আজৰি সময়ত মন গ’লে ইণ্টাৰনেটত এনেই কিবা কিবি খুচৰি থকাৰ সময়তে প্ৰায় চাৰি বছৰমান আগেয়ে TED নামৰ অনুষ্ঠানটোৰ কথা শুনিবলৈ পাইছিলোঁ। আগতে বিদ্যালয়ৰ বাৰ্ষিক অধিৱেশনৰ গোটেইকেইদিনৰ আটাইতকৈ বিৰক্তিকৰ মূহুৰ্তটি আছিল মূল সভাৰ দিনা, কাৰণ সেইদিনা বঁটা বিতৰণী হোৱাৰ আগেয়ে অসীম ধৈৰ্যৰ পৰিচয় দাঙি ধৰি দিনটো ভাষণ শুনি থাকিবলগীয়া হয়, তাতে ভাষণৰ দৈৰ্ঘ্যবোৰো অনিয়ন্ত্ৰিত। এনেধৰণৰ বহুত দীঘলীয়া ভাষণ প্ৰদান কৰা অনুষ্ঠানবোৰৰ প্ৰকৃততে যিমানখিনি উপযোগিতা হ’ব লাগে, সিমানখিনি প্ৰায়ে হৈ উঠা দেখা নাযায়। বক্তাজনে প্ৰকৃততে প্ৰথম আঠ-দহ মিনিটমানহে আমাৰ(শ্ৰোতাৰ) সৰ্বোচ্চ মনোযোগ লাভ কৰিবলৈ সক্ষম হয়। তাৰ পাছৰ সময়খিনি মানুহৰ মন মগজু ধৰি ৰাখিবলৈ বাধ্য কৰোৱাটো নিৰ্ভৰ কৰে বক্তাজনৰ নিজৰ সামৰ্থ্য আৰু বিষয়বস্তুৰ গুৰুত্বৰ ওপৰত। এই কথাটোকে সাৰথি কৰি ideas worth spreading শীৰ্ষক শ্লোগানেৰে আৰম্ভ হৈছিল TED নামৰ এই অনুষ্ঠানটি যাৰ সম্পূৰ্ণ অৰ্থ হৈছে Technology, Entertainment & Design। এই অনুষ্ঠানৰ যোগেদি বিভিন্নজন পাৰদৰ্শী ব্যক্তিক নিৰ্বাচিত বিষয়ৰ ওপৰত বক্তৃতা প্ৰদান কৰিবলৈ সুযোগ দিয়া হয়। মন কৰিবলগীয়া কথাটো হ’ল এই ভাষণবোৰৰ দৈৰ্ঘ্য কিছুমানৰ তিনিমিনিট, কিছুমানৰ পাঁচ, অথবা দহ, নাইবা সৰ্বোচ্চ ওঠৰ মিনিট। যাৰ ফলত বক্তা আৰু দৰ্শক উভয়ৰে সময় ৰাহি হোৱাৰ লগতে বক্তৃতাটোৰ গোটেই সময়ছোৱাত বক্তাজনে দৰ্শকৰ সম্পূৰ্ণ মনোযোগ আদায় কৰিবলৈ সক্ষম হয়। এই বক্তৃতাসমূহ বিশ্বৰ সমগ্ৰ প্ৰান্তৰ মানুহে পাব পৰাকৈ TED ৰ ৱেবছাইটত বিনামূলীয়াকৈ উপলব্ধ। তাৰোপৰি বৰ্তমানে বিশ্বৰ বিভিন্ন ঠাইত TED-ৰ আৰ্হিত TEDx নামেৰে এক অনুষ্ঠান স্থানীয় প্ৰেক্ষাগৃহ, বিশ্ববিদ্যালয় বা তেনেধৰণৰ প্ৰতিষ্ঠানসমূহত আয়োজনৰ দিহা কৰা হয় য’ত সেই অঞ্চলৰ কোনো পাৰদৰ্শী ব্যক্তিয়ে নিৰ্দিষ্ট বিষয়ৰ ওপৰত বক্তৃতা প্ৰদান কৰে। উদাহৰণস্বৰূপে আমাৰ বিশ্ববিদ্যালয়ত(তেজপুৰ বিশ্ববিদ্যালয়)ত TEDx ৰ আয়োজন কৰা হৈছিল য’ত যাদৱ পায়েঙক নিমন্ত্ৰণ জনোৱা হৈছিল।
TED ৰ বক্তৃতাসমূহ উপলব্ধ হৈ থকা ৱেবচাইটটো এদিন খুচৰি থাকোতে এদিন মুখামুখি হ’লো তাত বক্তৃতা প্ৰদান কৰিবলৈ অহা বিশ্বৰ সৰ্ববৃহৎ কোম্পানী গুগলৰ এজন ইঞ্জিনীয়াৰৰ, নাম মেট কাট্। তেওঁৰ বক্তৃতাৰ শিৰোনাম আছিল ত্ৰিশ দিনত নতুন কিবা কৰিবলৈ যত্ন কৰো আহক(Try something new in 30 days)। জীৱনৰ কোনো মূহুৰ্তত অসহায় হৈ ছন্দ হেৰাই পেলোৱা কোনো মানুহৰ বাবে মেট কাটৰ নাতিদীৰ্ঘ্য সেই বক্তৃতাটি হ’ব পাৰে সঞ্জীৱনী সুধাস্বৰূপ। গুগলৰ ছিনিয়ৰ চফটৱেৰ ইঞ্জিনীয়াৰৰ দৰে এটা পদত অধিস্থিত মেট কাটৰ বক্তৃতাটোত সোমাই আছে সময়ক নিয়ন্ত্ৰণ কৰাৰ কৌশল। তেওঁৰ সেই বক্তৃতাটোৰ দৈৰ্ঘ্যই আছিল মাত্ৰ তিনি মিনিট আৰু সেই সময়কণৰ ভিতৰতে তেওঁ সকলোকে দি গ’ল সময়ক নিজৰ মুঠিলৈ অনাৰ সচাৰ কাঠি।
গুগলৰ কথা নজনা আৰু নুশুনা মানুহ বিচাৰি যোৱাটো একপ্ৰকাৰৰ অসাধ্য সাধন কৰিবলৈ যোৱাৰ নিচিনা কথা। এনেহেন প্ৰকাণ্ড কোম্পানী এটাৰ লগত জড়িত হ’ব পৰাটো কাৰোবাৰ জীৱনৰ বাবে যিমান ডাঙৰ কথা সিমান ডাঙৰ কথা হৈছে তাৰ কৰ্ম-পৰিক্ৰমা (work environment)ৰ লগত তাল মিলাই চলিব পৰাটো। গুগলৰ কৰ্মচাৰীসকলৰ এনে এক সুনামো আছে যে তেওঁলোকে কৰ্মবিৰতিৰ সময়তো এনেই ধেমালি বুলিয়ে আৰম্ভ কৰা এটা কাম আছিল ভাৰ্চুৱেল ৰিয়েলিটিৰ বাবে গুগল কাৰ্ডবৰ্ড- যি পাছলৈ সমগ্ৰ বিশ্বতে জনপ্ৰিয় হৈ পৰাৰ লগতে সমাদৰ লাভ কৰিবলৈ সক্ষম হয়। অৰ্থাৎ তাত একেৰাহে এনেকুৱা এদল মানুহে কাম কৰি থাকে, যি যন্ত্ৰৰ দৰে কাম কৰাতেই কেৱল পাৰ্গত নহয়, বৰঞ্চ সদায় নিত্য নতুন উদ্ভাৱনী চিন্তা কৰাতো সিদ্ধহস্ত।
যি নহওক, অইন সকলোবোৰৰ দৰেই মেট কাটো গুগলৰ এজন সাধাৰণ ছিনিয়ৰ ছফটৱেৰ ইঞ্জিনীয়াৰ আছিল। কিন্তু তেওঁৰ সেই একঘেয়ামী জীৱনৰ কোনো এক মূহুৰ্তত উপলব্ধি কৰিলে যে হয়তু তেওঁ সদায় কৰিবলৈ বিচৰা কিছুমান কাম কেতিয়াও কৰা নহবগৈ যদিহে সেইবোৰৰ আৰম্ভণি কেতিয়াও কৰা নহয়। কিন্তু লক্ষ্য যদি পৰ্বতসম হয়, যিকোনো আত্মবিশ্বাসহীন মানুহৰ বাবে সেয়া হৈ পৰিব “দূৰৰ পাহাৰ ৰাতিৰ জুই, তাক নেখেদি থাকিবা শুই”। কাটে ঠিক কৰিলে যে আমেৰিকান দাৰ্শনিক মৰ্গান স্পাৰ্লকৰ পথ অনুসৰণ কৰি তেওঁৱো ৩০ দিনৰ এক সময়সীমাৰ ভিতৰত মনে বিচৰা কামবোৰ সদায় কৰিবলৈ চেষ্টা কৰি যাব। গতিকে প্ৰথম ত্ৰিশদিনৰ বাবে তেওঁ সদায় কৰিবলৈ বিচাৰি থকা ৫ টা কাম নিৰ্ধাৰণ কৰি ল’লে আৰু আন এখন তালিকা প্ৰস্তুত কৰিলে য’ত আছিল তেওঁ এৰিবলৈ চেষ্টা কৰি থকা ৫টা বদঅভ্যাস।
সেই যি তেওঁ ৩০ দিনৰ প্ৰত্যাহ্বান হাতত ল’লে, মেট কাটৰ মতে তাৰপাছত তেওঁৰ জীৱনটোৱেই সলনি হৈ পৰিল। তেওঁৰ মতে আগেয়ে সময়বোৰ পাখিলগা কাঁড়ৰ দৰে উৰি গুচি যোৱাৰ বিপৰীতে এতিয়া প্ৰত্যেক মিনিট সময় আছিল তেওঁৰ নখ দৰ্পণত। তাৰোপৰি প্ৰথম মাহৰ সফলতাৰ পাছত প্ৰত্যেক মাহতে এনেদৰে নতুন লক্ষ্য, নতুন প্ৰত্যাহবান লোৱাৰ ফলত তেওঁ হৈ পৰিল প্ৰচুৰ আত্মবিশ্বাসী। এটা সময়ত তেওঁৰ নিজৰ ওপৰত থকা বিশ্বাসৰ এনে পৰিৱৰ্তন আহিল যে কেৱল কম্পিউটাৰৰ সন্মুখত বহি হাজাৰ হাজাৰ শাৰী ক’ড চাই থকা মানুহজনে আফ্ৰিকাৰ উচ্চতম শৃংগ বগাবলৈকো সাহস কৰিলে। আৰু আটাইতকৈ ডাঙৰ কথা এনেকুৱা এজন ব্যস্ত মানুহে সেই তেনেকুৱা ত্ৰিশ দিনৰ লক্ষ্য লৈ লিখি উলিয়ালে পঞ্চাছ হাজাৰ শব্দৰ এখন সুদীৰ্ঘ উপন্যাস।
কিন্তু এই আটাইবোৰৰ আঁৰত থকা ৰহস্যটো কি? তেওঁৰ মতে সেয়া হ’ল দিনটোৰ বাবে তেওঁ নিৰ্ধাৰণ কৰি লোৱা সৰু সৰু লক্ষ্য আৰু সেই লক্ষ্য পূৰণ। পঞ্চাছ হাজাৰ শব্দৰ এখন উপন্যাস লিখিবলৈ হ’লে শুবলৈ যোৱাৰ আগেয়ে দৈনিক ১৭০০ শব্দকৈ ৰচনা কৰি গ’লেহে হ’ব, তাকো দিনটো যিমান যি বেলেগ কাম নকৰোঁ কিয়, কিমান ভাগৰ নালাগক কিয়- ১৭০০ শব্দ লিখিহে শুবলৈ যাব। ২৪ ঘণ্টাৰ বাবে যি লক্ষ্য হাতত লোৱা হ’ব, সেয়া যিকোনো প্ৰকাৰে পূৰণ কৰি ল’লে কাম কৰাৰ যি মাদকতা আৰু প্ৰচুৰ আত্মসন্তুষ্টি মনলৈ আহে, সেয়া পৃথিৱীৰ কোনো ঠাইতে কিনিবলৈ পোৱা নাযায়।
কাটৰ বক্তৃতাটোৱে বিশ্বৰ বিভিন্ন প্ৰান্তৰ মানুহৰ লগতে মোকো যথেষ্ট অনুপ্ৰাণিত কৰাৰ ফলশ্ৰুতিত ময়ো ত্ৰিশ দিনৰ এক লক্ষ্য তালিকা নিৰ্ধাৰণ কৰি এক প্ৰত্যাহবান হাতত লৈছিলোঁ। অৱশ্যে কামটো আৰু অলপ ভাললগা কৰিবলৈ মই মোৰ বন্ধু এজনক বক্তৃতাটো শুনাই তেওঁকো এনেদৰে ৩০ দিনৰ প্ৰত্যাহবান লবলৈ অনুৰোধ কৰিলোঁ। উদ্দেশ্য আছিল যে দিনটোৰ বাবে যি সৰু সৰু লক্ষ্য আমি বাচি ল’ম, সেয়া কৰিব পাৰিলোঁ নে, বা কৰোঁতে কি কি অভিজ্ঞতা হ’ল, সেয়া ইটোৱে আনটোৰ লগত ভাগ-বতৰা কৰা। ইয়াৰ জৰিয়তে আমাৰ এটা লাভ হৈছিল যে কেতিয়াবা যদি কোনোবা এটাৰ কামবোৰ কৰিবলৈ উৎসাহ কমা যেন অনুভৱ হৈছিল, তেতিয়া দিনটোৰ শেষত যেতিয়া সিটোৱে নিজৰ লক্ষ্যত উপনীত হোৱাৰ কথা কয়, তাকে শুনি হেৰুৱা উৎসাহ নিজে নিজে পুনৰুজ্জীৱিত হৈ পৰিছিল। মেট কাটৰ প্ৰথম মাহৰ লক্ষ্য তালিকাৰ এটা উল্লেখযোগ্য কাম আছিল “দিনটোৰ ফটো” শীৰ্ষক এখন ফটো তোলা। আমিও সেই কামটো আমাৰ দৈনিক লক্ষ্য তালিকাত অন্তৰ্ভুক্ত কৰিছিলোঁ। তেওঁ কৈছিল যে সেই ৩০ দিনৰ ৩০ খন ফটোৰ পৰা যাদৃচ্ছিকভাৱে কোনোবাই ফটো এখন নিৰ্বাচন কৰি ফটোখনৰ আঁৰৰ কথা তেওঁক সোধে, ক’ত কেতিয়া তুলিছিল সেইবোৰৰ উপৰি সেই সময়ত কি ভাবি তেওঁ ফটোখন তুলিছিল, সেই পৰ্যন্ত তেওঁ কব পাৰিব। আশ্চৰ্যজনকভাৱে কথাটো সম্পূৰ্ণ সঁচা প্ৰতিপন্ন হৈছিল যেতিয়া আমি নিজে কামটো কৰি সেই কথাটো উপলব্ধি কৰিবলৈ সক্ষম হ’লোঁ। অৱশ্যে তেওঁৰ দৰে উপন্যাস লিখা ধৰণৰ দুৰ্বোধ্য লক্ষ্য এটা আমি হাতত লোৱা নাছিলোঁ, কিন্তু আমি ঠিক কৰিছিলোঁ দৈনিক ডায়েৰী লিখাৰ পাছতো এক পৃষ্ঠাকৈ কিবা লিখিম অথবা দিনত তোলা ফটোখনৰ কাহিনীটোকে লিখিম। এই লক্ষ্য তালিকাখনে বাৰে বাৰে আমাক কিবা এটা কৰিবলৈ সোঁৱৰাই থকাৰ বাবে সময়ৰ অপচয় কম হোৱাৰ লগতে সদব্যৱহাৰ হৈছিল। তাৰোপৰি ৰাতিপুৱা শুই উঠি দিনটোৰ বাবে কৰিবলগীয়া কামবোৰ মনত পেলালে এক অদ্ভুতধৰণৰ মানসিক বলে ক্ৰিয়া কৰাৰ বাবে এলাহ ভাৱটোৰ পৰাও হাত সাৰিব পৰা যায়। এই কামবোৰৰ উপৰি আমি আমাৰ কিছুমান বদঅভ্যাস যেনে ছচিয়েল মিডিয়াৰ ব্যৱহাৰ, স্মাৰ্টফোনৰ ওপৰত নিৰ্ভৰ কৰি চলা ইত্যাদিবোৰ দিনক দিনে কমাই অনাৰ দৰে অইন কিছুমান কামো হাতত লৈছিলোঁ।
মই ভাবোঁ, সকলোৱে নিজৰ জীৱনৰ একঘেয়ামীতাৰ পৰা ৰক্ষা পাবলৈকে হওঁক বা সদায় কৰিম কৰিম বুলি ভাবি থকা কামবোৰ কৰিবলৈকে হওঁক নতুবা জীৱনটো নতুনধৰণেৰে উদযাপন কৰিবলৈকে হওঁক--এনেধৰণৰ ৩০ দিনীয়া প্ৰত্যাহ্বান এটা লোৱা উচিত। কি ঠিক, এই ত্ৰিশদিনীয়া অভিযানবোৰৰ অন্তত হয়তু কেতিয়াও নভবা নিজৰ অন্য এটা ৰূপ আমাৰ সন্মুখত ধৰা দিবহিও পাৰে।
প্ৰকাশ: নিয়মীয়া বাৰ্তা, দেওবৰীয়া সুগন্ধি, 2nd September, 2018
#TED, #Google, #Matt-Cutt
প্ৰকাশ: নিয়মীয়া বাৰ্তা, দেওবৰীয়া সুগন্ধি, 2nd September, 2018
#TED, #Google, #Matt-Cutt
(Cover photo souce: click here)
very interesting,Interesting stuff to read.
ReplyDeleteHave you tried the '30 days no fap challenge'? :--D
:D please try and share the experience, it'll be helpful :D
Delete