Skip to main content

পৰিচয়


 আগফালৰ বাৰান্দাত থকা একমাত্ৰ আৰামী চকীখনত বহি যেতিয়া আবেলি সময়ৰ মানুহৰ ব্যস্ততাখিনি ৰাস্তাইদি পাৰ হৈ যোৱা উপভোগ কৰি থাকোঁ, তেতিয়াই হঠাতে সন্মুখত আবিৰ্ভাৱ হৈ মোৰ চিন্তাত যতি পেলোৱা ল’ৰাটোৱেই হ’ল নিপু। তাৰ সদায়েই একেটাই সাজ, একেযোৰেই তাৰ কাপোৰ। মই বহি থকা দেখিলেই সি মোৰ ওচৰলৈ আহে, মই কিবা ভাবিম, গালি পাৰিম, টানকৈ কম---সেইবোৰ একোৱেই নভবা নিপু, আমাৰ ভাড়াঘৰৰ এটা ডাঙৰ কোঠালীত ঢাৰিৰ বেৰা দি দুভাগ কৰি দুটা কোঠা কৰি লোৱা পৰিয়ালটোৰ একমাত্ৰ সন্তান। অৱশ্যে প্ৰথমদিনা যেতিয়া তেনেকৈ সি মোৰ ওচৰলৈ আহিছিল, মইও অকণো অশান্তি নোপোৱাকৈ তাৰ সৈতে কথা পতাৰ আগ্ৰহ দেখুৱাইছিলোঁ। সৰু লৰাৰ কথা-- সিয়ে বেছিভাগ সময় কথা কৈ থাকে--মই মাত্ৰ সঁহাৰি দি যাওঁ। সি জনাৰ ইচ্ছা কৰিলে আৰু ময়ো উত্তৰ দিব পৰা ধৰণৰ হলে উত্তৰ দিওঁ। মুঠৰ ওপৰত তাৰ মোৰ দোস্তি বেলেগ।
ধনদা,মানে নিপুৰ দেউতাক, বহুদিনৰ আগৰে পৰা আমাৰ ভাড়াঘৰত থকা। আমাৰ ঘৰৰ লগত এনেয়ে তেওঁৰ মালিক ভাৰাতীয়াৰ সম্পৰ্ক হলেও বাস্তৱিকতে তাতকৈ বহু ওচৰৰ সম্পৰ্ক বিদ্যমান। মাই কয় বহু সৰুতেই হেনো ধনদা তেওঁৰ পেহীয়েকৰ ঘৰলৈ আহিছিল, স্থায়ীভাৱে থাকিবলৈ। তেওঁৰ পেহীয়েক, বিনীতা শৰ্মা, যাক মই বৰমা বুলি সম্বোধন কৰোঁ, আমাৰ ঘৰৰ কাষেদি সোমাই যোৱা ৰাস্তাটোৱেদি পঞ্চাছ মিটাৰ মান সোমাই গলেই ৰাস্তাটোৰ বাওঁফালে পোৱা এটা প্ৰকাণ্ড অসম আৰ্হিৰ ঘৰত থাকে,অকলে। বৰদেউতাক দেখা মোৰ মনতেই নাই। জানদা, অৰ্থাৎ বৰমাৰ একমাত্ৰ লৰাটো, তেওঁৰ লগত নাথাকে, বিয়া পাতি সি ওচৰতে বেলেগ এটা ঘৰ সাজি লৈছে।
ধনদাহঁতৰ নিজৰ ঘৰত চাৰিটাকৈ ককাই ভাই আৰু দুজনী ছোৱালী। বৰদেউতা ঢুকোৱাৰ এবছৰ পাছতে বছেৰেকীয়া সকাম খাবলৈ অহা ধনদাক বৰমাই ৰাখি থলে, কেইদিনমান তেওঁৰ লগতে থাকক বুলি। পাছত লাহে লাহে কেইদিনমান গুচি কেইবাদিনো হল, তাৰপাছত বৰমাই মনে মনে কিবা এটা ভাবি ককায়েকক খবৰ দিয়ালে যে ধনদাৰ দায়িত্ব তেওঁ লবলৈ বিচাৰিছে। ধনদাৰ দেউতাকেও কথাটো ভালেই পালে আৰু তাৰ পাছৰে পৰাই তেওঁ পেহীয়েকৰ লগত স্থায়ীভাৱে থকাৰ সিদ্ধান্ত হ’ল। বৰমাই মনে মনে ভাবিছিল ধনদাক নিজৰ ল’ৰাৰ দৰে ৰাখিব, পঢ়ুৱাব, অকলশৰীয়া তেওঁৰ জীৱনটোত লগ এটা হ’ব। তাতে বৌৱেকবিহীন ককায়েকৰ অৱস্থাটোও ইমান এটা টনকিয়াল নহয়, তেওঁৰো কিঞ্চিত পৰিমাণে সহায় হ’ব পৰাৰ কথাটোৱে তেনেকুৱা এটা সিদ্ধান্ত লবলৈ বৰমাক সাৰপানী যোগালে। ধনদাক ভালদৰে ডাঙৰ দীঘল কৰি  জীৱনটোত ভালদৰে কিবা এটা গতি লগাই দিব পাৰিলে ককায়েকৰো উপকাৰ সাধন হ’ব আৰু মনতো কিবা এটা শান্তি লগাৰ দৰে হ’ব--তেওঁ ভাবিছিল।

স্থায়ীকৈ থকাৰ সিদ্ধান্ত হোৱাৰ পাছত ধনদাক তেওঁ নিজৰ স্কুলখনতে নাম লগাই দিছিল। বৰমা নিজে সেই স্কুলখনৰ প্ৰধান শিক্ষয়িত্ৰী আছিল। প্ৰথমাৱস্থাত সকলোবোৰ ঠিকেই গৈ আছিল। কিন্তু স্কুলৰ ওপৰৰ শ্ৰেণী পোৱাৰ পাছত ধনদাৰ কি হল কোনেও নাজানিলে, কেইজানৰো দিয়াৰ পাছতো স্কুলৰ শেষ দেওনাখন তেওঁ পাৰ কৰিব নোৱাৰিলে। প্ৰধান শিক্ষয়িত্ৰী বৰমাৰ ঘৰত এনেয়ে সদায় গহীন গহীন ভাৱ এটা উপঙি ফুৰে, তাতে বৰদেউতাক হেনো গোটেই ঠাইটুকুৰাৰ মানুহে সমীহ কৰিছিল। আগতে ঘৰত যেতিয়াই যি মন তাকেই কৰা ধনদা ডাঙৰ হৈ অহাৰ লগে লগে বৰমাকৰ লগত থাকি কিবা অসহ্য লাগিছিল, কিবা বন্ধ কোঠা এটাত সুমুৱাই গোটেইখন ধোঁৱাময় কৰি তুলিলে যেনেকুৱা লাগে, ঠিক তেনেকুৱা। তাতে স্কুলৰ শেষ পৰীক্ষা কেবাবাৰো দি পাছ কৰিব নোৱাৰাৰ পাছত তেওঁৰ আমনি লাগিল, পঢ়াৰ প্ৰতি বিতৃষ্ণা জাগি উঠিল। সেয়েহে তাৰপিছতেই এদিন মৰসাহ কৰি ধনদা বৰমাৰ আগত থিয় হ’ল--তেওঁ হেনো দোকান এখনকে দিয়াৰ কথা ভাবিছে, ইমানদিনে বৰমাৰ হাতেৰে খাই অহাৰ পাছত তেওঁ এতিয়া নিজৰ ভৰিত থিয় দিব খোজে। বৰমাইও না নকৰিলে,  আগেতে মনত ভবা কথাবোৰ নফলয়াব বুলি ইতিমধ্যে তেওঁৱো নিশ্চিত হৈছিল। পিছে চাৰিআলিত এখন  দোকান আৰম্ভ কৰাৰ প্ৰায় সাত মাহমান পাছত তেওঁ পুনৰ আহি বৰমাৰ আগত থিয় হল, বৰমাৰ বাবে তেনেই সপোনতো নভবাধৰণৰ কথা এটাৰ প্ৰস্তাৱ লৈ। তেওঁ এইবাৰ বেলেগকৈ থাকিব বিছাৰে। "কিয় ঔ?" বৰমা সম্পূৰ্ণ আচৰিত হৈ পৰিছিল। ধনদাই কৈছিল এতিয়া তেওঁৰ অকলে থকাৰ সামৰ্থ্য আছে আৰু বৰমাক কষ্ট দিয়াৰ ইচ্ছা নাই। “হেৰৌ তোৰ দোকান দিয়া কেইদিন হৈছে, এতিয়া ভাড়াঘৰ লৈ পইচা শেষ কৰিবলৈ ওলাইছ যে, নিজে ভাত পানী ৰান্ধি খাব পৰাকৈ কিবা এখন কৰিব জান জানো? তাতকৈ নিজৰ ঘৰলৈকে নাযাৱগে কিয়, খেতি বাতি কৰি মেলি অলপ সহায় কৰি দিব পাৰিবি।” বৰমাই মনত দুখ পাইছিল, সকলোৱে তেওঁকেই এৰি গুচি যাব বিছাৰে। জানদাই বৰমাক অকলে সেই প্ৰকাণ্ড ঘৰটোত এৰি থৈ যোৱাৰ পাছৰ পৰা তেওঁক কোনেও যেন লগ নোলোৱা হ’ল, আৰু এতিয়া ধনদাইও শেষত তেওঁক এৰি নিজাকৈ থকাৰ কথা চিন্তা কৰিলে। তেওঁৰ অকণো মন নাছিল। অৱশেষত যথেষ্ট চিন্তা কৰি, অনিচ্ছাসত্বেও আমাৰ দেউতাৰ লগত কথা পাতি ধনদাক তেওঁ নিজৰ কবলৰ পৰা এৰি দিলে--আমি এতিয়া থকা নতুন ঘৰটোৰ কাষতে থকা এটা সৰু ঘৰত তেওঁ থকাৰ ব্যৱস্থা হ’ল। দেউতাই ভাড়াঘৰ বনোৱাৰ কথা ভবা নাছিল, তাতে আমাৰ নতুনকৈ ঘৰ এটা বনাই থকা কাৰণে সেই সৰু ঘৰটোতে ৰ’ড, শিল, মিস্ত্ৰীৰ সঁজুলি আদিবোৰ ভৰাই থৈছিল। কিন্তু বৰমাই ধনদাক চকুৰ সন্মুখতে,ওচৰতে ৰখাৰ কথা চিন্তা কৰি আছিল। সেয়েহে দেউতাক কৈ মেলি সেই ঘৰটোকে নতুনকৈ মেৰামতি কৰি তাত এটা মানুহ থাকিব পৰাকৈ ঠিক ঠাক কৰি দিবলৈ খাটনি ধৰিলে। দেউতাইও বৰমাৰ কথা পেলাব নোৱাৰিলে। তাতে নতুনকৈ ঘৰ এটা বনাই আছে, ৰাতি তাত থকা বস্তুখিনিৰ ৰখীয়াৰ দৰে হৈ থাকিব পাৰিব বুলি চিন্তা কৰি দেউতাই কোঠাটো মানুহ থাকিব পৰাকৈ নতুনকৈ তেল টেঙা দি সাজি উলিয়ালে।  প্ৰথমাৱস্থাত, যেতিয়া আমি নতুন ঘৰটোলৈ অহা নাছিলোঁ, তেতিয়া ধনদাই অকলেই সেই এজনীয়া কোঠাটোত তথা আমাৰ নতুন ঘৰটোৰ চৌহদত থাকিবলগীয়া হৈছিল। দিনৰ দিনটো দোকানতে কটোৱাৰ পাছত ৰাতি যেতিয়া ধনদা নিজৰ কোঠালৈ আহিছিল, দিন যোৱাৰ লগে লগে তেওঁৰ সংগীস্বৰূপে ঘৰটোলৈ সোমাই আহিছিল সস্তীয়া মদৰ বটল। যেন অকলে থকাৰ সম্পূৰ্ণ সুবিধা আদায় কৰি লৈছিল। কোনেও গম পোৱা নাছিল, আনহাতে বৰমাৰ ছত্ৰছায়াত ডাঙৰ দীঘল হোৱা ধনদাই তেনেকুৱা কৰিব বুলি কোনোৱে ভবাও নাছিল। কিন্তু দেউতাই এদিন কোঠাটোৰ ঠিক পাছফালে গছ গছনিৰে জোপোহা হৈ থকা জেগাটুকুৰা যেতিয়া সৰু সৰু বটলেৰে ভৰি থকা দেখা পালে, মহা আচৰিত হৈ পৰিল। কিংকৰ্তব্যবিমূঢ় হৈ তেওঁ বৰমাকে কাণ চোৱালে। চিধা ধনদাক কিবা এষাৰ টানকৈ কৈ দিবলৈ দেউতাৰ বেয়া লাগিছিল, সৰু ল’ৰা হলেও বৰমাৰ ভতিজা বুলি কিবা এটাই যেন বান্ধি ৰাখিছিল। বৰমাই শুনি মনত বৰ দুখ পালে। জীৱনৰ পাছৰ কালছোৱা তেওঁৰ এনেই অশান্তি হৈছে, তাৰ উপৰঞ্চি ধনদাৰ এনে কাৰুকাৰ্যই তেওঁৰ মনত ইমান দুখ দিলে যে পাছদিনা ৰাতিপুৱাই ধনদা দোকানলৈ যোৱাৰ আগেয়ে তাৰ কোঠালৈ আহি ভালকৈ এজাউৰি দি দিলে।
তাৰ ঠিক দুসপ্তাহমানৰ পাছতেই ধনদাই বিয়া কৰাই আনি ছোৱালী এজনী ঘৰ সুমুৱালেহি আৰু দুবছৰৰ পাছত আমিও আমাৰ নতুন ঘৰত প্ৰৱেশ কৰিলোঁ।
"মই স্কুল যাম নহয়"
মই ৰাস্তাটোলৈ চাই আছিলোঁ। মাছৰ বেপাৰী, পাচলিৰ বেপাৰী যেন লগা ব্যৱসায়ী মানুহবোৰ ঘৰমুৱা হৈছিল। যান বাহনৰ সংখ্যা অকস্মাতে বাঢ়ি কিছু হুলস্থুলৰ সৃষ্টি হৈছিল। চাইকেলৰ টিলিঙ টিলিঙ শব্দ, গাড়ীৰ হৰ্ণ—তাৰ মাজতে আবেলিৰ আভাবোৰ সকলোৱে গাত ফাকুৱা সনাৰ দৰে সানি লৈ নিজ নিজ কামত ব্যস্ত হৈ পৰিছিল। বহি থকা বাৰান্দাখনৰ পৰা দূৰণিৰ আকাশখন সুন্দৰকৈ দেখি থাকিবলৈকে যেন সন্মুখত ওখ গছ গছনিবোৰো নাছিল। আকাশখন আছিল সম্পূৰ্ণ নীলা। মুঠৰ ওপৰত নিজৰ ভাব বিলাসত বিভোৰ হৈ থাকিবৰ বাবে আটাইতকৈ উত্তম ঠাই আৰু পৰিৱেশ।
ঠিক তেনেতে নিপুৰ মাতষাৰে মোৰ ভাৱত যতি পেলালে আৰু মই মোৰ দৃষ্টি দূৰণিৰ আকাশখনৰ পৰা নমাই আনি তাৰ ফাললৈ ঘূৰাবলৈ বাধ্য হলো।
"এইখন কি নামভৰ্তিৰ ফৰ্ম নেকি?" তাৰ হাতত থকা কাগজখনলৈ মোৰ চকু গল। স্কুল সি যোৱা বছৰেই যাবলগীয়া আছিল। “তথাপিও ইমানো দেৰি হোৱা নাই, এইবাৰেই দি দিবি”--মায়ে এদিন ধনদাক কৈ থকা শুনিছিলোঁ। “ওঁ” সি মোলৈ আগবঢ়াই দিলে। মই কাগজখন লৈ চাওঁ মানে সি বাৰান্দালৈ উঠি আহি মোৰ চকীৰ কাষতে মূঢ়া এটা পাৰি লৈ বহিও ললে--তাৰমানে আজি তাৰ মোৰ লগত কথা পতাৰ সময় আৰম্ভ হ’ল।
ফৰ্মখনত চকু ফুৰালোঁ। ওপৰত স্কুলখনৰ নাম, তাৰ তলতে স্থাপিত হোৱাৰ চন, কাষলৈ স্কুলখনৰ প্ৰতীক চিহ্ন এটা। একেবাৰে কাষলৈ ফটো দুখন গাঁঠি দিবৰ বাবে মজলীয়া আকাৰৰ এটা বৰ্গ। নাম, ঠিকনা, পিতৃৰ নাম, মাতৃৰ নাম, স্থায়ী ঠিকনা, জন্মৰ তাৰিখ, জন্ম প্ৰমাণ পত্ৰ -- প্ৰপত্ৰখনত বহুত খালী ঠাই। কিছু সময় গোটেইখন চাই মেলি মই তাক জোকাবলৈকে কলো, “বাহ, স্কুল যাবি নহয়, তাৰমানে ডাঙৰেই হলি আৰু। কিন্তু তাত গৈ দুষ্ট কৰিলে কিন্তু মাষ্টৰে পিটন ভালকে দিব আকৌ”, “মই দুষ্ট নকৰো নহয়, পঢ়িমহে, আইতাই কৈছে মই ভালকে পঢ়িলে হেনো মোক সৰু চাইকেল এখন কিনি দিব” সি উৎসাহিত হৈ পৰা দেখা গল, চকুত এক অদ্ভুত জিলিঙণি। “হয় নি, বাহ, মোকো চলাবলৈ দিবি দেই সেইখন”, “ই ই, আপুনি চলালে ভাঙি থাকিবচোন” সি উত্তৰ দিলে। কথা পতাৰ মাজে মাজে সি কাগজখন লৈ থকা দেখি মোৰ চিন্তা লাগিল; ধনদাইনো বাৰু সেইখন সি বিছাৰি পোৱাকে ক’তনো যে থৈ গৈছে। ইমান এখন গুৰুত্বপূৰ্ণ কাগজ, সি লৈ কেনেবাকৈ কৰবাত পেলাই থৈ আহিলে বা ফালি পেলালে বৰ দিগদাৰ হ’ব। আগফালৰ খালী ঠাই এডোখৰত মাই ফুলৰ গুৰি খুচৰি আছিল, মই তাক সুধিলো, “তই পিছে আমাৰ আইতাক দেখালি নাই এইখন?” সি তপৰাই কৈ উঠিল, “আইতাইহে পঠাইছে আপোনাৰ ওচৰলৈ, এইখন লৈ আপোনাক দেখাবলৈ” মায়ে আকৌ কিয় এইখন দি পঠালে,মই ভাবি নেপালো। মাৰ হাতলৈ বা আহিল কেনেকৈ? মায়ে ফুলনিখন নতুনকৈ ফুলেৰে পৰিপূৰ্ণ কৰাৰ কথা চিন্তা কৰি আছিল, এইকেইদিন কৰবালৈ ফুৰিবলৈ গলেই, কাৰোবাৰ ঘৰত নতুন ফুল দেখিলেই তেওঁলোকৰ পৰা খুজি হলেও তাৰ গুটি আনি, ডাল আনি আমাৰ ঘৰৰ সন্মুখত থকা ফুলনিখন আৰু কাষত থকা খালী ঠাইখিনি ভৰাই পেলাইছে। মই মাক চিঞৰি সুধিলোঁ। মাই মূৰ নোতোলাকৈয়ে কৈ উঠিল, “সেইখন ধনে পূৰাই দিবলৈ কৈছিল তোক,মোৰ হাততে দি গৈছে” কথাষাৰ কৈয়ে মা পুনৰ ব্যস্ত হৈ পৰিল।    
মই হাতৰ কাগজখনলৈ আকৌ এবাৰ চাই ললোঁ। পূৰাই দিব পৰাকৈ সকলোখিনি তথ্যই মই জানো, পিছে জন্ম তাৰিখটো? “তোৰ বাৰ্থ ডে কেতিয়া অ'?” “আহিনৰ দুই তাৰিখে” সি যেন একেবাৰে অসমীয়া মাহবোৰ জানেহে যেনিবা, তেনেকৈ কৈ উঠিল। “বৰ মনত আছে দেই তোৰ একেবাৰে, কিন্তু ইয়াত ইংৰাজী তাৰিখটোহে লাগিব। ইংৰাজী তাৰিখটো কি তই জাননে?” কথাষাৰ তাক মই সুধিলোঁ হয়, কিন্তু উত্তৰটো যে সি দিব নোৱাৰে, সেইটো মই ভালদৰে জানো। সি বেচেৰাই ছাগৈ বৰমাই শিকোৱাধৰণেৰে অসমীয়া তাৰিখটোকে মূখস্থ ৰাখি লৈছে। হব সেইটো পাছত লিখিম, গধূলিকৈ—মনে মনে ভাবিলোঁ। স্থায়ী ঠিকনা মানে ধনদাহঁতৰ নিজৰ ঘৰৰ ঠিকনা সোমাব। জন্ম প্ৰমাণ পত্ৰ ধনদাই নিজে গাঁঠি দিব। শিশুৰ নামৰ ঠাইত চিৰঞ্জীৱ দত্ত, পিতৃৰ নাম, নৃপেন দত্ত,মাতৃৰ নাম? মাতৃৰ নাম? বৌৰ নামটো বা কি আছিল?
তাক মই মোৰ টেবুলখনৰ পৰা অন্য একো বস্তু চুই খেলিমেলি নকৰিবলৈ বুলি কৈ কলম এটা আনিবলৈ পঠালো ।
বৌৰ প্ৰকৃত নাম কি আছিল,মই কেতিয়াও ভাবি চোৱা নাই। ধনদাই বিয়া কৰোৱাৰ পাছত এদিন বৰমা আমাৰ ঘৰলৈ আহোতে পাতি থকা শুনিছিলো বৌ ধনদাতকৈ বয়সত ডাঙৰহে হেনো। বৰমাৰ তাকে লৈ পুনৰ খং উঠিছিল। “তাৰ কাৰণে বাৰু ছোৱালীৰ অভাৱ হ’লহেতেন নে কি নো? আমিবোৰ মৰি গলো নে কি হয়নে? আমি তাৰ কাৰণে কি ভাল ছোৱালী এজনী চাই দিব নোৱাৰিলোহেতেন নে কি?” বৰমাই উষ্ম কণ্ঠেৰে মাৰ আগত বকি আছিল। মই তেতিয়া কিছু ডাঙৰ হৈছো মানে ধনদাই যে বয়সতকৈ ডাঙৰ ছোৱালী এজনী বিয়া কৰোৱাটো বৰ এটা ঠিক কথা নহল, সেইটো কথা বুজিব পৰাকৈ ডাঙৰ। বিয়া কৰোৱাৰ পাছতেই দুসপ্তাহমান ধনদাই বৌৰ সৈতে নিজৰ ঘৰলৈ গৈছিলগৈ। তাৰ আগতে বৰমাৰ আগত, আমাৰ ঘৰত নকইনাক দেখুৱাই, চিনাকি কৰাই দিছিল। এক কথাত বৌ ধুনীয়া আছিল, নতুন নতুন অৱস্থাত নকইনাবোৰ এনেয়েও ধুনীয়া লাগে--বৌক বেছি উজ্জ্বল লাগিছিল। তাতে তেওঁ আমাৰ ঘৰলৈ প্ৰথম অহাৰ দিনা মোক ৰুমাল এখনো উপহাৰ দিছিল। তাৰ পাছতো কেতিয়াবা ধনদাৰ কোঠালৈ গলে তেওঁ মোক বহুত আদৰ সাদৰ কৰিছিল, গলেই কিবা নহয় কিবা জোৰকৈ খুৱাই পঠিয়াইছিল। মুঠৰ ওপৰত পাছলৈ মই ভাবিবলৈ বাধ্য হৈছিলো বয়সত ডাঙৰ হ’ল কিনো হ’ল, তেওঁ বহুত ভাল,বহুত মৰমিয়াল আৰু সেইটোৱেইটো আচল কথা।  

বিয়া কৰোৱাৰ পাছত ধনদাই দোকানখনৰ কলেৱৰ কিছু ডাঙৰ কৰিছিল আৰু যেতিয়াই পাৰে তেতিয়াই যেন উপাৰ্জন কৰিব, পইচা ঘটিব এনে এটা মনোভাৱ সদায় লগত লৈ ফুৰিছিল।এতিয়া তেওঁ কেৱল নিজৰ পেটলৈ নহয়, আৰু এটা প্ৰাণীৰ কাৰণে ব্যৱস্থা কৰিবলৈ চিন্তা কৰিবলগীয়া হৈছিল। বৌ দিনৰ দিনটো সেই কোঠাটোতে অকলে সোমাই থাকিছিল, আৰু আবেলি হলেই আমাৰ ঘৰৰ ফালে ওলাই আহিছিল। মাজে মাজে বৰমাৰ ঘৰলৈকে গৈছিল। প্ৰথমতে ধনদা দোকানলৈ যোৱাৰ পাছত তেওঁ দিনৰ দিনটো বৰমাৰ ঘৰতে থাকি বৰমাক কাম বন কৰি সহায় কৰি দিছিল, আমাৰ ঘৰটো কিবা সকাম নিকাম হলে ধনদাই কাম বন কৰি সহায় কৰি দিবলৈকে বৌক আমাৰ ঘৰলৈ লৈ আহিছিল। অলপ পুৰণা হোৱাৰ পাছত তেওঁ নিজৰ কোঠাটোতে বেছিকৈ থকা আৰম্ভ কৰিছিল। গোটেই ঠাইটুকুৰাত তেওঁ অকলে এটা কোঠাত, কাষতে আমাৰ নিৰ্মীয়মান ঘৰটো। তেওঁ আমাৰ ঘৰলৈ আহিলেই মই বহুত ভাল পাইছিলোঁ। মানুহজনীয়ে মোক ইমান মৰম কৰে! ধনদাক ছাগে তেওঁ মোতকৈ কিমান বেছি মৰম কৰিব!!
বৌ অহাৰ পাছতেই ধনদা থকা কোঠাটোৰ মাজত ঢাৰিৰ বেৰা দি দুভাগ কৰি দিয়া হৈছিল, তাৰে এটা ভাগ পাকঘৰ হিচাপে বৌৱে নিজে ঠিক কৰি লৈছিল। ধনদা অকলশৰীয়াকৈ থাকোতে ক’ত কি খাইছিল হিচাপেই নাই, অকণমান ষ্ট’ভ এটাতে কিবা কিবি এসোপা ৰান্ধে, পেটত সোমাওতে কোনফালে সোমাই গৈছে সেইটোও ছাগৈ গম পাই থাকে। কিন্তু বৌ অহাৰ পাচত সেইবোৰ নচলিব, সকলো চিজিল। জুই অকমান ধৰিব পৰাকৈ পাকঘৰতে ব্যৱস্থা কৰা হ’ল, এখন ডেস্ক আনি তাতে পাকঘৰৰ সা-সৰঞ্জামসমূহ থোৱা হ’ল। ধনদাৰো বহুত পৰিৱৰ্তন দেখা গল, মদ খোৱাৰ বদঅভ্যাস আতৰোৱাৰ পৰা আৰম্ভ কৰি কাপোৰ কানি পিন্ধালৈকে। আনকি দোকানলৈ যাওতে সদায় পিন্ধি যোৱা কাপোৰযোৰো চাফা চাফা যেন দেখা গ’ল।
তেনেকৈ দিনবোৰ বাগৰি গৈছিল। মোৰ চকুত সকলোবোৰ ঠিকেই চলি আছিল। কিন্তু ভিতৰি ভিতৰি যে কিবা এটাই ক্ৰিয়া কৰি আছে, মই বহুত দেৰিকৈহে গম পালোঁ। মা বৰমাহঁতৰ আচৰণত কিছু অনিয়মীয়া ভাৱ এটা মই লক্ষ্য কৰিছিলোঁ। তেওঁলোকে মোৰ আগত কথা নাপাতিছিলেই, কথা পাতি থকাৰ মাজতে যদি মই হঠাতে ওলাওগৈ মাহঁতে কথা পতা বন্ধ কৰি দিছিল নহলে কথাবোৰ লাগ বান্ধ নোহোৱাকৈ সলনি হৈ পৰিছিল। কথাবোৰ যিমানে পুৰণি হৈছিল, মই সিমানে উৎসুক হৈ পৰিলোঁ। কিন্তু সুধিবলৈকো মোৰ বয়সৰ কোনো নাই, মাহঁতক সুধিবও নোৱাৰি।মই উচপিচাবলৈ আৰম্ভ কৰিলোঁ, কোনোবাই মোক কোৱা হলে কি হৈছে, কিবা এটা নিশ্চয় ঘটিছে।
ঠিক তেনেতে এদিন মাহঁতৰ অসাৱধানতাৰ সুযোগ লৈ দুৱাৰৰ আঁৰৰ পৰা শুনি মই সকলোবোৰ গম পাই গলোঁ, ৰহস্যৰ দুৱাৰখন মোৰ সন্মুখত খোল খাই গল। মাহঁতে বৌৰ কথা পাতি আছিল। বৌ দিনটো অকলে থকাৰ কথা, অকলশৰীয়াকৈ কোঠাটোত সোমাই কি কৰে তাৰ কথা। মই কথাবোৰ গম পাই যিমানে আচৰিত হলো, সিমানে মোৰ মনত দুখো লাগিল। ধনদা দোকানলৈ যোৱাৰ পাছতেই হেনো তেওঁৰ স্বৰূপ ওলাই পৰে। কথাষাৰ মাহঁতক লগাইছেহি সেইডোখৰ ঠাইত আবেলি  ঘূগুনি পকৰিৰ দোকান দিয়া মালতী বাইদেউয়ে। তাই কথাবোৰ হেনো নিজ চকুৰে দেখিছে। প্ৰথমদিনা চিকিমিকি গধূলি সময়ত তাই বোলে ভাবিলে সেয়া ছাগৈ বৌৰ ভায়েক হব, বায়েকৰ খবৰ লবলৈ আহিছে। কিন্তু তাৰ পাছদিনাও যেতিয়া সেই একেটা লৰাক আবেলি বৌৰ কোঠাৰ পৰা ওলাই অহা দেখিলে, তাই স্পষ্টকৈ চিনি পালে সেইটো চাৰিআলিৰ দত্ত ষ্টোৰৰ মালিকৰ পুতেকটো। পিছৰ দিনা আগবেলা যেতিয়া মালতী বাইদেউয়ে কিবা এটা নিবলৈ বুলি দোকানলৈ আহিছিল, তাক আকৌ চোৰৰ দৰে ধনদাহঁতৰ কোঠাত সোমোৱা দেখিলে, তাইৰ নিজৰে কিবা লাগি গ’ল। সেইদিনা আবেলিলৈ সি ওলাই অহাৰ পাছতেই মালতী বাইদেউ আৰু ৰৈ নাথাকিল, দোকানখনত সৰু ছোৱালীজনীক ৰখীয়া কৰি থৈ আহি আমাৰ মাৰ আগত সবিস্তাৰে কথাবোৰ বৰ্ণনা কৰিলে। মায়ে দেউতাৰ লগত আলোচনা কৰিলে, তাৰ পাছত কথাটো গৈ বৰমাৰ কাণত পৰিল। ধনদাক এইবোৰ অকণো জানিবলৈ দিয়া নহ’ল।
বৰমাই অকণো পলম নকৰি, টু শব্দ এটাও উচ্চাৰণ নকৰি, ধনদাহঁতৰ নিজা ঘৰলৈ বৌক লৈ যাবলৈ আদেশ দিলে। এনেকুৱা কথাবোৰ সঁচা নে মিছা বিচাৰ কৰি থাকিলে সময় এনেই খৰচ হয়, সম্পৰ্কও বেয়াৰ ফাললৈ ঢাল খায়। ধনদা প্ৰথমতে বৰমাৰ কথাত আচৰিত হ’ল, কিন্তু পেহীয়েকৰ আদেশ, অমান্য কৰিব নোৱাৰি। তেওঁ বৌক নি থৈ আহিলগৈ।
তাৰ পিছতেই নিপুৰ জন্ম হল।
নিপুৰ জন্মৰ ছমাহমান পাছতেই বৌ পুনৰ ভাৰাকোঠাটোলৈ উভতি আহিল। মাহঁত ইতিমধ্যে সজাগ হৈ পৰিছিল। অইন নহলেও ধনদাৰ কাৰণে, নিপুৰ কাৰণে বৰমা, মাহঁতৰ চিন্তা হৈছিল। বৰমাই যেতিয়াই তেতিয়াই ধনদাহঁতৰ কোঠালৈ আহিছিল, বহুত বহুত সময়, পাৰিলে গোটেই দিনটো কটাই ধনদা উভতি অহাৰ পাছতহে ঘৰলৈ গৈছিল, নিপুৰ চোৱা চিতা কৰিছিল। বৌৰো অৱশ্যে সহায় হৈছিল, অকলে অকলে কেঁচুৱা চম্ভালিবলৈ বৰ অসুবিধা। ইতিমধ্যে আমাৰ নতুন ঘৰলৈ যোৱাৰ প্ৰস্তুতি আৰম্ভ হৈছিল, শেষ সময়ৰ কামবোৰ দ্ৰুতগতিত কৰি ঘৰটো কমসময়ৰ ভিতৰতে সম্পূৰ্ণ কৰি তোলা হৈছিল। দেউতা অনবৰতে মিস্ত্ৰীৰ লগত লাগি থাকিবলৈ তাত থাকিছিলগৈ, লগতে ধনদাৰ কোঠাৰ ফালেও চোকা নজৰ এটা ৰাখি থৈছিল।
আৰু তেনেকুৱা এটা সময়ৰ মাজতে বৌৱে ধনদাহঁতৰ শোৱা বিছনাখনৰ কাষতে এখন চিঠি পেলাই থৈ অন্তৰ্ধান হৈ পৰিল। সেইদিনা ৰাতিপুৱা নিপুৰ কান্দোন শুনি ধনদাই যেতিয়া তেওঁৰ কাষলৈ চালে, বৌ নাই। কেবাবাৰো মতাৰ পাছত যেতিয়া সঁহাৰি নেপালে, গা ধুবলৈ গল ছাগৈ, সেইবুলি ভাবি লৈ ধনদাই নিজে নিপুক নিচুকাবলৈ আৰম্ভ কৰি দিলে। অলপ সময় তেনেকৈ তাক নিচুকাই মেলি যেতিয়া তেওঁ আঠুৱাৰ বাহিৰলৈ ওলাই আহিয়ে কাগজখন দেখা পালে, সম্পূৰ্ণকৈ পঢ়াৰ পাছত তেনেকৈয়ে তেওঁ স্তব্ধ হৈ ৰল। পুৱাৰ মিঠা ৰদকণ তেওঁলোকৰ কোঠাৰ বন্ধ খিৰিকীখনেদি সোমাবলৈ নাপাই বাহিৰতে ৰৈ আছিল, সৰু সৰু ফুটাবোৰদি মাত্ৰ কিছুসংখ্যক পোহৰৰ কণা পাৰ হৈ আহি ভিতৰখন কোনোমতে আন্ধাৰ হোৱাৰ পৰা ৰক্ষা পেলালে।
চিঠিখনত বৌৱে লিখিছে তেওঁ এনেকুৱা এটা জীৱন উপভোগ কৰিবলৈ ধনদালৈ বিয়া হৈ অহা নাছিল, তাতে তেওঁ বিচৰাধৰণে ধনদাই একোকে দিব পৰা নাই। ভাৰাঘৰত থাকি, পেটে ভাতে খাই কোন মানুহ জীয়াই থাকিব পাৰে। ধনদাতকৈ কিছুমান ভাল সপোন দেখুৱাব পৰা মানুহ তেওঁ বিচাৰি পাইছে। শেষত তেওঁ সকলোকে ক্ষমা খুজিছে, নিপুৰ দায়িত্ব বৰমাৰ হাতত দি গৈছে, আৰু আমি যাতে নিপু ডাঙৰ হলে মাক সৰুতে ঢুকাল বুলি তাক শিকাও, সেয়াও উল্লেখ কৰি দিছে। কাগজখনৰ একেবাৰে তলত ধনদাক ক্ষমা বিছাৰি আকৌ এটা বাক্য লিখিছিল ছাগৈ, বাক্যটো ইমান ঘঁহাই ঘঁহাই কাটি পেলোৱা হৈছে, মম এডালৰ আগত কাগজখন দাঙি ধৰিলেও কাটি থোৱা আখৰবোৰ চিনি পোৱাটো কিছু টান হৈ পৰিছিল।
নিপুক বৰমাই সেইদিনাই নিজে নি ককায়েকৰ ঘৰত থৈ আহিল, ধনদাৰ ডাঙৰ বৌৱেকে তাৰ দায়িত্ব সানন্দেৰে গ্ৰহণ কৰিলে। ধনদাক প্ৰথমদিনা দেখা পোৱা নগ’ল, দেউতাই বিছাৰি গল, জানদাও অ’ত ত’ত বিছাৰি খবৰ খাতি কৰিলে। দ্বিতীয়দিনা দুপৰীয়া জানদালৈ নদীৰ কাষত থকা দেশীয় মদৰ মহল এটাৰ পৰা খবৰ আহিল--ধনদা তাত শুই আছে। জানদাৰ লগত গৈ দেউতাই তেওঁক লৈ আনিলেগৈ, বৰমাৰ ঘৰলৈ নানি বাহিৰে বাহিৰে ফাৰ্মাচী এখনতে সুমুৱাই আনিলে। তৃতীয় দিনা তেওঁ যেতিয়া কিছু সূস্থ হল, প্ৰথমতে ফেঁকুৰি ফেঁকুৰি, তাৰ পাছৰ খুব জোৰেৰে চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে। বুকুৰ নিভৃততম কোণৰ পৰা যেন দুখৰ সুঁতি এটা বৈ আহি ডিঙিত লাগি ধৰিছিল, জোৰেৰে চিঞৰি দিয়াৰ পিছতে সৰসৰাই সেইবোৰ বৈ আহিল।
ঠিক পাছদিনাই ধনদা নিজৰ ঘৰলৈ গুচি গ’ল, তাৰ ছমাহমান পাছতে আমি নতুন ঘৰত সোমালোহি, আমাৰ একমাত্ৰ প্ৰতিৱেশীস্বৰূপ ধনদাৰ কোঠাটো তেতিয়া বন্ধ হৈ থাকিল।
আমি নতুন ঘৰ লোৱাৰ পাছত হঠাতে এদিন তেওঁ নিজৰ কোঠাটোত উপস্থিত হ’লহি, আমাৰ ঘৰটো সোমালে। দেউতা ঘৰত নাছিল, মাই আদৰ সাদৰ কৰি তেওঁক বহালে, খবৰ সুধিলে, ঘৰৰ খবৰ সুধিলে, একেবাৰে শেষত লাহেকৈ নিপুৰ কথা উলিয়ালে। নিপু ডাঙৰ হৈছে, কথা অলপ অলপ ফুটিছে, আৰু অলপ ডাঙৰ হোৱাৰ পাছতেই ধনদাই তাক লৈ আকৌ ইয়ালৈ গুচি আহিব- ধনদাই উচ্ছ্বসেৰে কৈ উঠিল। মাই একো নকলে, তাৰ পাছত পেহীয়েৰাৰ ওচৰলৈ গ’লি নে নাই বুলি সুধি ভিতৰ পালেগৈ। মই সেইডোখৰতে থিয় হৈ কথাবোৰ শুনি আছিলো,ধনদাক চাই আছিলোঁ। কিমান দুখৰ বোজা লৈ মানুহ জীয়াই থাকিব পাৰে মই ভাবি পোৱা নাছিলোঁ। তেওঁ যদি এতিয়া হাঁহেও, মই চিধা আঙুলিয়াই দিব পাৰিম কিমান কষ্ট কৰি তেওঁ মুখৰ পোন্ধৰডাল পেশীক চলাচল কৰাইছে। মা যোৱাৰ পাছত ধনদাই মোক দেখি মোৰ পঢ়া শুনাৰ খবৰ ললে, তাৰ পাছত ভালকৈ পঢ়িবি দেই বুলি কৈ মাক মাত লগাই ওলাই গুচি গ’ল।
তাৰপাছতেই নিপু কিছু ডাঙৰ হোৱাৰ পাছত তেওঁ আমাক কোৱাৰ ধৰণেই পুনৰ ভাড়াকোঠাটোলৈ ঘূৰি আহিল। বৰমাই প্ৰথম কেইবামাহো তেওঁৰ লগতে নিপুক ৰাখি ল’লে। সেই সময়খিনিৰ ভিতৰতে ধনদাই পুনৰ তেওঁৰ দোকানখন টনকিয়াল কৰি তোলাৰ ব্যৱস্থা কৰি ললে, নিজৰ জীৱনটো তেওঁ আকৌ যেন গঢ়ি লৈছে, যেনেকৈ পইচাৰ অভাৱ হলে ভঙা চকী এখন হাতুৰীৰে কোবাই গজাল লগাই মেলি হলেও আকৌ ব্যৱহাৰৰ উপযোগী কৰা হয়, তেনেকৈ।
নিপুৰ দায়িত্ব বৰমা আৰু মাই ললে। বৰমাই অৱসৰ গ্ৰহণ কৰাৰ পাছত ঘৰতে এনেই থকাৰ দৰে হৈছিল, গতিকে নিপুক ডাঙৰ কৰাৰ সুযোগ পাই ভালেই পালে। কোনে ভাবিছিল সি পৃথিৱীত ইমান দিন জীয়াই থাকিব, পৃথিৱীৰ নান্দনিক ৰূপ সৌন্দৰ্য উপভোগ কৰিব পাৰিব বুলি?? কিন্তু বিধাতাই তাৰ কপালত সকলো লিখি পঠিয়াইছে। প্ৰথমতে বৰমাক আৰু এতিয়া পেহীআইতাকৰ সান্নিধ্যত এতিয়া সি তাৰ সপোনবোৰ ফলিয়াব, জিলিকাই তুলিব তাৰ গাত বৈ থকা দেউতাকৰ তেজৰ সুঁতি।
আৰু সেই নিপুৰ স্কুল নামভৰ্তিৰ প্ৰপত্ৰখন মই আজি পূৰাই পেলালোঁ। সি স্কুললৈ যাব। সকলোখিনি খালি ঠাই পূৰাই পেলালোঁ, মাত্ৰ তাত মাতৃৰ নামৰ ঠাইত যিকণ খালি ঠাই আছিল, সেইকণ মই একো নিলিখাকৈয়ে দি পঠালোঁ। বৌৰ নাম কি, চেহেৰাটোৱে মই জোৰকৈ পাহৰি পেলাইছোঁ।
গধূলি দোকানৰ পৰা অহাৰ পাছত ধনদা কাগজখন লৈ পুনৰ মোৰ ওচৰলৈ আহিল। লগত কি কি জমা দিব লাগিব, নিপুৰ ফটো কেইখন লাগিব আদি ভালদৰে মোক সুধি ললে। তাৰ ইংৰাজী বাৰ্থ ডে’ তাৰিখটো সুধি লিখি দিলোঁ। সকলোখিনি বিতংকৈ তেওঁক জনোৱাৰ পাছত মই বিমোৰত পৰিলো, মাতৃৰ নামৰ ঠাইত কি লিখিম সেই কথাষাৰ কেনেকৈ সোধো??
“ধনদা, চাওকচোন কিবা বাকী থাকি গৈছে নেকি লিখিবলৈ, মই এতিয়া লিখি দিম”
“তুমি চোৱাই নাই নি? মই আকৌ তুমি একেবাৰে জমা দিব পৰা কৰি থৈছা বুলিহে ভাবিছিলোঁ,,ৰবা চাওঁ”
কিয় নাজানো মোৰ বুকুৰ ধিপধিপনি বাঢ়ি গল। এই মানুহটোক মই চিঞৰি চিঞৰি কন্দা দেখিছোঁ, পৃথিৱীৰ সমস্ত দুখৰ এটা বোজা মই ঘৰৰ কাষতে থকা ধনদাৰ গাত ওলমি থকা দেখা পাওঁ। আৰু এতিয়া মইয়ে তেওঁক এনে এক অৱস্থালৈ ঠেলি দিছো, যত তেওঁ ভৰি থলেই তেওঁক টানি নিব দুখৰ অপাৰ সাগৰৰ কোনো জলদেৱতাই, য’ৰ পৰা উভতি অহা একেবাৰে অসম্ভৱ কথা।
“হেৰি নহয়, মাতৃৰ নামৰ ঠাইত একো নিলিখিলা? বৌৰ নামটো পাহৰিলা হবপায়? পাহৰিবাই দিয়াচোন, তুমি কিমান সৰু আছিলা তেতিয়া,,, লিখা জোনমণি দেৱী”
মই যন্ত্ৰৱৎ তেওঁৰ হাতৰ পৰা কাগজখিলা ললো, কলমৰ আগটো মাত্ৰ চলাই গলো, পূৰ্ণ কৰি গলো খালী হৈ থকা জেগাকণ।
“হৈ গল” শীৰ্ণকায় মাত এটা মোৰ ডিঙিৰ পৰা বাজ হল।
“চাওঁ, চাই লওঁ দিয়া”
মই কাগজখিলা দিলোঁ। অখণ্ড মনোযোগেৰে তেওঁ বহুত সময় চালে, তাৰপাছত মুখ খুলিলে “ৰবা, অলপ ভুল হৈ গল নহয়, দিয়াচোন কলমটো, মোক দিয়া”
মই কলমটো তেওঁৰ হাতত অৰ্পণ কৰিলোঁ। টেবুলখনতে হাওলি লৈ তেওঁ কাগজখিলা ভালদৰে থৈ ললে। টেবুলৰ আগত থকা একমাত্ৰ চকীখনত মই বহি আছিলোঁ, তেওঁ লিখিবলৈ সুবিধা হব বুলি মই উঠি দিবলৈ লওতেই তেওঁ নালাগে নালাগে বুলি কৈ উঠিল। কিনো লিখিবলৈ থাকিল মই বুজি পোৱা নাছিলো, গতিকে চাবলৈ বুলি মই চকীখনৰ পৰা উঠিয়ে থাকিলোঁ। তেওঁ কলমৰ সাফৰটো কলমৰ পিছফালে উলোটাকৈ লগাই লৈছিল। কিনো ভুল হ’ল বুলি চাবলৈ মই উৎকণ্ঠিত হৈ ৰ’লো। তেওঁ খুব শান্তকৈ, ধীৰে স্থিৰে কলমটো আগবঢ়াই নিলে তাৰ পাছত লাহে লাহে মাতৃৰ নাম বুলি থকাৰ সোঁফালে থকা খালী ঠাইখিনিত মই লিখা জোনমণি দেৱী নামটোৰ আগত চন্দ্ৰবিন্দু এটা লগাই দিলে।
মই তেনেকৈ স্তব্ধ হৈ কিমান সময় থাকিলোঁ ক’ব নোৱাৰিলো, মাত্ৰ চন্দ্ৰবিন্দুটোৰ বক্ৰডালে মোক উদ্দেশ্যি উপহাসৰ হাঁহি মৰা যেন লাগিল।
                                                                

 প্ৰকাশঃ সাহিত্য ডট অৰ্গ, আগষ্ট, ২০১৫ 
সাহিত্য ডট অৰ্গৰ ৱেবছাইটত গল্পৰ লিংকটো  www.xahitya.org/2015/08/14/porisoy

Popular posts from this blog

মাতৃভাষা আৰু আমাৰ দায়িত্ব

Photo Source:  www.bragitoff.com অসমীয়া ভাষাৰ ব্যৱহাৰ আৰু বিদ্যালয়ত অসমীয়া ভাষা শিক্ষণ মাধ্যম হোৱাৰ ক্ষেত্ৰত ইতিমধ্যে যথেষ্ট বাদানুবাদ আৰম্ভ হৈছে আৰু এই সন্দৰ্ভত সকলোৱে একমত হ ' ব পৰাকৈ যিকোনো এটা সিদ্ধান্ত এতিয়ালৈকে আৱিষ্কাৰ হোৱা নাই(হয়তু নহব) । অসমীয়া ভাষাৰ প্ৰচাৰ , ব্যৱহাৰ , অসমৰ শিক্ষাৰ মাধ্যম হিচাপে কেৱল অসমীয়া ভাষাৰ ব্যৱহাৰ কৰা আদিবোৰ সততে সংবাদ মাধ্যমৰ শীৰ্ষস্থান অধিকাৰ কৰা দেখিবলৈ পোৱা গৈছে।   প্ৰত্যেক বছৰে মেট্ৰিকৰ ফলাফল ঘোষণা কৰাৰ পাছত বাতৰিকাগজৰ শিৰোনামবোৰেও (উদাহৰণস্বৰূপে ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ জয়যাত্ৰা) এইক্ষেত্ৰত এক ভূমিকা বহন কৰা দেখা যায়। পোনপ্ৰথমে আমি ইংৰাজী ভাষাৰ আগ্ৰাসনৰ কথাকে যদি চাবলৈ যাওঁ , ইয়াৰ মূলতে হ ' ল ইংৰাজসকলৰ সমগ্ৰ বিশ্বত উপনিৱেশ স্থাপনৰ যি প্ৰক্ৰিয়া , তাৰ ফলত প্ৰায় সৰু বৰ সকলো দেশতে এই ভাষাৰ প্ৰচলন আৰু ফলাফলস্বৰূপে বিশ্বৰ প্ৰধান ভাষা হিচাপে এতিয়া ইংৰাজী ভাষাৰ সিংহাসন লাভ। প্ৰায়সংখ্যক দেশৰে প্ৰধান ভাষা( official language) হিচাপে ইংৰাজী ভাষা ব্যৱহাৰ হৈ আহিছে আৰু শেহতীয়া তথ্যমতে সমগ্ৰ বিশ্বৰ দুই মিলিয়ন লোকে তথ্যৰ আদান প্ৰদ...

প্ৰিয়বন্ধু

Photo source: http://srzimmartist.blogspot.com (ৰচনাকালঃ ২০০৯) ঘণ্টাটো পৰাৰ লগে লগে গোটেই শ্ৰেণীটোৱেই প্ৰাণ পাই উঠিল। সকলোৱে চিঞৰ বাখৰ কৰি বাহিৰলৈ ওলাই গ'ল যদিও এজন তাৰ ব্যতিক্ৰম। ভালকৈ লক্ষ্য কৰিলে দেখা যায় যে দুচকুত অশ্ৰুৰ জিলিকণি, উদাস মুখৰ ভাও দি থকা এজন ল'ৰা। কিছুসময় পাছতঐ তালৈ এজাক ছোৱালীৰ আগমণ ঘটিল। সিহঁতৰ উশৃংখল হাঁহি, মন্তব্যবোৰে ল'ৰাটোৰ চকুপানীৰ নৈখন খৰস্ৰোতা হোৱাতহে সহায় কৰিলে। নাম তাৰ বৰুণ। শ্ৰেণীৰ আটাইতকৈ শান্ত ল'ৰা। শান্ত মানে একেবাৰে মুখৰ পৰা মাত নোলায়েই। কিন্তু তাৰ মনটো বৰ বহল। শ্ৰেণীৰ সকলো শিক্ষকৰে প্ৰিয়পাত্ৰ সি। তাৰ নম্ৰ, ভদ্ৰ আচৰণে তাক বিপদত নেপেলোৱাও নহয়। বিশেষকৈ, শ্ৰেণীৰ উৎপতীয়া কেইবাটাও ল'ৰাই তাৰ চৰিত্ৰ নষ্ট কৰাৰ চেষ্টা চলায়েই থাকে। কিন্তু তৰোৱালতকৈ কলম সদায় শক্তিশালী। তাৰ চৰিত্ৰ নামে বগা কাজগখিলাত সি ধূলিকণা এটাও পৰিবলৈ নিদিয়ে। শ্ৰেণীত তাৰ স্থান চতুৰ্থ। স্থানক লৈ সি কোনোদিনে গৰ্ব কৰা নাই আৰু তাক দেখিলে এনে লাগে যেন সি সেয়া কৰাৰ প্ৰয়োজনবোধো কৰা নাই। সময়মতে স্কুললৈ আহি শিক্ষকৰ নিৰ্দেশানুসৰি নিয়মমাফিক কৰ্ত্তব্যসমাপন কৰি সি

মোৰ নৱছাত্ৰাবাস

“ মই অহাৰ লগে লগে সাউতকৈ উঠি গৈ ফুল ছাৰ্টটো পিন্ধিলি যে ? হা ? গৰম উঠা নাই নেকি ?” “ ছাৰ হ ’ ব , একো নহয় । ইমান গৰমো   উঠা নাই ” “ অ , হ ’ ব বাৰু । ইয়াত থাকি পঢ়া শুনা কৰিবলে খালি নেপাহৰিবি । ঢকুৱাখনাৰ পৰা পঢ়িবলে আহিছ , পঢ়িবি , কিবা অসুবিধা পালে মোক কবি , ৰাকেশ পৰাণক কবি ” । ৰাকেশ পৰাণ মানে হোষ্টেলৰ সেইসময়ৰ মণিটৰ ৰাকেশদা আৰু পৰাণদা । ৰাকেশদা মোৰ ৰুমমেটো আছিল । নিজৰ কোঠাৰ পৰা বাহিৰলে ওলালেই তথা ৰূমলে কোনোবা ছিনিয়ৰ আহিলে যাতে আমাক ফুলছাৰ্ট আৰু লংপেণ্ট পিন্ধা দেখা পায় , তেনেকুৱা এটা কটকটীয়া নিয়মে আমাক সকলোক বান্ধি থৈছিল । জুন মাহৰ শেষ দিন । ইমান সময়ে যেনতেন সহ্য কৰি অধীক্ষক ড০ বিমান চেতিয়া ছাৰে কথাখিনি কৈ মোৰ ৰুমৰ দুৱাৰখন পাৰ হোৱাৰ লগে লগেই ছাৰ্টটো খুলি পেলাই ফেনৰ তলত বহি পৰিলোঁ ।

আকাশবাণী

     সৰুতে ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি ভাত খোৱাৰ পৰলৈকে যদি কিবা এটা বস্তু একেৰাহে আমাৰ লগত লাগিয়ে থাকে বুলি কবলৈ যাওঁ , নিশ্চয়কৈ তাৰ ভিতৰত ৰেডিঅ ' ৰ নামটোও সংলগ্ন কৰিব লাগিব। আজিকালিৰ ছাত্ৰ-ছাত্ৰীসকলৰ কথা নাজানো , কিন্তু মই হোষ্টেল অহাৰ আগলৈকে নিয়মীয়াকৈ ৰেডিঅ ' ৰ অনুষ্ঠান উপভোগ কৰিছিলোঁ। প্ৰকৃততে ৰেডিঅ ' শুনাটো একপ্ৰকাৰৰ বাকীবোৰ দৈনন্দিন কামৰ দৰেই আছিল। আমাৰ অঞ্চলত গুৱাহাটী আকাশবাণী কেন্দ্ৰৰ অনুষ্ঠানসমূহ সম্প্ৰচাৰিত হোৱাত অসুবিধা হৈছিল(দূৰত্বৰ বাবে) আৰু আমাৰ ৰাতিপুৱাবোৰ আৰম্ভ হৈছিল ডিব্ৰুগড় আকাশবাণী কেন্দ্ৰৰ পৰা সম্প্ৰচাৰিত ৰাতিপুৱাৰ অনুষ্ঠানসমূহৰ জৰিয়তে। এক বিশেষ সুৰ ধ্বনিৰ জৰিয়তে কেন্দ্ৰৰ প্ৰত্যেকখন অধিৱেশন আৰম্ভ হৈছিল।

অসমীয়া ভূচিত্ৰাৱলী

---চন্দ্ৰমা দুৱৰী বৰগোহাঞি--- ২০১৮ চনৰ ৪ ফেব্ৰুৱাৰীৰ দেওবৰীয়া বিচিত্ৰাত ৰবেন্দ্ৰ কুমাৰ দাসদেৱৰ ভূচিত্ৰাৱলীৰ বৰ্ণনাই আমাকো লৈ গ'ল দূৰ অতীতৰ তৃতীয় চতুৰ্থ পঞ্চম শ্ৰেণীত অঁকা আমাৰ চিৰচেনেহী জন্মভূমি অসমৰ মানচিত্ৰখনলৈ। ১৯৬৭ চনত যেতিয়া ৩য় শ্ৰেণীৰ বৃত্তি পৰীক্ষা দিবলৈ বাচনিভুক্ত হলো, ভূগোল বিষয়ত নিজ জিলাৰ এখন মেপ আঁকি জিলাৰ সদৰ ঠাই, নদী আদি বহুৱাবলৈ আহিছিল। তাৰ পাছত অসমৰ মেপ খন আকিবলৈ আমাক শ্ৰ্দ্ধাৰ গগন চেতিয়া ছাৰে শিকাইছিল। দাসদেৱে কোৱাৰ দৰে প্ৰথমে মেপখনৰ চাৰিসীমা জুখি স্কেলৰ সহায়ত সমান সমান জোখত বৰ্গক্ষেত্ৰ  আঁচ দি মেপখন আঁকিবলৈ শিকাইছিল। তাৰপাছত জিলাৰ সদৰ ঠাই, তেলৰ পুঙ থকা ঠাই, নদী আদি বহুৱাবলৈ দেখুৱাই দিয়ে। বিদ্যালয়ত থকা অসমীয়া ভূচিত্ৰাৱলীখনৰ পৰা ছাৰে মেপত থকা জিলাৰ সদৰ ঠাই, উত্তৰবাহিনী-দক্ষিণবাহিনী নদীবোৰ, তেল শোধনাগাৰ থকা ঠাইৰ নামসমূহ লিখি মেপত বহুৱাই আনিবলৈ দিয়ে। ঘৰত আহি ককাইদেউহঁতক খাটনি ধৰোঁ ভূচিত্ৰাৱলী এখন লাগে নিজাকৈ। ককাইদেউ বাইদেউহঁতৰ ভূচিত্ৰাৱলী বিলাক সিহঁতক দৰকাৰ হোৱাৰ বাবে দেউতাই নতুনকৈ মোক এখন ভূচিত্ৰাৱলী কিনি দিছিল। বিদ্যালয়লৈ আনিলে ভূগোল পিৰিয়ডত আটাইয়ে লগ হৈ ভূ...

প্ৰতিধ্বনি

পল্লৱীয়ে যদি আগতে স্কুললৈ যোৱাৰ আগতে মাকক কয় , মই বইল কৰা কণী খাবলৈ বেয়া পাওঁ , মোক ভাজি দে , মাকে ক ’ ব বায়েৰে দেখোন একোতে অজুহাত দেখুৱাই নেপায় , তইনো কেনেকৈ ইমান আলসুৱা স্বভাৱৰ হলি । আৰু তাৰ পাছত তাই বইল কৰা কণীটো খঙতে নি পকা মজিয়াত পেলাই দিলে কণীটো খাব পৰাও হৈ থাকে , মজিয়াখনো নাভাঙে আৰু অৱশেষত গৈ তাই ভাজি কৰা কণীও খাবলৈ নাপায় । পাছত বায়েক বসুন্ধৰাই নিজৰ ভাগৰটো তাইক দি দিয়ে আৰু তাই মজিয়াত পৰাটো খায় । কলেজ পোৱাৰ পাছত বজাৰলৈ অথবা ক ’ ৰবালৈ ওলাই যাবলৈ হ ’ লে মাকক নিবলৈ দেউতাকৰ স্কুটিখন কোনে চলাব ? পল্লৱীয়ে কেইবাদিনো মুখ ওন্দোলাই , পিন্ধিবলৈ বুলি আনি লোৱা চেণ্ডেল দলিয়াই মেলি চালে , কিন্তু মাক সদায় ডাঙৰ জীয়েক বসুন্ধৰাৰ লগতহে যাব । স্কুটি চলাব পাৰিলে বুলিয়ে কি হ ’ ল ? পল্লৱী সৰু ছোৱালী । বইল কৰা কণী খালে যে তেলত ভজাতকৈ বেছি শক্তি পোৱা যায় , সেয়া বুজি নোপোৱা সৰু ছোৱালী । বসুন্ধৰাই সেইবোৰ বুজি নাপায় । তাইৰ দীঘল চুলিকোছা দুডাল বেণী কৰি মাকে আঁচুৰি দিয়ে , তাই মাকৰ চৰণ চুই স্কুললৈ যায় । কলেজত নামভৰ্ত্তি কৰাৰ পিছত তাই বেণী গুঠিবলৈ এৰিলে , চুলিকোছা আৰু অলপ দীঘল হ ’ ল । তাইৰ...

মাজ ৰাতি কেতেকী (Not a film review)

মাজ ৰাতি কেতেকী বোলছবিখন চালোঁ। প্ৰথমবাৰ, যেতিয়া তেজপুৰৰ পৰা ঘৰলৈ বুলি বাছত আহি আছিলোঁ, তেতিয়া। ঘৰৰ পৰা গুৱাহাটীলৈ যাবলৈ ভাল, এটা নিশাৰ বাট। লখিমপুৰ যাবলৈও ভাল, ডেৰঘণ্টা সময়ৰ প্ৰয়োজন। কিন্তু তেজপুৰলৈ যাবলৈ আমুৱাই যায়। দিনৰ ভাগত যাবলৈ হ’লে ৰাতিপুৱাই ওলাব লাগে, তেজপুৰ পায়গৈ প্ৰায় আঢ়ৈৰ পৰা তিনি বজাৰ ভিতৰত। গৰম দিন হ’লে সহ্যৰ সীমা কেতিয়াবাই পাৰ হৈ যায়। তাতে যদি বাছত মানুহ উঠাবলৈ পদূলিয়ে পদূলিয়ে ৰখায়, তেতিয়া কি কৰোঁ কি নকৰোঁ যেন হয়। এয়া কেৱল মোৰ অভিজ্ঞতাই নহয়, ভূক্তভোগী বহুত। অৱশ্যে ৰেলগাড়ীত যাব পাৰি, বাছযাত্ৰাতকৈ আৰামী হোৱাৰ লগতে ইমান আমনি নালাগে। কিন্তু তাতো মানুহৰ যি ভীৰ, যি হেঁচা ঠেলা, তাৰ ওপৰত আকৌ অপৰিষ্কাৰ পৰিৱেশ আৰু বেগৰ বস্তু চুৰি হোৱাৰ ভয়। গতিকে একেলগে কেইবাটাও গ’লে ৰে’লত যোৱাই ঠিক। সেইদিনা অকলেই তেজপুৰৰ পৰা বাছত আহিবলগীয়া হ’ল, গতিকে চিনেমাখন ওলিয়াই ল’লোঁ।

দ্য নিউ গাৰ্ল ইন দ্য চিটী

---প্ৰিয়ম দি জ্যোৎস্না---  (১)  "হাজাৰজনৰ দৰে ময়ো যেতিয়া মুম্বাইলৈ আহিছিলোঁ, তেতিয়া নিজৰ বয়-বস্তুবোৰৰ সৈতে কিছুমান সপোনো বান্ধি আনিছিলো। তাৰ ভিতৰত আটাইতকৈ ডাঙৰ সপোনটো আছিল--এগৰাকী লেখক হোৱাৰ সপোন। যেতিয়া মোক এই প্ৰৱন্ধটো লিখিবলৈ কোৱা হৈছিল, তেতিয়াই হয়তো মোৰ সপোনটো বাস্তৱলৈ ৰূপান্তৰিত হ'ল। কিন্তু অশেষ চেষ্টাৰ পিছতো মই এই প্ৰৱন্ধটো লিখিবলৈ পৰা নাছিলোঁ। প্ৰতিবাৰেই লিখিবলৈ লওঁতে এনেকুৱা লাগিছিল যেন বহু কথা থাকি গৈছে। এই চহৰখনৰ বিষয়ে এনেকুৱা কি ক'ম যি আজিলৈকে কোনেও কোৱা নাই! সেইকাৰণে জমা দিয়াৰ এৰাতিৰ আগত প্ৰৱন্ধটো মই ফালি পেলালো আৰু পুনৰ লিখিবলৈ আৰম্ভ কৰিলো।       কেৱল দুমাহতে এক অদ্ভুতধৰণৰ প্ৰেম হৈ গ'ল এই চহৰখনৰ সৈতে। চহৰখন মোৰ আপোন যেন লগা হ'ল। ইয়াৰ কাৰণ কি হ'ব পাৰে? মোৰ নতুন উৎসাহমূলক চাকৰিটো ,মোৰ সৰু ফ্লেটটো নে মোৰ স্বাধীনতা? এই চহৰখনে এনেকুৱা কি দিছে মোক , যি মোৰ আপোন হৈ পৰিছে? প্ৰকৃততে উত্তৰটো বহুদিন ধৰি মোৰ চকুৰ সন্মুখতে আছিল, কিন্তু মইহে ধৰিব পৰা নাছিলোঁ। মুম্বাইলৈ আহিয়েই প্ৰথম ৰাতি মই কাৰোবাক লগ পালো। এজন ল'ৰাক। বন্ধু, ৰূ...

হৰ্ষাভোগলে অথবা ছেহৱাগহঁতৰ কথাৰে….

--- সুমন্ত সৌৰভ কাকতি --- অন্য জনপ্ৰিয় খেলতকৈ ক্ৰিকেট সময়ৰ দিশৰ পৰা কিছু দীঘলীয়া খেল , ছয়-চাৰি বা উইকেইৰ সঘন পতন নঘটিলে ক্ৰিকেট সাধাৰণতে বিৰক্তিকৰ আৰু আমনিদায়ক হৈ উঠে , কিন্ত সেইসময়তে পোনপটীয়া সম্প্ৰচাৰৰ হিন্দী ভাষাৰ কমেণ্ট্ৰি বস্কৰ মাইক্ৰফোণত বাজি উঠা ” চিপছ কা পেকেট অঔৰ ৰবীন্দ্ৰ জাডেজা কা অভাৰ কব খতম হো জ্যায়ে পতা নহী চলতা” “প্যায়াৰ মে ডুবা হুৱা লড়কা , চায় মে ডুবা হুৱা বিস্কুট অঔৰ বিনা ৰাণ কে বেটছমেন কিছি কাম কা নহী ” বা “ইয়ে ইতনা আছান কেটচ থা কি শ্বোলে কা ঠাকুৰ ভি ইছে পকড় চকতা থা ” ( শ্বোলে চিনেমাৰ ঠাকুৰৰ দুয়োখন হাতেই নাছিল ) ,”পাকিস্থান কো গোলী চে নহী কোহলী চে ডৰ লগতা হ্যায় ” খঙাল বিৰাট কোহলিৰ চমৎকাৰ প্ৰদৰ্শনত সন্মোহিত হৈ কোৱা ” বিৰাট কা তেৱৰ মানো সোণে কা জেবৰ ( অলংকাৰ) “ফটে কলাৰ অঔৰ পিতে হুৱে বলাৰ কো ক্যোয়ী ইজ্জত নহী দেতা ” বা চেতেশ্বৰ পূজাৰাক দীৰ্ঘসময় ক্ৰীজত অতিবাহিত কৰাৰ বাবে উদ্দেশ্যি কোৱা” ইয়ে জীয়েন্দী না মিলেগী পূজাৰা ” ইত্যাদি অনেক ধৰণৰ খুহুতীয়া আমোদজনক ওৱান লাইনাৰ বোৰে বিৰক্তিকৰ খেল এখনতো দৰ্শকক আনন্দ দিয়াৰ লগতে মনোযোগ পুনৰবাৰ আকৰ্ষণ কৰিবলৈ সক্ষম হয় । আৰম্ভণিৰ অভাৰট...

ইত্যাদি

(ৰচনাকালঃ ২০ ১১ ) বহুদিনৰ মূৰত মোৰ বাবে এটা আবেলি সম্পূৰ্ণ একান্ত ব্যক্তিগতভাৱে ওলাই পৰিল। স্কুলীয়া জীৱনৰ শেষ পৰীক্ষাটো দি উঠাৰ পাছত প্ৰকৃততে সকলোৰে ক’ত যাম, ক’ত নাযাম লাগে নেকি! মোৰো কাৰ্যতঃ একেই হৈছে। কি কৰোঁ কি নকৰোৰ উত্তেজনাত আৰু ঘৰৰ প্ৰৰোচনাত কেইদিনমানৰ বাবে খুড়াহঁতৰ ঘৰতে থাকি আহিলোগৈ। এতিয়া সেয়েহে বহুদিনৰ পিছত, বিহুৰ সময়তহে আজৰি হৈছোঁ আৰু সেই বাবে লগে লগেই মনজিতহঁতৰ ওচৰলৈ ঢাপলি মেলি আহিছোঁ। বিহুৰ সময়। এইকেইদিন গাঁৱত নাথাকিলো বুলিয়েই ইমান পৰিৱৰ্তননো হ’ব পাৰেনে? মহেন্দ্ৰ খুড়াৰ ঘৰৰ আগৰ গছ দুজোপাৰ ওপৰৰ ডাল-পাত কাটি দি গোটেইখন মুকলি কৰি ল’লে, ডিম্পলহঁতৰ আধৰুৱা পকাঘৰটো এতিয়া ৰং দিছে, কণহঁতৰ ঘৰৰ ওচৰতে এটা ডাঙৰ মাছ পুহিবৰ বাবে পুখুৰী খান্দিছে আৰু গাঁৱৰ ৰাস্তাটোতে এটা কালভাৰ্ট নিৰ্মাণ হৈ আছিল, সেইটো সম্পূৰ্ণ হৈ উঠিছে। মুঠতে এক বিৰাট পৰিৱৰ্তন। লাহে লাহে মই ৰাণাহঁতৰ ঘৰ পালোগৈ। আগফালে তাৰ ভনীয়েকে খেলি থকাৰ পৰাই মাত লগালে যে সি ইতিমধ্যেই ঘৰৰ পৰা অন্তৰ্ধান হৈছে। এইবাৰ আৰু মই পোনে পোনে পথাৰ পালোগৈ। কিন্তু মোৰ দুৰ্ভাগ্য যে খেল ইতিমধ্যেই আৰম্ভ হৈ গ’ল আৰু খেলৰ মাজত নতুনকৈ সোমাই খেলি...