বাংগালোৰলৈ যোৱাৰ আগেয়েই আমাৰ মনত আৰু কথা পাতোতেও এটাই মূল উদ্দেশ্য যে এনেকুৱা দুমহীয়া প্ৰকল্প এটাত গৈছোঁ বুলিয়েই আৰু অকল কি পঢ়া শুনাৰ কামবোৰেই কৰি থাকিম নেকি, বেলেগ ঠাই এখনলৈ গৈছোঁ, তাকো থাকিম ইমান দিনৰ কাৰণে, গতিকে পাছত স্মৃতি ৰোমন্থনৰ বাবেও কিবা এটা ৰাখিবলৈ হ’লেও আমি ক’ৰবাত নহয় ক’ৰবাত যাবই লাগিব, অলপমান ফূৰ্তি কৰিবই লাগিব। সেইকাৰণে তাত থকাৰ দুদিনমান পাছতেই আমাৰ ফুৰাৰ পৰিকল্পনা এখনো বনোৱা হৈছিল, তাকো একদম তাৰিখ বাৰ মিলাই, সকলোৰে প্ৰকল্পৰ ব্যস্ত সূচী, যাবলগীয়া ঠাইৰ দূৰত্ব, কি কি ফুৰিম, ক’ত থাকিম, কিহত যাম, আহি পোৱাৰ পাছত কেতিয়া আমি আকৌ আমাৰ আধৰুৱা কাম আৰম্ভ কৰিম—মুঠৰ ওপৰত মাষ্টাৰ প্লেনিং কৰিহে আমি লৰচৰ হৈছিলোঁ। অৱশ্যে পাছত এতিয়া যেতিয়া কথাবোৰ মনত পেলাওঁ, সঁচাকৈ আমি ভবাধৰণে তথা পৰিকল্পনা অনুসৰিয়ে সকলোবোৰ কাম খুব সুন্দৰকৈ সমাধা হৈছিল।
যি নহওক, মাইচৰ ফুৰি অহাৰ পাছৰে পৰা আমাৰ আত্মবিশ্বাস যথেষ্টখিনি বাঢ়িল। তাতে ফুৰি আহিও আমি আমাৰ দৈনন্দিন কামখিনি ঠিকেই চলাবলৈ সক্ষম হোৱাৰ কাৰণেও আমাৰ বিশ্বাস হ’ল যে তাৰ পাছৰ ভ্ৰমণ পৰিকল্পনা আচলতে সোনকালে ঠিক কৰাই শ্ৰেয় কাৰণ বেছি দেৰি কৰা মানেই আমাৰ গোটেইকেইটাৰ মাজৰ কাৰ কি অসুবিধা ওলাব তাৰ কোনো ঠিকনা নাই আৰু যাম যেতিয়া সকলোৱেই একেলগেহে যাম, কোনোবা এটাও যদি বঞ্চিত হ’বলগীয়া হয় আৰু সেইটো কেনেধৰণৰ কথা হ’ব? সকলো দিন বাৰ তাৰিখ মিলাই আৰু আমি আগতেও ভাবি থোৱামতে আমাৰ পাছৰ গন্তব্যস্থল ঠিক কৰিলোঁ পণ্ডিচেৰী। পণ্ডিচেৰী যোৱাৰ মূখ্য আকৰ্ষণ নিহিত হৈ আহিল তাৰ সাগৰৰ পাৰলৈ যোৱাতহে। তাতে পণ্ডিচেৰী বিশ্ববিদ্যালয়তে চিনাকী লগৰ ৰিতুপৰ্ণ থকাৰ কাৰণেও আমাৰ আৰু এটা ব’নাছ পইণ্ট হৈ আছিল, কাৰণ সি একেৰাহে কৈয়েই আছিল যে তহঁতি মাত্ৰ ইয়ালৈ আহ, বাকী দায়িত্ব মোৰ। আমাৰ মনবোৰ এনেও ফুৰিবলৈ যাবলৈ বুলি উতনুৱা হৈয়েই আছিল, তাতে সি সেইষাৰ কথা কৈ একদম বৰদৈচিলাৰ ধুমুহাজাক অনাদি আমাৰ মনবোৰ উৰুৱাই লৈ গ’ল। গতিকে লগে লগে পণ্ডিচেৰী যাবলৈ আমি নাইট চাৰ্ভিছৰ বাছ ঠিক কৰি মেলি সাজু হ’লোঁ। এইবাৰ আমাৰ লগতে কটন বিশ্ববিদ্যালয়ৰ সৌৰভো আহি যোগ দিলেহি।
Rituparno, Jaikhomba, Me, Saurabh, Vivek, Manas |
পণ্ডিচেৰী যাম, কিন্তু আমাৰ লক্ষ্য কেৱল এদিনীয়া। দিনটো সাগৰৰ পাৰত কটাই সেইদিনা ৰাতিলৈ আমি ঘূৰি আহিম। কিন্তু যি নহলেও সাগৰৰ লুণীয়া পানীত আমিতো খেলিমেই বা পাৰৰ বালিত ছানগ্লাছ পিন্ধি মূৰত ফ্লেট হেট লগাই বিভিন্ন প’জত ফটোও তুলিম, সেইটো আন এক প্ৰধান উদ্দেশ্য। গতিকে সেই গোটেই সপ্তাহটো আমি তাত গৈ কি কি কৰিম, কি নকৰিম তেনেকৈ ভাবোতেই পাৰ হ’ল। বাংগালোৰৰ বজাৰ চলাথ কৰি কৰি কেৱল বীচ্চত পিন্ধিবৰ বাবে কম দামৰ ফ্লেট হেট, ছানগ্লাছ আৰু বীচ্চ স্পেচিয়েল হাফ পেণ্ট কিনি ল’লোঁ। টি ছাৰ্ট কিনাৰ ধান্দা এটাও মনলৈ আহিছিল, কিন্তু সেইকেইদিনতে ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ বাৰ্ষিক অনুষ্ঠান “প্ৰণেগা”( নে প্ৰভেগা?)ৰ নামখোদিত কেইটামান ধুনীয়া টি ছাৰ্ট পালোঁ কাৰণে বীচ্চত পিন্ধিবলৈ সকলোখিনি যা যোগাৰ আমাৰ সমাপ্ত হ’ল। সকলোবোৰ প্ৰয়োজনীয় কাম সামৰি সুতৰি নিৰ্দিষ্ট দিনটোৰ বাবে আমি সাজু হ’লোঁ।
বাংগালোৰৰ পৰা পণ্ডিচেৰীৰলৈ বাছৰ অভাৱ নাই, এৰাতিৰ সময় মাত্ৰ। কিন্তু বাছবোৰ যথেষ্ট উন্নত মানদণ্ডৰ, আমাৰ অসমৰ নাইট চাৰ্ভিছৰ বাছবোৰৰ লগত তুলনাই নহয়। বাছবোৰো খুব সময়ানুৱৰ্ত্তী, ছীটত পাৰি থোৱা টাৱেলবোৰ চাফা, নতুন। অসমৰ বহুত বাছ কেৱল নদীৰ পাৰলৈ নি বাহিৰে বাহিৰে পানী ঢালিয়ে নিয়ম সমাপ্ত কৰে। যি নহওক, সেইদিনা পূৰ্ণিমাৰ নিশাও আছিল, গতিকে ৰাতি বাছত গৈ থাকোঁতে নতুন ঠাই এখনলৈ যোৱাৰ আনন্দতেই হওক বা সাগৰ দেখিম বুলি উত্তেজনাতে হওক অথবা পূৰ্ণিমাৰ জোনৰ অদ্বিতীয় স্নিগ্ধতাৰ কাৰণেই হওক, বহু দেৰিলৈকে চকু এটিপো মাৰিবলৈ ইচ্ছা নগ’ল।
ৰাতিপুৱা পণ্ডিচেৰী বাছ ষ্টেণ্ড পোৱাৰ আগেয়ে পণ্ডিচেৰী চেক গেইটত অলপ সময় বাছখন ৰখাওতে সাৰ পালো, বাহিৰলৈ গৈ খুব সুন্দৰ গাখীৰ চাহ একাপ খালোঁ। ৰাতিৰ ভাগৰ নিমিষতে পলাই যোৱাৰ দৰে লাগিল। পণ্ডিচেৰী বাছ ষ্টেণ্ডত নমাৰ পাছত তাতে মুখ হাত ধুই মেলি দিনটোলৈ সাজু হ’লোঁ। বাছ ষ্টেণ্ডৰ পৰা ওলাই আহিহে আমাৰ কাৰণে আটাইতকৈ দুৰ্ভাগ্যজনক দুটা খবৰ পালোঁ, প্ৰথম সেইদিনা পণ্ডিচেৰীৰ লোকেল বাছসেৱা বন্ধ ঘোষণা কৰা হৈছিল (কি কাৰণে বন্ধ দিছিলে প্ৰকৃত কাৰণটো পাহৰি গৈছোঁ, কিন্তু সেয়া আছিল অসমৰ সৈতে পণ্ডিচেৰীৰ মিল থকা এটা প্ৰথম নিদৰ্শন যে অসম বন্ধৰ দৰে পণ্ডিচেৰীটো সৰু সুৰা কাৰণতে বন্ধ হয়) আৰু দ্বিতীয়তে পণ্ডিচেৰীৰ অলা চাৰ্ভিছ সক্ৰিয় নহয়। গতিকে উপায়বিহীন হৈ অ’ট এখনৰ লগত খুব কাজিয়া কৰি মেলি বন্দৱস্ত কৰি পাঁচোটাই পাণ জপাদি উঠি ল’লোঁ। গন্তব্যস্থল আছিল পেৰাডাইজ বীচ্চ। মনত সন্দেহৰ পোক এটা সোমায়েই আছিল, পণ্ডিচেৰী বন্ধ মানেটো সকলো বন্ধ। তাতে ৰাতিপুৱা বাছৰ পৰা নামি খাবলৈও একো এটা পোৱা নাই। হোটেলবোৰ খোলা থাকিব নে বন্ধ সেইটো ভয় ভয়েই, তাতে আকৌ দক্ষিণ ভাৰতীয় খাদ্যতকৈ সুবিধা পালে উত্তৰ ভাৰতীয় খাদ্য খালেহে পেটটো ভৰা নিচিনা লাগিব বুলিও মনত কিবা এটা প্ৰাথমিক ধাৰণাই গ্ৰাস কৰি আছেই। তাৰ ওপৰতে ভূতৰ ওপৰত দানহ পৰাদি উষ্ণ বতৰে কৰা অশান্তি। ইমানদিনে বাংগালোৰৰ ইমান ধুনীয়া বতৰৰ মাজত থাকি থাকি পণ্ডিচেৰীত নামি হঠাতে কিছু গৰম অনুভৱ কৰোঁতেই আমাৰ ছাটিফুটি লাগি গৈছিল। যি নহওক, পেৰাডাইচ বীচ্চৰ টিকট কাউণ্টাৰটোত নামি খবৰ লৈ গম পালোঁ বীচ্চখন খোলা থাকিব। কিন্তু আমি আশা কৰি অহামতে বীচ্চৰ পাৰত খোৱাৰ ব্যৱস্থা নাই। উপায়ন্তৰ হৈ তাৰ সন্মুখতে থকা দক্ষিণ ভাৰতীয় হোটেল এখনলৈকে সোমাই গ’লোঁ।
যথাসময়ত বীচ্চৰ বাবে টিকট দিয়া আৰম্ভ হ’ল আৰু আমি টিকট লৈ ফেৰীলৈ উঠি গ’লোঁ। বীচ্চলৈ যাবলৈ টিকট কাউণ্টাৰৰ ওচৰৰ পৰা ফেৰী চাৰ্ভিছ আছে। ফেৰীৰে কিছু দূৰ যোৱাৰ পাছতেই সাগৰৰ ঢৌৰ প্ৰকাণ্ড শব্দ শুনিবলৈ পাই মনটো থৌকি বাথৌ লাগিয়েই গৈছিল। সাগৰ চোৱাৰ হাবিয়াস কাৰনো নাথাকে? বীচ্চ আৰু টিকট কাউণ্টাৰৰ মাজৰ দূৰত্বকণ বৰ বেছিও নহয় যদিও একেবাৰে ওচৰতো নহয়। অলপদেৰিৰ পাছতেই সাগৰৰ জোৱাৰৰ গৰ্জনৰ লগতে দেখিবলৈকো পালোঁ। তাৰমানে ফেৰীৰ পৰা নামিবৰ হ’ল। ফেৰীৰ পৰা নামি বীচ্চৰ গেইটখন পোৱালৈকে বৰ সু্ন্দৰকৈ বাঁহ আৰু কাঠৰ প্ৰৱেশদ্বাৰ সজোৱা আছে। পিছে সোমায়েই পেৰাডাইচ বীচ্চত এতিয়ালৈকে দূৰ্ঘটনাজড়িত কাৰণত মৃত্যু হোৱা লোকৰ পৰিসংখ্যাটো দেখি ভয়ো লাগিল, হাঁহিও উঠিল-আৰম্ভণিতেই তালৈ অহা মানুহক সতৰ্ক কৰি দিয়াৰ বাবে।
সাগৰ গম্ভীৰ, শান্ত অথচ ৰুদ্ৰ। সাগৰ বিশাল, অথচ নিৰ্দয়। লুণীয়া পানী কিন্তু মিঠা স্মৃতি। বীচ্চত সোমায়েই আমি প্ৰস্তুতি কৰি অহামতে বীচ্চ স্পেচিয়েল কাপোৰ পিন্ধি সাগৰৰ বুকুত নিজকে এৰি দিলোঁ। দিগন্ত বিদাৰি কেৱল জোৱাৰৰ উখল মাখল আৰু মূৰৰ ওপৰত কোমল ৰ’দৰ পাতলীয়া আৱৰণ। কিমান সময় আমি নিজকে হেৰুৱাই পেলালোঁ তাৰ হিচাপ নাই। এটা সময়ত পণ্ডিচেৰীত থকা আমাৰ লগৰ ৰিতুপৰ্ণও আহি যোগ দিলেহি, আমাৰ উৎসাহ দুগুণে বাঢ়িল। পিছে তাৰ মাজতে মোৰ কমদামী ছানগ্লাছযোৰ আৰু জয়খ’ম্বাৰ পাৱাৰ গ্লাছযোৰ সাগৰৰ ঢৌৱে আমাৰ পৰা কাঢ়ি নিলে। সাঁতুৰিব নজনাৰ কাৰণে বেছি দূৰ যাবলৈ ভয়ো লাগিছিল, অথচ প্ৰকাণ্ড ঢৌ আহি আহি আমাৰ কাষ পাওঁতে গোটেইকেইটাৰই হাতত ধৰাধৰি কৰি জাপ মাৰিবলৈকো এৰা নাছিলোঁ। সেই তেনেকুৱা এবাৰতে আমাৰ দুইটাৰে চশমা গৈ সাগৰৰ তলিৰ মুকুটাৰ লগ লাগিলগৈ। আমাৰ লগতে বিভিন্নজন মানুহে বয়স, স্থান কাল পাহৰি নিজৰ নিজৰ সৰুকাললৈ উভতি গৈছিল, শামুক গোটাইছিল, কিছুমানে সাগৰক পূজাও কৰিছিল, কিছুমানে বালিত খোদিত কৰিছিল নিজৰ নাম। অৱশ্যে পেৰাডাইজ বীচ্চৰ কৰ্মকৰ্তাসকলে একেৰাহে সাগৰৰ পানীত খেলিবলৈ অহা মানুহখিনিৰ ওপৰত কাঢ়া নজৰ ৰাখি থৈছিল আৰু বিপদসীমা অতিক্ৰম কৰা যেন দেখিলেই হুইছেলৰ শব্দেৰে সতৰ্ক কৰি দিছিল।
যি নহওক, খেলি খেলি আমাৰ আহিবলৈকে মন নোযোৱা হ’ল। কিন্তু ৰিতুপৰ্ণই প্ৰস্তাৱ দিলে যে পেৰাডাইজ বীচ্চত যে আমি পইচা দি আহিলোঁ, তাতকৈ আৰু আন কেইবাখনো বীচ্চ আছে, য’ত আচলতে পইচা দিয়াৰ দৰকাৰ নাই। প্ৰায় দুঘণ্টামান সময় সাগৰৰ পানীত খেলাৰ পাছত ৰিতুপৰ্ণই কোৱা বীচ্চকেইখনতো যে এনেদৰেই খেলিব পাৰি সেইটো বাৰে বাৰে সুধি সুধি নিশ্চিত হৈহে আমি পেৰাডাইজ বীচ্চৰ পৰা উঠি আহিলোঁ।
To be continued...!
Read :: মাইচৰ চে আয়া মেৰা দোষ্ট
Moja likhisa
ReplyDeleteThanks be
Delete