Skip to main content

Posts

Showing posts from January, 2017

Q & A

কিতাপ পঢ়াৰ ভাল অভ্যাস এটা সৰুতে মা আৰু দেউতাৰ লগতে বাহঁতেও গঢ় লৈ তোলাত সহায় কৰিছিল যদিও ভাল অভ্যাসবোৰ সাধাৰণতে ৰাখিবলৈ নিজে কষ্ট নকৰিলে হাতৰ পৰা ওলাই যোৱাটোৱেই সবাতোকৈ অধিক সম্ভাৱনাযুক্ত । সৰুতে গধূলি যিয়ে কাম নাথাকক কিয় , দুঘণ্টামানৰ কাৰণে আমাৰ ঘৰৰ সকলোৱে কিতাপ কিম্বা দিনৰ বাতৰিকাকতখন লৈ অধ্যয়নত মগ্ন হৈছিল । মা গৃহিণী যদিও পঢ়াৰ প্ৰতি ধাউতি আৰু ভিন্ন কিতাপৰ প্ৰতি থকা আসক্তি বৈচিত্ৰপূৰ্ণ । সেই সময়কণত মায়েও নিজৰ আধৰুৱা কিতাপখনৰ অধ্যায়টো পঢ়িবলৈ লয় নহলে বাতৰি কাকতখনকে লুটিয়াই বগৰাই “ কিনা হাঁহৰ ঠোটলৈকে মঙহ ” ৰ নিচিনাকৈ সৰু - সুৰা সব বাতৰি পাত পাত কৰে । পিছে পঢ়িবলৈ ওলাই অহাৰ পাছত ঘৰৰ কিতাপৰ আলমাৰীটো তথা সেই পৰিৱেশটোৰ পৰাও বিচ্ছিন্ন হ ’ বলগীয়া হ ’ ল । বাহিৰত মই লগ পোৱা বেছিভাগ কিতাপ আছিল মই ইতিমধ্যে পঢ়া , নহলে দুখনমান মোৰ টেইষ্টৰ বাহিৰত । গতিকে লাহে লাহে সেই কিতাপ পঢ়াৰ ভাল অভ্যাসটো পুলুঙা মাৰিবলৈ আৰম্ভ কৰিলে আৰু মাত্ৰ কেইদিনমান আগত

এজনী ছোৱালী আৰু এডাল হাৰ

(ৰচনাকাল :  ২০০৩ প্ৰকাশ :  আমাৰ অসম ,  ৪ আগষ্ট ,  ২০০৩ ।   জোনাকী মেল) এখন গাঁৱত দুজনী বাই ভনী আছিল । ডাঙৰজনী আৰু সৰুজনীৰ মাজত স্বভাৱ চৰিত্ৰৰ প্ৰভেদ আছিল । ডাঙৰজনী অলপ হিংসাকুৰীয়া আছিল । সৰুজনী কিন্তু বৰ অসাধাৰণ ছোৱালী আছিল । তাইৰ জীৱনটো আছিল এডাল হাৰ ( অলংকাৰ ) ৰ মাত । সিহঁতৰ মাক দেউতাক সৰুজনীৰ দহ বছৰমান বয়স হওঁতে ঢুকাইছিল । মাক - দেউতাকৰ মৃত্যুত সৰুজনীয়ে বৰকৈ কান্দিছিল । মাক দেউতাকৰ মৃত্যুৰ পাছত গাঁৱৰ মানুহে ডাঙৰজনীতকৈ সৰুজনীকহে বেছি ভাল পাইছিল । তেওঁলোকে তাইৰ খোৱা বোৱাৰ খা - খবৰ কৰিছিল । তাকে দেখি বায়েকে হিংসাতে জ্বলি পুৰি মৰিছিল । বায়েকে এদিন ভনীয়েকক সুধিলে -‘ তোৰ জীৱনটো ক ’ ত আছে ক ?’ ভনীয়েকে কবলৈ মান্তি নহ ’ ল । তেতিয়া বায়েকে তাইক চোকা ছুৰীৰে প্ৰাণে মৰাৰ ভাবুকি দিলে । ভনীয়েকে বিতত হৈ নিজৰ জীৱনটো বচাবলৈ ক ’ লে