১৯৬৯ চনত নিৰ্মিত ড° বেজবৰুৱা চিনেমাখন চোৱাৰ সৌভাগ্য হোৱা নাছিল যদিও ২০২৩ চনৰ ড° বেজবৰুৱা ২ চিনেমাখন চোৱাৰ সুবিধা পালোঁ। চিনেমাহলৰ পৰা ওলাই অহাৰ পাছত আলোচনা কৰিব পৰাকৈ বিশেষ একো সমল নাছিল যদিও এটা দিশত আমি চাবলৈ যোৱা গোটেইকেইজন বন্ধুৱে একমত হ'লোঁ- যে বিৰতিৰ আগলৈকে চিনেমাখনৰ সম্পাদনা এনেকুৱা যে দৃশ্যৰ সঘন সালসলনি, দুটা দৃশ্যৰ মাজৰ transition-বোৰো basic cut to the other scene - এনেকুৱা নহৈ মাজে মাজে অলপ বেলেগ ধৰণৰ- মুঠৰ ওপৰত খুব যেন দ্ৰুত। প্ৰথম ভাগ শেষ হৈ বিৰতিৰ পাছত দ্বিতীয় ভাগ আৰম্ভণিৰ আগত যিখিনি বিজ্ঞাপন চলি আছিল, এজন বন্ধুৰ মতে সেই বিজ্ঞাপনখিনিয়ে যেন চিনেমাৰ প্ৰথম ভাগতকৈ বেছি সময় চলি আছিল, তেনে লাগি গৈছিল। বলিউদৰ "পাঠান" নামৰ বোলছবিখনতো প্ৰায় একে কথাই লক্ষ্য কৰিছিলোঁ। এই সময়খিনিতে অসমীয়া আন এখন চিনেমাও মুক্তি পাইছিল, চাবলৈ যোৱা বন্ধুসকলৰ বেছিভাগেই কৈছিল, চিনেমাখন এনেই দীঘলীয়া কৰিলে, আজিৰ দিনত ইমান সময় মানুহৰ ক'ত? গতিকে এইখিনিতে কেনেবাকৈ আমি মন্থৰ গতিৰ "দীঘলীয়া" চিনেমা চাবলৈ বেয়া পোৱা হৈছো নেকি বুলি এটা প্ৰশ্ন উঠাৰ অৱকাশ নুই কৰিব নোৱাৰি। অৱশ্যে প্ৰশ্নটোত...
Prankrishna Borgohain