বাংগালোৰলৈ যোৱাৰ আগেয়েই আমাৰ মনত আৰু কথা পাতোতেও এটাই মূল উদ্দেশ্য যে এনেকুৱা দুমহীয়া প্ৰকল্প এটাত গৈছোঁ বুলিয়েই আৰু অকল কি পঢ়া শুনাৰ কামবোৰেই কৰি থাকিম নেকি, বেলেগ ঠাই এখনলৈ গৈছোঁ, তাকো থাকিম ইমান দিনৰ কাৰণে, গতিকে পাছত স্মৃতি ৰোমন্থনৰ বাবেও কিবা এটা ৰাখিবলৈ হ’লেও আমি ক’ৰবাত নহয় ক’ৰবাত যাবই লাগিব, অলপমান ফূৰ্তি কৰিবই লাগিব। সেইকাৰণে তাত থকাৰ দুদিনমান পাছতেই আমাৰ ফুৰাৰ পৰিকল্পনা এখনো বনোৱা হৈছিল, তাকো একদম তাৰিখ বাৰ মিলাই, সকলোৰে প্ৰকল্পৰ ব্যস্ত সূচী, যাবলগীয়া ঠাইৰ দূৰত্ব, কি কি ফুৰিম, ক’ত থাকিম, কিহত যাম, আহি পোৱাৰ পাছত কেতিয়া আমি আকৌ আমাৰ আধৰুৱা কাম আৰম্ভ কৰিম—মুঠৰ ওপৰত মাষ্টাৰ প্লেনিং কৰিহে আমি লৰচৰ হৈছিলোঁ। অৱশ্যে পাছত এতিয়া যেতিয়া কথাবোৰ মনত পেলাওঁ, সঁচাকৈ আমি ভবাধৰণে তথা পৰিকল্পনা অনুসৰিয়ে সকলোবোৰ কাম খুব সুন্দৰকৈ সমাধা হৈছিল। যি নহওক, মাইচৰ ফুৰি অহাৰ পাছৰে পৰা আমাৰ আত্মবিশ্বাস যথেষ্টখিনি বাঢ়িল। তাতে ফুৰি আহিও আমি আমাৰ দৈনন্দিন কামখিনি ঠিকেই চলাবলৈ সক্ষম হোৱাৰ কাৰণেও আমাৰ বিশ্বাস হ’ল যে তাৰ পাছৰ ভ্ৰমণ পৰিকল্পনা আচলতে সোনকালে ঠিক কৰাই শ্ৰেয় কাৰণ বেছি দেৰি কৰা মানেই আমাৰ