ড০ জাহানাৰা বেগম বা মঞ্জুল বৰুৱাক ব্যক্তিগতভাৱে মই চিনি নাপাওঁ। অথবা কানীন নামৰ নতুন অসমীয়া বোলছবিখনৰ ইউটিউবত উপলব্ধ ট্ৰেইলাৰটোও বৰ এটা মন দি চোৱা নাছিলোঁ। কিন্তু পাছত ফেইচবুকৰ প’ষ্ট তথা বাতৰি কাকতৰ লেখা আৰু ইণ্টাৰনেটতো বহুতৰ মন্তব্য দেখি চিনেমাখন চোৱাৰ ইচ্ছা হ’ল। চিনেমাখন ক’ত ক’ত লাগিছে বুলি চাই দেখিলোঁ শুক্ৰবাৰে লখিমপুৰত চিনেমাখন প্ৰদৰ্শন হোৱাৰ ব্যৱস্থা হোৱা নাই। নিৰাশ হ’লোঁ। ৰিভিউবোৰ পঢ়ি পঢ়ি গম পালোঁ এইখন চিনেমা নাচালে পস্তাব লাগিব।
লখিমপুৰত অতীততে চিনেমা হল কেইবাটাও আছিল বুলি জানিছিলোঁ, সূৰ্য চিনেমা, বিশ্ব চিনেমা, শংখ চিনেমা হল। পাছত ২০১১ চনমানত চিনেমা চাবলৈ মাত্ৰ এটাই সমল আছিল, সেয়া হ’ল বিশ্ব চিনেমা হল। প্ৰায় পাঁচ বছৰমান যোৱাৰ পাছত, অৰ্থাৎ ২০১৬ চনমানৰ শেষলৈ প্ৰকাণ্ড বিল্ডিং দুটা গঢ় লৈ উঠা দেখিলোঁ, লগতে শুনিলোঁ দুটা খুব ভাললগা খবৰ যে তাৰে দুয়োটাতে হেনো শ্বপিং মলৰ দৰে কিবা এটা হ’ব আৰু বিল্ডিঙৰ একেবাৰে ওপৰত হ’ব চিনেমা হ’ল। একদম লখিমপুৰখনৰ চেহেৰা বদলি যাবলৈ যি দুটা বস্তুৰ অভাৱ হৈ আছিল, সেই দুয়োটা বস্তুৰেই অভাৱপূৰ হ’ব। ২০১৬ চনৰ পাছত লখিমপুৰৰ পৰা বিদায় মাগিলোঁ, আহিলেও মাজেদি পাৰ হৈহে যোৱা হয়। তাৰ মাজতে এদিন দেখিলোঁ বাছ ষ্টেণ্ডৰ কাষৰ যিটো বিল্ডিঙৰ কথা শুনিছিলোঁ, তাতে সঁচাকৈয়ে নক্ষত্ৰ চিনেমা নামেৰে এটা আধুনিক চিনেমা হল নিৰ্মাণ হৈছে। তলত দোকান। পিছে অন্য যিটো বিল্ডিঙৰ কথা শুনিবলৈ পাইছিলোঁ তাত চিনেমা হল নহ’ল যদিও বৃহৎ দোকান এখনে মূৰ দাঙি উঠিল। তাৰ সলনি লখিমপুৰ চহৰৰে অন্য এডোখৰ জেগাতে গ’ল্ড চিনেমা হল আহিল। বিশ্ব চিনেমা হলৰ অৱস্থা আছিল নাই মোমাইতকৈ কণা মোমায়েই ভাল, কিন্তু এতিয়া আৰু দুটা অত্যাধুনিক চিনেমাহল অহাৰ বাবে চহৰখনৰ চিনেমাপ্ৰেমীৰ বাবে যথেষ্টখিনি সুবিধা হ’ল। পিছে তিনিটাকৈ চিনেমা হ’ল থকাৰ পাছতো যদি অসমীয়া চিনেমা এখনেই লগা নাই তেন্তে কিনো চিনেমা লাগিছে বুলি শনিবাৰে আকৌ এনেই এবাৰ বুকমাইশ্ব’ত চাই আছিলোঁ, তেতিয়া দেখিলোঁ নক্ষত্ৰ চিনেমাৰ দুপৰীয়া দুই বজাত কানীনখন প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। ইণ্টাৰনেটৰ যোগেদি টিকট এটা কাটিম বুলি ভবাৰ পাছতো ৰৈ গ’লোঁ, কাৰণ ভালদৰে লক্ষ্য কৰি দেখোঁ দৰ্শকৰ সংখ্যা তেনেই তথৈবচ। সাতে পাচে চিনেমা হললৈ গৈয়ে টিকট কাটিলোগৈ। চিনাকি দাদা, বন্ধু দুজনমানকো লগ পালোগৈ, মনটো ভাল লাগিল।
কানীন কথাছবিখন ড০ ৰীতা চৌধুৰীৰ ৰাজীৱ ঈশ্বৰ শীৰ্ষক উপন্যাসখনৰ ভিত্তিত নিৰ্মাণ কৰা হৈছে। আৰম্ভণিতে ড০ চৌধুৰীৰ নাম উল্লেখ থাকিলেও অৱশ্যে তেওঁৰ কোনখন কিতাপৰ ওপৰত আধাৰিত, সেয়া উল্লেখ কৰা হোৱা নাই। গতিকে যিসকলে উপন্যাসখন পঢ়িছে, তেওঁলোকে ইতিমধ্যে উপন্যাসখন পঢ়ি নিজৰ মনত গঢ় দিয়া চৰিত্ৰসমুহক বাস্তৱিকৰূপত দেখাৰ এক সুবিধা লাভ কৰিছে। মই নিজে উপন্যাসখন পঢ়ি পোৱা নাই, কিন্তু চিনেমাখন যে উপন্যাসখনৰ আধাৰত নিৰ্মিত সেই কথাটো চিনেমাখন আৰম্ভ হোৱাৰ আগে আগে দাদা এজনে কওঁতেহে গম পালোঁ। পেটে পেটে ভালো লাগিল, এতিয়া উপন্যাসখন নপঢ়াকৈয়ে হৈ যাব।
চিনেমাৰ আৰম্ভণিৰে পৰাই দৰ্শক সজাগ, কাৰণ আৰম্ভণিৰ দৃশ্যতেই বাটৰ কাষত এটি কেঁচুৱা কোনোবাই পেলাই থৈ গৈছে। ড০ জাহানাৰা বেগমে এগৰাকী সম্ভ্ৰান্ত মহিলাৰ মুখ্য চৰিত্ৰটি ৰূপায়ন কৰিছে, তেওঁৰ স্বামী এগৰাকী আইপিএছ বিষয়া, ল’ৰা এটা আৰু ছোৱালী এজনী। সম্ভান্ত্ৰ ঘৰৰ হোৱাৰ বাবে একেৰাহে ছিকিউৰটী গাৰ্ড, কামকৰা মানুহৰ আবেষ্টনীত সোমাই থাকিবলগীয়া হোৱা ড০ বেগমে পথৰ কাষৰ কেঁচুৱাটো তুলি আনি সম্পূৰ্ণ খৰচ পাতি বহন কৰি শুশ্ৰূষাৰ ব্যৱস্থা কৰে। কিন্তু সকলোবোৰ কৰি থকাৰ আঁৰে আঁৰে তেওঁৰ মনত খুন্দিয়াই থাকে তেখেতৰ জীয়ৰী কালতে গৰ্ভত ধাৰণ কৰা তেওঁৰ কেঁচুৱাটিৰ কথা, যিটো কেঁচুৱা ঘৰৰ ভিতৰতে মনে মনে প্ৰসৱ কৰোৱাই কোনেও গম নোপোৱাকৈ মোমায়েকে পথৰ দাঁতিত এৰি থৈ আহিছিল। এতিয়া বহুতদিনত মূৰত এনেদৰে আলৈ আথানি হোৱা কেঁচুৱা এটি দেখা পাই তেওঁ অতীতৰ কথা ভাবি সন্ত্ৰষ্ট হৈ পৰে আৰু যিকোনো উপায়েৰে নিজৰ মাক বা মোমায়েকক সুধি তেওঁৰ সেই জীয়ৰীকালৰ কেঁচুৱাটিৰ বৰ্তমানৰ ঠিকনা বিচাৰি যাবলৈ বদ্ধপৰিকৰ হৈ পৰে আৰু তেওঁৰ এই যাত্ৰাক লৈয়ে চিনেমাখনৰ মুখ্য কাহিনীভাগ আগবাঢ়িছে।
ড০ বেগমৰ অভিনয় মোৰ খুব ভাল লাগিল, বিশেষকৈ তেওঁৰ মুখৰ ভংগীমাই (facial expression) বহু সময়ত সংলাপ অবিহনেই যথেষ্ট কথা বুজাবলৈ সক্ষম হৈছে। অৱশ্যে কিছুমান ক্ল’জআপ শ্বটত তেওঁৰ মুখৰ মেকআপ দৃষ্টিকটু হৈ ধৰা দিছে- এই বিষয়ত কিছু সাৱধানতা লোৱা উচিত আছিল বুলি মই ভাবোঁ। ঠিক সেইদৰে ৰাজীৱ ঈশ্বৰৰ চৰিত্ৰটি যদি আমি চাওঁ, ৰাজীৱ হৈছে এজন গাড়ীৰ মেকানিক, যি অনবৰতে খঙত থাকে, ছোৱালী-মহিলা ভাল নাপায়, কাৰোবাৰ লগত কথা পাতোতে চিগাৰেট খাবলৈও কুণ্ঠাবোধ নকৰে, লাগিলে সেয়া কোনোবা ডাঙৰ মানুহেই নহওক কিয়। অৰ্থাৎ এজন খঙাল কিশোৰ( বা যুৱক?)। কিন্তু সেইমতে তেওঁৰ চেহেৰাত তেওঁৰ চৰিত্ৰই দাবী কৰা roughness টো ফুটি উঠা নাই যেন লাগিল, যিমান তেওঁৰ সংলাপ প্ৰক্ষেপণতহে সেয়া বেছিকৈ দেখা গৈছিল। চিনেমাখনত ড০ বেগমৰ দুটা ল’ৰা -ছোৱালী, ল’ৰাটোৱে শিক্ষান্ত পৰীক্ষা দিছে, আৰু ছোৱালীজনীয়ে স্কুলীয়া শিক্ষা গ্ৰহণ কৰি আছে। কিছু কিছু ক্ষেত্ৰত মোৰ এনেকুৱাও লাগিল যে চৰিত্ৰ দুটা কেৱল দুটা উদ্দেশ্য ৰাখি সৃষ্টি কৰা হৈছে। ছোৱালীজনীৰ চৰিত্ৰটো সৃষ্টি কৰা হৈছে তেওঁৰ মনত যে এতিয়াও জীয়ৰীকালত কৰা ভুলটোৰ ভয় যে আঁতৰি যোৱা নাই সেই কথাটো দৰ্শকক বাৰে বাৰে সকীয়াই থাকিবলৈ (তেওঁ বাৰে বাৰে ঘৰৰ কাম কৰা ল’ৰাই জীয়েকৰ ওপৰত চকু দিছে নেকি সেয়া সন্দেহ কৰি থকা দেখুওৱা হৈছে) আৰু ল’ৰাটোৰ চৰিত্ৰটি সৃষ্টি কৰা হৈছে তেওঁলোকৰ ঘৰখনৰ সমাজত থকা স্থিতি(Social Status) বুজাবলৈ (যেনে পুলিচ বিষয়াৰ ল’ৰা হৈ যা-তা মানুহৰ ল’ৰাৰ লগত ফুৰিবলৈ যোৱা, পৰীক্ষাত ভাল ফলাফল ইত্যাদি)। তেওঁলোক ক্লাৱৰ পাৰ্টীৰ বাবে গুৱাহাটীৰ এডোখৰ ঠাইলৈ যোৱা দেখুওৱা হৈছে, কিন্তু ক্লাৱৰ বেৰত জিলিকি আছে “তেজপুৰ টাউন ক্লাৱ”।
তৰালি শৰ্মাৰ আৱহ সংগীতে মন চুই যায়। চিনেমাখনত অইন গান তেনেকৈ নাই। পোনপটিয়াকৈ কাহিনী আগবাঢ়ি গৈছে কাৰণে হূলস্থুল নকৰাকৈ আৰম্ভণিৰে পৰা দৰ্শক সচেতন হৈ পৰিব বুলিয়ে ভাবিছোঁ।
পৰিচালকৰ পৰা পুনৰ এনেধৰণৰ আৰু নতুন চিন্তাৰ চিনেমা আশা কৰিলোঁ।
Comments
Post a Comment