কিতাপ পঢ়াৰ ভাল অভ্যাস এটা সৰুতে মা আৰু দেউতাৰ লগতে বাহঁতেও
গঢ় লৈ তোলাত সহায় কৰিছিল যদিও ভাল অভ্যাসবোৰ সাধাৰণতে ৰাখিবলৈ নিজে কষ্ট নকৰিলে হাতৰ
পৰা ওলাই যোৱাটোৱেই সবাতোকৈ অধিক সম্ভাৱনাযুক্ত। সৰুতে গধূলি যিয়ে কাম নাথাকক কিয়, দুঘণ্টামানৰ কাৰণে আমাৰ ঘৰৰ সকলোৱে কিতাপ কিম্বা দিনৰ বাতৰিকাকতখন লৈ অধ্যয়নত
মগ্ন হৈছিল। মা গৃহিণী
যদিও পঢ়াৰ প্ৰতি ধাউতি আৰু ভিন্ন কিতাপৰ প্ৰতি থকা আসক্তি বৈচিত্ৰপূৰ্ণ। সেই সময়কণত মায়েও নিজৰ আধৰুৱা কিতাপখনৰ অধ্যায়টো
পঢ়িবলৈ লয় নহলে বাতৰি কাকতখনকে লুটিয়াই বগৰাই “কিনা হাঁহৰ ঠোটলৈকে মঙহ”ৰ নিচিনাকৈ সৰু-সুৰা সব বাতৰি পাত পাত কৰে।
পিছে পঢ়িবলৈ ওলাই অহাৰ পাছত ঘৰৰ কিতাপৰ আলমাৰীটো তথা সেই পৰিৱেশটোৰ
পৰাও বিচ্ছিন্ন হ’বলগীয়া হ’ল। বাহিৰত মই লগ পোৱা বেছিভাগ কিতাপ আছিল মই
ইতিমধ্যে পঢ়া, নহলে দুখনমান মোৰ টেইষ্টৰ বাহিৰত। গতিকে লাহে লাহে সেই কিতাপ পঢ়াৰ ভাল অভ্যাসটো
পুলুঙা মাৰিবলৈ আৰম্ভ কৰিলে আৰু মাত্ৰ কেইদিনমান আগত
(ঠিক
২০১৭ বৰ্ষৰ প্ৰাকক্ষণত) মই অনুভৱ কৰিলোঁ আচলতে ইমানদিনে মোৰ জীৱনটো(সময়খিনি) কিয় খেলিমেলিৰ দৰে হৈ আছিল। সেই পঢ়িবলৈ ওলাই অহাৰ পাছৰে পৰা মই যি নামমাত্ৰ
কেইখনমান কিতাপ পঢ়িলোঁ ( তাকো আধাখনীয়াকৈ), সেইখিনি
কিতাপৰ দয়াত মই বুজি পালোঁ আচলতে কিতাপৰ মহিমা কিমান জীৱনদায়িনী হ’ব পাৰে। ( অভাৱেই আৱিষ্কাৰৰ মূল)
এইক্ষেত্ৰত তন্ময়দাৰ অৰিহণা কিছু আছে, কাৰণ সি মাজে মাজে অমুকখন কিতাপ আছেনে, তমুকখন পঢ়িছনে--
এনেদৰে সুধি আৰু সি নিজে পঢ়া কিতাপখনৰ কথা কৈ মোক একপ্ৰকাৰৰ লোভ যদি
নলগালে হয়, কথাষাৰি উপলব্ধি কৰোতে মোৰ আৰু কিছু সময় লাগিলে হয়
(ছাগৈ)। যি নহওক, নৱবৰ্ষৰ আৰম্ভণি হোৱাৰ আগে আগে মই ঠিক কৰিলোঁ, যিয়েই
নহওক, এফালৰ পৰা সব গিলি যাম, মোৰ টেইষ্ট
বিছাৰি যদি মই কিতাপ কিছুমান নপঢ়াকৈ থাকোঁ, মইও কিছুমান কথাৰ
পৰা নজনাকৈ বঞ্চিত হম। এই কিতাপৰ
টেইষ্ট মানে মই গানত জনৰ(হ্) (Genre) দৰে বুজাইছোঁ।
যিখন কিতাপ পঢ়ি মই পুনৰ নিজৰ strategy ঘূৰাই পোৱাৰ দৰে লাগিছে, সেই খন কিতাপৰ কাহিনীটো ইতিমধ্যে
মই জানোৱে। সকলোৱে জানে। কাৰণ উপন্যাসখনৰ ওপৰত ভিত্তি কৰি স্লামডগ
মিলিয়নেৰ চলচিত্ৰখন নিৰ্মাণ হৈছে আৰু চলচিত্ৰখনে যথেষ্ট পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে। কিতাপৰ নাম Q & A। কিতাপখন পঢ়িবলৈ লোৱাৰ আগে আগে বহুতদিন কিতাপ
নপঢ়াৰ অভ্যাসটোৱে আমনি কৰিব বুলি ভাবিছিলোঁ, তাতে কাহিনীটো চিনেমাখন চাই
মনত আছেই প্ৰায়। যি নহওক, নিজকে একপ্ৰকাৰ চেলেঞ্জৰ দৰে লৈ কিতাপখন পঢ়িবলৈ আৰম্ভ কৰিলোঁ শীতৰ বন্ধৰ খোলাৰ
দিনা আহি, হোষ্টেলত। লাহে লাহে সকলোৱে ঘৰৰ পৰা আহিবলৈ আৰম্ভ কৰিছিল, শীতৰ প্ৰকোপ এতিয়াও কঁপা নাই। মইয়ো ঘৰৰ পৰা আহি মোৰ হোষ্টেলৰ কোঠা চাফা কৰি মেলি কিতাপখন
হাতত লৈ বহিলোঁ আৰু লেখক বিকাশ স্বৰূপে আহি মোক হাতত ধৰি তেওঁক অনুসৰণ কৰিবলৈ বাধ্য
কৰালে।
সেই যি কিতাপখন পঢ়িবলৈ আৰম্ভ কৰিলোঁ,মূহুৰ্তে
মূহুৰ্তে মই অনুভৱ কৰিলোঁ কিতাপখনে মোক টানি নিছে তাৰ মাজলৈ, নায়ক ৰাম মহম্মদ থমাছৰ ওচৰলৈ। আৰম্ভণিৰ আগে আগে মই যেনেকৈ ভাবি আছিলোঁ যে মই এইখন কিতাপ প্ৰকৃততে
শেষ কৰিবলৈ সমৰ্থবান নহম, কিতাপৰ প্ৰতি আসক্তি ঘূৰাই আনিবলৈ হ’লে মোক বেলেগ গ্ৰন্থৰ প্ৰয়োজনহে হ’ব। আৰু ঠিক পঢ়িবলৈ লৈ সেই ভাৱনাটিক সম্পূৰ্ণকৈ
ধূলিসাৎ কৰি মই ভাবিবলৈ আৰম্ভ কৰিলোঁ কিতাপখন যাতে কেতিয়াও শেষ হৈ নাযাওক। কিতাপৰ কাহিনীটোৰ চৰিত্ৰবোৰক মই চকুৰ সন্মুখতে
লগ পাবলৈ আৰম্ভ কৰিলোঁ। আৰু এটা
সময়ত উৎকণ্ঠাৰ চৰম বিন্দুত উপনীত হৈ যেতিয়া গম পালোঁ কিতাপখনৰ শেষ পৰ্যায়ত উপনীত হলোহি, একপ্ৰকাৰে বেয়াও লাগিল, ভালো লাগিল। কাহিনীটোৰ সমাপ্তিটোৱে মোৰ মনটো যেনেকৈ বেয়া
লগাই তুলিলে, ঠিক তেনেদৰে মই মোৰ পুৰণা অভ্যাসটো ঘূৰাই পোৱাৰ কথাটোৱে
তেনেকৈয়ে উৎসাহিত কৰি তুলিলে। কিতাপখন পঢ়ি উঠিয়েই মই এই অনুভৱ খিনি লিখি
পেলাম বুলি ভাবিছোঁ, কিন্তু একেবাৰে সঁচা কথা কবলৈ গলে মোক এতিয়াও
উপন্যাসখনে আমনি কৰি আছে, মই এতিয়াও তাৰ কবলৰ পৰা মুক্ত হ’ব পৰা নাই। কাহিনীটো
চিনেমাকাৰে চোৱাৰ পাছতো যে কিতাপখন পঢ়ি তাৰ ৰস লবলৈ মই সক্ষম হ’লোঁ,
সেই কথাটোৱে লেখকৰ প্ৰতিভাক প্ৰতিপন্ন কৰে। এনেকুৱা উপন্যাসে প্ৰকৃততে মানুহৰ মন প্ৰাণ
গ্ৰাস কৰি লবলৈ সমৰ্থবান হয়। এনেকুৱা
লাগিছে যেন কিতাপখন ইমানদিনে নপঢ়ি সঁচাকৈ মই বেলেগ সোৱাদ এটাৰ পৰা নিজকে আঁতৰাই থৈছিলোঁ।
যি নহওক, পঢ়িবলৈ বুলি লৈ অনা আনকেইখন কিতাপৰ দ্বিতীয়খন
কিতাপ মেলি লবলৈ প্ৰথমতে মই এই উপন্যাসৰ মাজৰ পৰা নিজকে উলিয়াই আনিব লাগিব। আৰু তাৰ কাৰণে মোক সঁচাকৈয়ে সাহসৰ প্ৰয়োজন
হৈছে।