ইণ্টাৰনেটত অসমীয়া ভাষা ব্যৱহাৰ কৰা আৰু ইয়াৰ জৰিয়তে সমগ্ৰ বিশ্বৰ আগত অসমৰ চিনাকী দাঙি ধৰা কথাটো বৰ সহজ নাছিল। কিন্তু কিছুমান ব্যতিক্ৰমধৰ্মী তথা উচ্চচিন্তাৰ ফচলস্বৰূপে আৰম্ভ হ'ল ইউনিকডৰ জৰিয়তে অসমীয়া লিখাৰ আন এক বিপ্লৱ-যাৰ ফলত বৰ্তমান সৰ্বসাধাৰণ ৰাইজ তথা দেশ বিদেশৰ মানুহেও ইণ্টাৰনেটৰ যোগেদি অসমীয়া সাহিত্য সংস্কৃতিৰ আভাস পাব পাৰে। বিভিন্ন চছিয়েল নেটৱৰ্কিং চাইটসমূহৰ জৰিয়তে এই বিপ্লৱে পুলি পোখা মেলি যোৱাত বিশেষ সহায়ক হৈছে। কেৱল অসমীয়াতে লিখি, অসমীয়াতে চৰ্চ্চা কৰিবৰ বাবে ফেচবুকৰ অসমীয়াত কথা বতৰা নামৰ গ্ৰুপটোৱে বৰ্তমান এক সুদৃঢ় প্লেটফৰ্ম তৈয়াৰ কৰি দিছে আৰু এতিয়া ইণ্টাৰনেট ব্যৱহাৰ কৰিব জনা কম বেছি প্ৰত্যেকজন অসমীয়াই অন্তত এই বিপ্লৱৰ কথা নজনাকৈ থকা নাই।
প্ৰস্তাৱনা সংখ্যা পঢ়িবলৈ ক্লিক কৰক |
বিপ্লৱৰ বতাহ আমাৰ দৰে কলেজৰ ছাত্ৰৰ গাটো লাগিছিল। আমাৰ নিজৰ কম্পিউটাৰবোৰত লিপ অফিছ নামৰ অসমীয়া লিখিব পৰা সঁজুলিটোৰ ঠাইত অভ্ৰৰ আগমণ ঘটিছিল আৰু স্বাভাৱিকতে ফেচবুকত অসমীয়া লিখিব পাৰি উৎফুল্লিত হৈ পৰিছিলোঁ। লাহে লাহে সাহিত্য ডট অৰ্গ, অসমীয়াত কথা বতৰাৰ সংশ্পৰ্শলৈ আহি যেন আমাৰ সন্মুখত এক ন দুৱাৰ খোল খাই গ'ল। ইণ্টাৰনেটৰ সুবাদত আমি বিভিন্নজনৰ মনৰ ভাৱ জানিব পৰা হলো-তাকো আমাৰ নিজ মাতৃভাষাত। অসমীয়া ই-আলোচনী, অসমীয়া ব্লগসমূহৰ যোগেদি অন্য এক ধাৰাৰ জন্ম হ'ল। প্ৰকৃততে এয়া সকলোৰে কাৰণেই আনন্দৰ কথা।
আখৰ ঠিক তেনে এক চেষ্টা মাথোঁ- কেইজনমান কলেজীয়া ছাত্ৰই আজৰি সময়ত কৰা কাম অথবা ইণ্টাৰনেটত অসমীয়া ভাষাৰ প্ৰসাৰত হাত উজান দিয়া বা সাহিত্য চৰ্চ্চা কৰা- এনেধৰণৰ কেইবাটাও কাৰণৰ সমষ্টি বুলিলেও ভুল নহ'ব। ইয়াৰ আঁৰত নিসন্দেহে সাহিত্য ডট অৰ্গ আৰু এনাজৰী ডট কম-ৰ আৰ্হি তথা অনুপ্ৰেৰণাই সৰ্বাধিক। ব্যক্তিগতভাৱে এই কামৰ জৰিয়তে আমাৰ আজৰি সময়ৰ সুব্যৱহাৰ তথা নতুন বিভিন্নধৰণৰ নজনা কথা আৰু ধাৰণা জনাৰ এক মঞ্চৰূপে তৈয়াৰ কৰি তোলাই হৈছে আমাৰ উদ্দেশ্য। "আখৰ প্ৰকল্প" হৈছে আমাৰ আন এক লক্ষ্য যাৰ জৰিয়তে আমি অসমীয়া সাহিত্যৰ "ই-জোনাকী যুগ"লৈ কিছু অৱদান আগবঢ়াব পাৰোঁ, কিঞ্চিত পৰিমাণে হলেও।
আখৰ ডট্ ইন'ৰ প্ৰথম পৰিচয় হৈছে 'আখৰ ডট্ ইন' এখন অসমীয়া ই-আলোচনী। 'আখৰ ডট্ ইন'ৰ জন্মৰ অন্তৰালত আছে অসমীয়া ভাষা-সাহিত্যৰ ই-বিপ্লৱৰ অৱদান আৰু অনুপ্ৰেৰণা। অসমীয়া ভাষা সাহিত্যক ইন্টাৰনেটত সৱল ভাবে প্ৰতিষ্ঠা কৰাৰ নিমিত্তে যি ই-বিপ্লৱৰ সুচনা হৈছে তাৰ প্ৰতি সঁহাৰি জনায়ে 'আখৰ ডট্ ইন'ৰ জন্ম হৈছে। 'আখৰ ডট্ ইন' অসমীয়া আখৰ, অসমীয়া ভাষা আৰু অসমীয়া সাহিত্যক ইন্টাৰনেটত প্ৰতিনিধিত্ব কৰাৰ এক বিনম্ৰ প্ৰয়াস। বিভিন্ন প্ৰকল্পৰ মাধ্যমেৰে অসমীয়া ভাষা সাহিত্যক ইন্টাৰনেটত প্ৰতিষ্ঠাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি যাবলৈ 'আখৰ ডট্ ইন' বদ্ধপৰিকৰ। 'আখৰ ডট্ ইন'এ ইয়াৰ পৰিসীমাত অসমীয়া সাহিত্যৰ লগতে অসমীয়া সমাজ-সংস্কৃতিৰ সৈতে জড়িত বিভিন্ন দিশক সামৰি লৈছে আৰু এইক্ষেত্ৰত আখৰৰ এক স্বকীয় বৌদ্ধিক আৰু শিল্প দৃষ্টিভংগী আছে।