মই জানো বৰ্ডত থকা অংকটো একেবাৰে সহজ, মাত্ৰ নাজানো কৰাৰ পাকটো কি। ততবুদ্ধি হেৰুৱাই বৰদেউতালৈ চাওঁ, তেওঁ সন্মুখত থকা ছাত্ৰখিনিলৈ চাই উপদেশ দি থাকে। সময় বেছি লাগি ৰৈ থাকিলেও কৰি নিদিয়ে, সমাধান কৰিবলৈ প্ৰয়োজনীয় হিন্টছবোৰ মাজে মাজে দি থাকে। মই কিবা এটা কৰি দেখুৱাওঁ, বৰদেউতাই মই কৰাখিনিলৈ চায়, তাৰপাছত মোলৈ চাই কয়, “তাৰমানে মই কোৱা কথাখিনিৰ একো বুজি নাপালি নহয়?” ঠিক এইমাত্ৰ বৰদেউতাই তেনেকুৱাই কিবা এটা হিন্ট দি গ’ল। বৰদেউতাৰ বিছনাৰ কাষত আমি, মানে মই, ভনী, ৰূপা, নাৰায়ণ গোটেইকেইটাই থিয় হৈ ৰৈ আছিলোঁ। দূৰ্ঘটনাটো হোৱাৰ পাছৰ পৰা তেওঁ বিছনাতেই। এনেকৈ তেওঁ বিছনাখনকে আশ্ৰয় কৰি লোৱা মই কেতিয়াও দেখা নাছিলোঁ। ওৰেটো জীৱন স্কুলখনৰ সেৱাতে ব্ৰতী হৈ থাকিল, নিজকে উছৰ্গা কৰিলে স্কুলখনৰ কামত। আমাক অংক শিকালে, ভনীহঁত স্কুলৰ শেষৰ শ্ৰেণীত থকাৰ বছৰ সিহঁতকো অংক শিকাই লৈহে তেওঁৰ চাকৰিৰ পৰা অৱসৰ। স্কুলৰ পৰা অৱসৰ লৈ তেওঁৰ কাম আৰম্ভ হ’ল ঘৰৰ পাছফালৰ বাৰীখনত। মাজে মাজে পৰীক্ষা দিবলগীয়া বেটচবোৰকো পঢ়ুৱাবলৈকো গৈছিল, স্কুলখনৰ মোহ তেওঁ এৰিব পৰা নাছিল। তাৰপাছত ভনী কলেজলৈ গ’ল, কেইদিনমানৰ পাছত বৰমা হঠাতে এদিন মূৰ ঘূৰাই পৰি গ’ল- আৰু
Prankrishna Borgohain