আজৰি সময়ত মন গ’লে ইণ্টাৰনেটত এনেই কিবা কিবি খুচৰি থকাৰ সময়তে প্ৰায় চাৰি বছৰমান আগেয়ে TED নামৰ অনুষ্ঠানটোৰ কথা শুনিবলৈ পাইছিলোঁ। আগতে বিদ্যালয়ৰ বাৰ্ষিক অধিৱেশনৰ গোটেইকেইদিনৰ আটাইতকৈ বিৰক্তিকৰ মূহুৰ্তটি আছিল মূল সভাৰ দিনা, কাৰণ সেইদিনা বঁটা বিতৰণী হোৱাৰ আগেয়ে অসীম ধৈৰ্যৰ পৰিচয় দাঙি ধৰি দিনটো ভাষণ শুনি থাকিবলগীয়া হয়, তাতে ভাষণৰ দৈৰ্ঘ্যবোৰো অনিয়ন্ত্ৰিত। এনেধৰণৰ বহুত দীঘলীয়া ভাষণ প্ৰদান কৰা অনুষ্ঠানবোৰৰ প্ৰকৃততে যিমানখিনি উপযোগিতা হ’ব লাগে, সিমানখিনি প্ৰায়ে হৈ উঠা দেখা নাযায়। বক্তাজনে প্ৰকৃততে প্ৰথম আঠ-দহ মিনিটমানহে আমাৰ(শ্ৰোতাৰ) সৰ্বোচ্চ মনোযোগ লাভ কৰিবলৈ সক্ষম হয়। তাৰ পাছৰ সময়খিনি মানুহৰ মন মগজু ধৰি ৰাখিবলৈ বাধ্য কৰোৱাটো নিৰ্ভৰ কৰে বক্তাজনৰ নিজৰ সামৰ্থ্য আৰু বিষয়বস্তুৰ গুৰুত্বৰ ওপৰত। এই কথাটোকে সাৰথি কৰি ideas worth spreading শীৰ্ষক শ্লোগানেৰে আৰম্ভ হৈছিল TED নামৰ এই অনুষ্ঠানটি যাৰ সম্পূৰ্ণ অৰ্থ হৈছে Technology, Entertainment & Design। এই অনুষ্ঠানৰ যোগেদি বিভিন্নজন পাৰদৰ্শী ব্যক্তিক নিৰ্বাচিত বিষয়ৰ ওপৰত বক্তৃতা প্ৰদান কৰিবলৈ সুযোগ দিয়া হয়। মন কৰিবলগীয়া কথাটো হ’ল এই ভাষণবোৰৰ দৈৰ
Prankrishna Borgohain