Skip to main content

প্ৰতিধ্বনি


পল্লৱীয়ে যদি আগতে স্কুললৈ যোৱাৰ আগতে মাকক কয়, মই বইল কৰা কণী খাবলৈ বেয়া পাওঁ, মোক ভাজি দে, মাকে ক’ব বায়েৰে দেখোন একোতে অজুহাত দেখুৱাই নেপায়, তইনো কেনেকৈ ইমান আলসুৱা স্বভাৱৰ হলি। আৰু তাৰ পাছত তাই বইল কৰা কণীটো খঙতে নি পকা মজিয়াত পেলাই দিলে কণীটো খাব পৰাও হৈ থাকে, মজিয়াখনো নাভাঙে আৰু অৱশেষত গৈ তাই ভাজি কৰা কণীও খাবলৈ নাপায়। পাছত বায়েক বসুন্ধৰাই নিজৰ ভাগৰটো তাইক দি দিয়ে আৰু তাই মজিয়াত পৰাটো খায়। কলেজ পোৱাৰ পাছত বজাৰলৈ অথবা ক’ৰবালৈ ওলাই যাবলৈ হ’লে মাকক নিবলৈ দেউতাকৰ স্কুটিখন কোনে চলাব? পল্লৱীয়ে কেইবাদিনো মুখ ওন্দোলাই, পিন্ধিবলৈ বুলি আনি লোৱা চেণ্ডেল দলিয়াই মেলি চালে, কিন্তু মাক সদায় ডাঙৰ জীয়েক বসুন্ধৰাৰ লগতহে যাব। স্কুটি চলাব পাৰিলে বুলিয়ে কি হ’ল? পল্লৱী সৰু ছোৱালী। বইল কৰা কণী খালে যে তেলত ভজাতকৈ বেছি শক্তি পোৱা যায়, সেয়া বুজি নোপোৱা সৰু ছোৱালী।
বসুন্ধৰাই সেইবোৰ বুজি নাপায়। তাইৰ দীঘল চুলিকোছা দুডাল বেণী কৰি মাকে আঁচুৰি দিয়ে, তাই মাকৰ চৰণ চুই স্কুললৈ যায়। কলেজত নামভৰ্ত্তি কৰাৰ পিছত তাই বেণী গুঠিবলৈ এৰিলে, চুলিকোছা আৰু অলপ দীঘল হ’ল। তাইৰ বৰমাকৰ বয়সৰ মানুহে তাইৰ চুলিৰ প্ৰশংসা কৰে, সুযোগ পালে “তুমি নিৰ্মলাৰ ছোৱালী ন’” বুলি ওচৰলৈ মাতি নি চুলিখিনি লিৰিকি বিদাৰি চায়। পাণদোকানৰ আগত বহি থকা ল’ৰাবোৰে “ভণ্টী ঘৰত ঝাড়ুৰ খৰচ কমাই দিলা আৰু” বুলি তাইক জোকায় আৰু বসুন্ধৰাই সেই দাদাকেইজনৰ প্ৰতি মনে মনে যিমান বিতুষ্ট হ’লেও মুখত-চেহেৰাত তাৰ প্ৰতিফলন ঘটিবলৈ নিদি সন্মুখলৈ চাই গৈ থাকে। প্ৰথমদিনা তাইক জোকোৱাৰ পাছত গোটেই ৰাস্তাটো উচুপি উচুপি আৰু
ঘৰ পোৱাৰ পাছত বিছনাত গাৰুটোত মুখখন লুকুৱাই তাই খুব কান্দিলে। সকলোৱে কথাটো কি, কথাটো কি বুলি কাষ চাপি আহে, তাই ‘একো নাই’ বুলি মুখখন গাৰুটোত লুকুৱাইয়ে কয়। আৰু বাকী সকলোৱে অকল ‘একো’ টো শুনে, ‘নাই’টো কোৱালৈ তাইৰ কান্দোনৰ শব্দইহে প্ৰভুত্ব বিস্তাৰ কৰে।
বসুন্ধৰা আৰু পল্লৱীৰ মাজত বয়সৰ পাৰ্থক্য বেছি নহয়। প্ৰথম তথা ডাঙৰ সন্তান বুলি বসুন্ধৰাই যেনেদৰে মৰম আৰু গুৰুত্ব পাইছিল, পল্লৱীয়ে সকলোৰে পৰা সেইবোৰ আদায়  কৰিবলৈ সক্ষম হৈছিল। বৰমাক, পেহীয়েকৰ কোলায়ে বোকোচায়ে উঠি মেলি পল্লৱী কেতিয়া ডাঙৰ হ’ল কাৰো খবৰেই নহ’ল। মাকৰ যেন সেইবোৰ সমস্যাৰ কাৰণে ভবাৰ কোনো প্ৰয়োজনেই নাই। পেহীয়েকৰ এখন কাণ  অনবৰতে থিয় হৈয়েই থাকে, সৰু থাকোতে সিহঁতে অকমান চিঞৰ এটা মাৰিলেও যেন সকলোৰে বুকুৱেদি চিৰিংকৈ এটা তৰংগ পাৰ হৈ যায়, ৰাতি কুহু কুহুকৈ কোনোবাজনীয়ে কাঁহিলে বৰমাক নিজৰ শোৱাপাটীৰ পৰা উঠি আহে। বৰমাকৰ পুতেক দুলালে অলপ ডাঙৰ হোৱাৰ পাছত চোতালতে চাইকেলখনত উঠাই ঘূৰাই লৈ ফুৰে। বৰদেউতাকে পুৱাই ঘৰৰ গৰুৰ গাখীৰ খিৰাই নি গৰম কৰি সিহঁতক খাবলৈ নিদিয়ালৈকে মাকক সুধিয়ে থাকে।
বসুন্ধৰা যেন জন্ম হওঁতেই কিবা বুজন হৈয়ে জন্মিছিল। আৰু পল্লৱী? লাগ বুলিলেই কিবা বস্তু যদি নাপায়, তেন্তে গোটেই ঘৰখনতে তাইৰ অকমাণি অস্তিত্ব বিৰাজ কৰাৰ অৰ্থে চিঞৰত গগন ফালিছিল। পল্লৱীৰ যেন আবদাৰৰ অন্ত নাই। অৱশ্যে পল্লৱীৰ বাবে একোৰে অভাৱ নাই। বসুন্ধৰাই কিছুমান কাপোৰ পিন্ধিলে আজিকালি অলপ উশাহটো ল’বলৈ কষ্ট হয়, কিয়? তাই শকত হৈছে। কিন্তু সেইবুলি সেইটো পেলাই কিয় দিব? তাৰপাছত পিছদিনা ভাত খাবৰ পৰত সকলোৱে বহি লৈ দেখে গা পা ধুই মেলি সেইটো পল্লৱীয়ে পিন্ধিছে। পেহীয়েকে ‘ইমান সুন্দৰকে মিলি পৰিছে তোৰ লগত’ বুলি পল্লৱীক দূৰৰ পৰা চুমা এটাও খাই দিয়ে। তাই সৰুকালত পিন্ধা বেছিভাগ কাপোৰ বসুন্ধৰাই কেইবাবাৰো পিন্ধা। পিছত কোনোবাদিনা দুলালে তাইক তাৰ পিঠিটো খজুৱাই দিবলৈ কৈ আছিল, পল্লৱীয়ে টিভি চাই চাইয়ে মূৰ নোতোলাকৈয়ে কৈ দিলে, তাই ব্যস্ত। লগে লগে সি তাইক যে সবে বসুন্ধৰাই ব্যৱহাৰ কৰা কাপোৰ দি ঠগি আছে সেইটো ঠাট্টাৰ সুৰত তাইক বুজাই দিলে। লগে লগে যেন ঘৰৰ পৰিস্থিতিয়ে সলনি হৈ গ’ল। পাছত  বৰদেউতাকে তাইৰ সন্মুখত দুলালক দুঢকামান দিয়াতহে শান্তি।
মুঠতে সকলোৰে কাৰণে তাই এজনী সৰু ছোৱালী।
নিৰ্মলাই মাজে মাজে দুইজনীৰ কথা চিন্তা কৰে। ভাবি ওৰ নাপায়। বসুন্ধৰাক লৈ তাইৰ চিন্তা কৰিবলগীয়া নাই। কিন্তু পল্লৱী যে তেনেই অবুজন , এতিয়াও। ইমান ডাঙৰ হোৱাৰ পাছতো যেন আবদাৰৰ শেষ নাই। অৱশ্যে নোহোৱাৰ কথাও নহয়। তাই ডাঙৰেই হৈছে ইমান মৰমৰ মাজত, সকলোৰে আদৰৰ ছত্ৰছায়াত। ৰূপেন আৰু নিৰ্মলাই বিয়াৰ আগতেও সিহঁতৰ ভৱিষ্যত জীৱনৰ কথা ভাবি বহু পৰিকল্পনা কৰিছিল আৰু প্ৰত্যেকটো পৰিকল্পনাৰ শেষ হৈছিলগৈ নিৰ্মলাৰ উচ্চস্তৰৰ  হাঁহিৰ মাজেদি, ‘তোমাৰ আৰু কথা নাই? বিয়াখনকে প্ৰথম পাতি লোৱাচোন’ ৰূপেনে তেতিয়া আৰু এখোপ চৰি ক’ব, ‘মই পিছে প্ৰথম সন্তানটি ছোৱালী হ’লেই ভাল পাঁও বুজিছা? মোৰ ছোৱালী হলেহে ভাল লাগিব’ নিৰ্মলাই হাঁহে। কেৱল হাঁহি থাকে।  ৰূপেনৰ কথাবোৰ তাইৰ যাদুৰ দৰে লাগে। পাছত বসুন্ধৰাৰ জন্ম হওঁতে ৰূপেনে মনে মনে তাইক আহি “কি কৈছিলো দেখিলা” বুলি কওঁতে তাইৰ কি যে অদ্ভুত লাজ লাগিছিল। মনে মনে শিহৰিত হৈ অজান পুলকত বসুন্ধৰাকে চুমাৰে উপচাই দিছিল। বসুন্ধৰাৰ বাবে যেন ৰূপেনৰ চিন্তা কৰিয়ে শেষ নহ’ব। কেতিয়াবা নিৰ্মলাই তাক কৈ পেলায়, ‘কেৱল তোমাৰহে জীয়েৰা নি বাৰু’ আৰু সি তেতিয়া নিজে কৰা ভৱিষ্যবাণীৰ কথা তাইক সোঁৱৰাই থাকে। বসুন্ধৰাইও যেন ডাঙৰ হৈ অহাৰ লগে লগে ৰূপেনৰ চেহেৰাকে ধাৰণ কৰিলে। সেই কথা কৈ কৈ ৰূপেনৰ কিমান যে ফূৰ্তি । যেন তাৰ কথাবোৰ নিৰ্মলাৰ আগত প্ৰতিপন্ন হৈ পৰিল।
নিৰ্মলাই দ্বিতীয়বাৰৰ বাবে চিকিৎসকৰ ওচৰলৈ যোৱাৰ ইংগিত দিওঁতে ৰূপেনে বিচাৰিছিল সেয়া এটা ল’ৰা সন্তানেই হওঁক। নিৰ্মলাইও মনে মনে ল’ৰা হোৱাটোকে কামনা কৰিছিল। পিছে পল্লৱীৰ জন্ম হোৱাৰ পিছতো ৰূপেনে বেয়া পোৱা নাছিল। “আজিৰ দিনত সকলো সমান দিয়া, ইহঁত দুজনীয়েই মোৰ আৰু আমাৰ নাম ৰাখিব, আৰু ল’ৰা হোৱা হলে যে কিমান খৰচ চোৱা আকৌ, ডাঙৰ হোৱাৰ লগে লগে মটৰ চাইকেল কিনি দিব লাগিব, হেন তেন” সি একেৰাহে কৈ গৈছিল। নিৰ্মলাই তাৰ ভাল লাগিছে নে বেয়া লাগিছে একো ধৰিব পৰা নাছিল।

আৰু সকলোবোৰ ঠিকে চলি থকাৰ কাৰণেই ছাগে সময়ে সকলোৰে সুখ দেখিব নোৱাৰে। স্বীকাৰ কৰিব নিবিচাৰে। কিহৰ কাৰণেনো সিহঁতৰ সুখৰ সংসাৰখনৰ শত্ৰু ওলাল কোনেও বুজি নাপালে। নিৰ্মলাই নিজেই বুজি নাপালে, আনক কেনেকৈ বুজাব যে মানুহটো এদিন বজাৰ কৰিবলৈ গৈয়ে সন্ধ্যা কেনেকৈ এক নিথৰ দেহ হৈ ঘৰত সোমালহি । এটা সাধাৰণ দূৰ্ঘটনাত পতিত হৈ ৰূপেনে নিৰ্মলা আৰু ঘৰৰ বাকীবোৰৰ হাতত দুজনীকৈ ছোৱালীৰ দায়িত্ব এৰি গুচি গ’ল।
সেইদিনা নিজৰ কোঠালিৰ পৰা ওলাই আহিয়ে ৰূপেনৰ নিথৰ দেহটো দেখি তাইৰ মূৰ ঘূৰাইছিল। তাই ভাগি পৰিছিল। ৰৌদ্ৰোজ্জ্বল দুপৰীয়া এটাৰ পৰা হঠাতে যেন আন্ধাৰ কোঠা এটালৈ তাইক কোনোবাই ঠেলি পঠিয়াই দিছিল আৰু তাইৰ চকুৰ আগত কেৱল আন্ধাৰ-কেৱল আন্ধাৰ, ধূসৰ।
আৰু তাৰ পাছৰে পৰা দুইজনী ডাঙৰ হৈছে সকলোৰে অলেখ অযুত মৰমত, দেউতাকবিহীন সংসাৰ এখনত সিহঁতক আগবাঢ়িবলৈ শিকোৱা হৈছিল।
নিৰ্মলাৰ আটাইতকৈ ভয় লাগে বসুন্ধৰালৈহে। অন্ততঃ তাইতো কেৱল দেউতা বুলি কোৱাই নহয়, ৰূপেনৰ সান্নিধ্য লাভ কৰিছিল, তাক দেতা দেতা বুলি মাতি আমনি কৰিছিল, তাৰ কান্ধত উঠি ৰাস্তা ফুৰিবলৈ যোৱাটো আছিল এটা সময়ত তাইৰ বাবে আটাইতকৈ ভাল লগা মূহুৰ্ত্ত। তাইৰ বাবেতো ‘দেউতা’ কেৱল এটা বিশেষ্য নহয়। ৰূপেন ঢুকোৱাৰ পাছত বসুন্ধৰাই যেতিয়া প্ৰথমবাৰ তাইক সুধিছিল, দেউতা আকৌ কেতিয়া আহিব বুলি, তাইৰ নিজকে সৰুকালত আন্ধাৰ কোঠালি এটাত অকলে সোমাই থকাৰ অৱস্থালৈ মনত পৰি গৈছিল, সম্পূৰ্ণ অসহায় ৰূপত। সেই মূহুৰ্ত্তত তাই টু শব্দ এটাও উচ্চাৰণ কৰিব পৰা নাছিল। ওচৰত থকা পেহীয়েকেহে বসুন্ধৰাক দুলালদাদাৰ সৈতে মাছ চাওঁগৈ বলা বুলি লৈ গুচি গৈছিল। সেইদিনা ওৰেটো নিশা তাই নিজৰ ভাগ্যক ধিয়াই চকুত এটোপাল টোপনি নোহোৱাকৈ পাৰ কৰি দিছিল।
বসুন্ধৰাই ভনীয়েকৰ কাৰণে অকমান বেছিকৈয়ে চিন্তা কৰে। পল্লৱীয়েও যেন বায়েকৰ মনৰ ভাৱ বুজি পায়। বায়েকে তাইক কৈ থৈছে মাকক যাতে কেতিয়াও তাই দেউতাকৰ কথা নোসোধে। যি সুধিবলগীয়া থাকিব তাৰ উত্তৰ বসুন্ধৰাৰ ওচৰতে পাব। মুঠৰ ওপৰত সিহঁত দুজনীয়ে যাতে মাকক কাহানিও কেতিয়াও যাতে মনত দুখ নিদিয়ে সেই কথা নিশ্চিত কৰি লৈছে। বায়েকৰ কথাবোৰো তাই আখৰে আখৰে মানিবলৈ যত্ন কৰে। মাকক সুধিব খোজা প্ৰশ্নৰ উত্তৰবোৰ যেন তাই কৰবাৰ চন্দুকৰ পেৰাত ভৰাই থৈছে। দেউতাকৰ ফটো চাই তেওঁ কেনেকুৱা আছিল, কি কৰিছিল এইবোৰ সুধি বসুন্ধৰাক কেতিয়াবা ব্যতিব্যস্ত কৰি তোলে। বায়েকেই যেন দেউতাকৰ প্ৰতিফলন, পল্লৱীৰ মাজে মাজে তেনেকুৱা লাগি যায়।
বসুন্ধৰাৰ বাবে বিবাহৰ প্ৰস্তাৱ আহিছে। নিৰ্মলাই কথাবোৰ ভাবি যথেষ্ট আচৰিত হয়।  ইমান সোনকালে যে ইহঁত কেনেকৈ ডাঙৰ হৈ পৰিল? কেইদিনমান আগলৈকে বসুন্ধৰাক তেওঁ নিজেই চুলি ফণিয়াই দি কলেজলৈ উলিয়াই পঠিয়াইছিল, আৰু সেই বসুন্ধৰাকক চাবলৈ এতিয়া দৰা আহিব। ইমান সোনকালেই যেন সময়বোৰ গুচি গ’ল নিৰ্মলাৰ বাবে সেয়া এক অবুজ সাঁথৰ। পল্লৱীৰ গাত তত নাই। বায়েকৰ বিয়া হ’ব আৰু তাই যদি দায়িত্ববোৰ কিছু গাত পাতি নলয় তেন্তে মাকক সহায় কৰিব কোনে? দুলালো আহি ইতিমধ্যে উপস্থিত হলহি। আজিকালি সি চাকৰিসূত্ৰে ঘৰৰ বাহিৰত থাকিবলগীয়া হৈছে। বসুন্ধৰাৰ নতুন সম্বন্ধ স্থাপন হবলৈ লৈছে, সি যদি ককায়েকটো হৈ নাহে, গাঁৱৰ ৰাইজে জানো সেয়া ভাল দেখিব? তাৰোপৰি খুড়ীয়েকৰ অসহায় অৱস্থাটো সি সৰুৰে পৰাই দেখিয়ে আহিছে। গতিকে সি আগদিনাই আহি উপস্থিত। আহিয়ে সি পল্লৱীক জোকাবলৈ আৰম্ভ কৰিলেই, ‘তোৰ এইযোৰ কাপোৰ দেখোন মই কেইদিনমান আগত বায়েৰক পিন্ধা দেখিছিলো? কথাটো কি?’ তাই ‘অ মোৰ নাই যে কাপোৰ, তই চাকৰি কৰিও মোক এযোৰ আনি কিয় নিদিয়’ বুলি কৈ তাক খেদি যায়। বসুন্ধৰাই হাঁহে।
তাৰপাছত বসুন্ধৰাৰ বিয়া ঠিক হৈ গ’ল। পলাশৰ সম্পৰ্ক আগৰে পৰাই বসু্ন্ধৰাহঁতৰ লগত ভাল আছিল আৰু দুইখন ঘৰৰ আহ যাহো আছিল। বসুন্ধৰাইও তাৰ লগতে জীৱনৰ বাকী দিনকেইটা যেন সুখেৰে কটাব পৰাৰ সপোন দেখিছিল আৰু সেইদিনা সিহঁতৰ ঘৰৰ মানুহ আহি সেই সপোনক সাকাৰ ৰূপ প্ৰদান কৰি গ’লহি। নিৰ্মলাই আলহী যোৱাৰ পাছতে এসোঁতা কান্দিলেও। যিমান হ’লেও দুইজনীকে এদিন এইখন ঘৰৰ পৰা উলিয়াই দিব লাগিবই। কিন্তু দেউতাক অবিহনে যে কেনেদৰে সিহঁতক তুলি তালি কৰিব লগীয়া হৈছে সেয়া তাইৰ বাদে আৰু কোনে ভালদৰে বুজি পাব? নিজ হাতে গঢ়া প্ৰতিমা দশমীৰ দিনা উটুৱাই দি বিদায় দিয়াৰ সময়ত হোৱা খনিকৰজনৰ অৱস্থালৈ নিৰ্মলাৰ হঠাতে মনত পৰি গ’ল।
পল্লৱীৰ দুখ লগা নাছিল, কিন্তু মাকে কাম কৰাৰ মাজে মাজে উচুপি থকা দেখি তাইৰ দেউতাকলৈ মনত পৰি গ’ল। দেউতাকৰ সান্নিধ্য বুলিবলৈ তাইৰ একো এটা মনত নাই, অথচ বায়েক বিয়া হৈ গুচি যোৱাৰ পিছত যে তাই মন গ’লেই কাকো দেউতাকৰ কথা সুধিব নোৱাৰিব। আৰু ইমানদিনে বায়েকৰ ওপৰতে তাই সৰহখিনি যেন নিৰ্ভৰ কৰি আছিল। আৰু এতিয়া হঠাতে আজি কোনোবাই টানি আজুৰি বায়েকক নিও নিও কৰিছে। পলাশৰ লগত আগৰ চিনাকি আছে কি হ’ল। তাতে দুলালেও তাইক জোকাবলৈ আৰম্ভ কৰিলেই “বায়েৰৰ পাছতে তোকো দিব হ’ল আৰু, আগৰ গৰু যেনি যায়, পিছৰ গৰু সেইফালেই যায়” তাৰ কথাবোৰ শুনিলেই তাইৰ খঙটো যেন চুলিৰ আগ পায়হি। তাক মাৰিবলৈ খেদি ফুৰে। সিও সেই সৰুকালৰ দৰে জোকাই মেলি তাইৰ লগত ধেমালি কৰিয়েই যেন থাকিব বিচাৰে।
আৰু তাৰপাছত এদিন মাকৰ গায়ে মূৰে সাৱটি, গোটেই গাঁওখনে শুনাকৈ চিঞৰি চিঞৰি কান্দি বসুন্ধৰা পলাশৰ ঘৰলৈ বোৱাৰী হৈ ওলাই গুচি গ’ল। পল্লৱীয়ে কাহানিও ভবা নাছিল, প্ৰকৃততে তাইৰ ধাৰণাই নাছিল যে বিদায়ৰ ক্ষণটো ইমান বেদনাগধুৰ হৈ পৰিব। গাঁৱৰ বিয়াবোৰতো তাই ছোৱালীবোৰক কন্দা দেখে আৰু তাই পিছদিনা ঘৰত বৰমাক, মাকৰ আগত মানুহ মৰিলেও তেনেকে নাকান্দে বুলি কৈ খুব হাঁহে। আৰু এতিয়া বায়েক ওলাই যোৱাৰ পাছত খালি ৰভাৰ তলত বহোতে তাইক শোকে এনেকৈ খুন্দা মাৰি ধৰিলে যে কোনোবাই দেখে বুলিয়েই তাই তাৰ পৰা উঠি আহি নিজৰ কোঠাত সোমাই শোকশোকাই কান্দোনৰ চেপাটো খুলি পেলালে।
বিয়াৰ পাছতেই ঘৰখনৰ ছন্দ আকৌ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিল। দুলালে বিয়াৰ দুদিন পাছলৈকে ছুটী লৈছিল, কিন্তু বিয়াৰ পাছত দূৰৰ সম্বন্ধীয় মানুহবোৰ লাহে লাহে যাবলৈ লোৱাৰ পাছত ঘৰখন সকলোৰে খালি খালি লাগি থাকিল, গতিকে সি আঠমঙলাৰ দিনালৈকে থাকি লোৱাৰ সিদ্ধান্ত ল’লে।
সকলো স্বাভাৱিক অৱস্থালৈ আহিল, পিছে পল্লৱী যেন কিছু সলনি হৈ পৰিল। মাকৰ অকলশৰীয়া জীৱনত তাইয়ে এতিয়া একমাত্ৰ সম্পদ। দুলালে বিয়াৰ পিছদিনা ৰাতিপুৱাই সকলোৱে মিলি ৰাতিপুৱাৰ চাহ খাই থাকোতেই তাইক উদ্দেশ্যি কৈছিলহে মাথোঁ যে এইকো কালি লগতে বিয়াই দি দিব লাগিছিল নহলে এতিয়া আৰু কাৰ কাপোৰ পিন্ধিবি বুলি, কিন্তু পল্লৱীয়ে আগতে তাক খেদি যোৱাৰ দৰে একো নকৰিলে। মাথোঁ তলমূৰ কৰি চাহৰ কাপটোত মনোযোগ দি থাকিল। তাৰ অলপ সময় পাছত দুলালকে ক’লে, “তুমি দেখোন ঘৰত নাথাকাই, আৰু মইও যদি গুচিয়ে যাওঁ বিয়া হৈ, মা বৰমাৰ ৰখীয়া কোন হ’ব? তাতকৈ তুমিয়ে বিয়াখন নাপাতা কিয়?” দুলালে তাইৰ কথাত সকলোৰে আগত হঠাতে অপ্ৰস্তুত অনুভৱ কৰিলে। তাৰ বিয়াখনো যে পাতিব লাগিছিল সেই কথাটো মাকে, খুড়ীয়েকে কিমানবাৰ যে ক’লে তাৰ হিচাপ নাই। আৰু আজি হঠাতে পল্লৱীয়ে এনেকে কৈ দিব বুলি সি অকণো ভবাই নাছিল। তাতে সি অইনদিনা জোকোৱাৰ দৰে কিবা এটা হ’ব বুলিয়ে আশা কৰি আছিল।
লাহে লাহে দিনবোৰ গৈ থাকিল। মাজতে বসুন্ধৰা আৰু পলাশ দুইটা আহি থাকিও গ’লহি। সেইকেইদিন যেন মাক আৰু পল্লৱী কাৰো গাত গুৰু গোঁসাই নাই। নিৰ্মলাই জীয়েক জোঁৱায়েকক ক’ত থওঁ ক’ত নথওঁ যেন কৰিলে। পল্লৱীয়েও সিহঁত আহিব বুলিয়ে খবৰ পাই ঘৰৰ কোঠালি কেইটামানৰ পৰ্দা নতুন কৰিলে, চোফাৰ কুচনৰ কভাৰকেইটা নতুন কৰিলে। বাথৰূমৰ পানীৰ টেপটোৱেদি পানী লাহে লাহে ওলায়, গতিকে সেইটো নতুন কৰিব লাগিব আৰু নতুন চাবোন কেইডোখৰমান আনি থব লাগিব। মুঠৰ ওপৰত সিহঁতে যাতে একোতে কষ্ট অনুভৱ নকৰে।
সিহঁত থকাকেইদিন পল্লৱীয়ে কামৰ প্ৰতাপত বায়েকৰ লগত ভালদৰে কথা এষাৰ পাতিবলৈকো সময় নাপালে। যোৱাৰ পাছতহে মাকে তাইক খবৰ দিলে যে খুব সোনকালেই তাই মাহীয়েক হ’বলৈ গৈ আছে। বসুন্ধৰাই কথাষাৰ জনোৱাৰ লগতে আৰু কৈছে যে শেষৰ কেইদিনমান তাই ঘৰলৈকে আহিব। ঘৰত মাকৰ তত্বাৱৱধানত থাকিলে তাইৰে সুবিধা আৰু পলাশৰ মাকেও সেইটোকে কৰিবলৈ কৈছে। কথাটো গম পাই পল্লৱীৰ কাক কওঁ কাক নকওঁ লাগিল। কেইদিনমান পাছত গুলপীয়া গুলপীয়া শৰীৰ এটাই সিহঁতৰ ঘৰ পোহৰাব, তাৰ কেইবছৰমান পাছত তাইক মাহী বুলি মাতিব, কিমান যে ভাল লাগিব—তাই ভাবি ভাবি ৰোমাঞ্চিত হৈ পৰিল।
তাৰ পাছত আগতেই কৈ যোৱা অনুসৰি বসুন্ধৰা আকৌ আহিল, লগত যথেষ্ট টালি টোপোলা। এইবাৰ পলাশ ৰাতিটো নাথাকে, কিন্তু দিনত সময় পালেই বসুন্ধৰাৰ ওচৰলৈ গুচি আহে। এক নতুন ভৱিষ্যতৰ বাবে দুয়োটা সাজু হোৱাৰ সময়, গতিকে এঠাইত থাকিব সি, আৰু আন এঠাইত বসুন্ধৰা, সেয়া কেনেকৈ হ’ব? গতিকে সি সময় সুবিধা মিলিলেই শাহুৱেকৰ ঘৰলৈ গুচি আহে।
বসুন্ধৰাৰ যথেষ্ট ভয় লাগিছিল। মাক হবলৈ ওলোৱাৰ লগে লগে যেন বহুত ডাঙৰ দায়িত্ব এটা মূৰ পাতি লবলৈ সাজু হ’বলগীয়া হৈছে, তাইৰ তেনেকুৱা লাগিছিল। পলাশ ওচৰত থাকিলে কিছু সাহস পোৱাৰ দৰে লাগিছিল। পল্লৱীয়েও তাইৰ কিমান যে যত্ন লৈছে। অৱসৰৰ সময়ত দুইজনীয়ে মিলি কথা পাতে, নানান কথা। একেবাৰে পলাশৰ ঘৰৰ ওচৰৰ বুঢ়ী মানুহজনীয়ে বেছি কথা কোৱাৰ পৰা আৰম্ভ কৰি সিহঁতে পঢ়া স্কুলখনৰ সমাজ অধ্যয়নৰ মাষ্টৰজনে যে এদিন বসুন্ধৰাৰ ঘৰত ওলাইছিলগৈ, পলাশে ৰাতি নাক বজোৱা, গাঁৱৰ বছৰেকীয়া ভাওঁনা –মুঠৰ ওপৰত  সিহঁতৰ কথা শেষ নহয়।
আৰু তেনেকুৱাতে এদিন বসুন্ধৰাৰ বিষ বেছি উজাই আহিল, পলাশ সেইসময়ত তাইৰ ওচৰত নাছিল গতিকে পল্লৱী আৰু মাকেই গাঁৱৰে গাড়ী এখন লৈ হস্পিটেল পোৱালেহি। পলাশে খবৰটো পাই চিধা হস্পিটেললৈকে গ’ল। দুলালেও আবেলি সময়ত গৈ পল্লৱীহঁতৰ ওচৰ পালেগৈ। লাহে লাহে পলাশৰ ঘৰৰ মানুহো আহি হস্পিটেল ভৰ্ত্তি কৰিলেহি। সকলোৰে মুখত উৎকণ্ঠাৰ চিন স্পষ্ট হৈ পৰিল।
পল্লৱীয়ে বসুন্ধৰাৰ লগত শেষ কি কথা পাতিছিল সেয়া তাইৰ ঠিক মনত নাই, কিন্তু সেয়াই তাইৰ লগত শেষ কথা হ’ব বুলি তাই সপোনতো ভবা নাছিল। তাই বাৰে বাৰে মনত পেলাবলৈ ধৰিলে অংকবোৰ ক’ত খেলিমেলি হৈছে। ডাক্তৰে আহি যেতিয়া পলাশক আছুতীয়াকৈ মাতি আনি কিবা এটা কলে, আৰু তাৰ পাছত তাই কি হৈছে বুলি তাক সোধোতে একো নাই, অকমান তেজ বেছিকৈ ক্ষৰণ হৈছে বুলি কৈছে বুলি কৈ খৰধৰকৈ কাৰোবাক ফোন কৰি বাহিৰলৈ গুচি গৈছিল, তাই তেতিয়াও ভবা নাছিল যে কথাবোৰে এনেকুৱা এটা ঘূৰণ ল’ব। তাই মাথোঁ মনে মনে প্ৰাৰ্থনা কৰি থাকিল একো যাতে অঘটন নঘটক।
তাৰপাছত নাটকৰ দৃশ্যৰ দৰে কিছু সময় পলাশৰ দৌৰা দৌৰি, ডাক্তৰৰ লৰা ঢপৰা আৰু তাৰ অলপ পাছত এটি লৰা সন্তান জন্ম দি বসুন্ধৰাই তাক মাতৃহাৰা কৰি গুচি গ’ল। কথাটো শুনি পল্লৱী কেতিয়া মূৰ্চ্ছা গ’ল সেয়া গম নাপায়, আৰু কিমান সময়ৰ পাছত সাৰ পাই উঠি তাই নিজকে ঘৰৰ বিছনাত আৱিষ্কাৰ কৰিলে, সেয়াও তাইৰ জ্ঞানৰ বাহিৰত। বিছনাখনৰ পৰা তাইৰ উঠি আহিবলৈ অকণো মন নগ’ল, সিমানখিনি শক্তিও ছাগে তাইৰ নাছিল তেতিয়া, কিন্তু চাৰিওফালে কান্দোনৰ ৰোল শুনি তাইৰ নিজকে মাৰি পেলাবৰ মন গ’ল। আৰু তাৰ অলপ পাছতে ছাটকৈ তাইৰ মনলৈ আহিল, কেঁচুৱাটো??
কেঁচুৱাটো বৰমাকে লৈ আছিল। হায় ঐ, ইমান দুৰ্কপলীয়া সি। ধৰালৈ আহিয়ে নিজৰ জন্মদাত্ৰীক দেখাৰ পৰা বঞ্চিত হ’ল। তাক দেখি পল্লৱীৰ কান্দোনটো দুগুণ জোৰেৰে ওলাই আহিল। ওখহা চকুৰে সৈতে তাইক দেখিবলৈ বৰ অদ্ভুত দেখাইছিল, দুলালে যেনেতেনে তাইক ধৰি নি তাইৰ কোঠাত পুনৰ থৈ আহিলগৈ।
পল্লৱীয়ে প্ৰথমতে ডাঙৰ ডাঙৰকৈ, তাৰপাছত কোঠাটোলৈ অহাৰ পাছত সৰু ছোৱালীৰ দৰে ফেঁকুৰি ফেঁকুৰি কান্দিবলৈ ধৰিলে। কেঁচুৱাটোৰ মুখখনে যেন বাৰে বাৰে বসুন্ধৰালৈ মনত পেলাই দিছিল। হঠাতে তাইৰ তাক কোঁচত লৈ খুব মৰম কৰিবলৈ মন গ’ল। সি যেন মাকৰ অভাৱ অনুভৱ কাহানিও নকৰে, তেনেকৈ পাগলৰ দৰে তাক যত্ন ল’বলৈ বৰ মন গ’ল। বসুন্ধৰাক তাই দেউতাকৰ কথা সুধিলে কেতিয়াও নিৰাশ নকৰাৰ দৰে আৰু তাই কেতিয়াও মাকক দেউতাকৰ কথা নোসোধাৰ দৰে  সি যাতে কেতিয়াও সোধাৰ প্ৰয়োজনবোধ নকৰক যে তাৰ মাক কোন আছিল--তেনেকৈ মৰম কৰাৰ হেঁপাহ তাইৰ জাগি উঠিল।
বসুন্ধৰাৰ বাবে অন্তিম কৰণীয় সকলোখিনি সমাপ্ত হোৱাৰ পাছত লাহেকৈ কেঁচুৱাটোৰ কথা, তাৰ বাবে কোনোবা এগৰাকীৰ কথা অথবা পলাশৰ পুনৰ বিবাহৰ কথা লাহেকৈ ওলাল। দুলালক লগত লৈ নিৰ্মলাই নিজেই পলাশক কথাটো কলে। নিৰ্মলাই ভাবিছিল তাইৰ ফালৰ পৰা প্ৰথমে কথাটো ক’লেহে পলাশে নিজে কিবা ভাবিছে যদি ক’বলৈ সাহস পাব। পলাশে একো  মাত নামাতিলে। ইমান হঠাতে তাৰ জীৱনলৈ দুৰ্যোগ নামি আহিব বুলি সি প্ৰস্তুত নাছিল। কোন বা প্ৰস্তুত থাকে? বসুন্ধৰা আছিল নে তাৰ মাক? নে শাহুৱেক? কথাবোৰ এতিয়াও তাৰ সপোন যেনেই লাগি আছে। সকলো যেন মিছা। এইমাত্ৰ যেন বসুন্ধৰা ওলাই আহিব, কেঁচুৱাটো ল’ব, মৰম কৰিব আৰু সিহঁত দুটাই একেলগে বহি ভৱিষ্যতৰ পৰিকল্পনা কৰিব, তাৰ তেনেকুৱা লাগি গ’ল।
কিন্তু ই কি? কেঁচুৱাটো লৈ শাহুৱেক আৰু তাৰ ফালে এইয়া কোন আহি আছে? পলাশে ভালদৰে চকু দুটা মোহাৰি ল’লে। সেইয়া পল্লৱী আহি আছে। তাইৰ খোজকঢ়াৰ ধৰণ কিছু যেন বেলেগ আজি। লাহে লাহে তাই আহি ওচৰ পালেহি। আৰু কেঁচুৱাটোলৈ চাই চাই তাই সকলোৰে উদ্দেশ্যি ঘোষণা কৰিলে তাই তাৰ মাক হ’ব খুজিছে। বায়েকৰ ঠাই পুৰাবলৈ তাই ইতিমধ্যে মানসিকভাৱে প্ৰস্তুত হৈছে। আৰু ইয়াৰ বাদে অইন একো ব্যৱস্থা যাতে নহওঁক সেইটোকো লগতে তাই কামনা কৰিলে আৰু তেনেকৈয়ে কেঁচুৱাটোৰ ওপৰতে সমস্ত ধ্যান নিবিষ্ট কৰি লাহেকৈ ভিতৰলৈ সোমাই গুচি গ’ল। তাইৰ কণ্ঠত বিশ্বাস আৰু আত্মবিশ্বাসৰ সুৰ--- দুয়োটা যথেষ্ট পৰিমাণে ফুটি উঠিছিল।
দুলালে সেই তাতে ৰৈ খুড়ীয়েকে পলাশক কোৱা কথাখিনি শুনি আছিল। কেনেদৰে কি কৰিলে ভাল হ’ব সেইবোৰ ভাবি ভাবি বসুন্ধৰালৈ তাৰ মনত পৰিছিল। জীৱনৰ কি যে পৰিক্ৰমা! আৰু ঠিক তেতিয়াই ধুমুহাৰ গতিৰ দৰে আহি পল্লৱীয়ে কেৱল পলাশকে নহয়, তাকো স্তম্ভিত কৰি তুলিলে। জীৱনত প্ৰথমবাৰৰ বাবে পল্লৱীক তাৰ ডাঙৰ ছোৱালীৰ দৰে অনুভৱ হ’ল। এই ছোৱালীজনী সৰুতে সি জোকাই থকা সৰু ছোৱালীজনী নহয়। তাই ডাঙৰ হ’ল। দুলালৰ চকুৰ সন্মুখতে তাই ডাঙৰ হ’ল, সি কবই নোৱাৰাকৈ।
আৰু অলপ পিছতে তাৰ সন্মুখত বহি থকা পলাশক বসুন্ধৰাই পিন্ধা পুৰণা চোলা এটাৰ দৰে লাগি গ’ল।


প্ৰকাশ: নিয়মীয়া বাৰ্তা, দেওবৰীয়া সুগন্ধি, ৫ নৱেম্বৰ, ২০১৭।

Comments

Popular posts from this blog

মাতৃভাষা আৰু আমাৰ দায়িত্ব

Photo Source:  www.bragitoff.com অসমীয়া ভাষাৰ ব্যৱহাৰ আৰু বিদ্যালয়ত অসমীয়া ভাষা শিক্ষণ মাধ্যম হোৱাৰ ক্ষেত্ৰত ইতিমধ্যে যথেষ্ট বাদানুবাদ আৰম্ভ হৈছে আৰু এই সন্দৰ্ভত সকলোৱে একমত হ ' ব পৰাকৈ যিকোনো এটা সিদ্ধান্ত এতিয়ালৈকে আৱিষ্কাৰ হোৱা নাই(হয়তু নহব) । অসমীয়া ভাষাৰ প্ৰচাৰ , ব্যৱহাৰ , অসমৰ শিক্ষাৰ মাধ্যম হিচাপে কেৱল অসমীয়া ভাষাৰ ব্যৱহাৰ কৰা আদিবোৰ সততে সংবাদ মাধ্যমৰ শীৰ্ষস্থান অধিকাৰ কৰা দেখিবলৈ পোৱা গৈছে।   প্ৰত্যেক বছৰে মেট্ৰিকৰ ফলাফল ঘোষণা কৰাৰ পাছত বাতৰিকাগজৰ শিৰোনামবোৰেও (উদাহৰণস্বৰূপে ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ জয়যাত্ৰা) এইক্ষেত্ৰত এক ভূমিকা বহন কৰা দেখা যায়। পোনপ্ৰথমে আমি ইংৰাজী ভাষাৰ আগ্ৰাসনৰ কথাকে যদি চাবলৈ যাওঁ , ইয়াৰ মূলতে হ ' ল ইংৰাজসকলৰ সমগ্ৰ বিশ্বত উপনিৱেশ স্থাপনৰ যি প্ৰক্ৰিয়া , তাৰ ফলত প্ৰায় সৰু বৰ সকলো দেশতে এই ভাষাৰ প্ৰচলন আৰু ফলাফলস্বৰূপে বিশ্বৰ প্ৰধান ভাষা হিচাপে এতিয়া ইংৰাজী ভাষাৰ সিংহাসন লাভ। প্ৰায়সংখ্যক দেশৰে প্ৰধান ভাষা( official language) হিচাপে ইংৰাজী ভাষা ব্যৱহাৰ হৈ আহিছে আৰু শেহতীয়া তথ্যমতে সমগ্ৰ বিশ্বৰ দুই মিলিয়ন লোকে তথ্যৰ আদান প্ৰদ...

প্ৰিয়বন্ধু

Photo source: http://srzimmartist.blogspot.com (ৰচনাকালঃ ২০০৯) ঘণ্টাটো পৰাৰ লগে লগে গোটেই শ্ৰেণীটোৱেই প্ৰাণ পাই উঠিল। সকলোৱে চিঞৰ বাখৰ কৰি বাহিৰলৈ ওলাই গ'ল যদিও এজন তাৰ ব্যতিক্ৰম। ভালকৈ লক্ষ্য কৰিলে দেখা যায় যে দুচকুত অশ্ৰুৰ জিলিকণি, উদাস মুখৰ ভাও দি থকা এজন ল'ৰা। কিছুসময় পাছতঐ তালৈ এজাক ছোৱালীৰ আগমণ ঘটিল। সিহঁতৰ উশৃংখল হাঁহি, মন্তব্যবোৰে ল'ৰাটোৰ চকুপানীৰ নৈখন খৰস্ৰোতা হোৱাতহে সহায় কৰিলে। নাম তাৰ বৰুণ। শ্ৰেণীৰ আটাইতকৈ শান্ত ল'ৰা। শান্ত মানে একেবাৰে মুখৰ পৰা মাত নোলায়েই। কিন্তু তাৰ মনটো বৰ বহল। শ্ৰেণীৰ সকলো শিক্ষকৰে প্ৰিয়পাত্ৰ সি। তাৰ নম্ৰ, ভদ্ৰ আচৰণে তাক বিপদত নেপেলোৱাও নহয়। বিশেষকৈ, শ্ৰেণীৰ উৎপতীয়া কেইবাটাও ল'ৰাই তাৰ চৰিত্ৰ নষ্ট কৰাৰ চেষ্টা চলায়েই থাকে। কিন্তু তৰোৱালতকৈ কলম সদায় শক্তিশালী। তাৰ চৰিত্ৰ নামে বগা কাজগখিলাত সি ধূলিকণা এটাও পৰিবলৈ নিদিয়ে। শ্ৰেণীত তাৰ স্থান চতুৰ্থ। স্থানক লৈ সি কোনোদিনে গৰ্ব কৰা নাই আৰু তাক দেখিলে এনে লাগে যেন সি সেয়া কৰাৰ প্ৰয়োজনবোধো কৰা নাই। সময়মতে স্কুললৈ আহি শিক্ষকৰ নিৰ্দেশানুসৰি নিয়মমাফিক কৰ্ত্তব্যসমাপন কৰি সি

মোৰ নৱছাত্ৰাবাস

“ মই অহাৰ লগে লগে সাউতকৈ উঠি গৈ ফুল ছাৰ্টটো পিন্ধিলি যে ? হা ? গৰম উঠা নাই নেকি ?” “ ছাৰ হ ’ ব , একো নহয় । ইমান গৰমো   উঠা নাই ” “ অ , হ ’ ব বাৰু । ইয়াত থাকি পঢ়া শুনা কৰিবলে খালি নেপাহৰিবি । ঢকুৱাখনাৰ পৰা পঢ়িবলে আহিছ , পঢ়িবি , কিবা অসুবিধা পালে মোক কবি , ৰাকেশ পৰাণক কবি ” । ৰাকেশ পৰাণ মানে হোষ্টেলৰ সেইসময়ৰ মণিটৰ ৰাকেশদা আৰু পৰাণদা । ৰাকেশদা মোৰ ৰুমমেটো আছিল । নিজৰ কোঠাৰ পৰা বাহিৰলে ওলালেই তথা ৰূমলে কোনোবা ছিনিয়ৰ আহিলে যাতে আমাক ফুলছাৰ্ট আৰু লংপেণ্ট পিন্ধা দেখা পায় , তেনেকুৱা এটা কটকটীয়া নিয়মে আমাক সকলোক বান্ধি থৈছিল । জুন মাহৰ শেষ দিন । ইমান সময়ে যেনতেন সহ্য কৰি অধীক্ষক ড০ বিমান চেতিয়া ছাৰে কথাখিনি কৈ মোৰ ৰুমৰ দুৱাৰখন পাৰ হোৱাৰ লগে লগেই ছাৰ্টটো খুলি পেলাই ফেনৰ তলত বহি পৰিলোঁ ।

আকাশবাণী

     সৰুতে ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি ভাত খোৱাৰ পৰলৈকে যদি কিবা এটা বস্তু একেৰাহে আমাৰ লগত লাগিয়ে থাকে বুলি কবলৈ যাওঁ , নিশ্চয়কৈ তাৰ ভিতৰত ৰেডিঅ ' ৰ নামটোও সংলগ্ন কৰিব লাগিব। আজিকালিৰ ছাত্ৰ-ছাত্ৰীসকলৰ কথা নাজানো , কিন্তু মই হোষ্টেল অহাৰ আগলৈকে নিয়মীয়াকৈ ৰেডিঅ ' ৰ অনুষ্ঠান উপভোগ কৰিছিলোঁ। প্ৰকৃততে ৰেডিঅ ' শুনাটো একপ্ৰকাৰৰ বাকীবোৰ দৈনন্দিন কামৰ দৰেই আছিল। আমাৰ অঞ্চলত গুৱাহাটী আকাশবাণী কেন্দ্ৰৰ অনুষ্ঠানসমূহ সম্প্ৰচাৰিত হোৱাত অসুবিধা হৈছিল(দূৰত্বৰ বাবে) আৰু আমাৰ ৰাতিপুৱাবোৰ আৰম্ভ হৈছিল ডিব্ৰুগড় আকাশবাণী কেন্দ্ৰৰ পৰা সম্প্ৰচাৰিত ৰাতিপুৱাৰ অনুষ্ঠানসমূহৰ জৰিয়তে। এক বিশেষ সুৰ ধ্বনিৰ জৰিয়তে কেন্দ্ৰৰ প্ৰত্যেকখন অধিৱেশন আৰম্ভ হৈছিল।

অসমীয়া ভূচিত্ৰাৱলী

---চন্দ্ৰমা দুৱৰী বৰগোহাঞি--- ২০১৮ চনৰ ৪ ফেব্ৰুৱাৰীৰ দেওবৰীয়া বিচিত্ৰাত ৰবেন্দ্ৰ কুমাৰ দাসদেৱৰ ভূচিত্ৰাৱলীৰ বৰ্ণনাই আমাকো লৈ গ'ল দূৰ অতীতৰ তৃতীয় চতুৰ্থ পঞ্চম শ্ৰেণীত অঁকা আমাৰ চিৰচেনেহী জন্মভূমি অসমৰ মানচিত্ৰখনলৈ। ১৯৬৭ চনত যেতিয়া ৩য় শ্ৰেণীৰ বৃত্তি পৰীক্ষা দিবলৈ বাচনিভুক্ত হলো, ভূগোল বিষয়ত নিজ জিলাৰ এখন মেপ আঁকি জিলাৰ সদৰ ঠাই, নদী আদি বহুৱাবলৈ আহিছিল। তাৰ পাছত অসমৰ মেপ খন আকিবলৈ আমাক শ্ৰ্দ্ধাৰ গগন চেতিয়া ছাৰে শিকাইছিল। দাসদেৱে কোৱাৰ দৰে প্ৰথমে মেপখনৰ চাৰিসীমা জুখি স্কেলৰ সহায়ত সমান সমান জোখত বৰ্গক্ষেত্ৰ  আঁচ দি মেপখন আঁকিবলৈ শিকাইছিল। তাৰপাছত জিলাৰ সদৰ ঠাই, তেলৰ পুঙ থকা ঠাই, নদী আদি বহুৱাবলৈ দেখুৱাই দিয়ে। বিদ্যালয়ত থকা অসমীয়া ভূচিত্ৰাৱলীখনৰ পৰা ছাৰে মেপত থকা জিলাৰ সদৰ ঠাই, উত্তৰবাহিনী-দক্ষিণবাহিনী নদীবোৰ, তেল শোধনাগাৰ থকা ঠাইৰ নামসমূহ লিখি মেপত বহুৱাই আনিবলৈ দিয়ে। ঘৰত আহি ককাইদেউহঁতক খাটনি ধৰোঁ ভূচিত্ৰাৱলী এখন লাগে নিজাকৈ। ককাইদেউ বাইদেউহঁতৰ ভূচিত্ৰাৱলী বিলাক সিহঁতক দৰকাৰ হোৱাৰ বাবে দেউতাই নতুনকৈ মোক এখন ভূচিত্ৰাৱলী কিনি দিছিল। বিদ্যালয়লৈ আনিলে ভূগোল পিৰিয়ডত আটাইয়ে লগ হৈ ভূ...

মাজ ৰাতি কেতেকী (Not a film review)

মাজ ৰাতি কেতেকী বোলছবিখন চালোঁ। প্ৰথমবাৰ, যেতিয়া তেজপুৰৰ পৰা ঘৰলৈ বুলি বাছত আহি আছিলোঁ, তেতিয়া। ঘৰৰ পৰা গুৱাহাটীলৈ যাবলৈ ভাল, এটা নিশাৰ বাট। লখিমপুৰ যাবলৈও ভাল, ডেৰঘণ্টা সময়ৰ প্ৰয়োজন। কিন্তু তেজপুৰলৈ যাবলৈ আমুৱাই যায়। দিনৰ ভাগত যাবলৈ হ’লে ৰাতিপুৱাই ওলাব লাগে, তেজপুৰ পায়গৈ প্ৰায় আঢ়ৈৰ পৰা তিনি বজাৰ ভিতৰত। গৰম দিন হ’লে সহ্যৰ সীমা কেতিয়াবাই পাৰ হৈ যায়। তাতে যদি বাছত মানুহ উঠাবলৈ পদূলিয়ে পদূলিয়ে ৰখায়, তেতিয়া কি কৰোঁ কি নকৰোঁ যেন হয়। এয়া কেৱল মোৰ অভিজ্ঞতাই নহয়, ভূক্তভোগী বহুত। অৱশ্যে ৰেলগাড়ীত যাব পাৰি, বাছযাত্ৰাতকৈ আৰামী হোৱাৰ লগতে ইমান আমনি নালাগে। কিন্তু তাতো মানুহৰ যি ভীৰ, যি হেঁচা ঠেলা, তাৰ ওপৰত আকৌ অপৰিষ্কাৰ পৰিৱেশ আৰু বেগৰ বস্তু চুৰি হোৱাৰ ভয়। গতিকে একেলগে কেইবাটাও গ’লে ৰে’লত যোৱাই ঠিক। সেইদিনা অকলেই তেজপুৰৰ পৰা বাছত আহিবলগীয়া হ’ল, গতিকে চিনেমাখন ওলিয়াই ল’লোঁ।

দ্য নিউ গাৰ্ল ইন দ্য চিটী

---প্ৰিয়ম দি জ্যোৎস্না---  (১)  "হাজাৰজনৰ দৰে ময়ো যেতিয়া মুম্বাইলৈ আহিছিলোঁ, তেতিয়া নিজৰ বয়-বস্তুবোৰৰ সৈতে কিছুমান সপোনো বান্ধি আনিছিলো। তাৰ ভিতৰত আটাইতকৈ ডাঙৰ সপোনটো আছিল--এগৰাকী লেখক হোৱাৰ সপোন। যেতিয়া মোক এই প্ৰৱন্ধটো লিখিবলৈ কোৱা হৈছিল, তেতিয়াই হয়তো মোৰ সপোনটো বাস্তৱলৈ ৰূপান্তৰিত হ'ল। কিন্তু অশেষ চেষ্টাৰ পিছতো মই এই প্ৰৱন্ধটো লিখিবলৈ পৰা নাছিলোঁ। প্ৰতিবাৰেই লিখিবলৈ লওঁতে এনেকুৱা লাগিছিল যেন বহু কথা থাকি গৈছে। এই চহৰখনৰ বিষয়ে এনেকুৱা কি ক'ম যি আজিলৈকে কোনেও কোৱা নাই! সেইকাৰণে জমা দিয়াৰ এৰাতিৰ আগত প্ৰৱন্ধটো মই ফালি পেলালো আৰু পুনৰ লিখিবলৈ আৰম্ভ কৰিলো।       কেৱল দুমাহতে এক অদ্ভুতধৰণৰ প্ৰেম হৈ গ'ল এই চহৰখনৰ সৈতে। চহৰখন মোৰ আপোন যেন লগা হ'ল। ইয়াৰ কাৰণ কি হ'ব পাৰে? মোৰ নতুন উৎসাহমূলক চাকৰিটো ,মোৰ সৰু ফ্লেটটো নে মোৰ স্বাধীনতা? এই চহৰখনে এনেকুৱা কি দিছে মোক , যি মোৰ আপোন হৈ পৰিছে? প্ৰকৃততে উত্তৰটো বহুদিন ধৰি মোৰ চকুৰ সন্মুখতে আছিল, কিন্তু মইহে ধৰিব পৰা নাছিলোঁ। মুম্বাইলৈ আহিয়েই প্ৰথম ৰাতি মই কাৰোবাক লগ পালো। এজন ল'ৰাক। বন্ধু, ৰূ...

হৰ্ষাভোগলে অথবা ছেহৱাগহঁতৰ কথাৰে….

--- সুমন্ত সৌৰভ কাকতি --- অন্য জনপ্ৰিয় খেলতকৈ ক্ৰিকেট সময়ৰ দিশৰ পৰা কিছু দীঘলীয়া খেল , ছয়-চাৰি বা উইকেইৰ সঘন পতন নঘটিলে ক্ৰিকেট সাধাৰণতে বিৰক্তিকৰ আৰু আমনিদায়ক হৈ উঠে , কিন্ত সেইসময়তে পোনপটীয়া সম্প্ৰচাৰৰ হিন্দী ভাষাৰ কমেণ্ট্ৰি বস্কৰ মাইক্ৰফোণত বাজি উঠা ” চিপছ কা পেকেট অঔৰ ৰবীন্দ্ৰ জাডেজা কা অভাৰ কব খতম হো জ্যায়ে পতা নহী চলতা” “প্যায়াৰ মে ডুবা হুৱা লড়কা , চায় মে ডুবা হুৱা বিস্কুট অঔৰ বিনা ৰাণ কে বেটছমেন কিছি কাম কা নহী ” বা “ইয়ে ইতনা আছান কেটচ থা কি শ্বোলে কা ঠাকুৰ ভি ইছে পকড় চকতা থা ” ( শ্বোলে চিনেমাৰ ঠাকুৰৰ দুয়োখন হাতেই নাছিল ) ,”পাকিস্থান কো গোলী চে নহী কোহলী চে ডৰ লগতা হ্যায় ” খঙাল বিৰাট কোহলিৰ চমৎকাৰ প্ৰদৰ্শনত সন্মোহিত হৈ কোৱা ” বিৰাট কা তেৱৰ মানো সোণে কা জেবৰ ( অলংকাৰ) “ফটে কলাৰ অঔৰ পিতে হুৱে বলাৰ কো ক্যোয়ী ইজ্জত নহী দেতা ” বা চেতেশ্বৰ পূজাৰাক দীৰ্ঘসময় ক্ৰীজত অতিবাহিত কৰাৰ বাবে উদ্দেশ্যি কোৱা” ইয়ে জীয়েন্দী না মিলেগী পূজাৰা ” ইত্যাদি অনেক ধৰণৰ খুহুতীয়া আমোদজনক ওৱান লাইনাৰ বোৰে বিৰক্তিকৰ খেল এখনতো দৰ্শকক আনন্দ দিয়াৰ লগতে মনোযোগ পুনৰবাৰ আকৰ্ষণ কৰিবলৈ সক্ষম হয় । আৰম্ভণিৰ অভাৰট...

ইত্যাদি

(ৰচনাকালঃ ২০ ১১ ) বহুদিনৰ মূৰত মোৰ বাবে এটা আবেলি সম্পূৰ্ণ একান্ত ব্যক্তিগতভাৱে ওলাই পৰিল। স্কুলীয়া জীৱনৰ শেষ পৰীক্ষাটো দি উঠাৰ পাছত প্ৰকৃততে সকলোৰে ক’ত যাম, ক’ত নাযাম লাগে নেকি! মোৰো কাৰ্যতঃ একেই হৈছে। কি কৰোঁ কি নকৰোৰ উত্তেজনাত আৰু ঘৰৰ প্ৰৰোচনাত কেইদিনমানৰ বাবে খুড়াহঁতৰ ঘৰতে থাকি আহিলোগৈ। এতিয়া সেয়েহে বহুদিনৰ পিছত, বিহুৰ সময়তহে আজৰি হৈছোঁ আৰু সেই বাবে লগে লগেই মনজিতহঁতৰ ওচৰলৈ ঢাপলি মেলি আহিছোঁ। বিহুৰ সময়। এইকেইদিন গাঁৱত নাথাকিলো বুলিয়েই ইমান পৰিৱৰ্তননো হ’ব পাৰেনে? মহেন্দ্ৰ খুড়াৰ ঘৰৰ আগৰ গছ দুজোপাৰ ওপৰৰ ডাল-পাত কাটি দি গোটেইখন মুকলি কৰি ল’লে, ডিম্পলহঁতৰ আধৰুৱা পকাঘৰটো এতিয়া ৰং দিছে, কণহঁতৰ ঘৰৰ ওচৰতে এটা ডাঙৰ মাছ পুহিবৰ বাবে পুখুৰী খান্দিছে আৰু গাঁৱৰ ৰাস্তাটোতে এটা কালভাৰ্ট নিৰ্মাণ হৈ আছিল, সেইটো সম্পূৰ্ণ হৈ উঠিছে। মুঠতে এক বিৰাট পৰিৱৰ্তন। লাহে লাহে মই ৰাণাহঁতৰ ঘৰ পালোগৈ। আগফালে তাৰ ভনীয়েকে খেলি থকাৰ পৰাই মাত লগালে যে সি ইতিমধ্যেই ঘৰৰ পৰা অন্তৰ্ধান হৈছে। এইবাৰ আৰু মই পোনে পোনে পথাৰ পালোগৈ। কিন্তু মোৰ দুৰ্ভাগ্য যে খেল ইতিমধ্যেই আৰম্ভ হৈ গ’ল আৰু খেলৰ মাজত নতুনকৈ সোমাই খেলি...