আগফালৰ বাৰান্দাত থকা একমাত্ৰ আৰামী চকীখনত বহি যেতিয়া আবেলি সময়ৰ মানুহৰ ব্যস্ততাখিনি ৰাস্তাইদি পাৰ হৈ যোৱা উপভোগ কৰি থাকোঁ , তেতিয়াই হঠাতে সন্মুখত আবিৰ্ভাৱ হৈ মোৰ চিন্তাত যতি পেলোৱা ল ’ ৰাটোৱেই হ ’ ল নিপু । তাৰ সদায়েই একেটাই সাজ , একেযোৰেই তাৰ কাপোৰ । মই বহি থকা দেখিলেই সি মোৰ ওচৰলৈ আহে , মই কিবা ভাবিম , গালি পাৰিম , টানকৈ কম --- সেইবোৰ একোৱেই নভবা নিপু , আমাৰ ভাড়াঘৰৰ এটা ডাঙৰ কোঠালীত ঢাৰিৰ বেৰা দি দুভাগ কৰি দুটা কোঠা কৰি লোৱা পৰিয়ালটোৰ একমাত্ৰ সন্তান । অৱশ্যে প্ৰথমদিনা যেতিয়া তেনেকৈ সি মোৰ ওচৰলৈ আহিছিল , মইও অকণো অশান্তি নোপোৱাকৈ তাৰ সৈতে কথা পতাৰ আগ্ৰহ দেখুৱাইছিলোঁ । সৰু লৰাৰ কথা -- সিয়ে বেছিভাগ সময় কথা কৈ থাকে -- মই মাত্ৰ সঁহাৰি দি যাওঁ । সি জনাৰ ইচ্ছা কৰিলে আৰু ময়ো উত্তৰ দিব পৰা ধৰণৰ হলে উত্তৰ দিওঁ । মুঠৰ ওপৰত তাৰ মোৰ দোস্তি বেলেগ । ধনদা , মানে নিপুৰ দেউতাক , বহুদিনৰ আগৰে পৰা আমাৰ ভাড়াঘৰত থকা । আমাৰ ঘৰৰ লগত এনেয়ে তেওঁৰ মালিক ভাৰাতীয়াৰ সম্পৰ্ক হলেও বাস্তৱিকতে তাতকৈ বহু ওচৰৰ সম্পৰ্ক বিদ্যমান । মাই কয় বহু সৰুতেই হেনো ধনদা তেওঁৰ পেহীয়েকৰ ঘৰলৈ আহিছিল , স্থ
Prankrishna Borgohain