(ৰচনাকাল: ২০০৩
প্ৰকাশ: আমাৰ অসম, ৪ আগষ্ট, ২০০৩। জোনাকী মেল)
এখন গাঁৱত দুজনী বাই ভনী আছিল। ডাঙৰজনী আৰু সৰুজনীৰ মাজত
স্বভাৱ চৰিত্ৰৰ প্ৰভেদ আছিল।
ডাঙৰজনী
অলপ হিংসাকুৰীয়া আছিল।
সৰুজনী
কিন্তু বৰ অসাধাৰণ ছোৱালী আছিল।
তাইৰ
জীৱনটো আছিল এডাল হাৰ(অলংকাৰ)ৰ
মাত। সিহঁতৰ
মাক দেউতাক সৰুজনীৰ দহ বছৰমান বয়স হওঁতে ঢুকাইছিল। মাক-দেউতাকৰ মৃত্যুত সৰুজনীয়ে বৰকৈ কান্দিছিল।
মাক দেউতাকৰ মৃত্যুৰ পাছত গাঁৱৰ মানুহে ডাঙৰজনীতকৈ
সৰুজনীকহে বেছি ভাল পাইছিল।
তেওঁলোকে
তাইৰ খোৱা বোৱাৰ খা-খবৰ কৰিছিল। তাকে দেখি বায়েকে হিংসাতে
জ্বলি পুৰি মৰিছিল। বায়েকে
এদিন ভনীয়েকক সুধিলে-‘তোৰ জীৱনটো ক’ত আছে ক?’ ভনীয়েকে কবলৈ মান্তি নহ’ল। তেতিয়া
বায়েকে তাইক চোকা ছুৰীৰে প্ৰাণে মৰাৰ ভাবুকি দিলে। ভনীয়েকে বিতত হৈ নিজৰ
জীৱনটো বচাবলৈ ক’লে
-‘মোৰ জীৱনটো
আছে এডাল হাৰৰ মাজত।
সেইডাল
আমাৰ বাগিছাৰ আপেলজোপাৰ তলত এডৰা মাটিত পুতি থোৱা আছে’। বায়েকে শুনাৰ লগে লগে
মাটিডৰা এফালৰ পৰা খান্দিবলৈ ধৰিলে।
অৱশেষত
তাই বিচৰা হাৰডাল পালে আৰু সেইডাল পায়েই শিলত এনেকুৱাকৈ এছাৰিবলৈ ধৰিলে যে ভনীয়েকজনী
মূৰ্ছা গৈ মৃত্যু হ’ল। হাৰডাল কিন্তু নাভাগিল। ঘৰলৈ আহি দেখে যে ভনীয়েক
মৰি আছে। তাই
গাঁৱৰ মানুহক দেখুৱাই ৰাউচি জুৰি কান্দিবলৈ ধৰিলে। পেটে পেটে অৱশ্যে ভালেই
পালে।
গাঁৱৰ মানুহে ভনীয়েকক চিতাত তুলি দিলে। তাইক যি ঠাইত খৰি দিছিল, তাত এটা বৰ ডাঙৰ পুখুৰী হ’ল। তাৰ পানী বৰ নিৰ্মল আৰু
ফটফটীয়া। এদিন
সেই দেশৰ ৰজাই সেই পুখুৰীৰ কাষেৰে ঘোঁৰাত উঠি প্ৰজাৰ খা-খবৰ ল’বলৈ বুলি যাত্ৰা কৰিছিল। পুখুৰীৰ নিৰ্মল পানী দেখি
ৰজাই একাঁজলি খাবলৈ মন কৰিলে।
ৰজাই
পুখুৰীত নামিব খোজোতে কোনোবাই কোৱা শুনিলে-‘মহাৰাজ মোক বচাওক,
বচাওক’।
ৰজাই
আচৰিত হৈ ইফালে সিফালে চাবলৈ ধৰিলে আৰু ক’লে-“কওকচোন, মই কি কৰিব লাগে?আপুনি
কোন?” তেতিয়া পুখুৰীৰ মাজৰ পৰা আকৌ মাত আহিল-“আপুনি পোনে পোনে যাব আৰু এখন গাঁও পাব। তাত এঘাৰটা ঘৰ পাৰ হৈ
যিটো ঘৰ পাব, তাত দুবাৰৰ চুকত এডাল হাৰ ওলোমাই থোৱা আছে। সেইডাল আনি যদি এই পুখুৰীত
পেলাই দিয়ে, তেতিয়া আপুনি মোক দেখা পাব। পলম নকৰিব’ ৰজাই কথা শুনি একেজাঁপে ঘোঁৰাৰ পিঠিত উঠি জোৰেৰে ঘোঁৰা চেকুৰাবলৈ ধৰিলে। অতি কম সময়ৰ ভিতৰতে যথাস্থানত
উপস্থিত হ’ল। এখন্তেকো পলম নকৰি তেওঁ
ঘৰটোৰ দুৱাৰমুখ পাই সোমাই গ’ল আৰু দুৱাৰৰ চুকটোতে হাৰডাল
ওলোমাই থোৱা দেখা পালে।
তৎক্ষণাৎ
হাৰডাল লৈ বায়ুবেগে ঘোঁৰা চেকুৰাই পুখুৰীৰ কাষ পালেহি। হাৰডাল পুখুৰীত পেলাই
দিলে। তেতিয়া
ছোৱালীজনীয়ে জীৱন পালে আৰু তাই পুখুৰীৰ পৰা ওপৰলৈ ওলাই আহিল।
তাই দেখিবলৈ বৰ ধুনীয়া আছিল। তাইক দেখি ৰজা বৰ আচৰিত
হ’ল। ছোৱালীজনীয়ে
ৰজাক সকলো কথা বিৱৰি ক’লে আৰু তাইক বিয়া কৰাবলৈ ৰজাক প্ৰস্তাৱ
দিলে। ৰজা
সন্মত হ’ল। তাইক
বিয়া কৰাই ৰাজপ্ৰাসাদলৈ লৈ আহিল।
ছোৱালীজনীয়ে
নিজৰ ৰূপ-গুণেৰ বলেৰে ৰজাৰ ৰাজপ্ৰাসাদ শুৱনি কৰিলে। ইফালে বায়েকে ভনীয়েকৰ
সকলো কথা শুনি ঈৰ্ষাত জ্বলি পুৰি মৰিবলৈ ধৰিলে। শেষত এদিন তাই ঘৰতে আত্মহত্যা
কৰিলে।
Comments
Post a Comment