কৰে, তাত অলপ ছাঁ পৰি থকাকৈ গছ, নদী, পাহাৰ, ফটো তুলিব পৰাকৈ ভাল বেকগ্ৰাউণ্ড থকাটো সকলোৰে কাম্য। কিন্তু আমাক হতাশ কৰি তাত আছিল মাথোঁ সোৱণশিৰি নদী,দূৰত পাহাৰৰ এলানি য’ত আমি পাহাৰ বগাবলৈ যোৱা কি, ওচৰ চাপিবলৈকে গোটেই দিন লাগি যাব। কথাতে কয় দূৰৰ পাহাৰ, ৰাতিৰ জুই, তাক নেখেদি থাকিবা শুই। ৰন্ধা বঢ়া কৰিবলৈ ছাঁ অকমাণো নাই। সকলোৱে আক্ষেপ কৰি উঠিল, নিজৰ নিজৰ পছন্দৰ ঠাইবোৰৰ কথা বাৰে বাৰে উত্থাপিত হবলৈ ধৰিলে। তেনেতে চুপাৰ আহমেদ ছাৰে কৈ উঠিল আমাৰ লগত আমি স্ক্ৰীণবোৰ কি এনেই আছে?সেইবোৰ তৰি লোৱা হওক। কথামতেই কাম। কেইটামানে নদীত শিলগুটি মাৰি ভেকুলী জাঁপ দিয়াবলৈ লাগিল, কেইটামানে স্ক্ৰীণ তৰি জেগা ঠিক কৰিবলৈ লাগিল আৰু বাকী কেইটামানে ৰাতিপুৱাৰ পৰা একো এটা নপৰা আমাৰ পেটৰ বাবে কমলা, বইল ডিম, আৰু ব্ৰেড ঠিক কৰিলে।ব্ৰেকফাষ্ট খাই হঠাতে ঠাইডোখৰ প্ৰায় খালী হোৱাৰ দৰেই হৈ পৰিল কাৰণ সকলোৱে নিজৰ নিজৰ লগৰীয়াৰ সৈতে ঠাইডোখৰৰ সৌন্দৰ্য উপভোগ কৰিবলৈ ওলাল। ৰন্ধা বঢ়া কৰা ঠাইত থাকিল কেৱল ছাৰ, দুলেনদা( হোষ্টেলৰ প্ৰাক্তন আবাসী) আৰু কেইজনমান আবাসী।
আমি মানে মই, জ্যোতিষ্মান, কৌশিকদা, চুনুৰঞ্জন আৰু অসীম আগবাঢ়িলো অন্য এক দিশে। আমাৰ পিকনিক খোৱা ঠাইৰ পৰা এটা পাহাৰ(প্ৰকৃততে মালভূমি) খুব সুন্দৰকৈ দৃশ্যমান হৈ আছিল। ব্ৰেকফাষ্ট খায়েই আমি গোটেইকেইটাই ঠিক কৰিলোঁ আমি তাৰ
ওপৰলৈ উঠিম, সকলোকে ওপৰৰ পৰা চিঞৰিম, পাহাৰ বগোৱাৰ উত্তেজনা লভিম। সন্তৰ্পণে আমিআগবাঢ়িলোঁ কাৰণ আন কোনোবাইও আমাৰ সৈতে একেটা
লক্ষ্যকে বাছি লওক—আমি সেয়া বিছৰা নাছিলোঁ। কিন্তু অলপদূৰ যোৱাৰ পাছতে আমি উচ্চতৰ মাধ্যমিকৰ এটা
দল লগ পালোঁ সিঁহতেও তালৈকে গৈ আছিল। তাৰ
পাছতে লগ পালোঁ স্নাতকোত্তৰ মহলাৰ অসমীয়া বিভাগৰ দাদাকেইজন। লগে লগে আমাৰ সন্মুখত আৰু এক প্ৰত্যাহ্বানে দেখা দিলে। এতিয়া আমি কেৱল পাহাৰ বগালেই নহ’ব, সেয়াও হ’ব লাগিব সকলোতকৈ
আগেয়ে। প্ৰায় ওচৰ পাওঁ পাওঁ অৱস্থাত আমাৰ লগ লাগিল ডেনিচ। পাহাৰটো দূৰৰ পৰা যিমান ওচৰত থকা যেন লাগিছিল, ওচৰলৈ
আহি থকাৰ লগে লগে বেছি দূৰ হৈ যোৱাৰ দৰে লাগিবলৈ ধৰিলে। ওচৰ পোৱাৰ পাছত গম পালোঁ তাত খুৱ সম্ভৱ ঝুম খেতি কৰিবৰ
বাবে প্ৰস্তুতি চলোৱা হৈছে। এঢলীয়া
মাটিবোৰত জুই জ্বলাই চাফাই কৰাৰ চিন সুস্পষ্ট। যথেষ্ট কষ্টৰ অন্তত আমি ওপৰৰ পালোগৈ, সৰ্বপ্ৰথম আৰোহী
হিচাপে কৌশিকদাই গৌৰৱ আৰ্জন কৰিলে। সমান্তৰালকৈ
আমি, দাদকেইজন আৰু জুনিয়ৰকেইটাও একেবাৰে শিখৰত আৰোহণ কৰাৰ পাছত বহুকেইখন ফটো তোলা হ’ল। খুব এক ভাললগা মূহুৰ্ত আছিল, এনে লাগিছিল আমি কিবা বেলেগ
কিবা ডাঙৰ শৃংগই জয় কৰিলোঁ যেনিবা। সমুজ্জ্বলদাইও
তাৰ ওপৰত থকা শস্যৰ দৰে গছএজোপাৰ ছাঁত জিৰণি লৈ থাকি থাকি কৈয়েই পেলালে “এনেকৈ আমাক
যদি ট্ৰেইনিং দিলে দেখোন এভাৰেষ্টো বগাব পাৰিম” আমি সকলোৱে হাঁহি দিলোঁ, তেওঁ তথাপি
নিজৰ কথাত অটল হৈ থাকিল। এইকণ বগাওতেই আমাৰ ভাগৰত আহৰি নাই,
এভাৰেষ্ট বগাবলৈ কেৱল শাৰীৰিক সবলতাই নহয়, মানসিকভাৱে যথেষ্ট শক্তিশালী হোৱাৰ লগতে
লাগিব সাধনা।
নামি আহোতে উঠাতকৈ বেছি
ভয় লাগিছিল, হয়তু স্থিতিশক্তিৰ( Potential Energy) দ্ৰুত ক্ষয় ঘটাৰ বাবে। নামি অহাৰ পাছত আমাৰ এটাই লক্ষ্য আছিল এতিয়া গা ধুব লাগে। পলম নকৰি কাপোৰ কানি খুলি নুন্যতম কাপোৰ অকমান পৰিধাণ
কৰি আমি নামি পৰিলোঁ সোৱণশিৰিৰ বুকুত।
কিন্তু নমাৰ পাছত হে
আমাৰ অৱস্থা কাহিল হ’ল। কি ঠাণ্ডা পানী। প্ৰকৃতিৰ অপূৰ্ব সৌন্দৰ্য ব হনকাৰী নদীখনৰ নীলা পানীৰ
কুলকুল শব্দ, পানীৰ মাজে মাজে ওলাই থকা শিলত বহা চৰাই, দূৰৈত জাক পাতি বহি থকা বিভিন্ন
চৰাইৰ দল, তাৰ মাজতে আমি কেইটা পানীত নমৰা পাছত আমাৰ ভৰি দুখন সম্পূৰ্ণ ঠৰ হোৱাৰ দৰে
হৈ পৰিল। কোনোমতে পানীৰ ওপৰত ওলাই থকা শিলবোৰত
থিয় হোৱাৰ পাছতহে কিছু শান্তি পোৱা যায়। কিমান ঠাণ্ডা সেয়া বৰ্ণনা পঢ়াতকৈ তাত নামি চোৱাজনেহে
বেছি ভালকৈ অনুভৱ কৰিব পাৰিব। যথেষ্ট
সময় পানীৰ মাজত কটোৱাৰ পাছতো আমাৰ তাৰ পৰা গুছি আহিবলৈ অকণোৱে মন নাছিল। তাত পৰি থকা এডাল গছৰ ওপৰত ৰৈ গোটেইকেইটাই ৰ’দ পুৱাই
পুৱাই, আমাৰ উষ্ণতাৰ সাম্য অৱস্থালৈ আনি পুনৰ পানীত নমা, সাতোঁৰাৰ বৃথা চেষ্টা কৰা
আদি কামবোৰ চলাই থাকিলোঁ। প্ৰায় ডেৰঘণ্টা সময় কটাই আমি পাৰলৈ
আহিলোঁ। ত থাপি যেন পানীৰ হিমশীতল চেঁচা খিনিয়ে আমাক বাৰে বাৰে
মাতিছিল খেলা কৰিবৰ বাবে।
তাৰ পাছৰ কাহিনী চমু। খাই বৈ প্ৰায় ৪-৩০ মান বজাতে আমি দুলুংমুখৰ পৰা বিদায়
মাগিলোঁ আৰু সন্ধিয়া প্ৰায় ৬ বজাত হোষ্টেলত পদাৰ্পণ কৰিলোঁ। বছৰৰ এই দিনটোতেই আমি সম্পূৰ্ণ মন খুলি উৎপাত কৰোঁ, কোনো
বাধ্যবাধকতা নাই, গালি নাই, খুব ভালদৰে পানীবিহীন দালিও এই দিনটোতে খাবলৈ পাওঁ আৰু
পিকনিক স্পটলৈ যোৱাৰ আগত আৰু আহি গাৰ্লচ হোষ্টেলৰ আগত দেখাও আমাৰ বীৰত্ব—গান বজাই,
চিঞৰি কলেজ ফিল্ডত কেইবাপাকো মাৰি। তাৰ
পাছত আৰম্ভ হয় নৃত্য। এইবাৰো ব্যতিক্ৰম নহ’ল, আহি পাই
ফিল্ডত চাৰিপাক মৰাৰ পাছত বাজি উঠিল “লাডেন আছিল পলাই, গৈ পাকিস্তান,.......,”
আৰু স্বতস্ফুৰ্তভাৱে সকলোৰে গাবোৰ ভাঙি উঠি নাচৰ
প্ৰকৃতি ল’লে আৰু চলি থাকিল বহুত সময়লৈ, মাত্ৰ আমি কেইটামানে শৰীৰত মাথোঁ অনুভৱ কৰি
থাকিলোঁ সোৱণশিৰিৰ চেঁচা স্পৰ্শ।